পখিলা/কামনাত কেৰোণ
[ ১৪ ]
কামনাত কেৰোণ
মহাকবিৰ বচন আছে যে দেৱতা ঈশ্বৰে আমাৰ সকলো কামনাকেই সফল নকৰি, আমাৰ উপকাৰহে সাধে। কিয়নো সকলো বাসনা ফলৱতী হ’বলৈ হ’লে মানুহৰ সুখ-শান্তি নাইকিয়া হ’ব। মানুহৰ মঙ্গলৰ বাবে কি ভাল, কি বেয়া, দেৱতা-ঈশ্বৰেহে জানে। মানুহে নিজে যিটো ভাল বুলি দেৱতাৰ ওচৰত মাগে, তাৰ ফল ভালেমান সময়ত বেয়া হয়। ইয়াৰ উদাহৰণ স্বৰূপ তলত তিনিটা গ্ৰীক পুৰাণৰ আখ্যান দিয়া হ’ল।
(ক) সোণালী পৰশ
(খ) অমৰ প্ৰেমিক
(গ) অৰূপ ধুনীয়া তিৰোতা
(ক) সোণালী পৰশ
পুৰণি কালত এছিয়া মাইনৰ খণ্ডত লিডিয়া বুলি এখন ৰাজ্য আছিল। তাত মাইদাচ নামে এজন ধনৰ ৰজা খকুৱা আছিল। সৰু কালত পিপৰা-পৰুৱাবোৰে অকণি অকণি মুখেৰে খুদ কঢ়িয়াই আনি সৰু সৰু হাফলু বন্ধা দেখি তেওঁ মনতে ভাবিছিল যে ৰজা হ’লে তেৱোঁ নিজ কাৰেংঘৰটো সোণ-ৰূপৰ হাফলু যেন কৰিব।
ডেকা বয়সত মাইদাচ ৰজা হ’ল। নানা উপায় উদ্ভাৱনা কৰি প্ৰজাসকলৰ পৰা ধন গোটাবলৈ ধৰিলে। তেওঁৰ সকলো ধাতুৰ মুদ্ৰা আৰু বস্তুকেই সোণৰ সলনি সলাবলৈ ধৰিলে। সোণৰ হালধীয়া ৰঙৰ বাহিৰে তেওঁক আন একো ৰঙেই সন্তোষ দিব নোৱাৰিছিল। আমাৰ দেশৰ ভঙ্গুৱাৰ দেৱতা যেনে মহাদেৱ সেইদৰে পুৰণি গ্ৰীচতো মদাহীৰ দেৱতা আছিল বেকাচ। তেওঁ কিবা এটি চলত বেকাচ দেৱতাক প্ৰসন্ন কৰিলে।[ ১৫ ]
বেকাচত বৰ মাগিলে— “মই হাতেৰে যি বস্তু চোওঁ সেয়ে সোণ হওক।” দেৱতাই হয়ভৰ দি জনালে – “তথাস্তু, তেনে হওক।”
পৰীক্ষা চাবলৈ মাইদাচে বৰ গছৰ ঠানি এটা চুলে। ঠানিটো ততালিকে সোণৰ ফুলডাৰি হ’ল আৰু গুটিবোৰ সোণৰ মণি হৈ জিলমিলাবলৈ ধৰিলে। শিল এডোখৰ চুলে — সিও শিল গুচি সোণৰ হীৰা হ’ল। আপেল ফল এটি হাতত ল’লে, ফল গুচি সোণৰ লাড়ু এটি হাতত থিতাপি হ’ল। আনন্দত ৰজা আপোন-পাহৰ৷! সঁচাকৈ তেওঁ সোণালী পৰশ পালে।
