পখিলা/নাৰায়ণৰূপী জোঁৱাই
[ ২১ ]
নাৰায়ণৰূপী জোঁৱাই
এজন তাঁতী অৰুি এজন ৰথকাৰ (গাৰী তৈয়াৰ কৰ৷ কাঠমিস্ত্ৰি) দুয়ো সখি। এক গাঁৱতে ঘৰ আৰু সৰুৰেপৰা হয়ো একেলগে ডাঙৰ- দীঘল হৈছে। এদিন দেৱালয়ত যাত্ৰা মহোৎসৱ; লোকে লোকাৰণ্য। সেই দেশৰ ৰাজকুঁৱৰীও মাইকী-হাতীত উঠি যাত্ৰা ভাৱনা চাবলৈ গৈছে। ৰাজকুঁৱৰীৰ ৰূপ-লাৱণ্যৰ ৰাগী এছাটি আহি তাঁতীৰ গাত লাগিল। তাঁতী মূৰ্ছা গৈ বাগৰি পৰিল, সখি ৰথকাৰে মানুহৰ সহায়েৰে তাঁতীক ঘৰলৈ নিয়াই মূৰত চেঁচা পানী দি চেতনা দিয়ালে। ৰথকাৰে হাত-মূৰ মোহাৰি দি সখিৰনো হঠাৎ কিয় বিচেতনা আহিল সুধিলে। তাঁতীয়ে আমন-জিমনকৈ ক’লে—“সখি, মোৰ ৰোগৰ কাৰণ নোসোধাই ভাল। তাৰ দৰব দেৱতাৰো অসাধ্য। এতেকে মোৰ বাবে চিতা ৰচনা কৰা। মোক জীয়াই পোৰাহে ভাল।” ৰথকাৰে উত্তৰ দিলে—“সখি, এবাৰ মোৰ মুখলৈ চাই ভাঙি-পিতি কোৱাচোন। যদি দৰব-জাতিয়ে লগ নোপোৱা বেমাৰহে হৈছে, ময়ো একে চিতাতে তোমাৰ লগত পুৰি মৰিম।”
সখিয়েকৰ আশ্বাস পাই তাঁতীয়ে ৰোগ নিদান বৰ্ণনা কৰিলে। ৰথকাৰে ধেমেলীয়া হাঁহিৰে ক’লে—“অ, সেইফেৰাহে ৰোগ, তাৰ দৰব মোৰ আঙুলিৰ পাকতেই আছে। আজি ৰাতিয়েই তোমাৰ আৰু কুঁৱৰীৰ মিলন ঘটাম। যদিও ৰাজ-অন্তেষপুৰত বতাহৰ বাহিৰে আনৰ প্ৰবেশ নিষিদ্ধ, মোৰ বুদ্ধিৰ কৌশলেৰে সি তোমালৈ মুকলি থাকিব!” এইবুলি কৈ ৰথকাৰে তৎক্ষণাৎ কুঁহিলা কাঠেৰে গৰুড়ৰ মূৰ্তি এটা সাজিলে আৰু লগতে শঙ্খ, চক্ৰ, গদা, পদ্ম কিৰীটিও তৈয়াৰ কৰিলে। তাঁতীৰ গাতো বিষ্ণু মূৰ্তিৰ চিন ৰঙেৰে আঁকি দিলে। কাঠৰ গৰুড় মূৰ্তিটো খিলা গজালেৰে কেনেকৈ উৰুৱাই নিব লাগে [ ২২ ] তাৰো কৌশল তাঁতীক শিকালে। তাঁতীক গড়ৰ ৰথত তুলি দি ৰথকাৰে বুজনি দিলে—“এই আকাশী-ৰথত উঠি কুঁৱৰীৰ অন্তেষপুৰ পোৱাগৈ। নিজক নাৰায়ণৰূপী দেৱতা বুলি পৰিচয় দি ৰাজকুঁৱৰীক বিয়া কৰাবা।”
