দন্দুৱা দ্ৰোহ/অষ্টম অধ্যায়
৮ম অধ্যায়।
———
হৰদত্তৰ উদ্যোগ।
পাড়ুঁৰ বাহৰ পৰা ঘৰলৈ উলটি অহাৰ দুদিনৰ পিছতে হৰদত্তই মানুহ এযোৰা দৰঙ্গৰ ৰঞ্জা কৃষ্ণনাৰায়ণলৈ, আৰু আন এযোৰা উজনিৰ ৰংপুৰলৈ উত্তৰ পাৰেদি পঠালে। মৌজাৰ দুমনি চকিত আহোমৰ চকীয়াল থকা বাবে তেওঁ মানুহ দুয়ো যোৰাকে দুমনি চকিৰ উত্তৰ পিনেদি আঁতৰে আঁতৰে পাৰ কৰাই দিছিল। দৰঙ্গলৈ যোৱা যোৰাই দৰঙ্গি ৰজাক গৈ বৰ ফুকনৰ অত্যাচাৰ বিলাক জনালে। দৰঙ্গৰ ৰজাও ভালেমান দিনৰে পৰা গুৱাহাটীৰ বৰফুকনৰ অসদ্ব্যৱহাৰ পাই বিৰক্ত হই আছিল। এতিয়া কামৰূপীয়া সকলে দৰঙ্গৰ ৰজাত দুখ জনাই ৰণ লাগিলে সহায় কৰিব নে নকৰিব এই কথা জনোৱাত দৰঙ্গি ৰজাই “সহায় কৰিম” বুলি প্ৰতিশ্ৰুত হল। উজনিলৈ যোৱা যোৰাই দেড় মাহে খোজ কাঢ়ি ৰংপুৰ পালে গই। তাত বুঢ়া গোঁহাইত বৰফুকনৰ পৈশাচিক অত্যাচাৰ জনাই বিচাৰ প্ৰাৰ্থনা কৰাত বুঢ়া গোঁহায়ে “মই এতিয়া মোৱামৰীয়াৰ বিদ্ৰোহ দমনত আছোঁ, সদ্যহতে একো কৰিব নোৱাৰোঁ— পিছে পৰে যি
হয় কৰিম” বুলি কই মানুহ যোৱা ওলটাই পঠালে। তিনি চাৰি মাহ মানৰ মূৰত এই মানুহ যোৰা শাওনত উলটি আহি হৰদত্তক এই কথা জনোৱাত হৰদত বীৰদতে আহোমৰ পৰা সুবিচাৰ নাপাওঁ” বুলি মনতে থিৰ কৰ আন উপায় কৰিবলৈ কাৰবাৰ লগালে; অৰ্থাৎ ৰাইজ গোটাই কামৰূপত বৰফুকনৰ শাসন উঠাই দিবলৈ স্থিৰ কৰিলে।
আমি এই খিনিতে জনাওঁ যে হৰদত বীৰদত যদিও উচ্চ কলিতা বংশৰে আছিল আৰু তেওঁলোকে বৈষ্ণৱ ধৰ্ম্মকো মানিছিল; তথাপি তেওঁলোক আচলত শাক্ত ধৰ্ম্মত হে দীক্ষিত আছিল। হৰদত বীৰদতে বছৰি পঠা ছাগলি বলি দি দুৰ্গোৎসৱ কৰিছিল।
বুৰঞ্জীৰ আগৰে পৰা আমাৰ এই অসম দেশখন দুটা প্ৰধান তীৰ্থৰ বাবে গোটেই ভাৰতবৰ্ষতে বিখ্যাত। এখান তীৰ্থ কামৰূপৰ কামাখ্যা ধাম; আনখান শদিয়াৰ পূবে মিচমি ৰাজ্যৰ মাজত থকা পৰশুৰাম কুণ্ড। এই দুই তীৰ্থলৈ ভাৰতবৰ্ষৰ সকলো ঠাইৰে সাধু, সন্ত, মহন্ত, শৈব, শাক্ত বৈষ্ণব সকলো শ্ৰেণীৰে সন্ন্যাসী, বৰাগী সেই কালতো বাটে বাটে খোজ কাঢ়ি, খুজি মাগি খাইও আহিছিল। কামৰূপ জিলাৰ তিনি কুৰি পাঁচখান মৌজাৰ প্ৰায় প্ৰত্যেক মৌজাতেই তীৰ্থস্থান, সত্ৰ, মঠ, মন্দিৰ আছে। গুৱাহাটী নগৰৰ ভিতৰত আৰু দাতিয়ে কাষৰে এইবিলাক তীৰ্থ
