দন্দুৱা দ্ৰোহ/একাদশ অধ্যায়

[ ৫৫ ]

একাদশ অধ্যায়।
মদন কামদেৱৰ মন্দিৰ।
 আমাৰ অসমৰ কামৰূপ জিলাখন বুৰঞ্জীৰ আদিৰে পৰা অতি প্ৰসিদ্ধ ঠাই। কামৰূপ জিলাৰ তিনিকুৰি পাচখান মৌজাৰ ভিতৰত প্ৰায় প্ৰত্যেক খানতেই এখান নহয় এখান মঠ বা থান আছে। গুৱাহাটী চহৰৰ মাজেদি ই যোৱা ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰ যেনে প্ৰাকৃতিক সৌন্দৰ্য্যেৰে শোভনীয়, তেনেকৈ আকৌ প্ৰায় প্ৰত্যেকটো পাহাড়ৰ ওপৰতে মঠ দূৰৰ পৰা জিলিকি থাকে। বিদেশী সকলে যে কয় ‘অন্যত্ৰ বিৰলা দেবী কামৰূপে গৃহে গৃহে” এই কথা ফাকি তেনেই সচা। আমি কামৰূপবাসীয়ে সদায় কামৰূপত থাকি কামৰূপৰ—বিশেষ কৰি গুৱাহাটীৰ সৌন্দৰ্য্য উপলব্ধি কৰিব নোৱাৰে, কিন্তু বিদেশৰ মানুহে আহি কামৰূপ দেখিলেই আনন্দত আপ্লুত হয়। হবৰে কথা! এনেকুৱা প্ৰাকৃতিক [ ৫৬ ]

সৌন্দৰ্য্য, এনেকুৱা বিশাল ব্ৰহ্মপুত্ৰ ‘নদ, এনেকুৱা পাহাড় ,টিলা, হ্ৰদ, নিজৰা, সমথল একেলগে ক’ত?
      ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে প্ৰায় দহ বাৰ মাইল আঁতৰত কমলপুৰ ছুটীয়াপাৰা আলিৰ সঙ্গমৰ দক্ষিণ ফালে জিকেৰিৰ পৰা প্ৰায় আঠ মাইল আঁতৰত চুটীয়াপাৰা পাহাড়ৰ মাজত মদন কামদেৱৰ মন্দিৰ। এই ঠাইতে হেনো হৰ কোপানলত ভস্ম হোৱা কামদেৱে পুনৰ জীৱন লভিছিল। দৰাচলতে ঠাই ডোখৰৰ যেনে সৌন্দৰ্ঘ্য আৰু ওচৰৰ হাওৱা পানী যেনে চিকুন, এইবিলাকলৈ চালে বোধ হয় ইয়াত যেন বসন্ত ঋতু সদায় বৰ্ত্তমান। ইয়াত ভষ্মীভূত হোৱা কামদেৱে পুনৰ জীৱন পোৱা যেনেই লাগে। উত্তৰ গুৱাহাটীৰ পৰা ছিলা সিন্দুৰিঘোপাৰ আলিয়েদি পোনে পোনে উত্তৰ মুখলৈ গই থাকিলে প্ৰায় এঘাৰ মাইলৰ মূৰত সিফালে কমলপুৰৰ পৰা অহা দুম্‌নীচকিৰ আলি পোৱা যায়। সেই আলিয়েদি কেইটাৰমান গলেই দক্ষিণ ফালে মদন কামদেৱলৈ যোৱা বাটটো পোৱা যায়। এই বাটৰ আৰম্ভৰে পৰা সোঁহাতে পাহাড়, বাওঁহাতে এখান সৰু পথাৰ। পথাৰৰ সিপাৰে আকৌ এটা পাহাড়। এই বাটেদি আধা মাইলমান গলেই মদন কামদেৱৰ মঠ-মন্দিৰ পোৱা যায়। বাটৰ কোনো কাষতেই ঘৰ-দুৱাৰ নাই। বাটৰ দুয়ো কাষ নিবিড় অৰণ্য। আমি যি কালত এই বাটেদি গই এই মঠ আৰু মন্দিৰ দৰ্শন কৰিছিলোঁ, সেই কালত এই বাটেদি অকলশৰীয়াকৈ এটি

[ ৫৭ ] বা দুটি মানুহে যাব নোৱাৰিছিল—বাটত বাঘৰ ভয়, বাটটো নিৰ্জ্জন; কিন্তু দৃশ্য হলে মনোৰম। আমাৰ হৰদত্ত চৌধাৰীয়ে লগত সেই বামাচাৰী তান্ত্ৰিক জনক লই এই বাটে দিয়েই এই মন্দিৰলৈ আহিছিল আৰু আগৰে পৰা নিৰ্দিষ্ট কৰি থোৱা ঘৰটিত আশ্ৰয় লইছিল। আশ্ৰয় লোৱাৰ পূৰ্ব্বেই অৱশ্যে তেওঁ মন্দিৰৰ ভিতৰত থকা শিব মূৰ্ত্তিক, মদন কামদেৱৰ মূৰ্ত্তিক সেৱা সৎকাৰ কৰিছিল।