তাঁতীয়ে গৰুড়-ৰথত খিলা-জৰি সঞ্চালন কৰিলে। ৰথ গৈ কুঁৱৰীৰ দুৱাৰ-ডলিত উপস্থিত হ’ল। কুঁৱৰীক টোপনিৰপৰা তোলাই তাঁতীয়ে সম্বোধন কৰিলে—“মই নাৰায়ণৰূপী বিষ্ণু, আৰু তুমি মানৱী ৰূপিনী ৰাধা। তোমাক বিচাৰি মই বৈকুণ্ঠত লক্ষ্মীক এৰি থৈ পৃথিৱীলৈ আহিছো। গন্ধৰ্বৰ ৰীতিৰে মালা এধাৰি দি মোলৈ বিয়া সোমোৱা। নহ'লে শাও দি সবংশে তোমাৰ পিতৃকুল নাশ কৰিম! কিন্তু সাৱধান, কোনো মানুহক নেমাতিবা, মই কাৰো লগত মৌখিক কথা নাপাতো।”
শঙ্খ, চক্ৰ আদি চিনেৰে সজ্জিত নাৰায়ণ ৰূপ দেখি কুঁৱৰীৰ ভয় উপজিল। কিন্তু, বিয়াৰ প্ৰস্তাৱত ভয়ৰ লগত লাজো আহি পৰিল। গন্ধৰ্বৰ বিধিৰে গোপন বিয়া হৈ গ’ল। দোকমোকালিতে তাঁতীয়ে কাঠৰ গৰুড় ৰথ বাই ওলাই গ’ল। এইদৰে দিনৰ পিছত দিন উকলিব ধৰিলে। ৰাধা-মাধৱৰ বিচ্ছেদ নাই। পৰীয়াসকলে কুঁৱৰীৰ আও-ভাওৰপৰা গম পালে কথা বিষম। ৰজাত গৈ সিহঁতৰ সংশয় নিবেদন কৰিলে। ৰজাই গৈ ৰাণীৰ ওচৰত পৰীয়াহঁতৰ সংশয়ৰ বাতৰি ভাঙিলে। ৰাণীয়েও গৈ জীয়েকক গালি-শপনি পাৰি আচল কথাটো বিবৰি ক’বলৈ হেঁচা দিলে। কুঁৱৰীয়ে লাজত তলমূৰকৈ কেনেকৈ নাৰায়ণৰূপী স্বামী লাভ কৰিলে তাৰ বিৱৰণ দিলে। ৰাণীয়ে গোসাঁই ঈশ্বৰক জোঁৱাই ৰূপে পোৱা বাতৰিত আপোন-পাহৰা হ’ল। উলাহতে ৰজাত গৈ নিবেদন কৰিলে। ৰজা-ৰাণী দুয়ো খিৰিকিৰ বিন্ধাৰে জোঁৱায়েকৰ স্বৰ্গাৰোহণ জুমি চাই থাকিল।
আকাশৰপৰা হৰ্ হৰ্ শবদেৰে গৰুড় ৰথ নামি আহি কন্যাৰ দুৱাৰ-ডলিত ৰ’ল। ৰজাৰ বাহু দুখনি নাচি উঠিল। স্বয়ং স্বৰ্গৰ নাৰায়ণ ঘৰ-জোঁৱাই। তেওঁ আৰু ক্ষুদ্ৰ ৰজা হৈ থাকিব কিয়?[ ২৩ ] সীমান্ত ৰজাসকলৰ ৰাজ্য দখল কৰি সমস্ত পৃথিৱী বশ কৰি একচ্ছত্ৰী সম্ৰাট হোৱাতহে তেওঁৰ গোঁসাই ঈশ্বৰৰ শহুৰেকৰ যোগ্যতা প্ৰকাশ পাব।
কামনা অনুযায়ী কাম। পিছদিনা পুৱাৰপৰা সীমান্ত ৰজাসকলৰ ৰাজ্যত আক্ৰমণ আৰম্ভ হ’ল। ৰজাসকলে এই আকস্মিক দুৰ্ঘটনাৰ কাৰণ নুবুজি একগোট খাই ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে।