ঠাই:—কামাখ্যা, ভুবনেশ্বৰী, শুক্লেশ্বৰ, উগ্ৰতাৰা ছত্ৰকাৰ, নবগ্ৰহ, বশিষ্ঠ। ব্ৰহ্মপুত্ৰৰ মাজত উমানন্দ। উত্তৰ পাৰে অশ্বক্লান্ত, মনিকৰ্ণেশ্বৰ, ৰূদ্ৰেশ্বৰ, দীৰ্ঘেশ্বৰী। হাজোত কো মাধব। বংশৰ মৌজাত মদন কামদেব। বৰপেটাত মহাপুৰুষীয়া, দামোদৰীয়া, হৰিদেৱী অনেক থান আৰু সত্ৰ। এই দেবালয়, থান সত্ৰ বিলাকত ব্ৰাহ্মণ, বৈষ্ণৱ, আঠপৰীয়া ইত্যাদিত বাজেও মাজে মাজে পচিমৰ পৰা তীৰ্থ কৰিবলৈ অহা যোৱা কৰা হিন্দুস্থানী বঙালী সন্ন্যাসী বৰাগীও থাকে। কামৰূপীয়া ভাল মানুহৰ ঘৰে-দুৱাৰেও মাজে সময়ে ঠায়ে ঠায়ে দুই চাৰিজন বৰাগী, সন্ন্যাসী থাকে। আমি যি সময়ৰ কথা লেখিছোঁ সেই সময়তো কামৰূপীয়া ভাল মানুহ চাৰি ঘৰৰ গোসাই ঘৰ, মন্দিৰ ইত্যাদিত সাধু সন্ন্যাসী, বৰাগীয়ে জিৰনি লইছিল।
হৰদত্তৰ মানুহ যোৰা উজনিৰ পৰা উলটি অহাৰ সময়ত অৰ্থাৎ সেই শাওন মাহত তেওঁৰ বাহিৰা মন্দিৰত তীৰ্থৰ পৰা ওলটা দুজন বৰাগী, এজন নাগাসন্ন্যাসী, এজন বামাচাৰী তান্ত্ৰিক আৰু তিনি চাৰিজনমান ভাটীৰ ফালৰ তীৰ্থলৈ যাবলৈ ওলাই অহা আমাৰ অসমীয়া কেৱলীয়া ভকতো আছিল। হৰদতে-সাধু সন্তক, ফকিৰ ফকৰক তেওঁৰ এই মন্দিৰতে ৰাখি দুই চাৰিদিন সেৱাশুশ্ৰূষা কৰিবলৈ আৰু সেই সকলৰ লগত ধৰ্ম্ম আলাপ, বিদেশৰ আলাপাদি কৰিবলৈ ভাল পাইছিল।
উজনীৰ পৰা মানুহ যোৰা উলটি আহি পোৱাৰ পিছ দিনা গধুলি আমাৰ হৰদত্ত চৌধাৰী তেওঁৰ সেই বাহিৰা মন্দিৰলৈ আহি পোনে প্ৰথমে আৰতি চালে, তাৰ পিছত গই আলহী-ঘৰত সাধু সন্ত কেইজনক মূৰ দোঁৱাই সেৱা কৰি সুধিলে:—“বাবা সকল! আপোনাসকলৰ সেৱা সৎকাৰৰ কোনো ক্ৰটী হোৱা নাইতো! সন্ত সাধু সকলে কলে:—“নাই হোৱা বাবা! আপোনাৰ কৃপাত আমি বৰ আনন্দত আছোঁ। ” হৰদত্ত—“বাবা