পখিলা/এমুঠি সৰিয়হৰ গুটি

[ ১১ ]

এমুঠি সৰিয়হৰ গুটি

 এসময়ত এজন ধনকুবেৰ আছিল। তেওঁ নিতৌ ভঁৰালত সাঁচি থোৱা সোণ ৰূপবোৰ চাই দিনটোলৈ সন্তোষ লভিছিল। এদিনাখন ভঁৰালৰ দুৱাৰ মেলি দেখিলে সোণ ৰূপৰ ঠাইত এপাচিমান ছাই আছে। ধনকুবেৰ শোকত মাটিত বাগৰি পৰিল।

 এজন বন্ধুৱে বেমাৰৰ বাতৰি পাই সান্ত্বনা দিবলৈ আহি ক’লে, “তুমি ধনৰ সজ ব্যৱহাৰ কৰা নাই। সাঁচি থোৱা ধন ছাইৰ নিচিনা, সেই কাৰণে সেইবোৰে স্বৰূপ ধাৰণ কৰি, তোমাক নিজৰ মোল দেখুৱাইছে। তুমি মোৰ উপদেশ লোৱা। ছাইবোৰ বজাৰলৈ লৈ যোৱা। সেইবোৰক কাপোৰ এখনত মেলি লৈ বিকিবলৈ আগবঢ়োৱা।”

 ধনকুবেৰে তাকেই কৰিলে। মানুহে সোধে, “তুমি ছাই বেচা কিয়?” কুবেৰে উত্তৰ দিয়ে, “মোৰ সম্পত্তি মই বিকিব খুজিছো।”

 এদিনাখন কৃশা গৌতমী নামেৰে এজনী মাউৰা ছোৱালী কুবেৰৰ ওচৰত থিয় হৈ সুধিলে, “দেউতা, আপুনি সোণ-ৰূপবোৰ কিয় বেচিবলৈ মেলি থৈছে?” কুবেৰৰ মূৰ আচন্দ্ৰাই কৰিলে। সোণ-ৰূপ ক’তা? মনৰ আউল-জাউল থমাই ছোৱালীজনীক ক’লে, “মোক এমুঠি সোণ-ৰূপ আগবঢ়াই দিয়াচোন।” কৃশা গৌতমীয়ে ছাই এমুঠি হাতত ল’লে। কুবেৰে চাই দেখে সেইবোৰ ছাই নহয়, সোণ ৰূপহে!

 ধনকুবেৰে বুজিলে কৃশা গৌতমী এজনী আত্মিক-দৃষ্টি থকা দৈৱশক্তিসম্পন্না ছোৱালী। ধনকুবেৰে নিজৰ ল’ৰালৈ বিয়া কৰাই ছোৱালীজনীক ঘৰতেই ৰাখিলে।

 কালক্ৰমে কৃশা গৌতমীৰ একেটি মাত্ৰ সন্তান হ’ল। সিয়ো এদিনাখন মৰি থাকিল। শোকত উদ্বাউল হৈ কৃশা গৌতমীয়ে মৰা ল’ৰাটো কোলাত লৈ ওচৰ-চুবুৰীয়াহঁতৰ দুৱাৰমুখলৈ গৈ দৰব খুজিলে। [ ১২ ] সিহঁতে হুমুনিয়াহ একোটি কাঢ়ি ক’লে, “এইজনী বলিয়া হ’ল। ল’ৰাটো মৰিছে।”

 শেহত এজন বাটৰুৱাই ক’লে, “মই নিজে ঔষধ দিব নোৱাৰো, কিন্তু জনা বেজৰ সন্ধান দিব পাৰো। কুশাই উৎকণ্ঠাৰে সুধিলে, “সেইজন কোন?” বাটৰুৱাই ক’লে, “বুদ্ধ শাক্যমুনি।”

 কৃশাই বুদ্ধ শাক্যমুনিৰ ওচৰ পাই কাতৰস্বৰে ক’লে, “প্ৰভু, ভগৱান, মোৰ ল’ৰাটো বচোৱা – ঔষধ দিয়া!”

 বুদ্ধ শাক্যমুনিয়ে উত্তৰ দিলে, “মোক এমুঠি সৰিয়হৰ গুটি আনি দিয়া। এনে এঘৰৰপৰা সৰিয়হ আনিবা যাৰ ঘৰত কোনো আত্মীয়- স্বজনৰ বিয়োগ ঘটা নাই।”

 কৃশাই ঘৰে ঘৰে সৰিয়হ খুজি ফুৰিব ধৰিলে। তাইৰ প্ৰতি সকলোৰে কৰুণাপূৰ্ণ দৃষ্টি। সকলোৱে কয়, “নিয়া কিমান লাগে সৰিয়হৰ গুটি!” কিন্তু কুশাই, যেতিয়া সোধে, তেওঁলোকৰ পৰিয়ালত কোনো স্বজনৰ মৃত্যু ঘটিছে নে নাই, তেতিয়া সকলোৱে উত্তৰ দিয়ে, “মৰাৰ সংখ্যা জীয়াতকৈ বেছি। শোকৰ বুৰঞ্জীৰ আৰু পাত নেমেলাবা।” যি ঘৰত কোনো মানুহ মৰা নাই তেনে ঘৰ কুশাই বিচাৰি নেপালে।

 শোক আৰু নৈৰাশ্যত কাতৰ হৈ কুশাই ৰাজবাটৰ দাঁতিত বহি নগৰৰ ফালে চাই আছে। ঘৰে ঘৰে চাকি-বন্তি জ্বলি উঠিল, মাজনিশা আকৌ চাকি-বন্তি নুমাল। পৃথিৱী তমসাচ্ছন্ন। সেই এন্ধাৰৰ মাজত কুশাই পোহৰ দেখিলে।

 কৃশাৰ মনত পোহৰৰ ৰেখা পৰিল – “এই যে চাকি-বন্তিবোৰ জ্বলি উঠি আকৌ নুমাল, মানুহৰ জীৱনো তেনে নহয়নে? মানুহৰ জীৱন-শলিতা জ্বলি উঠে, আকৌ নুমায়। জীৱন-মৰণেই মানুহৰ ভাগ্যৰ দুপিঠি। মই তেনেহ’লে সন্তান-শোকত ইমান বিহ্বল কিয়? এইটো মোৰ স্বাৰ্থপৰতা।”

 তেতিয়া কুশাই মৰা ল’ৰাটো পুতি থৈ, শাক্যমুনি বুদ্ধৰ ওচৰলৈ আহি তেওঁত শৰণ ল’লে।

[ ১৩ ]

 পৃথিৱীত বতাহ, বৰষুণ, ধুমুহা আদি প্ৰাকৃতিক দুৰ্যোগ আছে। সেইবোৰ নাইকিয়া কৰিবৰ কাৰো শক্তি নাই, সেইবোৰৰপৰা ৰক্ষা পৰিবলৈ আশ্ৰয়ৰ থল মানুহে কৰিব পাৰে। জন্ম-মৃত্যু, শোক-তাপ সংসাৰত কোনেও ৰোধ কৰিব নোৱাৰে, কিন্তু সেইবোৰৰ দৌৰাত্ম্যৰ পৰা সাৰিবৰ একমাত্ৰ উপায় – অবিচলিত চিত্তেৰে সত্যৰ ধ্যান।