যুঁজৰ পিছত যুঁজ। ৰজা হাৰিবলৈ ধৰিলে। উপায়ান্তৰ নেদেখি ৰাণীত খাটনি ধৰিলে, ছোৱালীত গৈ ক’ব লাগে; নাৰায়ণ জোঁৱায়েকে যেন শত্ৰু সংহাৰ কৰে। ছোৱালীয়ে নাৰায়ণৰূপী স্বামীত সকলো কামনা নিবেদন জনালে। চক্ৰধাৰী তাঁতীয়ে কপট তাচ্ছিল্যৰ হাঁহি এটি মাৰি ডাঙ্কোপ মাৰি ক’লে—“মোৰ আগত আকৌ এই কীট-পতঙ্গবোৰ ৰজা। চাই থাকিবা, চক্ৰেৰে ইহঁতক তিলতিলকৈ কাটি নাইকিয়া কৰিম।” কিন্তু, দিনৰ পিছত দিন যাবলৈ ধৰিলে, নাৰায়ণৰূপী জোঁৱাইৰ শত্ৰুৰ প্ৰতি কোনো কাণসাৰ নাই। শহুৰেকৰ ৰাজ্য গ’ল, বাকী আছে মাথোন কাৰেং ঘৰটো। ৰাতি পুৱালে তাকো এৰিব লাগিব। ছোৱালীৰ হতুৱাই ৰাজ্যৰ শেহ বাতৰি জোঁৱায়েকত নিবেদন কৰিলে। বিষ্ণুৰূপী স্বামীক জনালে—“আজিয়েই আমাৰ শেহ মিলন, কালি পুৱা সপৰিয়ালে ৰাজ্য এৰিব।” তাঁতীক মহা দুশ্চিন্তাই আৱৰি ধৰিলে। এফালে দুৰন্ত বিচ্ছেদ, আনফালে নিজৰ মৰণ।
তাঁতীয়ে মৰণতে শৰণ ল’লে। কিন্তু, মনত এটি বুদ্ধি সাজিলে। মিছা হ’লেও ৰাতিপুৱা সি মাহাত্ম্যৰ আটোপ এপালি দেখুৱাব। গৰুড়ত উঠি শঙ্খ, চক্ৰ আদিৰে বিভূষিত হৈ সি আকাশত বগাই ফুৰিব, কিজানি শত্ৰু ৰজাবোৰে ৰথৰ ঘৰঘৰণি শব্দত উধাতু খাই পলায়েই। কুঁৱৰীক উদ্দেশ্য কৰি ক’লে—“তোমাৰ পিতৃদেৱতাক গৈ কোৱা, মই শত্ৰু সংহৰণ কৰিম। সিহঁতে উধাতু খাই কাঠৰ পুতলাৰ দৰে বীৰ্যহীন হ’ব। ৰজাৰ সৈন্যই গৈ সিহঁতক কাটিব। মই কিন্তু নিজে [ ২৪ ] অস্ত্ৰ নধৰো। মই মাৰিলে সিহঁতৰ বৈকুণ্ঠত বাস হ’ব। শত্ৰুৰ স্বৰ্গপ্ৰাপ্তি নঘটে, তালৈ ৰজাই অহোপুৰুষাৰ্থ কৰে যেন।” কুঁৱৰীয়ে জোঁৱায়েকৰ সঙ্কল্প ৰজাত নিবেদন কৰিলে। শেহ বাৰলৈ সাজু হৈ ৰজাই যুঁজলৈ ওলাল।
