পুৰণি অসমীয়া সাহিত্য/বধ কাব্য
[ ১৯ ]
বধ-কাব্য
ঘটাসুৰ, বঘাসুৰ, কুলাচল, অশ্বকৰ্ণ, কুৰ্মৱলী, জঙ্ঘাসুৰ, বধ আদি আখ্যানবোৰে পুৰণি সাহিত্যত আজিকালিৰ উপন্যাস, গল্প আদিৰ ঠাই অধিকাৰ কৰি আছে। অসমীয়া গাঁৱলীয়া সমাজত এতিয়াও সেইবোৰৰ প্ৰভূত সমাদৰ। খেতি-বাতিৰ পৰা আজৰি পোৱা সময়ত গাঁৱৰ মানুহে চাক পাতি বহি গোট খাই পুৰণি কালত ধৰ্মাৰণ্যত মুনিসকলে পুৰাণ, ইতিহাস আদি শুনাৰ দৰে এই বধ্ কাব্যৰ আখ্যানবোৰ শুনি শৰীৰ আৰু মনৰ দুখ-ভাগৰ পলুৱায়। বৈষ্ণৱ-সাহিত্যই অসমীয়া সামাজিক জীৱনত আজিলৈকে তৰ্কিব নোৱৰাকৈ অপৰূপভাৱে জ্ঞান আৰু আনন্দ দান কৰি আহিছে। সামাজিক জীৱনৰ মানসিক আৰু আধ্যাত্মিক খোৰাক যোগোৱা হিছাপে বৈষ্ণৱ সাহিত্যক সৰ্বাঙ্গীন সাহিত্য বুলিব পাৰি।
বধ-কাব্যবিলাকৰ আখ্যানবোৰ মহাভাৰতৰ বনপৰ্বক আশ্ৰয় কৰি নানান পুৰাণ, উপপুৰাণ আদিৰপৰা সংগৃহীত। অসমীয়া বৈষ্ণৱ সাহিত্যৰ ভিতৰেদি পাতালী গঙ্গাৰ দৰে দাস্য আৰু বাৎসল্য ৰসৰ মূল ভাব বৈ আছে। বধ-কাব্যবোৰ সকলো ধৰ্মৰেই অন্তনিৰ্হিত আন এটি মজ্জাগত ভাবৰ প্ৰকাশ। সেইটো হৈছে জগতত সাম্যভাব প্ৰৱৰ্তনৰ চেষ্টা আৰু একান্তিকা। ভক্তিৰ বিজয়-ঘোষণা।
খ্ৰীষ্টীয় ষোড়শ শতিকাত কোচবিহাৰৰ কোচ ৰজাসকলৰ শাসনত পুৰণি কামৰূপ ৰাজ্য অতিশয় সমৃদ্ধিশালী হৈ উঠে। অসমৰ পূৰ্ব খণ্ডত তেতিয়া নৱাগত আহোমসকলে শাসন বিস্তাৰ কৰিব ধৰিছিল। তেওঁলোকৰ সভ্যতা বেলেগ ধৰণৰ আছিল আৰু তেওঁলোকৰ নতুন আচাৰ-বিচাৰত তিষ্ঠিব নোৱাৰি তেতিয়াৰ গণ্য- মান্য পণ্ডিতসকলে শঙ্কৰদেৱৰ লগত নৰনাৰায়ণৰ কামৰূপ ৰাজ্যত আশ্ৰয় লয়। আৰু নৱ-প্ৰৱৰ্তিত বৈষ্ণৱ মতৰ বাবে ৰাজ-সভাত [ ২০ ] শঙ্কৰদেৱৰ বিচাৰ হৈ যোৱাৰ পিছত শঙ্কৰদেৱ, ৰামসৰস্বতী, অনন্ত কন্দলি আদি পণ্ডিতসকলেৰে পৰিৱেষ্টিত নৰনাৰায়ণৰ ৰাজসভা পুৰণি কামৰূপ ৰাজ্যৰ নৱৰত্ন সভা যেন হৈ উঠিল। সেই সভাৰ নিৰ্দেশমতেই পুৰুষোত্তম বিদ্যাবাগীশে সংস্কৃত ব্যাকৰণ প্ৰয়োগ ৰত্নমালা লিখে; বকুল কায়স্থই অসমীয়া ভাষাত গণিত-শাস্ত্ৰ লিখে। সেই সভাতেই শঙ্কৰদেৱৰ অনুজ্ঞাক্ৰমে কবিবৰ ৰামসৰস্বতীয়ে বিশাল মহাভাৰত অসমীয়া পদত ভাঙিবলৈ আদেশ পায়। ৰাম সৰস্বতীয়ে নিজেই এই বিষয় বৰ্ণনা কৰিছে—
