পুৰণি অসমীয়া সাহিত্য/পৰকীয়া ভাব

[ ২৯ ]

পৰকীয়া ভাব

 অলপ অগা-পিছাকৈ অসম আৰু বঙ্গদেশত শঙ্কৰদেৱ আৰু চৈতন্যদেৱৰ শিক্ষা আৰু ব্যক্তিত্বৰ ভিতৰেদি যি দুটি বৈষ্ণৱ মতৰ আন্দোলন জাগি উঠিছিল, সি দুয়ো জাতিৰেই মাজত স্বাধীনভাৱে লুকাই থকা আধ্যাত্মিক চৈতন্যৰ স্ফূৰণ মাথোন। পুৰণি অসমীয়া চৰিত-লেখক সকলে শঙ্কৰ-সূৰ্য আৰু চৈতন্য-চন্দ্ৰ বুলি যি ৰূপক কল্পনা কৰিছে সেই ৰূপকৰ ভিতৰতেই দুয়ো জাতিৰ স্বতন্ত্ৰ বৈষ্ণৱ মতৰ নিগূঢ় তত্ত্ব লুকাই আছে। শঙ্কৰদেৱৰ মতত জ্ঞান-সূৰ্যৰ ভাস্বৎ ৰশ্মি আৰু চৈতন্যদেৱৰ মতত প্ৰেম-চন্দ্ৰৰ মৃদু-কিৰণৰ আধিপত্য বেছি। অসমীয়া বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যত গীতাৰ মত ভাগৱতৰ সহায়েৰে ব্যাখ্যাত হৈছে আৰু গৌড়ীয় বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যত যুগল-উপাসনা মূলক গীত-গোবিন্দৰ মত ভাগৱতৰ সহায়েৰে সজীৱ হৈ উঠিছে। সমসাময়িক ভাৰতৰ যি যি ঠাইত বৈষ্ণৱ আন্দোলন জাগৰিত হৈ উঠিছিল, সেইবোৰত ৰাম বা কৃষ্ণ চৰিত্ৰৰ এক এক ছোৱা উপাসনাৰ কেন্দ্ৰ-স্থান হৈ উঠে, কিন্তু ৰাধা-কৃষ্ণৰ প্ৰেমবাদ গৌড়-বঙ্গদেশতেই প্ৰচলিত হয়।

 হৰিবংশ, বিষ্ণু-পুৰাণ আৰু ভাগৱতেই বিষ্ণু পূজাৰ গৌৰৱ প্ৰতিষ্ঠাপক আৰু শ্ৰীকৃষ্ণক বিষ্ণুৰ অৱতাৰ কল্পনা কৰি পূজা- প্ৰতিপাদক পুৰাণ। এই তিনিওখন পুৰাণতেই কম-বেছি বেলেগ বেলেগকৈ কৃষ্ণৰ শৈশৱৰপৰা আৰম্ভ কৰি সমস্ত জীৱন-বৃত্তান্ত বাণত আছে। কিন্তু কোনোখনতেই ৰাধাদেৱীৰ উল্লেখ নাই।

 যি বৈষ্ণৱ আন্দোলনে সকলো ভাৰতকেই প্লাৱিত কৰি পেলাইছিল, তাৰ মূল উদ্দেশ্য ভক্তিৰ প্ৰাধান্য দেখুওৱা হ'লেও, ই বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ মূলৰপৰা আৱিৰ্ভূত হৈছে। ৰামানুজ আদি আচাৰ্যসকলে বেদান্ত-সুত্ৰক আশ্ৰয় কৰি ভক্তিবাদ [ ৩০ ] সংগঠন কৰিছে; ৰামানন্দ, তুলসীদাসসকলে ৰামায়ণৰপৰা; একনাথ, নামদেৱ, শঙ্কৰদেৱসকলে ভাগৱতৰপৰা, গুৰু নানক আৰু কবীৰসকলে ৰামায়ণ, ভাগৱত আদি গ্ৰন্থবোৰৰ সামঞ্জস্যৰপৰা ভক্তিবাদ উলিয়াইছে। মুঠকৈ ক’ব লাগিলে, বেদান্ত-সূত্ৰ, গীতা, ৰামায়ণ আৰু ভাগৱত, এই কেইখনকেই নৱবৈষ্ণৱ আন্দোলনৰ মূল গ্ৰন্থ বুলি ধৰিব পাৰি। কিন্তু ইয়াৰ কোনোখনৰ ভিতৰতেই চৈতন্যদেৱে প্ৰৱৰ্তোৱাৰ দৰে ৰাধা-কৃষ্ণবাদ নপৰে।

