পুৰণি অসমীয়া সাহিত্য/কুমৰ-হৰণ
[ ৯ ]
কুমৰ হৰণ
কুমৰ-হৰণ কাব্য চন্দ্ৰভাৰতী-চিত। তেওঁৰ আন আন নামৰ ভিতৰত অনন্ত কন্দলি আৰু ভাগৱত ভট্টাচাৰ্য, এই দুইটিয়েই প্ৰধান। এওঁ শঙ্কৰৰ সমসাময়িক আৰু বৰ শঙ্কৰ-ভক্ত আছিল। অসমীয়া দশমৰ আদিছোৱা নিজে ভাঙি মৰম কৰি শেহছোৱা শঙ্কৰদেৱে এওঁক ভাঙিবলৈ দিছিল। এওঁ নিজে লিখা সকলো কিতাপতে শঙ্কৰদেৱৰ গৰিমা কীৰ্তন কৰি গৈছে। কবিত্ব শক্তিত এওঁক শঙ্কৰদেৱতকৈ কম বুলিব নোৱাৰি। পুৰণি সাহিত্যত শঙ্কৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলি আৰু ৰাম-সৰস্বতী, এই কেইজনেই প্ৰথম খাপৰ কবি। এওঁলোকৰ কবিতাত উদাৰ প্ৰভা এটি আছে।
কুমৰ-হৰণ কাব্যৰ মূল দশম ভাগৱত আৰু হৰিবংশ। ভাৰতীয়ে দশমৰ শেহছোৱা ভাঙোতে এই আখ্যানটো এবাৰ অনুবাদ কৰি থৈ গৈছে। কুমৰ-হৰণ নাম দি বেলেগ কাব্যৰ আকাৰে আকৌ তাকেই ৰচনা কৰি উলিয়াইছে। দুইখনেই ভাৰতী-ভণিত। একে আখ্যানকে দুবাৰ দুইভাৱে লিখিলে কিয়? কুমৰ-হৰণ আখ্যান এনে মনোৰম যে, দশম ভাগৱতৰ লগত সংক্ষেপে ভাঙি কবিয়ে সন্তুষ্ট নহৈ বহলাই লিখিবৰ মনেৰে বেলেগ কাব্য ৰচনা কৰে। কিন্তু এইটো চাবলগীয়া যে অসমীয়া দশমৰ ভিতৰুৱা কুমৰ হৰণত হৰিবংশৰ কথা ভালেখিনি সোমাইছে, আৰু কাব্য কুমৰ-হৰণৰ মূল হৰিবংশ বুলিলেই হয়। এতেকে কুমৰ-হৰণ ৰচনা কৰাৰ পিছতহে দশম ৰচনা কৰা যেন লাগে। আৰু কুমৰ-হৰণ কাব্যৰ ভালেমান নতুন কথা দশমত অলক্ষিতভাৱে সোমাই গৈছে। লিখাৰ প্ৰণালীৰ কুমৰ-হৰণ আগেয়ে লিখা যেন লাগে। ইয়াৰ পদবোৰত নৱীন কবিৰ প্ৰাচুৰ্য আৰু আড়ম্বৰ পৰিলক্ষিত হয়। দশমৰ পদবোৰ সংযত আৰু গহীন ধৰণৰ।[ ১০ ] কুমৰ-হৰণৰ প্ৰধান নায়িকা ঊষাদেৱী। পুৰণি কালত শোণিতপুৰ নামে এখন ৰাজ্য আছিল। আমাৰ তেজপুৰকেই শোণিতপুৰ বুলি কয়। তাত বাণ নামে এজন প্ৰবল শিৱভক্ত ৰজা আছিল। বাণ ৰজা প্ৰহলাদৰ নাতি মহাবীৰ বলিৰ পুতেক আছিল। বিষ্ণুৰ বামন অৱতাৰত ছলনা কৰি বলিক পাতাললৈ পঠাই দিলত শিৱক তপস্যা কৰি বাণ ৰজাই শোণিতপুৰ ৰাজ্যখন পায়। এই বাণ ৰজাৰ ঊষা নামে পৰম ৰূপৱতী এজনী কন্যা আছিল।
