কুমৰ-হৰণৰ প্ৰধান নায়িকা ঊষাদেৱী। পুৰণি কালত শোণিতপুৰ
নামে এখন ৰাজ্য আছিল। আমাৰ তেজপুৰকেই শোণিতপুৰ
বুলি কয়। তাত বাণ নামে এজন প্ৰবল শিৱভক্ত ৰজা আছিল।
বাণ ৰজা প্ৰহলাদৰ নাতি মহাবীৰ বলিৰ পুতেক আছিল। বিষ্ণুৰ
বামন অৱতাৰত ছলনা কৰি বলিক পাতাললৈ পঠাই দিলত শিৱক
তপস্যা কৰি বাণ ৰজাই শোণিতপুৰ ৰাজ্যখন পায়। এই বাণ
ৰজাৰ ঊষা নামে পৰম ৰূপৱতী এজনী কন্যা আছিল।
কালিদাসে “কুমাৰ-সম্ভৱ”ত গুৰিতে অলপ বংশ-পৰিচয় দিয়েই ঊষাৰ ৰূপ-লাৱণ্য বৰ্ণনা কৰিছে। কুমৰ-হৰণো ঠিক তেনেকুৱাই ঊষাৰ ৰূপ-লাৱণ্যৰ বৰ্ণনাৰে আৰম্ভ হয়। ভাগৱতত ঘটনাৱলীৰ পৰম্পৰাহে পোৱা যায়, তাত কোনো বৰ্ণনা নাই। হৰিবংশত বৰ্ণনা আছে, কিন্তু অইন বিষয় লৈহে। কাব্যৰ এটি নিয়ম এই যে যিটে৷ তাৰ সৰ্বপ্ৰধান ভাব সেইটোৰ তলতীয়া কৰিহে আন ভাব আনিব লাগে। প্ৰধান ভাবটোক অলপ চকুৰ আঁতৰ হ’বলৈ দিলেই কাব্যৰ ভাব-ধাৰাৰ সামঞ্জস্য ভাগি যায়। মেঘদূতৰ নিচিনা দেশ-দেশান্তৰৰ বৰ্ণনা থকা কাব্যতো কবিয়ে বিৰহী যক্ষৰ আদি- ৰসাত্মক বেদনা প্ৰত্যেক শ্লোকতেই ধ্বনিত কৰি তুলিছে। কুমৰ- হৰণৰ প্ৰধান বিষয় উষাৰ গুপ্ত-প্ৰেম; আৰু উষাই প্ৰধান নায়িকা। অন্য ঘটনাৱলী আহি পৰিলেও কবিয়ে উষাক চকুৰ আঁতৰ হ’বলৈ দিয়া নাই। হৰিবংশত আদিতে ইমান কথা আছে যে সেই সকলোবোৰ কাব্যত সমাবেশ কৰিব লাগিলে হাবিতে গছ লুকুৱাৰ দৰে হয়। সকলোকে এৰি দি উষাকে কেন্দ্ৰ কৰি কাব্য আৰম্ভ হয়।
ক্ষীণদেহা কুমাৰীৰ মধ্যে হালে কায়।
বতাসতে লৰে আতি ভাগি নপৰয়।
ঊষাৰ ৰূপৰ উপমাৰ ঠাই নাই।
যেহি অঙ্গে দৃষ্টি পৰে তাকে থাকে চাই॥
এইদৰে উষাৰ যৌৱন-কাল উপস্থিত হ’লত বাণ ৰজাই অতি