পুৰণি অসমীয়া সাহিত্য/অঙ্কীয়া ভাওনা

[ ৮০ ]

অঙ্কীয়া ভাওনা

 পুৰণি অসমীয়া সাহিত্যত অঙ্কীয়া নাটবোৰৰ ঠাই মন কৰিব লগীয়া। অসমীয়া বৈষ্ণৱ-সাহিত্যক যদি আমি এটি স্বভাৱ-সম্পূৰ্ণ পদাৰ্থ বুলি ধৰি লওঁ, তেনেহ’লে ভাওনা-সাহিত্যক তাৰপৰা বাদ দিলে সি এটি বিকলাঙ্গ পদাৰ্থৰ দৰে হ’ব। বেলেগ বেলেগ বিভাগৰ বৈষ্ণৱ সাহিত্যবোৰ চকুৰ আগত একেলগে ৰাখি পৰ্যবেক্ষণ কৰি চালে এনেহে লাগে যে মহানুভৱ অসমীয়া ভক্ত-কবিসকলে সেই আটাইবোৰৰ ভিতৰেদি এটি অতীব মনমোহা বস্তু প্ৰচাৰ কৰিছিল শ্ৰীকৃষ্ণৰ ঐশ্বৰিক চৰিত আৰু পুৰুষত্ব। পুৰণি বৈষ্ণৱ কাব্যবোৰতো শ্ৰীকৃষ্ণ চৰিত্ৰৰেই বেলেগ বেলেগ ছোৱা প্ৰকাশ কৰা হৈছে। বৰগীত পুথিত গীতবোৰ কোনো এটি বিষয় ক্ৰম নোহোৱাকৈ খেলিমেলি হৈ আছে। কিন্তু সেইবোৰক যদি প্ৰতি পাদ্য বস্তুৰ ক্ৰম অনুসাৰে ওলট-পালটকৈ ভাঙি বাছি উলিওৱা যায়, তেনেহ’লে তাৰ ভিতৰতো ভক্ত-বৎসল শ্ৰীকৃষ্ণৰ চৰিত্ৰ বেলেগ বেলেগ অংশ বিশেষতঃ শিশুলীলা খণ্ড ওলাব। কীৰ্তন পুথিতো আমূল কৃষ্ণ-চৰিত্ৰই ওলাব। অঙ্কীয়া নাটবোৰো কৃষ্ণ-লীলা প্ৰচাৰ কৰিবৰ উদ্দেশ্যেই লিখা। ভট্টদেৱৰ সংক্ষিপ্ত কথা-ভাগৱতো সকলোৱে বুজিব পৰাকৈ গদ্যত কৃষ্ণ-চৰিত্ৰ-প্ৰকাশৰে চেষ্টা। এতেকে দেখা গ’ল, পুৰণি অসমীয়া বৈষ্ণুৰ সাহিত্যৰ কেৱল বিশাল উদ্যম পদ্য, গদ্য, গীত, ভাওনা সকলোবোৰৰ ভিতৰেদিয়েই প্ৰচাৰ কৰা শ্ৰীকৃষ্ণৰ ভক্ত-বৎসল চৰিত্ৰ। শ্ৰীকৃষ্ণ-চৰিত্ৰকেই কেন্দ্ৰ কৰি সকলো অসমীয়া বৈষ্ণৱ সাহিত্য বৰ্তি আছে।