 ৰাধা-কৃষ্ণবাদ বৈষ্ণৱ আন্দোলনৰ ভিতৰত সোমাল কেনেকৈ? ৰাধাদেৱীৰ বিশেষ উল্লেখ পোৱা যায় ব্ৰহ্মবৈৱৰ্ত পুৰাণত। অৱশ্যে ৰাধা-বিষয়ক ৰাধা-তন্ত্ৰ আদি বেলেগ পুথিও আছে। কিন্তু চৈতন্য- দেৱৰ যুগল উপাসনাক ব্ৰহ্মবৈৱৰ্ত পুৰাণ-মূলক বোলাৰ আগতে এইটো চাবলগীয়া যে, চৈতন্যদেৱৰ আৱিৰ্ভাৱৰ প্ৰায় দুশ বছৰ আগতেই বঙ্গদেশৰ জয়দেৱ গোস্বামীয়ে গীত-গোবিন্দ কাব্যত ৰাধা-কৃষ্ণৰ যুগল- লীলাক সংস্কৃত সাহিত্যত অমৰ কৰি তুলিছিল। তেওঁৰ পিছত মিথিলাৰ বিদ্যাপতি আৰু বঙ্গদেশৰ চণ্ডীদাসে চৈতন্যদেৱৰ আৱিৰ্ভাৱৰ বহুত আগতেই ৰাধা-কৃষ্ণৰ প্ৰেম-মাধুৰীক জন-সাধাৰণে বুজিব পৰাকৈ নিজ নিজ স্থানীয় ভাষাত সুললিত, সুশ্ৰাব্য সুৰেৰে ধ্বনিত কৰি তুলিছিল। জয়দেৱ, বিদ্যাপতি, চণ্ডীদাসসকলৰ কবিতাৰ ভিতৰেদি বিৰাট প্ৰেমিকক লক্ষ্য কৰি যি আহ্বান-ধ্বনি উঠিছিল, তাৰ পৰিপূৰ্ত্তিস্বৰূপে যজ্ঞ-ধূমৰপৰা দ্ৰৌপদী আৱিৰ্ভূত হোৱাৰ দৰে মূৰ্তিমান চন্দ্ৰপ্ৰভা চৈতন্যদেৱৰ আৱিৰ্ভাৱ হয়। আৰু যি আকাঙ্ক্ষাৰ পূৰ্তিস্বৰূপে তেওঁৰ অৱতাৰ হয়, সেই আকাঙ্ক্ষাপূৰ্ণ যুগল উপাসনামূলক কবিতাৰ ভিতৰেদিয়েই তেওঁ সকলো বঙ্গদেশক মুখৰিত কৰি তুলিছিল।