কালিদাসে “কুমাৰ-সম্ভৱ”ত গুৰিতে অলপ বংশ-পৰিচয় দিয়েই ঊষাৰ ৰূপ-লাৱণ্য বৰ্ণনা কৰিছে। কুমৰ-হৰণো ঠিক তেনেকুৱাই ঊষাৰ ৰূপ-লাৱণ্যৰ বৰ্ণনাৰে আৰম্ভ হয়। ভাগৱতত ঘটনাৱলীৰ পৰম্পৰাহে পোৱা যায়, তাত কোনো বৰ্ণনা নাই। হৰিবংশত বৰ্ণনা আছে, কিন্তু অইন বিষয় লৈহে। কাব্যৰ এটি নিয়ম এই যে যিটে৷ তাৰ সৰ্বপ্ৰধান ভাব সেইটোৰ তলতীয়া কৰিহে আন ভাব আনিব লাগে। প্ৰধান ভাবটোক অলপ চকুৰ আঁতৰ হ’বলৈ দিলেই কাব্যৰ ভাব-ধাৰাৰ সামঞ্জস্য ভাগি যায়। মেঘদূতৰ নিচিনা দেশ-দেশান্তৰৰ বৰ্ণনা থকা কাব্যতো কবিয়ে বিৰহী যক্ষৰ আদি- ৰসাত্মক বেদনা প্ৰত্যেক শ্লোকতেই ধ্বনিত কৰি তুলিছে। কুমৰ- হৰণৰ প্ৰধান বিষয় উষাৰ গুপ্ত-প্ৰেম; আৰু উষাই প্ৰধান নায়িকা। অন্য ঘটনাৱলী আহি পৰিলেও কবিয়ে উষাক চকুৰ আঁতৰ হ’বলৈ দিয়া নাই। হৰিবংশত আদিতে ইমান কথা আছে যে সেই সকলোবোৰ কাব্যত সমাবেশ কৰিব লাগিলে হাবিতে গছ লুকুৱাৰ দৰে হয়। সকলোকে এৰি দি উষাকে কেন্দ্ৰ কৰি কাব্য আৰম্ভ হয়।
ক্ষীণদেহা কুমাৰীৰ মধ্যে হালে কায়।
বতাসতে লৰে আতি ভাগি নপৰয়।
ঊষাৰ ৰূপৰ উপমাৰ ঠাই নাই।
যেহি অঙ্গে দৃষ্টি পৰে তাকে থাকে চাই॥
এইদৰে উষাৰ যৌৱন-কাল উপস্থিত হ’লত বাণ ৰজাই অতি [ ১১ ] যতনেৰে তেওঁক অন্তেষপুৰত ৰোধ কৰি থ’লে। মন্ত্ৰী কুভাণ্ডৰ চতুৰ কন্যা চিত্ৰলেখা উষাৰ প্ৰধান সখী স্বৰূপে তেওঁৰ লগতে অন্তেষপুৰত থাকিল।
চিত্ৰলেখা সুন্দৰী পঢ়ান্ত কাব্য-কোষ।
খনো পাশা খেলি কৰে হৃদয় সন্তোষ।
এদিন অৱৰোধ-যন্ত্ৰণা সহিব নোৱাৰি দুয়ো পৰামৰ্শ কৰি হৰ- গৌৰীৰ মন্দিৰলৈ বৰ মাগিবলৈ চোৰাংকৈ ওলাই গ’ল। গৌৰীয়ে ঊষাৰ মনৰ ভাব বুজি বৰ দিলে।
বৈশাখ মাসত আসি তিথি শুক্লা দোৱাদশী
সেহিদিনা দেখিবা সপন।
সুন্দৰ পুৰুষে আসি আলিঙ্গিবে হাসি হাসি
তোৰ স্বামী হৈবে সেহিজন॥
চিত্ৰলেখায়ো শিৱক স্তুতি কৰি বৰ ল’লে—
