[ বেটুপাত ]

তাঁতিৰ-জুনা।

HIDET

⸺(:)⸺

শ্ৰীভদ্ৰসেন বৰাৰ দ্বাৰা
সংগৃহীত আৰু প্ৰকাশিত।



২য় তাঙ্গৰণ।




ডিব্ৰুগড়
আহোম প্ৰেছত
শ্ৰীভদ্ৰসেন বৰাৰ দ্বাৰা
ছপাহল।

বেচ ৵৹ মাথোন।

[ প্ৰথম পৃষ্ঠা ]

তাঁতি-জুনা৷

শ্ৰী কৃষ্ণায়ে নমঃ।

আনন্দে মোহন বাংশী বজাই।
গৈলন্ত গোসাঁই তাঁতিৰ ঠাই॥
দূৰতে দেখিয়া তাতি হাসয়।
আমাৰ গৃহক হৰি আসয়॥
তাঁতিয়ে দিলন্ত আসন বঢ়াই।
ৰঙ্গকৰি বসিলা যদুৰাই॥
কৰ্পুৰ তাম্বুল খাইবাক দিলা।
অনেক সেৱা সুশ্ৰুষা কৰিলা॥
যাৰ নাম লৈলে বৈকুণ্ঠ বাস।
হেন কৃষ্ণ আমাৰ গৃহক আসে॥
ব্ৰহ্মা হৰে যাক নাপাই লাগ।
কিনো মোৰ ভাগ্য পাইলো লাগ॥
ভাগ্যেসে সেৱা কৰিবাক পাইলো।
কোটি কোটি জন্ম উদ্ধাৰ ভৈলো॥

[  ]

কিনো মোৰ ভাগ্য আজি মিলিলা।
ত্ৰাহি বুলি তাঁতি পাৱে পৰিলা॥
তাৰ পাছে তাঁতি ভৃঙ্গাৰ আনি।
ধুৱাইলা প্ৰভুৰ পাৱ দুখানি॥
পাদুদক জল শিৰে তুলি লৈলা।
তাৰ পাছে কৃষ্ণক সুধিবাক লৈলা॥
কিবা প্ৰয়োজনে আসিলা গোসাঁই।
পাছে তযু কিবা শুনো অভিপ্ৰায়॥
যিসক বিচাৰি আসিলো মই।
সাৱশেষে কহোঁ শুনিবি তই॥
বিষ্ণু পুৰি নাম বৈকুণ্ঠ স্থান।
তাতো নেপাইলো তোহোৰ সমান॥
ব্ৰহ্মা যৈত থাকে সিও ব্ৰহ্মলোক।
তাতো বিচাৰি নেপাইলোহো তোক॥
শিৱ যৈত থাকে সিও কৈলাস ঠাই।
তাতো বিচাৰি নেপাইলোহো মই॥
যম পুৰে যম আছে যতেক।
যমে আনি দিলে সকলো মোক॥
তাতো বিচাৰি নেপাইলোহো তাঁতি।
মনত বিষাদ লাগিল আতি॥
পাছে বলী ৰাজা সভাক গৈলো।
বলী ৰাজা মুখে বাৰ্ত্তাক পাইলো॥
বলী ৰাজা শুনি কহিবাক লৈলা।
সেই তাঁতি প্ৰভু পৃথিবীক গৈলা॥

[  ]

সি হেতু আসিলো তোহোৰ ঠাই।
আমাক পঠাইছে মোৰ ৰাধিকাই॥
শুন তাঁতি মই কহোঁ কথাক।
কাপোৰ লাগে মোৰ ৰাধিকাক॥
শুন তাঁতি কহোঁ তোহোৰ আগে।
ৰাধাই পিন্ধিবাক কাপোৰ লাগে॥
শুনি তাঁতি শোধে হাত যোৰ কৰি।
কহিয়ো প্ৰভু ব’ম কেনে কৰি॥
কেমন কাপোৰৰ কেমন ঠান 1
কলেহে জানো মই তাৰ প্ৰমাণ॥
দীঘল পুতল কিমান লাগে।
কিবা ফুল বাছিম তাৰ আগে॥
পথালি দুকাঠি লৈবা বেগত।
দীঘলে লৈবা তিনি ততেক॥
পৃথিবীত আছে যতেক ফুল।
শুন তাঁতি তই কাপোৰত তোল॥
চম্পা বকুল বাবৰি তগৰ৷
তাক নেবাছিলে লাগিব জগৰ॥
কুন্দ কৌৰৱক পদ্মৰ কলি৷
তাক নেবাছিলে উঠিব জ্বলি॥
ৰাঙ্গুল ৰেৱতী মৰুয়া মধাই।
তাক দেখি ৰঙ পাব ৰাধাই॥
চন্দ্ৰ সূৰ্য্য তৰা বাছিবা তাত।
তাক দেখি ৰাধাই লগাব মাত॥

[  ]

হস্তী ঘোৰা আৰু মৃগ মৃগিনী।
পাতালৰ বাছিবা নাগ নাগিনী॥
বানৰ ভালুক বাঘ যে ঘোং।
তাক দেখি ৰাধাই পাইবেক ৰঙ্গ॥
যত তৃণ তৰু ডালৰ পক্ষী।
পাইবেক সন্তোষ ৰাধায় দেখি॥
ব্ৰহ্মা বিষ্ণু হৰ বৰুণ যম।
বাসুকী প্ৰমুক্ষ সৰ্প যে গণ॥
নদ নদী মৎস্য আৰু মগৰ।
বায়ু অগ্নি জানা জলেশ্বৰ॥
শুন তাঁতি মই কহো ভাগে ভাগে।
এইমতে ৰাধাক কাপোৰ লাগে॥
আৰু কোন আগে কাক বাছিবা।
তাঁতি তই ইকথা মনে ৰাখিবা॥
শিৰত বাছিবা বসুদেও পিতা।
উৰুণীত বাছিবা দৈৱকী মাতা॥
পিঠিত বাছিবা বলোদেও দাদা।
মুঢ়ে সিংঘে ধৰিছে গদা॥
বাহুত বাছিবা নন্দেৰ কণাই।
উৰুত বাছিবা কংস মমাই॥
খোছনিত বাছিবা নেজালি মৈৰা।
কাষত বাছিবা স্বৰ্গৰ তৰা॥
তাৰ চৌপাশে বুলাবা চম্পা।
মূৰত বাছিবা মুৰুলী খোপা॥

[  ]

ইআগে বাছিবা নন্দেৰ কনাই।
কনাইয়ে বসিয়া ৰাধাক চাই॥
বৃন্দাবনে বসি চাপৰি বজাই।
ঘুৰি ঘূৰি নাছে নন্দেৰ কনাই॥
যাৰ যেন ঠান তাৰ তেন বৰণ।
তাক নেবাছিলে তোৰ মৰণ॥
আজি দেওবাৰে বুজনি দিওঁ।
ঘুৰি দেওবাৰে কাপোৰ নিওঁ॥
সেহি কাপোৰ নিয়া ৰাধাক পিন্ধাও।
ৰাধায়ে সহিতে বৃন্দাবনে যাওঁ॥
বৃন্দাবনে গৈয়া পাতিবো খেৰি৷
সমস্ত সমাজে ডাকি ও হৰি॥
শঙ্কৰে ৰচিলে কাপোৰ জুনা।
সমস্ত সমাজে কাণ পাতি শুনা॥

কপাহৰ জুনা।

সক জনীয়ে বুলিলে বