পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বা দুটি মানুহে যাব নোৱাৰিছিল—বাটত বাঘৰ ভয়, বাটটো নিৰ্জ্জন; কিন্তু দৃশ্য হলে মনোৰম। আমাৰ হৰদত্ত চৌধাৰীয়ে লগত সেই বামাচাৰী তান্ত্ৰিক জনক লই এই বাটে দিয়েই এই মন্দিৰলৈ আহিছিল আৰু আগৰে পৰা নিৰ্দিষ্ট কৰি থোৱা ঘৰটিত আশ্ৰয় লইছিল। আশ্ৰয় লোৱাৰ পূৰ্ব্বেই অৱশ্যে তেওঁ মন্দিৰৰ ভিতৰত থকা শিব মূৰ্ত্তিক, মদন কামদেৱৰ মূৰ্ত্তিক সেৱা সৎকাৰ কৰিছিল।


দ্বাদশ আধ্যায়।
জিকেৰিত।

 ইফালে সেই নিশা পদুমকুমাৰীয়ে মহীৰামক তেওঁৰ প্ৰশ্নৰ কোনো উত্তৰ নিদি সাউত কৰে গুচি যাবৰে পৰা মহীৰামৰ মনত নানা চিন্তা নানা ভাবে তোলপাৰ লগাব ধৰিলে। নিশা কোনোমতে ভাত চাৰি গৰাহমান খাই মহীৰামে শোৱা পাটীত পৰি ভাবিব ধৰিলে।

 পাঠক! মহীৰামৰ ভাবনা-চিন্তাৰ বিষয়ে বৰ্ণনা কৰাৰ আগেয়ে মহীৰামনো কোন, ক’ৰ লৰা, এই বিষয়ে অলপ কলেহে বোধ কৰোঁ কথাটো বিশদ হব। মহীৰামৰ আগৰ