সুৰাসুৰ নৰ যত আছে চৈধ্য ভুবনত
ৰূপ-গুণ জানিবো সবাৰ।
চিত্ৰতে লিখিবো যত বৰ্ণ-ভেদ স্বৰূপত
যতেক ব্ৰহ্মাণ্ড চৰাচৰ॥
দেৱীৰ বৰ অনুসাৰে নিৰ্দিষ্ট সময়ত সপোনত অজানা পুৰুষৰ লগত মিলন হ’লত উষা চমক খাই কান্দি উঠিল।
ইপিনে বাণ ৰজা এদিন স্নান-তৰ্পণ কৰি শিৱত বৰ মাগিবলৈ গ’ল। মহাবীৰ বাণৰ হেজাৰ বাহু, কিন্তু যুদ্ধত সদৃশ বীৰ নাই। তেওঁ বৰ মাগিলে যেন মহাদেৱৰ নিচিনা প্ৰবল পুৰুষক প্ৰতিদ্বন্দ্বী স্বৰূপে পায়। মহাদেৱে হাঁহি মাৰি ক’লে—“তোৰ মৈৰাধ্বজ যেতিয়াই ভাগি পৰি থাকিব, তেতিয়াই যুদ্ধ সমাগত বুলি ভাবিবি।” উষাৰ সপোনৰ পিছতেই মৈৰাধ্বজ খহি পৰিল আৰু ৰাজ্যত ৰণ লাগিব বুলি হুলস্থুল লাগিল।
বাণ ৰজাৰ সদৃশ-বীৰ-কামনা আৰু উষাৰ সপোনত স্বামী লাভ —এই দুডাল সূতাৰে গোটেই কাব্যখন গ্ৰথিত হৈছে। এইখিনিও [ ১২ ] মূলতকৈ বহুত বেলেগ। হৰিংবশৰ মতে এই উপাখ্যানৰ গুৰিডোখৰ ঘূৰণি পাক খোৱা। অসমীয়া কাবাৰ মধ্যস্থ ঘটনা ঊষা-চৰিত আৰু হৰিবংশৰ মধ্যস্থ ঘটনা বাণ-চৰিত। সেইদেখি হৰিবংশৰ আদিতে বাণৰ বৰ-মাগনি আৰু মন্ত্ৰীৰ লগত পৰামৰ্শ আৰু মন্ত্ৰীৰ আশঙ্কা আদি বহুত কথা আছে। ঊষা নায়িকা থকা অসমীয়া কাৰ্য্যত সেইবোৰৰ একো আৱশ্যক নাই বুলি কবিয়ে সেইবোৰ বাদ দিছে। উষাৰ অৱৰোধ আৰু চিত্ৰলেখাৰ লগত বৰ মাগিবলৈ যোৱা কথাও মূলত নাই। এইবোৰ সম্পুৰ্ণভাৱে মৌলিক আৰু কবিৰ নিজা সৃষ্টি। এই সামান্য উদ্ভাৱনাৰ অসামান্য জেউতিৰ অলপ ভাবিলেই তত পোৱা যাব। ইয়াৰপৰা কাব্যৰ স্বাভাৱিকতা বাঢ়িছে। উষাই ইচ্ছামতে চলা ফুৰা কৰিব পাৰিলে সপোনত স্বামী পোৱা কথা বৰ মনমোহা নহ'লহেঁতেন। অনৱৰুদ্ধা ছোৱালীয়ে কাৰবাক ক'ৰবাত দেখি ভাল বেয়া সপোন দেখিলেও দেখিব পাৰে; বতাহ সোমাব নোৱাৰা ফুলৰ পাকৰিত যে ক’ৰপৰা পৰুৱা আহি পৰে, সেইটোহে বৰ বিস্ময়কৰ।