 আজিকালি যিবোৰ পুৰাণ-গ্ৰন্থ প্ৰচলিত আছে, তাৰ বেছি ভাগেই হয় বুদ্ধদেৱৰ আৱিৰ্ভাৱৰ বহুত পিছত ৰচিত, নহয় আগৰ পুৰাণবোৰতেই বৌদ্ধধৰ্মৰ প্ৰভাৱত বহুত নতুন কথা সোমায়। কিয়নো প্ৰায় সকলোবোৰতেই বুদ্ধদেৱক বিষ্ণুৰ দশাৱতাৰৰ [ ৩১ ] ভিতৰত ধৰি লোৱা হৈছে। কোনো কোনো ভাৰতীয় পুৰাতত্ত্বজ্ঞ পণ্ডিতৰ মতে বৌদ্ধধৰ্ম যেতিয়া সকলো এচিয়া মহাদেশত বিস্তৃত হৈ পৰিছিল, তেতিয়াই বেছি ভাগ পুৰাণ-গ্ৰন্থ ৰচিত হয়। পুৰাণকাৰসকলে বুদ্ধদেৱক বিষ্ণুৰ অৱতাৰ বুলি স্বীকাৰ কৰি লৈ বৌদ্ধধৰ্মৰ স্বাতন্ত্ৰ নষ্ট কৰে। আৰু যদিওবা কোৱা যায় যে, পুৰাণ গ্ৰন্থবোৰ আগৰপৰাই চলিত আছিল, তেনে হ’লেও বৌদ্ধ প্ৰভাৱত যে সেইবোৰত ভালেমান, নতুন কথা সোমাইছিল, তাত কোনো সন্দেহ নাই। প্ৰত্নজ্ঞ পণ্ডিতসকলৰ মতে আজি-কালি যি ব্ৰহ্মবৈৱৰ্ত- পুৰাণ চলি আহিছে, সি আগৰ ব্ৰহ্মবৈৱৰ্ত-পুৰাণ নহয়। পুৰণি ব্ৰহ্মবৈৱৰ্ত-পুৰাণৰ লোপ হৈছে আৰু বৰ্তমান ব্ৰহ্মবৈৱৰ্ত-পুৰাণ আন সকলো পুৰাণতকৈ নুমলীয়া। গীত-গোবিন্দ কাব্য আৰু ব্ৰহ্মবৈৱৰ্ত- পুৰাণ একে মূলৰ ওচৰতে ৰাধা-কৃষ্ণ লীলা-মাধুৰীৰ বিষয়ত ধৰুৱা হ’ব পাৰে।

 পণ্ডিতসকলে কয় যে, বৌদ্ধ ধৰ্মৰ অৱনতিৰ সময়ত যেতিয়া তিৰোতাসকলকো ভিক্ষুশ্ৰাৱিকা হিছাপে মঠত অধিকাৰ দিয়া হ’ল, তেতিয়া স্ত্ৰী-পুৰুষৰ অবৈধ মিলনৰপৰ৷ নানান সম্প্ৰদায়ৰ মাজত এক সহজিয়৷ সম্প্ৰদায়ৰ উদ্ভৱ হয়। সহজিয়া মত বৌদ্ধ সহজ যানৰপৰা ওলাইছে বুলি কোনো পণ্ডিতে কয়। সহজিয়া সম্প্ৰদায়ৰ দুই ৰূপ শাক্ত আৰু বৈষ্ণৱ। শাক্তৰ উপাস্য ভৈৰৱ-ভৈৰৱী আৰু বৈষ্ণৱৰ উপাস্য ৰাধা-কৃষ্ণৰ যুগল-মূৰ্তি। সহজিয়া মতৰ স্থুল মৰ্ম হৈছে এইটো যে, সৰ্বতোভাৱে ভোগ-সম্ভোগৰপৰা যি সহজ স্বাভাৱিক আনন্দ লাভ হয়, তাৰ ৰাই নিৰ্বাণ-পদ লাভ হ’ব পাৰে। আৰু এই আনন্দ সম্পূৰ্ণ হ’ব লাগিলে পৰাঙ্গনাৰ লগত প্ৰীতি স্থাপন কৰিব লাগে। এই সহজ মতেই শেষত গৈ হিন্দু মতত পৰিণত হয়। আন আন শাখা-প্ৰশাখাৰ মাজত কেতবোৰ বৈষ্ণৱ হয় আৰু গৌড় বঙ্গ আদি নানা ঠাই সহজিয়া সম্প্ৰদায়বোৰৰ কেন্দ্ৰস্থান হৈ উঠিল। তাৰ পিছত মুছলমানসকলে উত্তৰ ভাৰত অধিকাৰ কৰি বৌদ্ধ মঠবোৰ ভাঙি পেলালত, মূৰখুৰোৱা বৌদ্ধ ভিক্ষুসকলে জাতি-ধৰ্ম-নিৰ্বিশেষে [ ৩২ ] সহজ মত গ্ৰহণ কৰিলে। বহুতে কয়, মূৰ খুৰোৱা বৌদ্ধ শ্ৰাৱক- শ্ৰাৱিকাসকলৰ পৰাই বঙ্গদেশত “নেড়া-নেড়ীৰ” সৃষ্টি হয়।