সকল! মোৰ মনত কথা এটা খেলাইছে। কথাটো এই যে আমাৰ হিন্দুৰ আৰু আগলৈ উঠাৰ, স্বাধীনতা লভাৰ কোনো উপায় নাই নে? আমি হিন্দু জাতিটো চিৰকালেই পৰৰ গোলাম হৈয়ে থাকিম নে?” চৌধাৰীৰ এই কথাত সাধু সকলে অলপ পৰ তম্ভি পোনেই বৰাগীজনে কলে—“বাবা! ঘোৰ কলিকাল পৰিছে। বঙ্গ, অসম ইত্যাদি দেশত যে আকৌ হিন্দু জাতি উঠিব, স্বাধীন হব, এনেকুৱা আশা নাই। আমি এতিয়া একলেখীয়া বুঢ়া জাতি। এতিয়া আমাৰ ৰাজনীতি চৰ্চ্চা কৰা বা স্বাধীন হঁও এনেকুৱা ভাব কৰা দিন নাই। আমাৰ এতিয়া ঈশ্বৰ-সেৱা কৰিহে কাল কটাব লাগে। বৰাগীজনৰ এই কথাত নাগা সাধুজনে চকু পকাই বৰাগীক ধমক দি কলে:—“থইদে তোৰ কথা। তহঁত বৰাগীবিলাক যেনেকুৱা ভয়াতুৰ, ইফালে খোৱাতো নিৰহ নিপানী, আনকো তেনেকুৱা হাবলৈকে বুধি দিয়। আমি হীন, আমি বুঢ়া, আমি
ৰাৱনক মাৰিব নোৱাৰিলে। তহঁতৰ গোপীবিলাকেও কাত্যায়নী ব্ৰত কৰি কাত্যায়নী দেবীক পূজিহে লম্পট চুড়ামণি কৃষ্ণক পাইছিল। এতিয়া তহঁতে দেখোন উলটাকৈহে বুজাৱ। ”
কেৱলীয়া —“বাবা! তোমাৰ কালী বা দুৰ্গাই বলীও খায়, ছলিও মাৰে। শিব ঠাকুৰতো গাঞ্জা খায়েই বেহুছ। নাৰী মূৰ্ত্তি মোহিনীক দেখিও হৈছিল পাগল। আমাৰ হিচাবে কৃষ্ণইহে ডাঙ্গৰ। তোমালোকেনো তামাৰ আগত কি ফুটনি কৰা?
বামাচাৰী আৰু নাগা (উভয়ে)—“তই দেখোন বৰ শকত শকত কথা কৱ। তই নাজাননে তোৰ নিচিনা কেৱলীয়াক আমি গোটে গোটে মদৰ লগত গিলিব পাৰোঁ।
কেৱলীয়া —“বাবাহত! মোক কি গিলিবা, গিলিব গলেই গলতে পথালি হেঙ্গাৰ দিও ধৰিব পাৰো। বিশেষ, আমিও কেৱলীয়া, তোমালোকো সেয়েহে। আমাৰ ঘৰ দুৱাৰ লৰা তিৰোতা নাই, তোমালোকৰো (যদি আচল সাধু হোৱা কৰবাৰ ঠগ নোহোৱা) সেয়ে। তোমালোকৰে আমাৰে প্ৰভেদ এই, যে তোমালোকে লেংটি মাৰা, পালে গুপুততে মদে মঙ্গহেও বজাই দিয়া-আমি আমাৰ দেশৰ সাধাৰণ মানুহৰ দৰেই পিন্ধো উৰোঁ। আমি জহা চাউল, মগুমাহ, ঘিঁউ, চেনি ইত্যাদি সু আহাৰেৰে পেট পুৰাওঁ।
