পুৰণি অসমীয়া সাহিত্য/হেমা সুন্দৰী
[ ২৪ ]
হেমা সুন্দৰী
ৰূপক আৰু আখ্যান হিছাপে অসমীয়া বধ কাম্যবোৰৰ দ্ব্যৰ্থকতাৰ বিষয়ে ওপৰত উনুকিয়াই অহা হৈছে। কিন্তু প্ৰত্যেকখনেই ৰূপকতকৈ আখ্যান হিছাপে বেছি মনোৰম আৰু ঠায়ে ঠায়ে কবিয়ে চৰিত্ৰ- অঙ্কনত এনে সূক্ষ্ম তুলিকাস্পৰ্শ দিছে যে, বিস্ময় মানিব লাগে। উদাহৰণ স্বৰূপে কবিবৰ ৰামসৰস্বতীৰ হেমা কুমাৰীৰ উপন্যাস লোৱা যাওক। পুৰণি ৰীতি অনুসাৰে ইয়াক অশ্বকৰ্ণৰ যুদ্ধ বোলে। কিন্তু অশ্বকৰ্ণ-বধ কাব্যৰ ভিতৰুৱা এটি ঘটনা মাথোন আৰু উপন্যাসৰ মধ্যস্থ বিষয় হৈছে হেম৷ চৰিত্ৰ। হেমা চৰিত্ৰৰ লগত ইংৰাজ কবি স্পেন্সাৰৰ য়ুনা সুন্দৰীৰ ভালেখিনি সাদৃশ্য দেখা যায়। প্ৰয়োজন অনুসাৰে সদৃশ অংশবোৰ মিলাই কোৱা যাব।
পুৰণি কালত উশীনৰ নামে এজন ৰজা আছিল৷ তেওঁ বৰ শিৱ-ভক্ত আছিল আৰু শিৱৰ বৰত বৰ বিক্ৰমশালী হৈ উঠিল। বিশ্বকৰ্মাই নিজেই তেওঁৰ ৰাজধানী সজাই দিলে—“চক্ৰাকাৰ কৰি বিশ্বকৰ্ম্মে তাক, দিলা যেন পুষ্পৰথ” উশীনৰ ৰজাৰ ষোলজন পুত্ৰ আৰু অপেশ্বৰীৰ গৰ্ভত এজনী ছোৱালী হ’ল। ছোৱালীৰ নাম হেমা কুমাৰী। কন্যাৰ মঙ্গলৰ নিমিত্তে ৰজাই শিৱ-পূজা কৰিলত হৰ- গৌৰীয়ে কুমাৰীক বৰ দিলে, “সৰ্ব্ব কালে যুৱা হুয়া থাকিবেক, মোহোক দিলন্ত বৰ।”
এইদৰে দিনৰ পিছত দিন যাবলৈ ধৰিলে। ইফালে পাতালত দৈত্য সকল বৰ পৰাক্ৰমী হৈ উঠিবলৈ ধৰিলে। দৈত্যৰ অধিনায়ক অশ্বকৰ্ণই শঙ্কৰক তুষ্ট কৰি বৰ ল’লে, যেন চৰাচৰ পৃথিবীকে সি জয় কৰিব পাৰে আৰু কাৰো হাতত তাৰ মৰণ নহয়। জগতৰ ভৱিষ্যত কল্যাণৰ নিমিত্তে শিৱই এইখিনি মাত্ৰ ছিদ্ৰ থ’লে যে, বিষ্ণুৰ নৰনাৰায়ণ অৱতাৰত তাৰ মৃত্যু হ’ব। বৰ-দৃপ্ত অশ্বকৰ্ণই [ ২৫ ] উশীনৰ ৰজাক বধ কৰি তেওঁৰ ৰাজ্য ল’লে। উশীনৰৰ ষোলজন পুতেকক শিৱে অনুচৰ কৰি লৈ গ’ল আৰু হেমা কন্যাক অশ্বকৰ্ণ ই পালিতা কন্যা স্বৰূপে ৰাখিলে। তেম। সুন্দৰীয়ে মায়া বিদ্য৷ শিকিছিল আৰু মায়াৰ বলত দিশ-বিদিশ ভ্ৰমণ কৰি ফুৰে।