ইফালে বৈকুণ্ঠত লক্ষ্মীপতি আচল নাৰায়ণ মহা বিমোৰত পৰিল। গৰুড়ক সুঁৱৰিলে। গৰুড় উপস্থিত হ’লহি। নাৰায়ণে ক’লে—“গৰুড়, তাঁতীৰ কাৰচাজি তুমি লক্ষ্য কৰিব পোৱা। মোৰ ৰূপ লৈ তোমাৰ প্ৰতিমাত উঠি সি মৰিবলৈ ওলাইছে। যুঁজলৈ ওলালেই ক্ষত্ৰিয় সৈনাই তাক কাঁড়েৰে বিন্ধি মাৰিব। তেতিয়া লোকসমাজত দুৰ্নাম প্ৰচাৰ হ’ব ক্ষত্ৰিয়ৰ হাতত বাসুদেৱ আৰু গৰুড়ৰ পতন হোৱা বুলি। আগলৈ তোমাক আৰু মোক কোনেও পূজা-পাতল নিদিয়া হ’ব। সেই কাৰণে তুমি কাঠৰ গৰুড়ত ভৰ খাই নিজৰ শক্তি সঞ্চাৰ কৰা আৰু ময়ো তাঁতীৰ গাত লম্ভোগৈ। শত্ৰু বধ হ’লে আমাৰ দুয়োৰে মাহাত্ম্যহে বাঢ়িব।”
সঙ্কল্প অনুসাৰে কাম। গৰুড়ে কাঠৰ গৰুড়ত ভৰ ল’লে আৰু নাৰায়ণে তাঁতীৰ গাত শক্তি সঞ্চালন কৰিলে। শত্ৰুসৈন্য নিস্তেজ হ’ল। অনায়াসে শহুৰেক ৰজাৰ বিজয় মিলিল। লোকসমাজত আৰাও হ’ল নাৰায়ণৰূপী জোঁৱায়েকৰ যহত ৰজাৰ শত্ৰুৰ নিপাত ঘটিল।
আকস্মিক ঘটনাত তাঁতীৰ মনত উলাহ। গৰুড় ৰথেৰে আকাশৰপৰা নামি আহিল। ৰজা-মন্ত্ৰী সকলোৱে সম্বৰ্দ্ধনা কৰিবলৈ গৈ দেখে যে তেওঁলোকৰে পৰিচিত সেই নগৰৰ তাঁতীৰ পোৱালি। সকলো নিমাত। ইটোৱে সিটোৰ মুখলৈ চায়। নিস্তব্ধতা ভঙ্গ কৰি তাঁতীয়ে গুৰিৰপৰা সকলো বৃত্তান্ত ভাঙি ক’লে। তাঁতীৰ মৰসাহত মুগ্ধ হৈ আৰু বিশেষকৈ শত্ৰুৰ হাতৰপৰা ৰাজ্য ৰক্ষা পৰিলত আনন্দিত হৈ সকলো প্ৰজাৰ সম্মুখতে তাঁতীলৈ কুঁৱৰীক বিয়া দিলে আৰু ৰাজ্যৰো এডোখৰ যৌতুকলৈ বুলি দান কৰিলে।
কালৰ পৰিৱৰ্তন ঘটিছে। গৰুড়ধ্বজৰ লগত সময়ে সময়ে ত্ৰিবৰ্ণ [ ২৫ ] পতাকাৰে সাধনাক্ষেত্ৰত সংযোগ ঘটিছে। ত্ৰিবৰ্ণ পতাকাত চৰকাৰ ছাব মাৰি দুই-এজনে লক্ষ্মীদেৱীৰ অনুগ্ৰহ লাভ কৰিব পাৰিছে। বৰ্তমান যুগত তাঁতীৰ সমান ধৰ্মী পুৰুষ বহুত, কেৱল কৰ্মক্ষেত্ৰহে বেলেগ।
ঐশ্বৰিক মাহাত্ম্যৰো লোপ ঘটা নাই। কিছুদিন আগত আঁৰ বজাৰৰ প্ৰকাশ্য প্ৰকোপৰ সময়ত উজনি আৰু নামনি অসমত দুজন অৱতাৰী পুৰুষে মাহাত্ম্য প্ৰচাৰ কৰিছিল। দুয়ো দুৰাৰোগ্য ৰোগৰ দৰব বুলি খালৰ পানী বটলত ভৰাই মন্ত্ৰপুত কৰি বেচিছিল। সম্প্ৰতি মাহাত্ম্য সম্বৰণ কৰিছে বুলি শুনা গৈছে। কিন্তু, আধুনিক কালৰ ডাঙৰ অৱতাৰ এটিৰ আবিৰ্ভাৱ হৈছিল চল্লিশ বছৰমান আগত কামৰূপৰ এখনি গাঁৱত।