মূলত আছে যে, এদিন হৰ-পাৰ্বতীয়ে জল-খেলা কৰি থাকোঁতে তেওঁলোকৰ ক্ৰীড়া দেখি উষাদেৱীৰ মন কাম-বিদ্ধ হয় আৰু দেৱীয়ে মনৰ ভাব বুজি ওপৰত কোৱাৰ দৰে উষাক বৰ দিয়ে। মূলত আকৌ আছে যে, বৰ পোৱাৰ পিছতে উষাৰ কাম-মোহ উপস্থিত হয়। “নিদ্ৰাং ন ভজতে ৰাত্ৰৌ ন দিৱা ভোজনং তথা। সা ৱালা মোহিতা ৰাজন্ কামেন পৰিপীড়িতা।” ক্ৰমে পীড়া গুৰুতৰ হ’লত বেজ মাতিব লগাত পৰিল। বেজসকলে ছল কৰি কৈ গ’ল যে, অতিশয় সুন্দৰী বুলি লোকৰ চকু লাগিছে, ৰক্ষা-মন্ত্ৰ পাঠ কৰিলে ভাল হ’ব। চতুৰ বেজে কিন্তু ইকাণে-সিকাণে কৈ গ’ল যে, পীড়া কাম-সম্ভূতা। মূলত থাকিলেও কাব্যৰ অঙ্গ স্বৰূপে গ্ৰন্থস্থ কোনো ঘটনাৰ লগত ইয়াৰ সম্বন্ধ নাই বুলি কবিয়ে ইয়াকো বাদ দিছে। অসমীয়া কাব্যৰ উষা আজলী কিশোৰী। স্বামী-লাভৰ আগতে মদন-পীড়িতা হ’লে “অনাঘ্ৰাত কুসুম”ৰ কোমল লাবণ্য- ভাব কমে।[ ১৩ ] উষাই সপোনত স্বামী পালে। “সপোনত কামে ধৰে, বিকল কৰে, ধৰিবে চাৱই আঙ্কোৱালি।” সাৰ পাই আকুল হ’ল, তদ্ৰামোহ তেতিয়াও যোৱা নাই। শয্যাত হাত বুলাই “কৈক গৈলা প্ৰাণনাথ” বুলি কান্দিবলৈ ধৰিলে। সকলো বিমৰিষ কৰি চিত্ৰলেখাই তবধ মানিলে।—“কিবা সপোনত তই দেখি আছা চোৰ?” উষাই সকলো কথা বিৱৰি ক’লে। কাব্যৰ সপোন বৃত্তান্ত পয়াৰ ছন্দতেই বৰ্ণিত হৈছে, কিন্তু দশমৰ অন্তৰ্গত আখ্যানত ছবিছন্দত বৰ্ণনা আছে। দুয়োটা বৰ্ণনা একে ভাষাতে হ’লেও ছবিছন্দৰ বৰ্ণনাটো বেছি মুগ্ধকৰ আৰু বৰ্ণনাটোও কবিৰ নিজা। মূলত ইয়াৰ আভাস মাত্ৰহে আছে। ছবিৰ হেন্দোলনিত হৃদয়ৰ প্ৰত্যেক স্পন্দনৰ ঝঙ্কাৰেই মিহলি হোৱা যেন লাগে। মূলমতে সপোনৰ পিছতে কুমাৰী-ব্ৰত ভঙ্গ হোৱা বুলি ঊষাই বহুত বিলাপ কৰা কথা আছে, আৰু সখীসকলৰ অনেক পৰামৰ্শৰ পিছতহে চিত্ৰলেখাৰ আগত সকলো কথা প্ৰকাশ কৰে। মূলৰ কথা বৰ বিস্তাৰ-পূৰ্ণ, ইপিনে আকৌ ভাগৱতত সকলো বৃত্তান্তৰ অতি সংক্ষেপে উল্লেখ আছে। এনে স্থলত কবিয়ে সকলো কথা নিজৰ কবিত্ব-শক্তিৰ—পৰাই বৰ্ণাইছে। এই স্বপ্ন-বিৱৰণ নিজেই এটি স্বাধীন কবিতা। ইয়াত ভাব আৰু ভাষাৰ সুললিত সমাৱেশ হৈছে!