পঞ্চপাণ্ডৱ বনবাসত থাকোঁতে এদিন ভীম আৰু অৰ্জুন মৃগয়া কৰিবলৈ গৈ পানী বিচাৰি বিচাৰি এটি কুঁৱাৰ ওচৰ পালে। জুমি পানী চাব খোজোঁতে কিবা অপৰূপ সৌন্দৰ্যৰ ছাট এটা আহি চকুত পৰিল। ভালকৈ নিৰীখি চাই কুঁৱাৰ ভিতৰত মণিব পৰা- নোৱাৰা অপ্সৰা মূৰ্তি এটি দেখিলে আৰু চায় মানে তাৰ কান্তি বাঢ়ি যোৱা যেন লাগিব ধৰিলে। সুন্দৰীয়ে মৃদু কটাক্ষ দৃষ্টিৰে কুঁৱাৰপৰ৷ উঠিবলৈ আও-ভাও দেখুৱাব ধৰিলে আৰু ভীম-অৰ্জুনক ওপৰত দেখি তোলাবলৈ, কাবৌ-কাকূতি আৰম্ভ কৰিলে আৰু পণ দিলে, যেয়ে তেওঁক কুঁৱাৰপৰা তুলিব তাকেই তেওঁ পতি বৰণ কৰিব।
কন্যাই ভাওকৈ মিছাই ক’লে, তাই হেনো হেমা নামে অপেশ্বৰী। গা ধুবলৈ আহোঁতে সখীসকলে ঠেলা মাৰি গাঁতত পেলাই দিছে।
অৰ্জুন মহাবীৰ হ’লেও স্বভাৱতে মাৰ্জিত ভাব-প্ৰবণ। কুমাৰীৰ ৰূপ আৰু অঙ্গি-ভঙ্গী দেখি তেওঁৰ মন টলিল আৰু তাইক তুলিবলৈ ভীমক অনুৰোধ কৰিলে। হেজাৰ হওক, ভীম হৈছে শাৰীৰিক বলৰ প্ৰতিমূৰ্তিস্বৰূপ। ভাৱ-প্ৰৱণতা তেওঁৰ চৰিত্ৰৰ বিশেষ লক্ষণ নহয়। গাঁতৰ চাৰিওফালে চাই চিন্তি তেওঁৰ অলপ সংশয় হ’ল।
বৃকোদৰে বোলে বাপু বুজন নাযায়।
দেখিয়ো ইহাৰ পৰিবাৰ চিহ্ন নাই॥
কিবা মায়া ৰাক্ষসী আছন্ত হেনভাৱে।
পৰিবাৰ চিহ্ন নেদেখোহোঁ এক ঠাৱে॥
[ ২৬ ]
দেৱ কি মনুষ্য লাগে যেহি কিছো হৌক।
মোহোৰ মায়াত কোনজন স্থিৰ ৰৌক॥
শৰীৰৰ কাতৰ ভঙ্গী দেখি আৰু তিৰী-বধ পাতকৰ ভয়ত দুয়ো ভায়েক-ককায়েকে শেষত তুলিবলৈ সন্মত হ’ল। অৰ্জুনে আগবাঢ়ি যোৱাত কুমাৰীয়ে প্ৰলোভনৰ সুৰে মাত দিলে,
যদি আগে ছোটজনে আমাক তোলহ।
ভাতৃ-বধু ভৈলে পাছে কিমতে বিবাহ॥
অগত্যা ভীমেই আগবাঢ়ি গৈ ধনুৰ মূৰ এটি পেলাই দিলে; কুমাৰীৰ দাৰুণ মায়াৰ বলত ধনুৱে সৈতে ভীম গাঁতৰ মুখলৈ চুঁচৰি গ’ল। অৰ্জুনেও গৈ ধনুত ধৰিলে, কিন্তু মায়াৱিনীয়ে মায়াৰ বলত দুয়োকে গাঁতৰ ভিতৰত সুমুৱাই পাতাললৈ লৈ গ’ল। পাতালত অশ্বকৰ্ণৰ ৰাজ্য পালেগৈ। তাত চন্দ্ৰ-সূৰ্য পৰ্যন্ত নাই, কেৱল