আনন্দত অধীৰ হৈ কৃপণ ৰজাই ডাঙৰ ভোজ এটি পতাই সকলো বিষয়ববীয়াকেই বোলন দিয়ালে। ৰজাৰ ভোজ! ফল-মূল, মদ-মঙহৰ ভৰত টেবুল ভাঙো ভাঙো! ভোক বঢ়াবলৈ ৰজাই মদ এঢোক মুখত ঢালিলে — ৰাতি গচক খোৱা বোন্দা কেঁচুৰপৰা ওলোৱা জিলমিলিয়া পদাৰ্থৰ দৰে ৰজাৰ মুখৰপৰা হালধীয়া জুলীয়া বাখৰ কিছুমান কোৱাৰিৰে বাগৰি পৰিল। মঙহ এডোখৰ মুখত দলিয়াই দিলে, খটককৈ দাঁতত লাগিল— শিলৰ দৰে বাগৰি পৰিল। শিলৰ দৰে টান সোণৰ গুলি! লঘোনত মৰিব।
ৰজাৰ মূৰ আচন্দ্ৰাই কৰিলে। বিছনাত গৈ ধৰ্ ফৰাই বাগৰি পৰিল। আচৰিত! গাখীৰৰ ফেনৰ দৰে আতোলতুলীয়া গাৰুটো সোণৰ পাথৰ এডোখৰত পৰিণত হ’ল। যিফালেই বাগৰ সলায় নৰম কাপোৰৰ ঠাইত ডাঠ সোণৰ পাত এডোখৰ হয়।
ৰজাৰ চেতনা নাই। ভঙুৱা মদাহীৰ দৰে ঢলং-পলংকৈ গৈ বেকাচ দেৱতাৰ ভৰিত দীঘল দি পৰিল। কাবৌ কৰিবলৈ ধৰিলে— “মোক সোণৰ অত্যাচাৰৰপৰা ৰক্ষা কৰক।” বেকাচে ভেকাহি মাৰি উত্তৰ দিলে—“ইমানতে সোণৰ খক পলালনে? সৌৱা নৈখনত বুৰ মাৰাগৈ, নৈয়ে সোণালী পৰশ ধুই পেলাব।” মাইদাচে ৰ’দে পোৰা মানুহৰ দৰে জপংকৈ নৈত জাঁপ দিলে। সোণালী [ ১৬ ] পৰশ উটি গ’ল। কিন্তু, বালিবোৰত আমাৰ সোৱণশিৰি নদীৰ দৰে সোণৰ কণিকা বিয়পি পৰিল।
(খ) অমৰ প্ৰেমিক
আমাৰ দেশৰ পুৰাণ শাস্ত্ৰত যাক ঊষাদেৱী বোলো, গ্ৰীচ দেশৰ পুৰাণত তেওঁৰ নাম আছিল অৰোৰা দেৱী। অৰোৰা অপৰূপ সুন্দৰী; তেওঁৰ গালৰ সেন্দুৰীয়া ৰঙেৰে সকলো দিশ পোহৰ হয়। পুৱা বেলিকা অৰোৰা দেৱীয়ে পূব দিশৰ মুকুতাৰ দুৱাৰ মেলি দিয়ে আৰু সাতোটা ঘোঁৰাৰ ৰথ ডকাই সূৰ্য দেৱতা বাহিৰলৈ ওলায়।
এছিয়া মাইনৰৰ ট্ৰয় ৰাজ্যত তিথোনাচ নামে এজন ডেক৷ পুৰুষ আছিল। অৰোৰা দেৱীৰ ৰূপত মুগ্ধ হৈ ডেকাই দোকমোকালিৰ আগতেই বিছনাৰপৰা উঠি বাহিৰ ওলাই পূব মুখলৈ খাপ লৈ থাকে— অৰোৰা দেৱীৰ ৰঙচুৱা সৌন্দৰ্য চাবলৈ! দিনৰ পিছত দিন গ’ল। তিথোনাচৰ ধ্যান অৰোৰাৰ চকুত পৰিল। তিথোনাচৰ সবল, সুঠাম দেহৰ প্ৰতি অৰোৰাৰো স্পৃহা জন্মিল। কিন্তু, দেৱী হ’ল অমৰ আৰু তিথোনাচ হ’ল মৰণশীল নৰ মনিচ। অভেদ মিলনৰ সম্ভাৱনা নাই।
অৰোৰা দেৱীয়ে সৰগৰ ৰজা জুপিটাৰৰ ওচৰত জেউৰ ধৰিলে, এটোপা মাথোন অমৃত কণিক। দি তিথোনাচক অমৰ কৰিব লাগে। সুন্দৰীৰ জেউৰ জুপিটাৰে অগ্ৰাহ্য কৰিব নোৱাৰিলে।