 কেৱল এটি বিষয়ত আৰম্ভ হৈও কৃষ্ণ চৰিত্ৰত ফুটি নোলাল। চিত্ৰ-বিদ্যাত পুৰণি অসম অইন অইন ভাৰতীয় প্ৰদেশবোৰৰ আগ নহ’লেও পিছত নপৰে। কেইবছৰমান আগতে অসম চৰকাৰে [ ৮১ ] যেতিয়া পুৰণি পুথি গোটায়, তাৰ ভিতৰত চিত্ৰ-বিদ্যাৰ চূড়ান্ত অভিব্যক্তি প্ৰদৰ্শক এনে কিছুমান পুথি ওলাইছিল যে সেইবোৰ দেখি বিদেশী পণ্ডিতসকলো মুগ্ধ হৈছে। সাঁচিপতীয়া পুথিৰ আধাডোখৰত পদ আৰু আধাডোখৰত সেই পদবোৰৰ অৰ্থ-ব্যঞ্জক চিত্ৰ। চৰকাৰে গোটোৱা পুথিৰ ভিতৰত “হস্তী বিদ্যাৰ্ণৱ” নামে পুথি এখন আছে। তাত নানা তৰহৰ হাতীৰ চিত্ৰ আছে। মহাভাৰতৰ এছোৱা সাঁচিপতীয়া ভাঙনি আছে; তাৰ আধাডোখৰত পদ, আধাডোখৰত চিত্ৰ। বৰপেটাৰ সত্ৰাধিকাৰৰ ঘৰত বনমালীদেৱৰ চৰিত এখন আছে। তাৰো প্ৰত্যেক পাতৰেই আধাডোখৰত পদাৰ্থ- ব্যঞ্জক চিত্ৰ। পুৰণি অসমৰ চিত্ৰ-বিদ্যাৰ বিষয়ে অনুসন্ধান কৰিলে, পুৰণি অসমীয়া সভ্যতাৰ জেউতি বঢ়োৱা বহুত তথ্য যে ওলাব, তাত কোনো সন্দেহ নাই।