হৰিদ্ৰাৰ বৰ্ণ সিটো থানৰ প্ৰকাশ।
কন্যাই তেতিয়া অশ্বকৰ্ণৰ সকলো পৰিচয় দি সিহঁতৰ মন বুজিবলৈকে হ’বলা ক’লে, “জীৱনৰ আশা তোৰা নকৰিবা আৰ।” কথা শুনি ভীমৰ খঙত চেতন নাইকিয়া হ’ল। তাইৰ নিচিনা হেজাৰ হেজাৰ ৰাক্ষসী তেওঁ বধ কৰিছে; তাইৰো ভীমৰ হাতত নিস্তাৰ নাই, কেৱল পৃথিৱীলৈ বাট বিচাৰি পোৱাত অলপ কষ্ট হ’ব পাৰে। নিৰ্দোষী প্ৰাণী দুজনৰ অকাৰণ অমঙ্গল চিন্তা কৰি কুমাৰীৰো মনতে অসুখ লাগিল। সিহঁতৰ জাতি-কুলৰ কথা সুধিলে। ভীম গৰ্জি উঠিল,
ভীমে বোলে জানা তই নাৰী অল্পজন
তোৰ আগে কহিবাক কিবা প্ৰয়োজন॥
তথাপিতো তই যেবে পুছিলি বিনয়।
অল্পমান কৰি তোত কহিবো নিশ্চয়॥
ভীমে বংশ-বৃত্তান্ত কৈ নিজৰ পৰিচয় দিলে,
জানা ভীমসেন মোক ত্ৰিভুৱনে জানি।
বঘাসুৰ বনখান পুৰি আছো ছানি॥
পৰিয়ালৰ আন আন সকলোৰে পৰিচয় দিলত পাণ্ডৱৰ কৰুণ কাহিনী শুনিয়েই নে দ্ৰৌপদীৰ পৰিচয়ত নিজৰ ভৱিষ্যৎ ভাবিয়ে কুমাৰীৰ চকুলো ওলাল। ইমান বেলি অৰ্জুন নিমাতে আছিল, কিন্তু সুন্দৰীৰ চকুত জেউতী চৰোৱা অশ্ৰু-কণা দেখিয়েই হ’বলা কৰুণা-মিশ্ৰিত অৱজ্ঞা কণ্ঠে মাত লগালে,
কিসক কান্দস অৰে ঘোৰ নিশাচৰী।
কই কথা আমাত ক্ৰন্দন পৰিহৰি॥
আনিয়াছ ঘোৰ মায়া কৰিয়া প্ৰছণ্ড।
দাৰুণ কৰ্মত হুয়া আছ লণ্ডভণ্ড॥
চকুলো মলচি কুমাৰীয়ে নিজৰ কৰুণ কাহিনী বৰ্ণনা কৰি অলপ আব্ দাৰৰ সুৰে ক’লে, “অৱশ্যে যাইতে পাৰা তোৰা দুইজন।” হেমা সুন্দৰীৰ চকুলো, বিপন্ন-উদ্ধাৰ আৰু অৰিষ্টমৰ্দনৰ স্পৃহা নানান কথাত “মনে মনে দুই ভাই গুণিতে লাগিলা।” নক’লেও হ’ব যে অশ্বকৰ্ণৰ লগত ভীম অৰ্জুনৰ বিষম সঙ্ঘৰ্ষ হ’ল আৰু হেমা কুমাৰীৰ সঙ্কেতমতে বৰাহ-মূৰ্তি বিষ্ণুৰপৰা অস্ত্ৰ-শস্ত্ৰ লভি দুয়ো ভায়েকে অসুৰক বধ কৰিলে।