 শঙ্কৰদেৱৰ চৰিত-পুথিত যি অনাচাৰি ঘূৰি ফুৰা বৌদ্ধসকলৰ উল্লেখ আছে সেইবোৰ গৌড়, বিহাৰ আদি দেশৰ পৰা ছিটিকি অহা সহজীয়া বৌদ্ধ ভিক্ষু বুলি ভাবিবৰ কাৰণ আছে।

 যি হওক, বঙ্গদেশৰ সহজীয়া বৈষ্ণৱসকলৰ সৰ্বপ্ৰধান আছিল জয়দেৱ গোস্বামী। যি সহজ ভাব বৌদ্ধ বোধিসত্ত্বসকলে নিজৰ বোধিচিত্তত অনুভৱ কৰিছিল, বৈষ্ণৱ সহজীয়াসকলে সেই ভাবটো ৰাধা-কৃষ্ণ যুগল ৰূপত আৰোপ কৰিছিল। গীত-গোবিন্দৰ যি যুগল কল্পনা সি এই সহজ ভাবৰ ভিতৰেদিহে। বৈষ্ণৱ সহজীয়াসকলৰ উপাস্য দেৱতা ৰাধা-কৃষ্ণৰ যুগল ৰূপ আৰু যুগল ভাব সাধনাৰ কাৰণে উপাসকেও পৰকীয়া প্ৰীতি অনুভৱ কৰিব লাগে। গীত-গোবিন্দত যি পদ্মাৱতীৰ উল্লেখ আছে, তেওঁৰ লগত পণ্ডিতসকলে জয়দেৱৰ স্বামী-স্ত্ৰী সম্বন্ধ নেদেখে। কোন হিন্দুৱে বাৰু নিজক “পদ্মাৱতীচৰণচাৰণচক্ৰৱৰ্তী” বুলি পৰিচয় দিব পাৰে? জয়দেৱৰ পিছৰ বৈষ্ণৱ সাধকসকলেও পৰকীয়া ৰতি সাধন কৰিছিল। চণ্ডীদাসে ৰামী নামে ধুবুনীৰ প্ৰতি বিদ্যাপতিয়ে শিৱসিংহ ৰজাৰ ৰাণী লছিমাৰ প্ৰতি, ৰায় ৰামানন্দই জগন্নাথৰ দেৱদাসীৰ প্ৰতি, শ্ৰীৰূপ গোস্বামীয়ে মীৰাবাঈৰ প্ৰতি, বিল্বমঙ্গলে চিন্তামণিৰ প্ৰতি পৰকীয়া ৰতি প্ৰকাশ কৰিছিল বুলি প্ৰৱাদ-পৰম্পৰা চলি আহিছে।

 তলত তুলি দিয়া চণ্ডীদাসৰ পদ কেইফাকিৰ পৰা এই সহজ প্ৰেমৰ প্ৰকৃতিৰ বিষয় অলপ ধাৰণা হ’ব পাৰে? চণ্ডীদাসে তেওঁৰ সহজ প্ৰেমিকা ৰামী ধুবুনীৰ বিষয়ে কৈছে,

ৰজকিনী-ৰূপ কিশোৰী-স্বৰূপ কাম-গন্ধ নাহি তায়।
না দেখিলে মন কৰে উচাটন দেখিলে পৰাণ জুৰায়॥
তুমি ৰজকিনী আমাৰ ৰমণী তুমি হও পিতৃ-মাতৃ।
ত্ৰিসন্ধ্যা যাজন তোমাৰি ভজন তুমি বেদমাতা গায়ত্ৰী॥

[ ৩৩ ]