শ্ৰীমন্ত শঙ্কৰ আপুনি ঈশ্বৰ
নৰৰূপে জাত ভৈলা।
তাহাঙ্ক নসহি ব্ৰাহ্মণসকলে
ৰাজ আগে খল দিলা॥
আমাৰ জীৱিকা মান্য ভঙ্গ হৱে
এহি মনে বৰ ভয়।
এহিসে কাৰণে ইটো বিপ্ৰসবে
শঙ্কৰক নসহয়।
হেনয় মহন্ত নৰনাৰায়ণ
নৃপতিৰ শ্ৰেষ্ঠতৰ।
আমাৰে আনিয়া আজ্ঞা কৰিলন্ত
পদ কৰা ভাৰতৰ॥ ( কুলাচল বধ )
আমাৰ ঘৰত আছে ভাৰত প্ৰশস্ত।
নিয়োক আপোন গৃহে দিলোহো সমস্ত॥
এহি বুলি ৰাজা পাছে বলধি ষোড়াই।
পঠাইলা পুস্তক সৱ আমাসাৰ ঠাই।
খাইবাৰ সকল দ্ৰব্য দিলন্ত অপাৰ।
দাস-দাসী দিলা নাম কৰাইলা আমাৰ॥ ( ভীম-চৰিত )
এইদৰে ৰাজ-অনুগ্ৰহত অসমীয়া পদত মহাভাৰত ৰচনা কৰিবলৈ [ ২১ ] আদেশ পাই কবিবৰ ৰামসৰস্বতীয়ে নিজে পঁচিশ হেজাৰ আৰু আন আন কবিসকলে তিনি হেজাৰ পদ ৰচনা কৰা বুলি উল্লেখ কৰিছে।
মহাভাৰতৰ পদ ৰচনা হোৱাত বৈষ্ণৰ মত আৰু তেজাল হৈ উঠিল। আন আন পৰ্ববোৰ প্ৰায়েই মূলৰ সাদৃশ্য ক্ৰমে ভঙা হৈছে, কিন্তু বনপৰ্বতহে ৰামসৰস্বতীয়ে মৌলিক ৰচনা কৌশল আৰু ভক্তি-মাহাত্ম্য দেখুৱাইছে। সেই কাৰণে ঠায়ে ঠায়ে ৰামসৰস্বতীয়ে বনপৰ্বক বৈষ্ণৰ পৰ্বও বুলিছে।
বৈষ্ণৱ আন্দোলনত ৰামায়ণৰো নতুনকৈ ভাষা-পদ ৰচনা হৈছিল, কিন্তু বৈষ্ণৱ গ্ৰন্থ হিছাপে মহাভাৰতৰ দৰে ৰামায়ণ সমানভাৱে লোকসমাজত প্ৰচাৰ নোহোৱা যেন লাগে। ৰামচন্দ্ৰ ঈশ্বৰ অৱতাৰ হ’লে তেওঁ যে অশেষ দুখ-দুৰ্গতিৰ মাজতো অসাধ্য সাধন কৰি নিজ প্ৰাধান্য স্থাপন কৰিব, তাত আচৰিত হ'ব লগীয়া একো নাই। কিন্তু প্ৰৱল শত্ৰুৰ দ্বাৰা লাঞ্ছিত, ৰাজ্যৰপৰা বিতাড়িত নিঃসহায়, বন্ধুহীন পাণ্ডু-পুত্ৰ সকলে যে বাৰ বছৰ অগম্য বনৰ মাজত সকলো দুখ-দুৰ্গতিৰ মহৌষধি স্বৰূপ হৰি-নাম হৃদয়ত ধাৰণা কৰি সকলো সঙ্কটৰপৰা নিস্তাৰ পাব—এই ভাৱত ভক্ত কবিসকলৰ কল্পনা প্ৰগল্ভ হৈ উঠে।
হৰি-দাস পাণ্ডৱৰ হৰিসে সহায়।
আত অনুশোচ কৰিবাক নুযুৱায়॥
কিছু চিন্তা নাই যাৰ ঈশ্বৰ সমুখ।