তিথোনাচ অমৃত খাই অমৰ হ’ল।
বছৰৰ পিঠিত বছৰ বাগৰি যাবলৈ ধৰিলে। দেৱীৰ অভেদ প্ৰণয়-লীলাও চলিল। কিন্তু, কালৰ ক্ষয়-শক্তিৰ পৰিচয় স্বৰূপে তিথোনাচৰ মূৰত বগা চুলিৰ গজালি মেল খালে, গাৰ ছালৰ চিকচিকীয়া ৰং মলিন হ’বলৈ ধৰিলে। কালক্ৰমে বাৰ্দ্ধক্যৰ সকলো লক্ষণ তিথোনাচৰ শৰীৰত প্ৰকাশ পালে। অৰোৰা দেৱী কিন্তু স্থিৰ যুৱতী। তিথোনাচ অমৰ, কিন্তু স্থিৰ যুৱা নহয়। দেৱীয়ে অমৰত্ব মাগিলে, কিন্তু স্থিৰ যৌৱন মাগিবলৈ পাহৰিলে।[ ১৭ ] সময়ৰ সোঁতত তিথোনাচ আলৰ-অথৰ বুঢ়া হ’ল। অৰোৰাই মনত প্ৰমাদ গণিলে! কিছুমান দিন আলপৈচানৰ ভয়ত সৰু কোঠালি এটিত অমৰ স্বামীক বন্ধ কৰি ৰাখিলে। তাতো অসুবিধা বহুত। শেষত নিৰুপায় হৈ দেৱতাত বৰ মাগিলে, তিথোনাচ যেন ফৰিং এটা হৈ ঘাঁহৰ পাতত জঁপিয়াই ফুৰে। অৰোৰাৰ কৰুণ অৱস্থা লক্ষ্য কৰি দেৱতাই তিথোনাচক ফৰিঙত পৰিণত কৰিলে।
(গ) অৰূপ ধুনীয়া তিৰোতা
পুৰণি কালত এছিয়া মাইনৰ বোলা ভূখণ্ডত ট্ৰয় নামে ৰাজ্য এখন আছিল। তাৰ ৰাজকোঁৱৰ পেৰিচে দৈৱদোষত আমাৰ শ্ৰীকৃষ্ণৰ দৰে সৰুকালত আনৰ অজানিতভাৱে ছাগলীৰখীয়াৰ কাম কৰিবলগীয়াত পৰিছিল। হাবিয়ে-বননিয়ে ছাগলী চৰায় ফুৰে। এদিনাখন স্বৰ্গৰ তিনিজনী দেৱমূৰ্তি আহি আগত উপস্থিত। লগত এটি সোণালী আপেল ফল। তাৰ বাকলিত লিখা আছিল—“আটাইতকৈ শুৱনি তিৰোতালৈ উপহাৰ।” বিচাৰ কৰি তিনিওৰো যেয়ে সৰ্বসুন্দৰী তেওঁক সোণালী ফলটো বঁটাস্বৰূপে দিব লাগে।
থেতিচ নামে জলকুঁৱৰী এজনীৰ পেলিউচ নামে ৰজাৰ লগত বিয়া। বিয়ালৈ সৰগৰ সকলো দেৱ-দেৱীকেই বোলন দিয়া হৈছিল আৰু সকলো আহিছিল। কিন্তু, আমাৰ টুটকীয়া নাৰদ ঋষিক যেনেকৈ সকলোৱে বিয়া-বাৰুত ভয় কৰে তেনেকৈ গ্ৰীকসকলেও কোঢ়ালৰ দেৱতা এৰীচ দেৱীক ভয় কৰি বিয়ালৈ মতা নাছিল। লাজ-অপমানত এৰীচ জিঘাংসু হৈ উঠিল। বিয়াৰ মণ্ডপ যেতিয়া ৰং-ৰহইচ, আনন্দ-স্ফুৰ্তিৰে মুখৰিত তেতিয়া এৰীচে এটা সোণালী আপেল দলিয়াই দিলে; তাৰ বাকলিত লিখা আছিল—“আটাইতকৈ শুৱনি তিৰোতালৈ।” তিৰোতাসকলৰ ভিতৰত উখল-মাখল লাগিল।