অসমীয়া বৈষ্ণৱ কবিৰ এই বীৰ-ৰস-মিশ্ৰিত আদিৰসাত্মক কাব্যৰ লগত সমসাময়িক ধৰ্মপ্ৰাণ ইংৰাজ কবি স্পেন্সাৰৰ আখ্যান এটিৰ মূল কথা-বস্তুৰ মিল আছে।
য়ুনা কুমাৰীয়ে বিপন্ন-উদ্ধাৰ পণ কৰা বীৰসকলৰ অধিনেত্ৰী ৰাণী গ্লোৰিয়ানাৰ আগত আহি গোচৰ দিলে, তেওঁৰ পিতৃৰাজ্য বিকট দানৱ এটাৰ হাতত ছাৰখাৰ হ’ল। বুঢ়া ৰজাই কোনো ৰকমে লোহাৰ গড়ত সোমাই প্ৰাণ ৰক্ষা কৰি আছে। হেজাৰ হেজাৰ বীৰে দানৱৰ লগত যুঁজি প্ৰাণ হেৰুৱাইছে। এতিয়া ৰাণীৰ ওচৰত ভিক্ষা, যেন পুণ্যাত্মা বীৰ এজন পঠাই দানৱৰ হাতৰপৰা ৰাজ্য উদ্ধাৰ কৰে।
ৰাণীৰ আদেশ মতে ধৰ্মাত্মা বীৰ এজন য়ুনা কুমাৰীৰ লগত ওলাল। বাটত ধৰ্ম-বিদ্বেষী ভ্ৰষ্টাচাৰ মায়াবীসকলৰ হাতত বহুত [ ২৮ ] বাধা-বিঘিনি অতিক্ৰম কৰিব লগাত পৰিল। দুইৰো মনোমালিন্য পৰ্যন্ত ঘাটছিল; কিন্তু শেষত গৈ য়ুনাৰ পিতৃৰাজ্য পালত ধম-বীৰে দানৱক বধ কৰি ৰজাক উদ্ধাৰ কৰিলে, আৰু য়ুনা কুমাৰীক বিয়া কৰাই পিতাকক ঘৰতে এৰি থৈ ধৰ্ম-বীৰ ৰাণীৰ ৰাজধানীলৈ উলটি আহিল।
বৈষ্ণৱ কৰিবৰ নায়িকায়ো পিতৃ-হন্তা অশ্বকৰ্ণক বধ কৰাই ভীম-অৰ্জুনক শিৱৰ অধিষ্ঠানলৈ লৈ গ’ল। শিৱয়ো এই সুচলতে ভীম-অৰ্জুনৰ হাতে আৰু নানান দৈত্য-দানৱক বধ কৰাই হেমা কুমাৰীক অৰ্জুনত সঁপি দিলে। লৌকিক ৰীতি অনুসাৰে অৰ্জুনে আপত্তি উত্থাপন কৰিলে,
কাৰবা কুঁৱৰী কাৰবা বহাৰী
কাৰবা হুয়াছে নাৰী॥
শঙ্কৰেও নানান শাস্ত্ৰ-যুক্তি অৱতাৰণা কৰি প্ৰমাণ কৰিলে যে, হেমা কুমাৰীক বিয়া কৰাত কোনো দোষ নাই।
বিশেষত হেমা ৰজাৰ কুমাৰী
কেহো বিহা কৰা নাই।
হেমা কুমাৰী বৰ চতুৰ। অৰ্জুনৰ আপত্তিৰ আশঙ্কা কৰিয়েই হ’বলা, চাতুৰী কৰি ভীম-অৰ্জুনক শিৱৰ ওচৰলৈ লৈ গৈছিল।
নক’লেও হ’ব অৰ্জুনে হেমা কুমাৰীক গ্ৰহণ কৰিলে, কিন্তু বনবাসী হোৱাত লগত আনিব নোৱাৰিলে। শঙ্কৰে হেমা কন্যাক মায়াদেৱীৰ ওচৰত ৰাখিবলৈ আদেশ দিলে,
যি কালত ৰজা হোৱে হস্তিনাত
পাণ্ডু পুত্ৰ পঞ্চঞ্জন॥
এহি হেমা কন্যা অৰ্জুন বীৰক
তুমি নিয়া যোগবাহাঁ।