দন্দুৱা দ্ৰোহ/চতুৰ্দশ অধ্যায়

[ ৬৬ ]

চতুৰ্দশ অধ্যায়
জিকেৰিত।

 নিজ ঘৰ পাই হৰদত্ত চৌধাৰীয়ে পাঁচ ছয় দিনমান জিৰণি ললে। তাৰ পিছত ভায়েক বীৰদত্তে সৈতে সহযুক্তি কৰি স্থিৰ কৰিলে যে এইবাৰ তেওঁবিলাকে দুৰ্গোৎসব বৰ ডাঙ্গৰকৈ পাতিব আৰু তালৈকে ইফালে বক্তমল বুজৰবৰুৱা, আৰু সিফালে বৰনগৰীয়া বুজৰবৰুৱাকে প্ৰমুখ্য কৰি কামৰূপৰ ডাঙ্গৰ ডাঙ্গৰ বিষয়া সকলোকে নিমন্ত্ৰণ কৰি আনিব - উদ্দেশ্য সকলোকে গোটাই পিটাই যাতে আহোমৰ হাতৰ পৰা কামৰূপ উদ্ধাৰ হয় তাৰ চেষ্টা কৰিব।

[ ৬৭ ]

       পৰামৰ্শ অনুসৰি কাম আৰম্ভ হল। হৰদত্তই চাৰিউফালৰ পৰা খোৱা বয়বস্তু গোটোব ধৰিলে। পুব-বাস্কা, উত্তৰবাস্কা, পাণ্ডুৰি বৰিগোগ ইত্যাদি পৰগণাৰ চৌধাৰীসকলৰ ঘৰে ঘৰে নিজে গই ভাৰসা জনালে। সকলোৰে পৰা ধান, চাউল, মাহ, মুগ, তেল, ঘিউ, গুৰ গোটালে। উত্তৰ পাৰৰ সমস্ত ব্ৰাহ্মণ পণ্ডিতসকলক নিমন্ত্ৰণ কৰিলে। নিমন্ত্ৰিত সকলৰ থকা মেলাৰ অৰ্থে প্ৰায় আধা মাইল যুৰি অলেখ বাহৰ সজালে। বয়-বস্তু জমা ৰাখিবৰৰ নিমিত্তে নতুনকৈ কেইটামান ভড়াঁল সজালে। বাবে বাবে মানুহ নিযুক্ত কৰিলে। পূবপাৰ, হাজো, মদাৰতলা, বাইহাটা, দক্ষিণ বৰক্ষেত্ৰি, নলবাৰি ইত্যাদি সকলো ঠাইৰে নিজৰ কলিতা জাতিবৰ্গক নিমন্ত্ৰণ কৰি নি কাৰবাৰি পাতিলে। সমস্ত আয়োজন অতি সুন্দৰকৈ কৰিলে।
       হৰদত্তৰ এই উদ্যোগৰ বিষয়ে গুৱাহাটীৰ বৰফুকনে তলে তলে চোৰাংচোৱাৰ মুখে সকলো বাতৰি পাই আছিল। কিন্তু হৰদত্তে কি উদ্দেশ্যে নো এইবাৰ দুৰ্গোৎসবটো ইমান ডাঙ্গৰকৈ পাতিছিল, তাৰ সঠিক নাজানিলেও বৰফুকনে নিজৰ মনৰ গোন্ধেৰেই বুজিছিল যে, এই আড়ম্বৰৰ ভিতৰত নিশ্চয় কিবা এটা বেয়া উদ্দেশ্য আছিল। সেই দেখি তেওঁ নলবাৰিৰ বুজৰবৰুৱাক দুৰ্গোৎসবলৈ পোন্ধৰ দিনমান থকাৰ আয়েয়ে মাতি আনি এহাতে প্ৰলোভন আৰু আন হাতে ভয় দেখুৱাই আদেশ কৰিছিল তেওঁ যেন ৰজাৰ ফলীয়া

[ ৬৮ ]

