পৃষ্ঠা:অনিমা গুহ.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছটা পুত্ৰ সন্তান আৰু এজনী কন্যা সন্তানৰ আগমন ঘটিল। নৈহাটিত ডাঙৰ বাইদেউহঁতৰ ঘৰখন আমাৰ বাবে আছিল জিৰণি লোৱা ঠাই। ল’ৰা -বোৱাৰী, নাতি-নাতিনী আৰু ভিনীহিদেউৰ অকালতে পৰলোকগত ভায়েকৰ পৰিয়ালটোৰ সৈতে ঘৰখন ভৰি আছিল। ভিনীহিদেউৰ পৰা আৰম্ভ কৰি অকণমানি নাতিটোলৈ সকলোৱে স্ফূৰ্তিবাজ। খোৱা-বোৱা, হাঁহি-ধেমালি আৰু আড্ডাৰ মাজেৰে দিনকেইটা পাৰ কৰিছিলো।

 মোৰ শহুৰ শাহু তেওঁলোকৰ পৰিয়ালটোৰে সৈতে যদিও গোটেইটো জীৱন কটাইছে ইম্ফল আৰু গুৱাহাটীত, তেওঁলোৰ সা-সম্পত্তি, ঘৰ-দুৱাৰ টাঙাইলতো (বৰ্তমান বাংলাদেশ) যথেষ্ট আছিল। দেশ ভাগ হোৱাৰ পাছত সেইবোৰ কোনে লুটি নিলে কোনেও নাজানে। ডাঙৰ জোঁৱায়েকে বস্তু বাহানিৰে সৈতে প্ৰতিটো পাই-পইচা অনা শুনি শাহুআয়ে কৈছিল যে তেওঁৰ পুতেককেইজন জোঁৱায়েকৰ দৰে ‘কৰিৎকৰ্মা’ নহ’ল। গৃহস্থহঁতৰ ছয় ভাইৰ মাজত সা-সম্পত্তিৰ প্ৰতি বোধকৰো কাৰো বৰ বেছি আসক্তি নাছিল। আমাৰ গৃহস্থৰতো সমূলি নায়েই।

 নৈহাটিৰ পৰা আমি সাধাৰণতে বাছেৰে গৈছিলো মাজু জেশাহুৰ হালিশহৰৰ ঘৰলৈ। হালিশহৰ এখন অতি পুৰণি ঐতিহ্যপূৰ্ণ ঠাই। তাত এসময়ত বাস কৰিছিল কালীসাধক ৰামপ্ৰসাদ। তেওঁ অনেক শ্যামাসংগীতৰ ৰচক আৰু গায়কো। পাতল ইটাৰে সজা বহু পুৰণি ঘৰৰ ভগ্নাৱশেষ তাত দেখিছিলো। মাজু বাইদেউ আছিল মেধাৱী। পিছে তেতিয়াৰ দিনত ছোৱালীক বিয়া দিয়াই আছিল মাক-দেউতাকৰ প্ৰধান কৰ্তব্য। আমাৰ গৃহস্থক হেনো বাল্যকালত এইগৰাকী বায়েকে পঢ়াইছিল। তেওঁৰ স্কুলীয়া শিক্ষা বৰ বেছি নাথাকিলেও আমৃত্যু তেওঁ কিতাপ-পত্ৰ নিয়মীয়াকৈ পঢ়িছিল, আনকি লাইব্ৰেৰীলৈকো অহা-যোৱা কৰিছিল। তেওঁৰ মেধা উত্তৰাধিকাৰীসূত্ৰে পাইছে আটাইকেইজন সন্তানে। বাইদেউৰ ডাঙৰজনী জীয়াৰী ৰেবা সন্দিকৈ কলেজৰ পৰা বি এ পাছ কৰিছিল।

 মোৰ একমাত্ৰ ননদ কল্যাণীও সন্দিকৈ কলেজৰ পৰা বি এ পাছ কৰি বিয়াৰ পাছত পশ্চিমবংগবাসী হৈছে। তেৱোঁ আছিল বৰ মৰমিয়াল আৰু দিলখোলা স্বভাৱৰ। এক বিৰল ৰোগৰ বলি হৈ অকালতে তেওঁ আমাক কন্দুৱাই যায়। ডিঙিৰ ওচৰত কোনো এটা গ্লেণ্ডত হোৱা বেমাৰটোৰ দাঁত ভগা নাম মায়াস্থেনিয়া গ্ৰেভিছ। এই ৰোগত মৃত্যু হৈছিল গ্ৰীক ধনকুবেৰ এৰিষ্ট্ৰোটল ওনাচিছৰো। আততায়ীৰ হাতত নিহত হোৱা আমেৰিকাৰ এসময়ৰ প্ৰেচিডেণ্ট জন এফ কেনেডীৰ বিধৱা পত্নী জেকুলিনক তেওঁ বিয়া কৰাইছিল। ৰূপৱতী ছোচিয়েলাইট কম বয়সীয়া মানুহজনীয়ে

বাকীছোৱা জীৱন / ২৫