দশমৰ অন্তৰ্গত স্বপ্ন-বিৱৰণ তলত তুলি দিয়া হ’ল—
ঊষা বোলে প্ৰাণ-সখী স্বপ্নত আছিলো দেখি
পুৰুষেক ত্ৰৈলোক্য মোহন।
চাৰু শ্যাম কলেৱৰ দিব্য পীত বস্ত্ৰধৰ
ৰুচিকৰ কমল-লোচন॥
পিয়াই অধৰ মধু মনত হৰিয়া মোৰ
নজানো লুকাই কোথা যাই।
তাঙ্কে মই স্বামী বুলি বিচাৰোহোঁ বিয়াকুলি
সখী মোক দিয়োক দেখাই॥
পেলাই কাম সমুদ্ৰত কিবা দোষ দেখি মোত
তাজি গৈলা সিটো প্ৰাণনাথ।
নাপাওঁ যেবে তাঙ্ক স্বামী নিশ্চয়ে মৰিবো আমি
সখী সত্য কহিলো তোমাত॥
হেন শুনি চিত্ৰলেখী বোলে নমৰিবা সখী
দুঃখ তোৰ গুচাইবোঁ এখনে।
স্বপনত তোৰ মন হৰিলেক যিটো জন
তাঙ্ক আনি দিবোঁ এহি থানে।
বুদ্ধিমতী সখীয়েকে মায়াৰ বলতে প্ৰথমে দেৱতাসকলক পটত লিখিলে। চাই চিন্তি উষা দেৱীয়ে ক’লে—“নাহি সিটো পুৰুষ শোভন!” গন্ধৰ্ব-বিদ্যাধৰসকলক তুলিলে, “ঊষা বোলে আতো স্বামী নাই!” বৃঞ্চি-বংশক আঁকিলে, “দেখি উষা মনে চমকিল।” অনিৰুদ্ধক আঁকিব খোজোতেই উষা দেৱী “ধৰিবাক চাহে আঙ্গোৱালি।” তাৰ পিছত—
লাজে মুখ বস্ত্ৰে ঢাকি বোলে শুনা প্ৰাণসখী
মোৰ প্ৰাণনাথ এহিজন।
দেখা কেনে মূৰ্ত্তিমন্ত ভুবন-মোহন কান্ত
কোন নাৰী ধৰিবেক মন॥
গোটেই কবিতাটো নাট্য-ভাবেৰে ভৰপূৰ!
অসমীয়া কাব্যৰ উষা বৰ আদৰুৱা আৰু সখী-প্ৰাণা। মূলত থকাৰ দৰে কুমাৰী-ব্ৰত ভঙ্গ হোৱা বুলি আত্ম-বিচাৰে উষাত নুযুৱায়। “পদং সহেত ভ্ৰমৰস্য পেলৱং শিৰীষপুষ্পং ন পুনঃ পতত্ৰিঃ”— শিৰীষ ফুলে ভোমোৰাৰ ভৰ সহিব পাৰে, চৰাইৰ নহয়। সপোনত জোন পাই সৰু ল’ৰাই কান্দি উঠাদি উষা কান্দি উঠিল—
নাপাওঁ যেবে তাঙ্ক স্বামী নিশ্চয়ে মৰিবো আমি
সখী সত্য কহিলো তোমাত।
ইয়াৰ পিছত কবিয়ে লগাই দিছে যে, উষা কটাৰী লৈ মৰিবলৈ সাজু হ’ল আৰু চিত্ৰলেখীয়ে কটাৰী আচাৰি পেলাই স্বামী আনি
দিবৰ ভাৰ ল’লে— [ ১৫ ]হেন শুনি চিত্ৰলেখী বোলে নমৰিবা সখী
দুঃখ তোৰ গুচাইবো এখনে।