—প্ৰেমিকা এফালে ৰমণী, আনফালে পিতৃ-মাতৃ আৰু বেদৰ শ্ৰেষ্ঠ মন্ত্ৰ গায়ত্ৰী-স্বৰূপ।

 সি যি হওক, ৰাধা-কৃষ্ণবাদ চৈতন্যদেৱৰ আগৰপৰা যিভাৱে বঙ্গদেশত চলি আহিছিল, সি বৌদ্ধ আৰু হিন্দু ধৰ্মৰ নিগূঢ় সংঘৰ্ষণৰপৰা উদ্ভূত হৈছিল আৰু চৈতন্যদেৱে জয়দেৱ চণ্ডীদাসসকলৰ সহজ ভাবকেই নিজ সাধনাৰ জীৱনত আধ্যাত্মিক ৰহস্যৰ চৰম সীমালৈ লৈ গৈছিল।

 ওপৰত ভক্তসকলৰ যি পৰকীয়া ৰতিৰ কথা কৈ অহা হৈছে, তাক সাধাৰণ প্ৰেমিক-প্ৰেমিকাৰ ভাব বুলি ধৰি ল’লে ভুল হ’ব। এই পৰকীয়া আধ্যাত্মিক প্ৰেম সাহিত্য আৰু সাধনা-ক্ষেত্ৰত এটি দুৰ্বোধ্য বিষয়। ভাৰতীয় বৈষ্ণৱ ধৰ্মৰ ৰাধা-কৃষ্ণৰ প্ৰেমক আশ্ৰয় কৰি যি পৰাঙ্গনা-প্ৰীতি প্ৰচলিত হ’ল, ঠিক তেনে সময়তেই য়ুৰোপত নৱাভ্যুদয় আন্দোলনত (Renaissance movement) দাৰ্শনিক প্লেটোৰ দাৰ্শনিক তত্ত্বক আশ্ৰয় কৰি, দাৰ্শনিক প্ৰেমবাদ (Platonic love ) বুলি পৰকীয়া প্ৰীতি নৱাভ্যূদয় আন্দোলনৰ এক বিশিষ্ট ভাবধাৰা হৈ উঠিল। বিয়েট্ৰীচৰ প্ৰতি ডাণ্টেৰ, ভিটোৰীয়া কলোনাৰ (Vittoria Colonna ) প্ৰতি মাইকেল এঞ্জিলোৰ, ল’ৰাৰ (Laura) প্ৰতি পেট্টাৰ্কৰ যি পৰকীয়া প্ৰেম তাত কোনো পাৰ্থিব কলুষভাব নাই। এই প্ৰেমিকাসকল তেওঁলোকৰ কবিতা আৰু সুকুমাৰ শিল্পৰ অধিষ্ঠাত্ৰী দেৱীস্বৰূপে বিৰাজমান আছিল। শেহত গৈ এনেকুৱাহে ৰীতি হ’ল যে, কবি হ’ব লাগিলেই কাল্পনিকেই হ’ক বা বাস্তৱিকেই হ’ক পৰকীয়া স্ত্ৰীমূৰ্তি এটি মনত ধাৰণ কৰি ল’বই লাগিব। শিল্পপ্ৰধান য়ুৰোপত যি ভাব শিল্প আৰু কবিতাৰ ভিতৰেদি প্ৰকাশ হৈছিল, ধৰ্ম-প্ৰধান ভাৰতত সেই একে ভাবেই আধ্যাত্মিক জীৱনৰ ভিতৰেদি প্ৰকাশ হৈছিল।

 দেৱাসুৰৰ সাগৰ-মন্থনত লক্ষ্মীদেৱীৰ আৱিৰ্ভাৱ হোৱাৰ দৰে যি যি ঐতিহাসিক কাৰণৰ সংঘৰ্ষৰপৰা ৰাধাদেৱী বঙ্গদেশত আৱিৰ্ভুত হৈ বঙলা সাহিত্যক নতুন গঢ় লগাই দিলে, সেইবোৰ আন্দোলন পুৰণি অসমত নথকা গুণেই আৰু অসমীয়া বৈষ্ণৱ কবিসকলৰ কল্পনাৰ ক্ৰমৰ বিভিন্নতা গুণেই ৰাধা-কৃষ্ণ প্ৰেম লীলা অসমীয়া সাহিত্যত সোমোৱা নাই।