 যি হওক এই চিত্ৰ-নৈপুণ্য কৃষ্ণ-চৰিত-প্ৰচাৰত নিয়োজিত হৈও নহ’ল। শঙ্কৰদেৱে যেতিয়া প্ৰথমে চিহ্ন-যাত্ৰা ভাওনা কৰে, তেওঁ নিজ হাতেৰে বৈকুণ্ঠৰ পট আঁকি ৰাইজক দেখুৱায়। এটি ক্ষুদ্ৰ ঘটনাৰ পৰাই চিত্ৰ-বিদ্যাই যে কেনে বিকাশ লাভ কৰিছিল, জনা যায়। এজনী বুঢ়ীয়ে শঙ্কৰদেৱৰ চিত্ৰিত বৈকুণ্ঠ পটত অকণ-মানি খুঁত উলিয়ায় দিয়ে। সম্ভ্ৰান্ত মানুহৰ ঘৰত যে চিত্ৰ-বিদ্যাৰ চৰ্চ্চা আছিল, ইয়াৰপৰাই অলপ অনুমান কৰিব পাৰি। তাত বাজেও কোচবিহাৰৰ নৰনাৰায়ণ ৰজাৰ অনুৰোধত শঙ্কৰদেৱে পুৰণি পাটবাউসীৰ অন্তৰ্গত তাঁতীকুছি নামে ঠাইত তাঁতীৰ হতুৱাই কাপোৰ বোৱাই, কাপোৰত ফুলেৰে নিজ তত্ত্বাৱধানত কৈকুণ্ঠ লীলা তোলাই দিছিল। বৈষ্ণৱ আন্দোলনত চিত্ৰ-বিদ্যাই যে কৃষ্ণ-চৰিত্ৰক স্পৰ্শ কৰা নাছিল, এনে নহয়। কিন্তু গীত, কাব্য, ভাওনা আদিয়ে শ্ৰীকৃষ্ণ-চৰিত্ৰ আঁকোৱালি ধৰি যি পৰিণতি লাভ কৰিছে চিত্ৰ-বিদ্যাই সেইখিনি কৰিব নোৱাৰিলে। চিত্ৰ-বিদ্যাই ব্যয়-সাধ্য, কষ্ট-সাধ্য আৰু ছপা-যন্ত্ৰ ওলোৱাৰ আগেয়ে ইয়াৰ পৰিসৰ সম্ভ্ৰান্ত পৰিয়ালবোৰৰ মাজত আৱদ্ধ থাকিব লগাত পৰিছিল। কিন্তু বৈষ্ণৱ [ ৮২ ] আন্দোলনৰ স্বতঃপ্ৰেৰিত উদ্দেশ্যই আছিল সামাজিক সম্ভ্ৰম-নিৰ্বিশেষে সমগ্ৰ জাতীয়-হৃদয়কেই স্পৰ্শ কৰা। এই বিৰাট জাতীয় আন্দোলনৰ পৰিচালিকা শক্তি যি কৃষ্ণ চৰিত্ৰই বৈষ্ণৱ আদৰ্শ প্ৰচাৰৰ অঙ্গস্বৰূপে চিত্ৰ-বিদ্যাক অৱহেলা নকৰিলেও ইয়াক প্ৰধান অৱলম্বনৰূপে আশ্ৰয় কৰা নাছিল। এই বিষয়ত ৰাজপুতনা প্ৰদেশৰ অলপ বিশিষ্টতা দেখা যায়। তাত যেতিয়া বৈষ্ণৱ আন্দোলন জাগি উঠে, তেতিয়া তাক চিত্ৰ-বিদ্যাৰেও প্ৰচাৰ কৰিবৰ চেষ্টা এটি চলিছিল। কিন্তু শেষ ফল প্ৰায় একে ধৰণৰেই হ’ল। অঙ্কিত চিত্ৰবোৰ বৈষ্ণৱ মঠবোৰতেই আবদ্ধ থাকিল। এতিয়াহে অনুসন্ধিৎসু পণ্ডিতসকলে লোক-সমাজত সেইবোৰ প্ৰচাৰ কৰিব লাগিছে। বুৰঞ্জীৰ এইটো নিৰ্ঘাত সত্য যে যেতিয়া কোনো ঐশ্বৰিক পুৰুষৰ চৰিত্ৰ মহাজাতীয় উদ্বোধনৰ কেন্দ্ৰস্থ শক্তি ৰূপে পৰিগৃহীত হয়, তেতিয়া গীত, কাব্য, ভাওনা, চিত্ৰ-বিদ্যা, ভাস্কৰ্য, সুকুমাৰ শিল্পৰ সকলোবোৰ অঙ্গই সেই ঐশ্বৰিক পুৰুষৰ চৰিত্ৰ-মহাত্ম্য-প্ৰকাশত নিয়োজিত হয়। বৌদ্ধধৰ্ম যেতিয়া গোটেই এচিয়া মহাদেশত বিয়পি পৰে, তেতিয়া চিত্ৰ, কাব্য—বিশেষতঃ ভাস্কৰী-বিদ্যাৰ সহায়েৰে বুদ্ধদেৱৰ চৰিত্ৰ-মহাত্ম্য প্ৰকাশেই বৌদ্ধ আন্দোলনৰ পৰিচালিকা শক্তি-ৰূপে বিৰাজমান আছিল। ফলত, প্ৰস্তৰ-খোদিত বুদ্ধ-মূৰ্তি যিমান ওলাইছে বা আছে পৃথিৱীৰ ইতিহাসত ঐতিহাসিক বা পৌৰাণিক কোনো পুৰুষৰ সিমান মূৰ্তি ওলোৱা নাই৷ সেইদৰে ইউৰোপৰ মধ্য-যুগত যীশু খ্ৰীষ্ট্ৰৰ শিশু লীলাই চিত্ৰ-বিদ্যাক সমুজ্জ্বল কৰি তোলে। এক কৃষ্ণ-চৰিত্ৰকে অৱলম্বন কৰি ভাৰতীয় প্ৰাদেশিক ভাষাবোৰত যিমান তৰহৰ সাহিত্য আছে, বোধ হয় পৃথিবীৰ কোনো মহাপুৰুষৰ বিষয়েই তেনে সাহিত্য এটি গঠিত হোৱা নাই। এই বিশাল বৈষ্ণৱ সাহিত্যৰ এক উদ্দেশ্য কৃষ্ণ-চৰিত্ৰ জনসমাজৰ আগত সমুজ্জ্বল কৰি ধৰা। কিয়নো, ভাৰতীয় মহাজাতীয় বৈষ্ণৱ আন্দোলনত কৃষ্ণৰ শিকনিতকৈ তেওঁৰ চৰিত্ৰ বেছি ডাঙৰ উদ্বোধন-শক্তি আছিল। [ ৮৩ ]  পুৰণি অসমীয়া বৈষ্ণৱ সাহিত্যত অঙ্কীয়া ভাওনাই অতি অপূৰ্ব ঠাই অধিকাৰ কৰি আছে। কীৰ্তন আদি ধৰ্মাত্মক কাব্যৰ ভিতৰেদি কৃষ্ণ-চৰিত্ৰ ব্যক্ত কৰা হৈছে; নানা পৌৰাণিক মূলৰপৰা সংগৃহীত হৰণ আৰু বধ-কাব্যবোৰত কৃষ্ণ চৰিত্ৰ ব্যক্ত কৰা হৈছে। পিছৰ কালত ভট্টদেৱে গদ্য-পুঁথিৰে কৃষ্ণ-চৰিত্ৰ ব্যক্ত কৰিছে। কিন্তু জাতীয় উদ্বোধনৰ ভাৱ প্ৰচাৰ কৰাত গীত আৰু ভাওনাৰ ঠাই সকলোৰে ওপৰত।