চিত্ৰলেখাই মায়া বিদ্যা জানে। ছলনা কৰি অনিৰুদ্ধক হৰিবলৈ সাজি-পাৰি দ্বাৰকালৈ ওলাল। চিত্ৰলেখাৰ অপৰূপ ৰূপ দেখি ঊষাৰ মন সন্দিহান হোৱা কথাটে৷ কবিৰ কৌতুকপূৰ্ণ উদ্ভাৱনা।
ঊষা বোলে সখী তোৰ বুজিলো আকলি।
আগে শাস খাই পাছে দিবিহি বাকলি॥
দ্বাৰকাৰ ওচৰত গৈ নাৰদক লগ পোৱা কথাটো ভাগৱতত নাই, হৰিবংশত আছে। নাৰদৰ লগত কৌতুকপূৰ্ণ আলাপ আৰু মায়া- প্ৰদৰ্শন কবিৰ উদ্ভাৱনা। মূলত নাৰদে তামসী বিদ্যা দিয়া বুলি কৈছে। কিন্তু হৰণলুকি মায়া আৰু তাৰ সাধনাৰ উপায় কবিৰ কল্পনা-সৃষ্ট আৰু সেইবোৰৰ গুণে অসমীয়া কাব্য বেছি সঞ্জীৱিত হৈ উঠিছে।
হৰণলুকি মায়াৰ বলতে মৌ-মাখি হৈ–খিৰিকিৰ বিন্ধাইদি সোমাই ভিতৰত নিজ ৰূপ ধৰিলত অনিৰুদ্ধৰ মনত মদন-পীড়া হ’ল৷ সেই ছলতে মায়া কৰি বাহিৰলৈ আনি সকলো কথা ভাঙি-ছিঙি কৈ শোণিতপুৰলৈ লৈ গ’ল। মূলতে অনিৰুদ্ধয়ো সপোনতে উষাক দেখি কাময়মান হৈ আছিল আৰু চিত্ৰলেখাই ইঙ্গিত কৰোতেই নিজেই আহিবলৈ ওলাল—“নয়ম্ব চিত্ৰলেখে মাং দ্ৰষ্টুমিচ্ছাম্যহং প্ৰিয়াম।” অসমীয়া কাব্যত অনিৰুদ্ধক সম্পূৰ্ণভাৱে অজ্ঞ ৰখাত কাব্যৰ জেউতি বাঢ়িছে। অজ্ঞাত প্ৰেয়সীৰ উপযচা মাতমতে প্ৰণয়-সম্ভাষণ কৰিবলৈ যোৱাটে৷ আগেয়ে মন বুজাবুজিকৈ যোৱাতকৈ বেছি ৰহস্যময়।
নানা ব্যঞ্জনেৰে অনিৰুদ্ধক ভোজন কৰোৱা বৰ্ণনাবোৰ কবিৰ হাস্যপূৰ্ণ কথা মাথোন। আগৰ দিনৰ পদ-পুথিবোৰ দহজনে এঠাইত বহি শুনিবলৈ লিখা হৈছিল। নজনা মানুহৰ মনত সন্তোষ জন্মাবলৈ কেতিয়াবা কেতিয়াবা অলাগতিয়াল ধেমেলীয়া কথাৰো সমাৱেশ দেখা যায়। এঠাইত কিন্তু কবিৰ ৰস-ভঙ্গ হৈছে। উষাৰ এজনী বিকৃতাকাৰ বুঢ়ী দাসী আছিল। তাই লাভৰ আশাতে এই গুপ্ত [ ১৬ ] প্ৰেমৰ কথা ৰজাক ভেটিলে। অৱশ্যে সময়ে সময়ে লাভৰ আশাত দাসীয়ে বিশ্বাস-ঘাতকতা কৰা কথা সাধাৰণ শ্ৰেণীৰ নাটক উপন্যাসত পোৱা যায়। কিন্তু ৰমণীয় আদি-ৰসাত্মক কাব্যত এইটো ভালকৈ খাপ খোৱা নাই। মূলৰ কথাটো কাব্য