অৰ্থাৎ তেওঁৰে ফলীয়া থাকে। আৰু যদি হৰদত্ত কিবা বেয়া মতলব খেলে তেন্তে সেই কথা যেন তেওঁক দাড়ক দাড়ে জনায় আৰু লাগিলে সময় পৰত যেন সহায়ো কৰে। বুজৰবৰুৱাই বৰফুকনৰ এই ভিতৰ টিপনিও এৰাব নোৱাৰিলে, অথচ ইফালে হৰদত্তৰ নিমন্ত্ৰণো ৰক্ষা নকৰি নোৱাৰি মহা সঙ্কটত পৰিল। তেওঁ শেহত ভাবি-চিন্তি চাই নিজে হৰদত্তৰ দুৰ্গোৎসবলৈ নগৈ ভায়েকক অলপ বয়েবস্তুৰে সৈতে পঠালে। ভায়েক কি দৰে চলিব তাৰো এফেৰা টিপনি দিলে।
       নিমন্ত্ৰণ অনুসৰি বুজৰবৰুৱা দুজনত বাজে কামৰূপৰ আন সকলোবিলাক বিষয়াৰে হৰদত্তৰ ঘৰত পঞ্চমীৰ দিনৰে পৰা গোট খাব ধৰিলে। চণ্ডী বুজৰবৰুৱাৰো নহাৰ কাৰণৰ মূলত বৰফুকনৰ টিপনি আৰু ধমক। তেৱোঁ সেইদৰে নিজে নাহি বয়ে-বস্তুৱে সম্পৰ্কীয় কায়স্থ এজনক পঠাইছিল।
       চাওঁতে চাওঁতে হৰদত্তৰ হাউলিত আন কি গোটেইখান জিকেৰি গাৱঁতে লোকে লোকাৰণ্য হৈ পৰিল। হৰদত্ত চৌধাৰীৰ ঘৰত ৰাজসুয় যজ্ঞ হোৱা দি হল। বয়-বস্তুৰ সীমা সংখ্যা নাই। কৰোঁতাই কৰিছে, দিওঁতাই দিছে, লওঁতাই লইছে, খাওঁতাই খাইছে। উৎসৱৰ নিমিত্তে কামৰূপৰ প্ৰসিদ্ধ তিনি যোৰা ঢুলীয়া ( যথা বৰ্নেবাৰীয়া শলগৰীয়া, মাধপুৰীয়া) আনিছে। নটুৱাই সৈতে চাৰি পাঁচ যোৰা গায়ন-বায়ন আনিছে। পুববাস্কা, উত্তৰ-

[ ৬৯ ]

বাস্কা, এইবিলাক ঠাইৰ পৰা মাদোল বজোৱা কছাৰী দলো আনিছে।
       ষষ্ঠীৰ বেল-বোধন গধূলিতে আৰম্ভ হল। প্ৰসিদ্ধ ঢুলীয়া তিনিযোৰে ঢোল বজালে। আঠ দহজন কালীয়াই কালী বজালে, কছাৰী সকলে মাদোল বজালে। ব্ৰাহ্মণ সকলে শঙ্খ ফুকিলে, বৰকাঁহ, শিঙা, ঘণ্টা, দবা, বজালে। তিৰোতাসকলে উৰুলি দিলে। এই গোটাইবিলাকৰ শব্দ মিলি কি যে এটা মহাশব্দ হৈছিল এই বিষয়ে আমাৰ পাঠক-পাঠিকা সকলেই অনুমান কৰক।
       সপ্তমীৰ দিনা পুৱাৰে পৰা দেবীৰ পূজা আৰম্ভ হল। বেলি আঠ নটা মান বজাত আকৌ ঢুলীয়া-খুলীয়া, গায়ন-বায়ন, কালীয়া, মাদল কোবোৱাসকলে আৰতিৰ শঙ্খ, ঘণ্টা, কাঁহ বজোৱাৰ লগে লগে নিজ নিজ বাজনা বিলাক বজালে।
ন দহোটা বজাৰ সময়ত কুৰি পচিশটামান পঠা বলি পৰিল। বৈষ্ণৱ পন্থৰ বৰুৱা-চৌধাৰীসকলে সেই বলি নাচালে। শাক্ত পণ্ঠৰ সকলে মহা উলাহেৰে সেই বলি দৰ্শন কৰিলে। হৰদত্ত চৌধাৰীয়ে গদ্‌গদ্‌ ভাবে মাতৃক সেৱা কৰিলে। বীৰদত্তকে প্ৰমুখ্য কৰি আন আন মুখিয়াল সকলে আলহী সকলৰ সেৱা শুশ্ৰূষাত ৰল। দুপৰীয়া খাই বই উঠি দেবীঘৰৰ প্ৰকাণ্ড ৰভাৰ তলত সকলো বিলাক বৰুৱা-চৌধাৰী বহিলহি। হৰদত্ত বীৰদত্ত উভয়ে প্ৰত্যেকজন আলহীৰ আগত হাতযুৰি অভ্যৰ্থনা জনালে। তাৰ

