পৃষ্ঠা:পুৰণি অসমীয়া সাহিত্য.pdf/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
অঙ্কীয়া ভাওনা


যেতিয়া পুৰণি পুথি গোটায়, তাৰ ভিতৰত চিত্ৰ-বিদ্যাৰ চূড়ান্ত অভিব্যক্তি প্ৰদৰ্শক এনে কিছুমান পুথি ওলাইছিল যে সেইবোৰ দেখি বিদেশী পণ্ডিতসকলো মুগ্ধ হৈছে। সাঁচিপতীয়া পুথিৰ আধাডোখৰত পদ আৰু আধাডোখৰত সেই পদবোৰৰ অৰ্থ-ব্যঞ্জক চিত্ৰ। চৰকাৰে গোটোৱা পুথিৰ ভিতৰত “হস্তী বিদ্যাৰ্ণৱ” নামে পুথি এখন আছে। তাত নানা তৰহৰ হাতীৰ চিত্ৰ আছে। মহাভাৰতৰ এছোৱা সাঁচিপতীয়া ভাঙনি আছে; তাৰ আধাডোখৰত পদ, আধাডোখৰত চিত্ৰ। বৰপেটাৰ সত্ৰাধিকাৰৰ ঘৰত বনমালীদেৱৰ চৰিত এখন আছে। তাৰো প্ৰত্যেক পাতৰেই আধাডোখৰত পদাৰ্থ- ব্যঞ্জক চিত্ৰ। পুৰণি অসমৰ চিত্ৰ-বিদ্যাৰ বিষয়ে অনুসন্ধান কৰিলে, পুৰণি অসমীয়া সভ্যতাৰ জেউতি বঢ়োৱা বহুত তথ্য যে ওলাব, তাত কোনো সন্দেহ নাই।

 যি হওক এই চিত্ৰ-নৈপুণ্য কৃষ্ণ-চৰিত-প্ৰচাৰত নিয়োজিত হৈও নহ’ল। শঙ্কৰদেৱে যেতিয়া প্ৰথমে চিহ্ন-যাত্ৰা ভাওনা কৰে, তেওঁ নিজ হাতেৰে বৈকুণ্ঠৰ পট আঁকি ৰাইজক দেখুৱায়। এটি ক্ষুদ্ৰ ঘটনাৰ পৰাই চিত্ৰ-বিদ্যাই যে কেনে বিকাশ লাভ কৰিছিল, জনা যায়। এজনী বুঢ়ীয়ে শঙ্কৰদেৱৰ চিত্ৰিত বৈকুণ্ঠ পটত অকণ-মানি খুঁত উলিয়ায় দিয়ে। সম্ভ্ৰান্ত মানুহৰ ঘৰত যে চিত্ৰ-বিদ্যাৰ চৰ্চ্চা আছিল, ইয়াৰপৰাই অলপ অনুমান কৰিব পাৰি। তাত বাজেও কোচবিহাৰৰ নৰনাৰায়ণ ৰজাৰ অনুৰোধত শঙ্কৰদেৱে পুৰণি পাটবাউসীৰ অন্তৰ্গত তাঁতীকুছি নামে ঠাইত তাঁতীৰ হতুৱাই কাপোৰ বোৱাই, কাপোৰত ফুলেৰে নিজ তত্ত্বাৱধানত কৈকুণ্ঠ লীলা তোলাই দিছিল। বৈষ্ণৱ আন্দোলনত চিত্ৰ-বিদ্যাই যে কৃষ্ণ-চৰিত্ৰক স্পৰ্শ কৰা নাছিল, এনে নহয়। কিন্তু গীত, কাব্য, ভাওনা আদিয়ে শ্ৰীকৃষ্ণ-চৰিত্ৰ আঁকোৱালি ধৰি যি পৰিণতি লাভ কৰিছে চিত্ৰ-বিদ্যাই সেইখিনি কৰিব নোৱাৰিলে। চিত্ৰ-বিদ্যাই ব্যয়-সাধ্য, কষ্ট-সাধ্য আৰু ছপা-যন্ত্ৰ ওলোৱাৰ আগেয়ে ইয়াৰ পৰিসৰ সম্ভ্ৰান্ত পৰিয়ালবোৰৰ মাজত আৱদ্ধ থাকিব লগাত পৰিছিল। কিন্তু বৈষ্ণৱ