প্ৰত্যেকেই নিজক বঁটাৰ উপযুক্ত বুলি ভাবি ল’লে।[ ১৮ ] শেষলৈ নিকপকপীয়াভাৱে দাবি জনোৱাৰ ভিতৰত থাকিল তিনি গৰাকী দেৱীমূৰ্তি—জুনো (স্বৰগৰ ৰাণী), মিনাৰ্ভা (জ্ঞান-প্ৰজ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী—সৰস্বতী) আৰু ভেনাচ (প্ৰেম আৰু সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱী অৰ্থাৎ ৰতিদেৱী )। এওঁলোকৰ প্ৰত্যেকেই নিজক অৰূপ ধুনীয়া বুলি নিজৰ বিশ্বাসক খামুচি ধৰি থাকিল। নৱ-দেৱতাৰ ভিতৰত কোনেও মধ্যস্থ হ’বলৈ সাহ নকৰিলে। ছাগলীৰখীয়া কোঁৱৰ পেৰিচৰ সুবিচাৰক বুলি খ্যাতি আছিল। সেই কাৰণে তিনিও তেওঁৰ ওচৰ পালেগৈ।
মিনাৰ্ভাই গোচৰ জনালে— “মোক যদি সোণালী আপেলটো দিয়া, মই তোমাক জ্ঞান-বিজ্ঞানৰ পোহৰেৰে জিলিকাই ৰাখিম। তুমি সুখ-শান্তিৰ অধিকাৰী হ’বা।”
জুনোৱে নিবেদন কৰিলে—“ফলটো মোক দিয়া, তোমাক অফুৰন্ত ধন আৰু অসীম ক্ষমতাৰ মালিক কৰিম।”
কিন্তু, প্ৰেম-সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱী ভেনাচে যেতিয়া কৃত্ৰিম সৰলতাৰ মোহিনীৰূপ ধাৰণ কৰি পেৰিচৰ কাণে কাণে ফুচফুচাই ক’লে—“ফলটে৷ মোক দিয়া, মোৰ নিচিনা অপৰূপ সুন্দৰী এজনী তোমাক তিৰোতা স্বৰূপে দিম।” তেতিয়া জ্ঞানৰ গৰিমা আৰু ধন-ক্ষমতাৰ লালসাৰ সপোন পেৰিচৰ মনৰপৰা পাতল ডাৱৰৰ দৰে উৰি গ’ল।
সৌন্দৰ্যৰ মাদকতাত পেৰিচে ভেনাচৰ মেলা-হাতৰ তলুৱাত সোণালী আপেলটো অৰ্পণ কৰিলে। ভেনাচেও নিজৰ প্ৰতিজ্ঞা পূৰণৰ অৰ্থে লাগি বান্ধি উঠিল। তেওঁৰ উদগনি অনুসাৰে পেৰিচে বাপেকৰ ৰাজ্যলৈ গৈ নিজৰ পদ দখল কৰি ল’লে। ভেনাচে প্ৰেৰণা যোগালে, পেৰিচ গ্ৰীচ দেশলৈ ফুৰিবলৈ যাব লাগে। দেৱতাৰ কথা আওহেলা কৰিব নোৱাৰি। নাও-ব’ঠা লৈ পেৰিচ গ্ৰীচ দেশৰ স্পাৰ্টা ৰাজ্যৰ আলহী হ’ল।