[ ৭০ ]

পিছত হৰদত্তে কলে “বাপ সকল! আজি এইবেল ওঝাপালীৰ পদকে গোৱাম নে কছাৰীসকলৰ মাদোল নাচকে কৰাম”? সকলোটি বৰুৱা আৰু চৌধাৰীয়ে কলে:– “আজি এইবেলা ওঝা-পালীৰ পদকে গোৱা হওক। ভাটীবেলালৈকে পদ শুনিম; তাৰ পিছত বহালৈ গই অলপ জিৰাই সতাই আহি গধূলিলৈকে মাদোলৰ গীত চাম। নিশা আজি মাধপুৰীয়া ঢুলীয়াৰ ভাও নৃত্য চাম। ”
       এই আদেশ অনুসৰি কাৰ্য্য আৰম্ভ হল। কামৰূপৰ অতি প্ৰসিদ্ধ ওঝা-পালী এযোৰ আহি উপস্থিত হল। ওঝাই কালিকা পুৰাণৰ হৰ-গৌৰীৰ বিবাহ বৰ্ণাই পদ গালে। ওঝাৰ পদৰ লালিত্য, হাতৰ মুদ্ৰা আৰু নৃত্যত মানুহ মোহিত হল। ডাইনা-পালীৰ সেই পদবিলাকৰ এখনকে চাৰিখন কৰি কৰা ব্যাখ্যাই মানুহক হহুঁৱাই পেটৰ নাড়ী ছিগালে। এইদৰে প্ৰায় ওৰে দিনটো ওঝা গোৱা হল। বেলি চাৰিটামান বজাত পদ গোৱা শেষ হলত বৰুৱা-চৌধাৰীসকলে উঠি নিজ নিজ বহালৈ গই হাত মুখ ধুই অলপ জা-জলপান কৰি ভাগৰ জিৰাই আকৌ পাঁচোটামান বজাত ৰভালৈ আহিল। তেতিয়া মাদোল বজোৱা আৰম্ভ হল। প্ৰায় পোন্ধৰটামান মাদোল লৈ তিনিকুৰি কছাৰী মতা মাইকী ৰাইজৰ আগত থিয় হল। পোনেই কছাৰণী সকলে গালে :—

[ ৭১ ]
“জহা জহা জহা ঐ ধান কলুঙ জহা

চৌধাৰীৰ ঘৰতে পূজা পাতিছি
চৌধাৰীৰ ঘৰতে পূজা পাতিছি
আমিও চাওঁগৈ আহা ঐ

আমিও চাওঁগৈ আহা। ”