অৱতাৰীজন গাঁৱলীয়া খেতিয়ক। ভাং খোৱাত অতিপাত অনুৰক্ত বুলি তেওঁক সিন্ধু ভাঙুৰী বোলা হৈছিল। অসমীয়া পদপুথি পঢ়িব পাৰিছিল। গীতাৰ ৺গোৱিন্দ মিশ্ৰৰ ভাঙনি তেওঁৰ কণ্ঠাগত। গীতাকেই আলম কৰি সমাজৰ খলা-বমা সমান কৰিবৰ উদ্দেশ্যে নতুন ধৰ্ম প্ৰচাৰ কৰিলে। ভাঙৰ খোলাত নিতৌ নতুন নতুন শিষ্য আহি যোগ দিলেহি। সিন্ধু ভাঙুৰীয়ে দিগবিজয়লৈ বুলি বাহিৰ হৈ বৰপেটা ধামো মাৰিলে। গীতাৰ পদৰ আগত পণ্ডিতসকল নিৰুত্তৰ। ভাঙুৰীৰ শিষ্যৰ সংখ্যা বাঢ়িল। আশ্ৰম স্থাপিত হ’ল। কমিউনিষ্ট পদ্ধতিৰে ঘৰ-মাটি বেচি শিষ্যসকল আহি সপৰিয়ালে আশ্ৰমত বাহ ল’লে : টকা-শিকা উমৈহতীয়া ভঁৰালত জমা হ’ল। সিন্ধু ভাঙুৰীৰ আখ্যা হ’ল প্ৰভু, ঘৈণীয়েক হ’ল আই গোসাঁনী। ভাঙুৰীৰ মাহাত্ম্য চাৰিওফালে বিয়পি পৰিল।
এদিন আশ্ৰমত থকা শিষ্য এজনৰ সন্তান এটি মৰিল। শোকত অধীৰ শিষ্যই প্ৰভুত নিবেদন জনালে। প্ৰভুৱে কীৰ্তন পুথিৰ “বিপ্ৰপুত্ৰ আনয়ন” পৰ্ব স্মৰণ কৰি ইন্দ্ৰৰ লগত যুঁজ কৰি শিষ্য-পুত্ৰ আনিবলৈ কাচি পাৰি ওলাল।
চ’তমহীয়া খৰাং, তাৰ ওপৰত ভাঙৰ ৰাগী! প্ৰভুৱে গৈ সৰিয়হৰ মৰণা মৰা চাকলিত সৰিয়হৰ খেৰৰ পুঁজিৰ আঁৰত শুই আছে।[ ২৬ ] বতাহৰ ছেগ চাই গিৰিহঁতে খেৰ-পুঁজিত জুই লগাই দিলে। প্ৰভুৰ কাপোৰত জুই লাগিল। সাৰ পাই পোৰণিত তৎ নেপাই ওচৰৰ পাগলাদিয়া নদীত জাঁপ দি পৰিল। পোৰা ঘাত চেঁচা পানী লাগি বখলা-বখলি ছাল উঠি গ’ল।
কেঁকাই গেঁথাই প্ৰভু আহি আশ্ৰমত উপস্থিত হ’ল। ইন্দ্ৰদেৱতা হাৰিছিলেই; শেষত উপায়ান্তৰ নেদেখি ধৰ্ম যুদ্ধৰ পথ এৰি বজ্ৰ মাৰি তেওঁৰ গাটো পুৰি পেলালে। ভক্তসকলে হয়ভৰ দিলে। কিন্তু, কিছুদিনৰ মূৰত প্ৰভুৰ পোৰা ঘাত পোকে দেখা দিলে। প্ৰভুই ঐহিক লীলা সম্বৰণ কৰিলে।