স্পাৰ্টাৰ ৰজা মেনিলচৰ ৰাণী পুৰণি কালত অতুলনীয় ৰূপৰ [ ১৯ ] গৰাকী বুলি খ্যাতি আছিল। সেই ঘৰতে পেৰিচ আলহী। ৰজা-ৰাণীয়ে অতি সন্মানেৰে তেওঁৰ আল ধৰিলে। ইতিমধ্যে কেইদিনমানৰ বাবে মেনিলচে ঘৰ এৰিবলগীয়া হ’ল। ৰাণী হেলেনৰ ওপৰত আলহী সোধাৰ ভাৰ দি ৰজা স্থানান্তৰলৈ গ’ল।
এই শূন্য ক্ষণতে দেৱী ভেনাচে আলহী কোঁৱৰ আৰু গিৰিহঁতনী ৰাণীৰ অম্ভৰত প্ৰেমৰ ঢলপানীৰ জোৱাৰ তোলালে। দুয়োৰে আকৰ্ষণ অনিৰ্বাৰ হৈ উঠিল। ৰজাৰ অনুপস্থিতিত পেৰিচ আৰু হেলেন অবৈধ প্ৰীতিৰ ডোলত মেৰ খাই পলাল—নাও-ব’ঠাৰে ট্ৰয় ৰাজ্যৰ কাৰেঙত উপস্থিত হ’ল।
এই ঘটনাটো হ’ল সংস্কৃত মহাকাব্য ৰামায়ণৰ দৰে প্ৰসিদ্ধ গ্ৰীক মহাকাব্য ইলিয়াদৰ পট-ভূমিকা। সীতাৰ উদ্ধাৰ আৰু হেলেন উদ্ধাৰ সমান্তৰাল ঘটনা। সীতাক উদ্ধাৰ কৰোতে লঙ্কা ধ্বংস হ’ল, আৰু হেলেনক উদ্ধাৰ কৰোতে ট্ৰয় নগৰ ধূলিত পৰিণত হ’ল। গ্ৰীচৰ ৰজাসকলে হেলেনৰ হৰণক সমগ্ৰ গ্ৰীচ জাতিৰ প্ৰতি অপমান বুলি মানি ল’লে। ট্ৰয় ৰাজ্যৰ বিৰুদ্ধে অভিযান হ’ল। দহ বছৰৰ মূৰত ছলে-ছন্দে ট্ৰয় ৰাজ্য সমূলঞ্চে ধ্বংস কৰি হেলেনক উদ্ধাৰ কৰা হ’ল। যুদ্ধত পেৰিচৰো নিপাত হ’ল।
এয়ে দেৱতাৰ বৰ! বৰ আখৰে আখৰে ফলিয়ায়; কিন্তু ফলাফল ভোগ কৰিব লাগে মাগোঁতাজনে। তাৰ বাবে বৰ দিয়া দেৱতা জগৰীয়া নহয়। অৰোৰাই কামনা অনুসাৰে অমৰ প্ৰেমিক পাইছিল, কিন্তু প্ৰেমিকৰ স্থবিৰত্বৰ বাবে দেৱতা দায়ী নহয়। মাইদাচে কামনা অনুসাৰে পৰশ পাইছিল, কিন্তু মুখত সোণৰ গুলি লৈ ভোকত মৰা অৱস্থাৰ বাবে তেওঁ নিজে দায়ী। পেৰিচেও অৰূপ শুৱনি তিৰোতা পালে—এই পৰ্যন্তই দেৱতাৰ দায়িত্ব। সেই কাৰণে দেৱতাৰ ওচৰত বৰ মাগোঁতে অতি সাৱধান হ’ব লাগে।
পণ্ডিতসকলে মানুহৰ বাসনাক দুই ভাগত ভগাইছে। প্ৰেয় আৰু শ্ৰেয়। এবিধ বাসনাই প্ৰীতি দিয়ে, আন বিধে মঙ্গল দিয়ে। বহুত [ ২০ ] সময়ত কোনটো প্ৰীতিদায়ক, কোনটো মঙ্গলদায়ক থিৰ কৰা বৰ টান। সেই কাৰণে জ্ঞানীসকলে নিৰ্দিষ্ট বস্তুৰ প্ৰতি কামনা নজনাই, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে।
“যচ্ছ্ৰেয়ঃ স্যান্নিশ্চিতং ব্ৰূহি তমে।”