পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
“জহা জহা জহা ঐ ধান কলুঙ জহা

চৌধাৰীৰ ঘৰতে পূজা পাতিছি
চৌধাৰীৰ ঘৰতে পূজা পাতিছি
আমিও চাওঁগৈ আহা ঐ

আমিও চাওঁগৈ আহা। ”

       গীত গোৱা হলতে গিৰ্‌ গিৰ্‌ কৰে মাদোল বাজি উঠিল। মাদোলৰ চেৱে চেৱে কছাৰী সকলে ঘূৰি ঘূৰি নাচিলে। এইদৰে সামান্য সামান্য ভাবৰ অথচ নিজৰ ঘৰুৱা জীৱন বিলাকৰে প্ৰাকৃতিক আৰ্হিৰ গীত কছাৰী, কছাৰণীসকলে গাই বজাই নাচি আৰতিৰ পৰলৈকে সময় নিয়ালে। গধূলি মহা ধুমধামেৰে আৰতি হল। সেই আৰতি চাই সকলোবিলাক মানুহ ঘৰাঘৰি গল; আৰু খোৱা-লোৱাৰ আয়োজন কৰিলে গৈ।
       নিশা ন-টা মান বজাত বিষয়া সকলে খাইবই উঠি ৰভাত সহিলগৈ। ৰভাঘৰ লোকে লোকাৰণা হল। ঠায়ে নধৰা হল। মাধপুৰীয়া ঢুলীয়া যোৰ আহি উপস্থিত হল। সিহঁৰত দলটোত প্ৰায় চাৰি কুৰি কি এশ মানুহ; ঢোল পঞ্চাছটা; সেই অনুসৰি তাল আৰু নানা সৰঞ্জাম। ন-টামান বজাৰে পৰা ঢুলীয়াহঁতে ঘূৰীয়া-জমা পিন্ধি ঢোল বজাব ধৰিলে। সেই ঢোলৰ শবদ ভালেমান দূৰলৈকে ভেদিলে। ঢোলো একোটা বৰ প্ৰকাণ্ড। ঢোলৰ চেও যে কত ৰকমৰ বজালে তাক বৰ্ণোৱা টান। যেতেকে নিশা