 গীতৰ সহায়েৰে মানুহৰ নিৰুদ্ধ চৈতন্যক জগাই গীতকেই সেই চৈতন্য-প্ৰভাৱৰ উপায়-স্বৰূপ কৰি লোৱা হয়। সকলো বিষয়েই সকলো মানুহৰেই অলপ নহয় অলপ অস্পষ্ট ধাৰণা আছেই; গীত বা কবিতাৰ সহায়েৰে সেই অস্পষ্ট ধাৰণাক স্পষ্টভাৱে প্ৰকাশ কৰি সেই ধাৰণা-প্ৰকাশক ভাষা ৰূপে নিৰ্দ্ধাৰিত কৰি দিয়া হয়। এই গীত বা কবিতাই বিশেষ জাতীয় আন্দোলনৰ বিষয়ত জন- সমাজৰ সাধাৰণ ভাষা-ৰূপে পৰিগৃহীত হয় আৰু আগেয়ে যিটো স্পষ্ট ধাৰণা আছিল সি গাঁতৰ সহায়ত ফুটি উঠি প্ৰাণ-চৈতন্যৰ লগত মিহলি হৈ যায়।

 কেইবছৰমান আগত বঙ্গদেশত যেতিয়া জাতীয় জাগৰণৰ সূত্ৰপাত হয়, তেতিয়া কবিবৰ দ্বিজেন্দ্ৰলাল ৰায়ৰ জাতীয় গীতবোৰে সমগ্ৰ বঙ্গদেশকেই মুখৰিত কৰি তোলে আৰু সেই জাতীয় আন্দোলনৰ বিষয়ত সেই গীতবোৰেই জন-সাধাৰণৰ ভাব-প্ৰকাশক উমৈহতীয়া ভাষা যেন হ’ল; এই জাতীয় ভাব সকলোৰে মনত বিস্তাৰ কৰিবলৈ তেওঁৰ ঐতিহাসিক নাটকবোৰেও কম প্ৰভাব বিস্তাৰ কৰা নাছিল।

 জাতীয় চৈতন্য জগাই দিবলৈ দ্বিজেন্দ্ৰলালৰ সঙ্গীতে যি কাম কৰিছিল, আধ্যাত্মিক চৈতন্য জগাই তুলিবলৈ শঙ্কৰদেৱৰ গীতবোৰে তাতকৈ বেছি কাম কৰিছিল। জাতীয় ভাবতকৈ আধ্যাত্মিক ভাবে সমাজত বেছি সোনকালে প্ৰৱেশ লাভ কৰে। জন-সাধাৰণৰ প্ৰাণ অতি সোনকালে স্পৰ্শ কৰে বুলিয়েই যে বৈষ্ণৱ আন্দোলনত আধ্যাত্মিক গীতৰ প্ৰাচুৰ্য হৈছিল, তাত অকণো সন্দেহ নাই। [ ৮৪ ] ভাওনাৰ উদ্দেশ্য প্ৰায় সমান হ’লেও বেছি প্ৰশস্ত শঙ্কৰদেৱৰ প্ৰচাৰিত আদি মূল অসমীয়া বৈষ্ণৱ মতত প্ৰতিমা পূজাৰ বিশিষ্ট ঠাই নাই। মূৰ্তি-পূজাৰ লগত প্ৰকৃত ধৰ্মৰ সম্বন্ধ থাকক নাথাকক, ই ধৰ্মৰ পৰিদৃশ্যমান ভাগ প্ৰকাশ কৰে। বিষম আড়ম্বৰ হৈ-চৈ এটি লগাই দি, ধৰ্মৰ বিষয়ত ই জন-সাধাৰণৰ বাহ্যিক দৃষ্টি আকৰ্ষণ কৰে। প্ৰথমবাৰ তীৰ্থৰপৰা ঘূৰি আহি শঙ্কৰদেৱে নিজেই জগন্নাথ- মূৰ্তি প্ৰতিষ্ঠা কৰাই আন আন উদ্দেশ্যৰ লগতে নতুন যুগ-প্ৰৱৰ্তন সূচনা কৰে। কিন্তু মানুহৰ মন ধৰিবলৈ শঙ্কৰদেৱে প্ৰতিমা-পূজাতকৈ আন এটি বেছি ফলদায়ক উপায় আৱিষ্কাৰ কৰিলে। সেই হৈছে ভাওনাৰ প্ৰচলন।