বনত থাকন্তে পাণ্ডৱৰ মহাসুখ॥
( দ্বিজ অনিৰুদ্ধ )
কৌৰৱ-ৰাজসভাত নিলাজ দুঃশাসনে দ্ৰৌপদীক অপমান কৰিবলৈ উপক্ৰম কৰাত একান্ত-শৰণ-পৰিতুষ্ট কৃষ্ণইহে নিস্তাৰৰ পথ দেখুৱাই দিলে। বনত খটাসুৰে দ্ৰৌপদীক লাঞ্ছনা কৰিব খোজাত কৃষ্ণত একান্ত শৰণ মাগিলতহে ৰক্ষাৰ উপায় ওলাল। পাতালত গৈ বিনা অস্ত্ৰে অশ্বকৰ্ণৰ লগত ভীম-অৰ্জুনৰ যুঁজ কৰিব লগা হ’ল, [ ২২ ] উপায়ৰ সন্ধান দিলে বৰাহ-ৰূপ বিষ্ণু-মূৰ্তিয়ে। জঙ্ঘাসুৰে ভীমক বান্ধি নিলে; মোকলাই দিলে একান্ত ভক্তিত পৰিতুষ্ট কৃষ্ণৰ আদেশত মহাভক্ত পক্ষীৰাজ গৰুড়ে। এইদৰে পদে পদে অসহায় পাণ্ডৱৰ অৱলম্বন কেৱল কৃষ্ণত একান্ত শৰণেই। এইবোৰ কাৰণত ভক্তি- মহাত্ম্য-ব্যঞ্জক হিছাপে মহাভাৰত, বিশেষতঃ বনপৰ্ব বৈষ্ণৱ কবিসকলৰ অতিশয় আদৰৰ বস্তু হৈ উঠিছিল।
বৈষ্ণৰ সাহিত্যত সংসাৰখনক মহাৰণ্য কল্পনা কৰি মায়া, মোহ আদি প্ৰবৃত্তিবোৰক জালৰ লগত তুলনা কৰি জীৱাত্মাক অৱৰুদ্ধ হৰিণাৰ লগত ৰিজোৱা দেখা যায়।
এ ভৱ গহন বন আতি মোহ-পাশে ছন্ন
তাহে হামো হৰিণ বেড়ায়।
ফান্দিলো মায়াৰ পাশে কাল-ব্যাধে ধায়া আসে
কাম-ক্ৰোধ-কুত্তা খেদি যায়। (শঙ্কৰদেৱ)
নানা কষ্ট-প্ৰপীড়িত দৈত্য-দানৱ আদিৰ দ্বাৰা সদায় আক্ৰান্ত বনচাৰী পাণ্ডৱসকলৰ দুখ-কাহিনীত ভক্ত কবিসকলে তাপ-ক্লিষ্ট “ভৱ-গহন” বিচাৰি “মোহ-পাশ-ছন্ন” মানৱ জীৱনৰ প্ৰতিবিম্বহে উপলব্ধি কৰিছিল। পুৰণি কাব্যত পাণ্ডৱৰ বনবাস মানৱ জীৱনৰ সংসাৰ যাত্ৰাৰ ৰূপক মাথোন।
জগতত সাম্যভাব প্ৰৱৰ্তনৰ চেষ্টাৰ আদৰ্শ সাহিত্য-ক্ষেত্ৰত নানানভাৱে প্ৰকাশ পায়। আৰু সাহিত্য যেতিয়া আধ্যাত্মিক শিক্ষাৰ বাহন-স্বৰূপ হয়, তেতিয়া এই চেষ্টা-নিয়ামক মূল মন্ত্ৰৰ দৰে হয়। দুষ্ট, অমিত্ৰ সকলোকে সংহাৰ কৰি পৃথিৱীত এক ভাব, এক মত প্ৰচলন কৰি সকলোৰে মাজত সমভাৱ এটি বিস্তাৰ কৰিবৰ কল্পনা আদৰ্শ-সাহিত্যত আজন্ম কালৰপৰাই চলি আহিছে।