       গীত গোৱা হলতে গিৰ্‌ গিৰ্‌ কৰে মাদোল বাজি উঠিল। মাদোলৰ চেৱে চেৱে কছাৰী সকলে ঘূৰি ঘূৰি নাচিলে। এইদৰে সামান্য সামান্য ভাবৰ অথচ নিজৰ ঘৰুৱা জীৱন বিলাকৰে প্ৰাকৃতিক আৰ্হিৰ গীত কছাৰী, কছাৰণীসকলে গাই বজাই নাচি আৰতিৰ পৰলৈকে সময় নিয়ালে। গধূলি মহা ধুমধামেৰে আৰতি হল। সেই আৰতি চাই সকলোবিলাক মানুহ ঘৰাঘৰি গল; আৰু খোৱা-লোৱাৰ আয়োজন কৰিলে গৈ।
       নিশা ন-টা মান বজাত বিষয়া সকলে খাইবই উঠি ৰভাত সহিলগৈ। ৰভাঘৰ লোকে লোকাৰণা হল। ঠায়ে নধৰা হল। মাধপুৰীয়া ঢুলীয়া যোৰ আহি উপস্থিত হল। সিহঁৰত দলটোত প্ৰায় চাৰি কুৰি কি এশ মানুহ; ঢোল পঞ্চাছটা; সেই অনুসৰি তাল আৰু নানা সৰঞ্জাম। ন-টামান বজাৰে পৰা ঢুলীয়াহঁতে ঘূৰীয়া-জমা পিন্ধি ঢোল বজাব ধৰিলে। সেই ঢোলৰ শবদ ভালেমান দূৰলৈকে ভেদিলে। ঢোলো একোটা বৰ প্ৰকাণ্ড। ঢোলৰ চেও যে কত ৰকমৰ বজালে তাক বৰ্ণোৱা টান। যেতেকে নিশা

[ ৭২ ] গহীন হল তেতেকে ঢোলৰ চেও আৰু গহীন হল। ঢোলৰ চেৱে চেৱে ঢুলীয়াহঁতে যে কিমান প্ৰকাৰে ঘূৰিলে আৰু নাচিলে তাকো কই এটাব নোৱাৰি। ঢুলীয়াহঁতৰ প্ৰত্যেকটো মানুহেই সুস্থ-বলিষ্ঠ। ঢোল বজোৱা হলত ঢুলীয়া হঁতে প্ৰায় বিলাক ঢোল থলে। কেবল এটা তালীয়াই তাল এযোৰ লই আগাপিছা কৰি দৌড়ি দৌড়ি বজাব ধৰিলে। ঢোলৰ চেও থমা মাত্ৰকে প্ৰায় ত্ৰিছটামান লৰা আৰু ডেকা আহি প্ৰথমেই ৰাইজক সেৱা জনাই পিছত ঢোলৰ চেৱে চেৱে খৰ দিব ধৰিলে। কত প্ৰকাৰ যে খৰ দিলে তাক বৰ্ণাব নোৱাৰি। পোন খঁৰ,ওলটা খঁৰ, আলাগতে দিয়া খঁৰ, তঙাল-মোচৰা খঁৰ, চান্দনি সৰকা খঁৰ ইত্যাদি অলেখ খঁৰ দিলে। তাৰ পিছত মানুহৰ কান্ধত উঠিথিয় হৈ তাৰ পৰা খঁৰ দিব ধৰিলে। শেহত কেইটামান ঢুলীয়াই দুয়ো কাষলতিৰ তলত দুটা ঢোল লই প্ৰথমে এটা থিয়কৈ পতা ঢোলৰ ওপৰত উঠিল। আৰু ইফালে খৰকৈ বজোৱা ঢোলৰ চেৱে চেৱে উলাহ লই সেই ঢোলৰ ওপৰি পৰা আলগা খঁৰ মাৰি দুয়ো কাষে দুটা ঢোলেৰে সৈতে মাটিত থিয় হৈ পৰিলহি। তাৰ পিছত দুটা ঢোল থিয়ই যোৰালে। সেই দুটাৰ ওপৰত উঠিও তাৰ পৰা খঁৰ দিলে। পিছত ক্ৰমান্বয়ে ঢোলৰ ওপৰত ঢোল বহুৱাই আঠ দহোটা পৰ্য্যন্ত ঢোল যোৰা দি ওখ এটা স্তম্ভৰ দৰে কৰিলে। সেই স্তম্ভটোক দুয়োৰা মানুহে এটাৰ কান্ধৰ [ ৭৩ ]