 প্ৰায় সকলো দেশতেই ভাওনাই নৱধৰ্ম-প্ৰচলনৰ বাহন স্বৰূপে কাম কৰি আহিছে। পুৰণি গ্ৰীচ দেশত নাট্য-সাহিত্যৰ ভিতৰেদি জাতীয় আৰু আধ্যাত্মিক আদৰ্শ ব্যক্ত কৰা হৈছিল। খ্ৰীষ্টধৰ্ম প্ৰথমে প্ৰচলিত হ’বলৈ ধৰাত, নাট্য-সাহিত্যই ইয়াৰ বিস্তাৰত সহায় কৰিছিল। সেই একে উদ্দেশ্যৰ বশৱৰ্তী হৈয়ে শঙ্কৰদেৱে প্ৰথমে নাট্য-সাহিত্য ৰচনা কৰে। মানুহ স্বভাৱতে আমোদ- প্ৰিয় আৰু ভাওনাৰ এটি সুবিধা এই যে ৰং-ধেমালিৰ লগে লগে ই মানুহক শিক্ষা দিয়ে। পুৰণি বৈষ্ণৱ সাহিত্যত ভাওনাৰ ঠাই লোক-ৰঞ্জন, লোক-সংগ্ৰহ, লোক-স্থিতিত, আকৌ, ভাওনাৰে যিমান সোনকালে কোনো এটা বিষয় মানুহৰ মনত সুমুৱাই দিব পাৰি, আন একোৰে নোৱাৰি। “তৈলবিন্দুবৎ” পানীত তেলৰ টোপাৰ দৰে নাটৰ প্ৰতিপাদ্য বিষয় বিৰাট জনসঙ্ঘত বিয়পি পৰে।

 অসমীয়া নাটৰ নিৰ্মাণৰ কৌশলো ইয়াৰ উদ্দেশ্যৰ অনুৰূপ। সূত্ৰধাৰেই ইয়াৰ মধ্যস্থ পুৰুষ। সূত্ৰধাৰ নামটো সংস্কৃত নাটৰপৰা ধাৰ কৰি অনা হ’লেও ভাওনাত ইয়াৰ কাম সম্পূৰ্ণ স্বতন্ত্ৰ। সংস্কৃত নাটত সূত্ৰধাৰৰ কাম আছিল কেৱল গ্ৰন্থকাৰৰ পৰিচয় দি কি উপলক্ষে নাটখন প্ৰৱৰ্তন কৰা হ’ল, মাথোন এইখিনি কৈ দিয়া। তাৰ পিছত সূত্ৰধাৰ ওলাই যায় আৰু নাটৰ কাম আপোনা[ ৮৫ ] আপুনি আৰম্ভ হয়। অসমীয়া নাটত সূত্ৰধাৰক গুৰিৰপৰা শেষলৈকে দোহাৰত উপস্থিত থাকে আৰু এই সূত্ৰধাৰক কেন্দ্ৰস্থ কৰিয়েই চকৰিৰ দৰে ঘূৰে। এই সূত্ৰধাৰজন নাটকৰ প্ৰতিপাদ্য বিষয় আৰু দৰ্শক-মণ্ডলীৰ ভিতৰত মধ্যবৰ্ত্তী লোক। নাটকৰ ঘটনাৱলীৰ সকলে৷ সম্ভাৱিত অৰ্থ উদ্ধাৰ কৰি সূত্ৰধাৰে “আহে সামাজিক লোক” বুলি দৰ্শকসকলক বুজাই দিয়ে। গোটেই ভাওনাখন জানিবা বেৰত আঁৰি থোৱা ছবিৰ মানচিত্ৰ। সূত্ৰধাৰে এই চিত্ৰবোৰ আঙুলিৰে বুজাই দিয়াৰ দৰে নাটৰ ঘটনা-পৰম্পৰা আৰু সেইবোৰ তাৎপৰ্য ৰাইজক বুজাই নিয়ে।