হিন্দুৰ দশাৱতাৰৰ কল্পনা পাপক পৰাভৱ কৰি ধৰ্মৰাজ্য সংস্থাপন কৰাৰ সপোনৰ ওপৰত প্ৰতিষ্ঠিত। অধৰ্ম-দলন অৱতাৰবাদৰ যে কি নিত্য-নৈমিত্তিক অংশ, তাক গীতাৰ “বিনাশায় চ দুষ্কৃতাং” উক্তিৰ পৰাই বুজা যায়। এই প্ৰৱাদ অনুসাৰেই পিছৰ কালতো [ ২৩ ]
ভগৱান শঙ্কৰাচাৰ্য সকলো দেশ-বিদেশ পৰ্যটন কৰি বিপক্ষবাদীসকলক পৰাভৱ কৰি নিজ ধৰ্ম-মত জগতত প্ৰচাৰ কৰিছিল। সেই দেখি মাধৱদেৱে গুৰু-ভটিমাত শঙ্কৰদেৱক ঈশ্বৰ অৱতাৰ বুলি মানি স্তুতি কৰাত আন আন অশেষ গুণৰ ভিতৰত শঙ্কৰদেৱৰ বিপক্ষ- পৰাভৱ ক্ষমতাকো ঐশী শক্তিৰ ভিতৰত ধৰি লোৱা হৈছে—
পাষণ্ড মৰ্দ্দন কলিকো কালে
জাকো সম নাহি ধীৰ। ( গুৰু-ভটিমা)
ধৰ্ম-ক্ষেত্ৰত পাপ আৰু পুণ্য পক্ষৰ সংঘৰ্ষ কল্পনা সদায় আছে। পাপ-পক্ষৰ প্ৰতিনিধি স্বৰূপেই খ্ৰীষ্টান ধৰ্ম গ্ৰন্থত ছয়তানৰ সৃষ্টি হয়। আৰু যেতিয়াই য়ুৰোপত ধৰ্ম— বিপ্লৱ হৈছিল, তেতিয়াই অপৰ পক্ষক ছয়তানৰ দ্বাৰা প্ৰণোদিত বুলি পৰিকল্পিত হোৱা দেখা যায়।
য়ুৰোপৰ মধ্যযুগৰ ৰোমাঞ্চ কাব্যবোৰৰ দানৱ, অসুৰ (goblins, ogres) আদিৰ লগত নাইট বোলা ধৰ্মবীৰসকল ( knights of chivalry ) সংঘৰ্ষ ধৰ্ম-বিপ্লৱ-মূলক। আমাৰ বধ কাব্যবোৰ য়ুৰোপীয় সাহিত্যৰ ৰোমাঞ্চ কাব্যবোৰৰ দৰে সাম্যভাৱ প্ৰৱৰ্তনৰ চেষ্টাৰপৰা উদ্ভুত। হিংসা, দ্বেষ, উৎপীড়ন সকলোকে সমূলে উৎপাটন কৰি জগতত এক ভাব, এক মত, এক ধৰ্ম, এক সমাজ সংগঠন কৰি ধৰ্ম ৰাজ্য- স্থাপনৰ আকাঙ্ক্ষা এইবোৰৰ ভিতৰেদি সজাগ হৈ উঠা দেখা যায়।
আমাৰ বধ-কাব্যবোৰক আদৰ্শাত্মক হিছাপে ৰোমাঞ্চ কাব্যৰ লগত আৰু পৌৰাণিক হিছাপে গ্ৰীক্ পৌৰাণিক বীৰসকলৰ কাহিনীৰ লগত তুল্যভাৱে ৰিজাব পাৰি। বধ-কাব্যৰ নায়ক ভীম, অৰ্জুন আদিয়ে যেনেকৈ দেৱ-দেৱীৰ সহায়ত দানৱ, অসুৰ আদি বধ কৰি ফুৰিছিল, তেনেকৈ পৌৰাণিক গ্ৰীক্ আখ্যানবোৰতো দেৱ-দেৱীৰ সহায়ত হাৰ্কিউলিছ, থিছীয়াছ্, পাৰ্ছীয়াছ্, (Hercules, Theseus, Perseus ) আদি বীৰ সকলে নানান বিৰূপ দৈত্য-দানৱ বধ কৰি ফুৰিছিল আৰু বীৰত্বৰ সদৃশ পাৰিতোষিক হিছাপে বৈষ্ণৱ কবিৰ হেমা সুন্দৰীৰ সমকক্ষ আৰিয়াড্নী, এণ্ড্ৰোমিডা (Ariadne, Andromeda) আদি সুন্দৰীসকলক লাভ কৰিছিল।