পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
অঙ্কীয়া ভাওনা


পক্ষে নাটৰ ঘটনা-পৰম্পৰা ধৰিবলৈ সুবিধা হয়। আজি-কালিৰ দিনত দৰ্শকসকলৰ মাজত বিলাই দিয়া ছপোৱা কাকত-কেইডুখৰি মানে এই সূচনাৰ কাম কৰে। যেতিয়া ছপা-যন্ত্ৰ নাছিল আৰু বিশেষতঃ নাটবোৰ যেতিয়া সাধাৰণ জন-সমাজক এটি আদৰ্শ বুজাবলৈ ৰচিত হৈছিল, সূত্ৰধাৰৰ অভিনৱ ৰূপ-কল্পনা যে কিমান সফল, সহজে অনুমান কৰিব পাৰি। মুঠ কথা, সূত্ৰধাৰৰ কথাবোৰ ঘটনা-ক্ৰমৰ লগৰীয়াৰ-পাতনি স্বৰূপ আৰু নাটৰ ঘটনাৱলীৰ অন্ততো সূত্ৰধাৰে সমজুৱাসকলক লক্ষ্য কৰি নাটৰ অভিপ্ৰেত অৰ্থ বুজাই দিয়ে।