 এই সূত্ৰধাৰৰ অনুৰূপ কল্পনা পুৰণি ভাৰতীয় সাহিত্যত নাই, ইয়াক দেখা যায় মাথোন পুৰণি গ্ৰীক্ নাটৰ কোৰাছৰ কল্পনাত। কিন্তু গ্ৰীক্‌ নাটে চৰম অভিব্যক্তি লাভ কৰিছিল বুলি মুখামুখিকৈ সমজুৱাসকলক লক্ষ্য কৰি গ্ৰীক্ কোৰাছে কথা নকয়, কেৱল নাটৰ ঘটনাবোৰৰ অৰ্থ দৰ্শক-মণ্ডলীক উপলক্ষ্য কৰি গীতৰ সহায়েৰে ব্যক্ত কৰে। অসমীয়া নাটত সূত্ৰধাৰৰ গীত আৰু সমজুৱাসকলক লক্ষ্য কৰি কোৱা গীতাৰ্থব্যঞ্জক কথাও আছে।

 পুৰণি অসমীয়া নাটৰ নিৰ্মাণত দুটি খলপা পোৱা যায়। নাটত গদ্য আৰু পদ্য দুয়োটা আছে। গদ্য কথাবোৰ একেবাৰে এৰি দিলেও কেৱল গীত আৰু পদৰ ভিতৰতেই বচন আৰু উত্তৰ স্বৰূপে নাটৰ ঘটনাৱলী পোৱা যায় আৰু গীত-পদ এৰি দিলেও কেৱল কথাৰপৰাই গোটেই নাটখন উদ্ধাৰ কৰিব পাৰি। গদ্য কথাবোৰ এৰি দিলে নাট হ’বই নোৱাৰে; কিন্তু কবিসকলৰ প্ৰতিভাৰ বিকাশ হৈছে গীতা আৰু পদবোৰৰ ভিতৰেদি। কথাবোৰেৰে নাটৰ ঘটনা-পৰম্পৰাক সৰলভাৱে সমজুৱাসকলক বুজুওৱা হৈছে মাথোন। কিন্তু সাহিত্য হিছাপে নাটবোৰৰ সাৰুৱা অংশ হৈছে গীতবোৰেই।

 পুৰণি অসমীয়া নাটৰ নিজ নাম হৈছে অঙ্কীয়া ভাওনা। সংস্কৃতত ভাণ নামে এবিধ নাটক আছে, তাত মাথোন একেটি [ ৮৬ ] অঙ্ক থাকে। অসমীয়া নাটতো গুৰিৰপৰা আগলৈকে একেটি ‘অঙ্ক’ মাথোন। সংস্কৃতৰ এক অঙ্ক থকা ভাণৰ লগত আমাৰ অঙ্কীয়া ভাওনাৰ কিবা সম্বন্ধ থাকিব পাৰে। এইটোও অলপ মন কৰিব লগীয়া যে পুৰণি গ্ৰীক্ নাটবোৰতো একেটি মাথোন অঙ্ক থাকে।