ওপৰত আন এটা উঠি ভালকৈ ধৰিলে যাতে ঢোল বাগৰি নপৰে। পিছত এটা ঢুলীয়াই ঢোল ধৰা মানুহৰ ককালেদি আৰু কান্ধেদি বগাই সেই আঠোটা দহোটা ( = ২০ হাত হব ) ঢোলৰ ওপৰত গই উঠিল। তলৰ পৰা আন দুজন ঢুলীয়াই দুটা ঢোল তুলি দিলে। ওপৰত উঠা জনে সেই ঢোল দুটা দুয়ো কাষলতিৰ তলত সাবট মাৰি লই তলত বজোৱা ঢোলৰ চেৱে চেৱে উলাত লই আলগা খৰ মাৰি মাটিত থিয়ই থিয়ই পৰিলহি।
 পিছত আকৌ দুটা মানুহে শকত বাঁহ এডাল কান্ধত ললে। সেই বাঁহডালৰ ওপৰতে ঢুলীয়া এটা উঠি তাতে যে কত প্ৰকাৰ কুস্তি কৰিব ধৰিলে তাক কিমান বৰ্ণাম। কামৰূপীয়া ঢুলিয়াৰ আজিকালিৰ কুস্তিয়েও আনকি বৰ্তমানৰ চাৰ্কাচকো ঠায়ে ঠায়ে চেৰহে পেলাব। সেই কালত কামৰূপীয়া ঢুলীয়াৰ গাত যে কিমান কুস্তিৰ অভ্যাস আছিল তাক কোনে জানে। আমি এনেকুৱা কথাওঁ শুনিছো যে সেই কালত একোটা ঢুলীয়াই একোডাল বাঁহ লই জাপ মাৰি ঘৰৰ ছালৰ মুধত উঠিছিল আৰু তাৰে পৰাও আলগা-খঁৰ মাৰি মাটিত পৰিছিল।
 এই দৰে খঁৰ মৰা, কুস্তি কৰা শেষ হলত ছয়টা ঢুলীয়াই সুন্দৰকৈ ঘুৰীয়া জামা পিন্ধি উৰি যাত্ৰাৰ দলৰ দৰে সমস্বৰে পদ গাবলৈ ধৰিলে। পদতেই ভাৱনাৰ সুত্ৰধাৰৰ দৰে কি ভাও হব গাই দিয়ে। পদ গাই থাকোঁতে থাকোঁতেই

[ ৭৪ ] এজনে মুখত মুখা [] পিন্ধি আহি ওলায়। এটা ঢুলীয়াই এটা জুইৰ জোৰ লই মুখাৰ আগে আগে ধৰে। মুখা লোৱা জনে যুৰি সকলৰ পদৰ চেৱে চেৱে নাচে। কোনো কোনো মুখাত কেবল নৃত্যহে হয়। কোনো কোনো মুখাত আকৌ নানা খুহুতীয়া ভাৱৰো অভিনয় হয়। হয়তো দুটা ঢুলীয়াৰ এটাই মতাৰ কাপোৰ পিন্ধি মুখত বুঢ়া মানুহৰ মুখা এখান লয়—আন এটাই মাইকীৰ দৰে কাপোৰ পিন্ধি মুখত এজনী বুঢ়ী মানুহৰ মুখা পিন্ধি ওলায়হি। দুয়ো প্ৰথমতে নৃত্যকে কৰিলে। তাৰ পিছত ঢুলীয়াৰ ভিতৰৰ এজনে হয়তো বুঢ়াক কথা সুধিলে। বুঢ়াই পাৰে মানে বুঢ়ীৰ নিন্দা কৰিব ধৰিলে। বুঢ়াক আকৌ কথা সোধোঁতে বুঢ়ীয়ে সেইদৰে বুঢ়াক নিন্দিলে পিছত লাহেকৈ সমাজৰ মাজত দুয়ো বুঢ়া-বুঢ়ীৰ দন্দেই লাগিল। চুৰ্চুৰীয়া বিধৰ মৰা-পিতা লগাই ৰাইজক হুহুঁৱাই পেটৰ নাড়ি ছিগায়। হয়তো উভয়ে বৰ জ্ঞানগৰ্ভ কথাকে কয়। পদ গোৱা ছয় জনে অবশ্যক মতে মাজে মাজে বুঢ়া বুঢ়ীক যোৰায়ে পদ গায়। কেতিয়াবা হয়তো এযোৰে দুটা বান্দৰৰ পুতলাকে আনি সমাজত উলিয়ালে। যুৰিয়ে গাব ধৰিলে :—
  1. * মুখা—Mask হেঙ্গুল হাইতাল আৰু সোন ৰূপৰ ৰহণ সানি দেৱতা মানুহ বা ৰাক্ষসৰ মুখৰ আকৃতিৰ ডাঙ্গৰ মুখত পিন্ধা আৱৰণ।
[ ৭৫ ]
উ উ কৰে মোৰ