এইদৰে দুয়ো দলৰ তৰ্কাতৰ্কি হুই দুয়ো দলৰ হতাহতি হবৰ উপক্ৰম হল। কেৱলীয়া হল তিনিজন। তেওঁ লোকৰ লগতে বৰাগী দুজনো মিল হল! সিফাল অকল বামাচাৰী আৰু নাগা দুজন।
হৰদত্ত অনুনয় বিনয় কৰাতো উভয় পক্ষৰে ভাগ্যে মাৰা মাৰি নহল হৰদত্তে কেৱলীয়া তিনিজনক নিজৰ চৰাঘৰলৈ আনি তাতে ঠাই দিলে। তাৰ পিছত চৌধাৰীয়ে নিশা খাই বই উঠি আকৌ এবাৰ বামাচাৰী তান্ত্ৰিকজনৰ ওচৰলৈ আহি এই দৰে কথা বতৰা হল :—
হৰদত্ত—“‘বাবা! তেন্তে আমাৰ হিন্দুৰ উঠিবৰ আৰু কোনো উপায় নাইনে? আহোমৰ এই বৰফুকনটোৰ অন্যায় উৎপীড়ন অধৰম আৰু সহিব নোৱাৰাত পৰিলো। ৰজালৈ জনাই পঠালে ৰজাইও কাণ নকৰে। ”
বামছাৰী –“বাবা! উপায় আছে। মই দিব্য চকুৰে দেখিছো। তহঁতৰ আহোমৰ পতন আনিবাৰ্য্য। কি জানি মা কালীয়ে তোৰ হতুৱাই কামৰূপত হিন্দু ৰাজত্ব স্থাপন কৰাব পাৰে। ”
হৰদত্ত—“বাবা! আপুনি এইটো সঠিক কইছেনে?
বামাচাৰী—“বাধা! মই কেতিয়াও মিছা নকওঁ। মই ধ্যানত পাইছোঁ॥ মোক মা কামাখ্যাই কৈছে। ”
হৰদত্ত—“বাবা। মইনো এতিয়া তেন্তে কি কৰা উচিত?”
বামাচাৰী—“বাবা! এক কাম কৰ। তই প্ৰথমে এমাহমান নিজান ঠাইত গৈ পুৰঃসৰণ কৰ। তাৰ পিচত তহঁতৰ দেশৰ এটাইবিলাক বৰুৱা-চৌধাৰীক এইবাৰ দুৰ্গোৎসৱকে উপলক্ষ কৰি গোট খুৱাই মেল পাতি বৰফুকনৰ কৰ-কাটল নিদিবলৈ—তাৰ পিচত লাগে যদি— তাৰে সৈতে ৰণ কৰিবলৈ স্থিৰ কৰ। পাৰিলে দৰঙ্গ বিজনী, কোচবিহাৰ এই তিনি ৰিজাৰো সহায় ল। তেতিয়ায় আহোম খেদা খাব। কামৰূপত হিন্দু ৰাজ্য স্থাপিত হব। ”
হৰদত্ত—“বাবা! তেন্তে মই পৰহি মানেই মদন কামদেৱলৈ গই তাতে এমাহ পুৰশ্চৰণ কৰিম। সেই ঠাই নিজান অথচ মনোৰম! বাবা! আপুনিও মোৰ লগত যাব লাগিব আৰু মোৰ কৰ্ম্ম দ্ৰষ্টা হ’ব।
বামাচাৰি —“কোনো কথা নাই, বাৰু মই যাম। তাতে তোক পুৰশ্চৰণ কৰাম। তই এমাহৰ খাব-ববৰ যোগাৰ লবি, পূজাৰ নিমিত্তে সেই কলহ মান কাৰণো লব। ”
হৰদত্ত – “ভাল বাবা!” সেই দৰে " কৰিম। এই দৰে কথা-বতৰা হৈ স্থিৰ কৰি হৰদত্ত। চৌধাৰী ঘৰলৈ উলটী আহি নিশাটো শুলে।
________