 সূত্ৰধাৰৰ অভিনৱ ভাও-কল্পনাৰ লগত নাটৰ এক অঙ্কৰ এটি ডাঙৰ সম্বন্ধ আছে। আধুনিক আৰু পুৰণি নাটবোৰো বেলেগ বেলেগ অঙ্কত বিভক্ত। সূত্ৰধাৰৰ নতুন ৰূপ কল্পনাৰপৰা অঙ্কীয়া নাটক বেলেগ বেলেগ অঙ্কত বিভাগ কৰাৰ প্ৰয়োজনীয়তা উঠি গ’ল। আধুনিক নাটৰ দুটি অঙ্কৰ মাজডোখৰত যি ঘটনা-পৰম্পৰা হয়, অঙ্কীয়া নাটত সূত্ৰধাৰে গীত আৰু কথাৰ সহায়েৰে সমজুৱাসকলক সেই ঘটনাৱলীক সংক্ষিপ্ত কৰি দিয়ে। পৰবৰ্তী ‘কথা”. বুজিবলৈ সূত্ৰধাৰৰ বচনে পাতনিৰ কাম কৰে। যেনে চোৰধৰা নাটত এপিনে যেতিয়া গোৱালিনীসকলে কৃষ্ণক চোৰ ধৰি শাস্তি স্বৰূপে নাচিবলৈ দিছে, তেতিয়া আনপিনে যশোদাদেৱীয়ে কৃষ্ণ হেৰাল বুলি বাটৰুৱা মানুহবোৰক সুধি ফুৰিব লাগিছে। আধুনিক নাটত এই দুটা দৃশ্য বেলেগ বেলেগ স্বতন্ত্ৰ দৃশ্যত দেখুওৱা হ’লহেঁতেন। কিন্তু অঙ্কীয়া নাটত সূত্ৰধাৰৰ কথাৰ সূতাৰে দুয়োটা ঘটনাক একেলগে গাঁথি পেলোৱা হৈছে।—

॥ কথা॥

 সূত্ৰধাৰ বোল : ঐছন প্ৰকাৰে শ্ৰীকৃষ্ণ গোপীসৱক মনোৰথ পূৰিয়ে নানাবিধ কৌতুক-নৃত্য কৰিয়ে আনন্দে তথি থিক। তদনন্তৰে যশোদা আপুন বালক ঘৰে নাহি পেখিয়ে পুত্ৰ-স্নেহে আকুলিত হুয়া যমুনাক তাৰে তীৰে চায়া বেড়াইতে জৈছে পথিক জনত বাত পুছত তা দেখহ শুনহ নিৰন্তৰে হৰিবোল হৰিবোল।

 কথাখিনি মন দি চালে দেখা যাব, আধুনিক নাটকৰ যিখিনি ঠাইত বন্ধনী চিনৰ ভিতৰত দৃশ্য আদিৰ কথা উল্লেখ থাকে, অঙ্কীয়া নাটত সূত্ৰধাৰৰ কথাই সেই বন্ধনী চিনৰ কামো কৰে। তাৰ বাহিৰেও পৰবৰ্তী ঘটনাৰ যি সূচনা দিয়ে, তাৰপৰা সমজুৱাসকলৰ [ ৮৭ ] পক্ষে নাটৰ ঘটনা-পৰম্পৰা ধৰিবলৈ সুবিধা হয়। আজি-কালিৰ দিনত দৰ্শকসকলৰ মাজত বিলাই দিয়া ছপোৱা কাকত-কেইডুখৰি মানে এই সূচনাৰ কাম কৰে। যেতিয়া ছপা-যন্ত্ৰ নাছিল আৰু বিশেষতঃ নাটবোৰ যেতিয়া সাধাৰণ জন-সমাজক এটি আদৰ্শ বুজাবলৈ ৰচিত হৈছিল, সূত্ৰধাৰৰ অভিনৱ ৰূপ-কল্পনা যে কিমান সফল, সহজে অনুমান কৰিব পাৰি। মুঠ কথা, সূত্ৰধাৰৰ কথাবোৰ ঘটনা-ক্ৰমৰ লগৰীয়াৰ-পাতনি স্বৰূপ আৰু নাটৰ ঘটনাৱলীৰ অন্ততো সূত্ৰধাৰে সমজুৱাসকলক লক্ষ্য কৰি নাটৰ অভিপ্ৰেত অৰ্থ বুজাই দিয়ে।