 হায়ৰে মলুৱা
গছে গড়ে জপিয়াই
 হায়ৰে মলুৱা
.................
মোৰ মলুৱাক কোনে মাৰিলে

 হাঁয়ৰে মলুৱা ৰে।


এইদৰে গীতে-পদে-নৃত্যে ৰাতি প্ৰায় তিনটা মান বাজিল। এইখিনি সময়তে অনেকৰে চকুত টোপনিয়েও ধৰিলে, এনেতে এই মাধপুৰীয়া ঢুলীয়াৰ প্ৰসিদ্ধ ভাৱৰীয়া ভেলা-ভাই আহি দলে বলে উপস্থিত হল। ভেলা-ভাই সভাৰ ভিতৰলৈ সোমোৱা মাত্ৰেই ৰাইজৰ ভিতৰত এটা গগন ভেদী হাঁহিৰ শব্দ উঠিল। ভেলা ভায়ে নানা ৰকম, নানা বৃত্তিৰ মানুহৰ চলন ফুৰণ কথা কোৱাৰ ধৰণ দেখুৱাই হঁহুৱাব ধৰিলে। কেতিয়াবা হয়তো চৰাই চিৰিকতিৰ মাতকে হুবহু মাতিব ধৰিলে। কেতিয়াবা হয়তো পোনেই পহুৰ দৰে মাতিলে। তাৰ পিছত সেই পহু চিকাৰলৈ যোৱা ভাও ধৰিলে। পদ গোৱাহঁতে গাব ধৰিলে :—
 “ভেলা ভাই পহু খেদিবলৈ যায। ” ভেলা ভাইৰ হাতৰ মুদ্ৰাই মুখৰ ভঙ্গীয়ে, খুহুতীয়া কথাই মানুহক হহুৱাই আধামৰা কৰিলে। ভেলা ভায়ে মাজে মাজে এনেকুৱা গাৱলীয়া সংস্কৃতো জাৰিব ধৰিলে যে বাপে-বেটাই ভায়ে

[ ৭৬ ] ককায়ে, একেলগে বহি থকাই টান হল। ভেলা ভাইৰ খুহুতালিৰ আৰু ভাওৰ সীমা সংখ্যা নাই। ৰাইজে হাহিৰ প্ৰতাপত ৰব নোৱাৰি ভেলা ভাইক পাই পইচা দি কাবৌ কোকালি কৰিহে ৰক্ষা পালে। পুৱা ছয়টা মান ৰজাত ভেলা ভাই থামিল।

 অষ্টমী আৰু নবমীৰ-দিনে নিশাইও এইদৰেই আমোদ প্ৰমোদ হইছিল। কোৱা অনাবশ্যক যে শালমৰীয়া ঢুলীয়া যোৰৰ খৰ আৰু কুন্তি এটাইতকৈ বেচি হৈছিল - বৰ্ণিবৰীয়াৰ পদৰাগ গীত নৃত্য অতুলনীয় হৈছিল। মুঠতে কামৰূপৰ ঢুলীয়াৰ ভাওৰ সম্পৰ্কে আজিকালিও ডাঠি কব পাৰো। যে কামৰূপীয়া ঢুলীয়াৰ ভাৱতে চাৰ্কাচ, ভাৱনা, বহুৱালী, নৃত্য, গীত সমস্ত একেধাৰে বৰ্ত্তমান আছে।