হিছাপে বেছি মনোহৰ। অজানা সুখৰ স্পৰ্শত লাস-বেশকৈ কাপোৰ-কানি নচম্ভালি ঘৰৰ বাহিৰ ওলালত পহৰীসকলে “অলুন কিসলয়ত” নখ-ক্ষত দেখিলে। বেগতিক বুজি চৰিয়াই ৰজাক সম্ভেদ দিলে। অসমীয়া দশমতো এইদৰেই আছে। কুঁজীৰ সৃষ্টি নৱীন কবিৰ কল্পনাৰ চপলতা মাথোন।
ৰস-কাব্য হিছাপে পিছৰডোখৰত বিশেষ সোন্দৰ্য নাই। কিন্তু কাব্যৰ সম্পূৰ্ণতাৰ বাবে তাৰ বিশেষ দৰকাৰ। বাণৰ সদৃশ-প্ৰতিদ্বন্দ্বী কামনা উষাৰ স্বামী-লাভৰ ভিতৰেদিয়েই ফলোন্মুখী হ’ল। অনিৰুদ্ধক বলদৰ্পী বাণে অন্তেষপুৰত নাগ-পাশেৰে বান্ধি থ’লে। অনিৰুদ্ধ নোহোৱা দেখি দ্বাৰকাত হুলস্থুল লাগিল। দেৱৰ্ষি নাৰদে গৈ অনিৰুদ্ধৰ কথা সবিশেষ নিবেদন কৰিলে। ৰণ-সাজেৰে যদুসেনা শোণিতপুৰ ভৰি পৰিল। কৃষ্ণয়ো ৰণ-ভূমিত নামিল আৰু মহাদেৱে নিজেই বাণৰ পক্ষ লৈ কৃষ্ণৰ লগত যুঁজিলে। ইয়াকেই হৰি-হৰ যুদ্ধ বোলে। বৈষ্ণৱ কবিয়ে এই যুদ্ধৰ দ্বাৰা হৰিৰ সৰ্বশ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে। হৰ যুদ্ধত হাৰিল আৰু বাণকো ৰক্ষা কৰিব নোৱাৰিলে। বাণৰ হেজাৰ বাহু কটা গ’ল; থাকিল মাথোন চাৰিখন। কৃষ্ণই বাণক প্ৰাণে নেমাৰিলে; কিয়নো প্ৰহ্লাদক বৰ দিয়া আছিল, তেওঁৰ বংশ বিষ্ণুৰ অবধ্য। বাণ ৰজাই মন্ত্ৰী কুভাণ্ডৰ ওপৰত ৰাজ্য-ভাৰ অৰ্পণ কৰি সশৰীৰে শিৱৰ অনুচৰ হৈ গ’ল।
যুদ্ধ বৰ্ণনা পুৰণি কাব্যৰ এটি প্ৰয়োজনীয় অংশ আৰু কবিৰ বিশেষ নিপুণতা নেথাকিলে ই প্ৰায় গতানুগতিক হয়। বীৰে বীৰে কৰা সম্বোধন ভৎৰ্সনা-বাক্যবোৰত কেতিয়াবা কেতিয়াবা হাস্য-ৰস বা শ্লেষৰ অৱতাৰণা দেখা যায়।[ ১৭ ]
কুমৰ-হৰণ কাব্য়ত কাৰ্তিক আৰু গণেশক লক্ষ্য কৰি নানান হাস্য-ৰসৰ ব্যঞ্জনা কৰা হৈছে। কাৰ্তিক আৰু কামদেৱৰ যুদ্ধ হ’ল। কাৰ্তিকে কামদেৱৰ ফুল-বাণক লক্ষ্য কৰি নিন্দা কৰিলে। কামদেৱৰ উত্তৰ আমাৰ দেশীয় গালিৰ নমুনা। পুতেকে সৈতে আনৰ কাজিয়া লাগিলে, গালি