পামৰু মনাই কমনে
।।ৰাগ –ধনশ্ৰী।।
ধ্ৰুং।। পামৰু মনাই কমনে হৰিৰ নাম ৰহলি বিছুৰি
কৱহু চলিতে ৰে লাগয় যমপুৰী ৷৷
পদ।। কাহাঁ গৈয়ো মাতা-পিতা কাঁহা গৈয়ো ভাই ৷
ধন জন কাঁহা গৈয়ো সুহৃদ মনাই ৷৷
কমনে না পেখো আপুন মৰণা ৷
নিশ্বয় চলিতে লাগে যমেৰ কৰুণা ৷৷
নাম সুমৰিতে ছুটে অন্তকেৰি দায়৷
উত্তম অমৰ পদ ঠামহি মিলায় ৷৷
কহয় মাধৱ দাস দীন মতি হীনা ৷
এ ভৱ তৰণী নাহি ৰাম নাম বিনা ৷৷