খায় বাপেকে। কামদেৱে শ্লেষ-পুৰ্ণ উত্তৰ দিলে যে, ফুল-বাণৰ পোৰণিতেই কাৰ্তিকৰ বাপেক মহাদেৱে সতীৰ মৰা শ কান্ধত লৈ হেজাৰ বছৰ বলিয়াৰ দৰে ঘূৰি ফুৰিছিল আৰু মন চেঁচা কৰিবলৈ তপস্যা কৰিবলৈ গৈ তপস্যাকো অসাৰ ভাবি শেষত কামদেৱত শৰণ লৈ পাৰ্বতীক বিয়া কৰিহে মনৰ জুৰণি পালে। হৰি! হৰি! এতিয়া পুতেকে আহি ফুল-বাণৰ নিন্দা কৰে।
এহি ধনু-প্ৰসাদে তুমিও ভৈলা জাত।
কিবা সঞ্চা মিছা পুছি চায়োক বাপত॥
হেন পুষ্প-বাণ মোৰ কৰিলিহি বৃথা।
কালি জন্মি উৰ্দ্ধ-পুৰুষৰ কহ কথা॥
আনফালে সামৰ লগত এন্দুৰ-বাহন পেটাল গণেশৰ যুঁজ। সামে লৰি গৈ এন্দুৰৰপৰা নমাই গণেশক মাটিত চোঁচৰাই টানি নিলে যেন—ছৈ দিয়া বঙালী নাও এখনহে—
ডিঙ্গা নাৱখন যেন আনিলা ঘসাই॥
যি পঢ়ুৱৈ সমাজক লক্ষ্য কৰি এই হাস্য-ৰসৰ অৱতাৰণা কৰা হৈছে, তাত এতিয়াও এইবোৰৰ বিশেষ সমাদৰ।
কবিয়ে কাব্যৰ নিৰপেক্ষতা অৱলম্বন কৰি চিত্ৰলেখাক পাহৰা নাই। যুদ্ধৰ অন্তত অনিৰুদ্ধৰ অনুযোগমতে যদু-বীৰ গদলৈ বিয়া দি দ্বাৰকালৈ লৈ গ’ল। ভাগৱতত অনিৰুদ্ধ হৰণৰ পিছত চিত্ৰলেখাৰ কোনো উল্লেখেই নাই। হৰিবংশত যুদ্ধৰ শেষত চিত্ৰলেখাই— সখীসকলক মাত লগাই অন্তৰ্দ্ধান হোৱা বুলি আছে। কিয়নো হৰিবংশমতে চিত্ৰলেখা শাপভ্ৰষ্টা অপ্সৰা। চতুৰা চিত্ৰলেখাক বিবাহ-শাপত মেৰ খোৱা দেখিয়ে কাব্য-ৰস পিপাসুসকলে সন্তোষ পাইছে, তাত কোনো সন্দেহ নাই।[ ১৮ ] বৈষ্ণৱ কবিৰ আখ্যান ইমানতে ওৰ পৰিল। কাব্যৰ নায়ক- নায়িকাসকলৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুৱাবৰ একো প্ৰয়োজন নাই। প্ৰবন্ধৰ ভিতৰতেই তাৰ উল্লেখ আছে। কাব্যৰ ভিতৰত আধুনিক মনোবিজ্ঞানমূলক কোনো জটিল ভাৱৰ অৱতাৰণা নাই। গোটেই কবিতাটো জোনাকী নিশাৰ আকাশী পৰীৰ লীলা-খেলা যেন লাগে। তাত অসম্পূৰ্ণ বাস্তৱ জীৱনৰ কোনো ছায়া নাই।
কুমৰ-হৰণৰ উষাৰ সপোন টোপনিত দেখা ৰমণীয় আদৰ্শৰ প্ৰতি হেঁপাহ মাথোন।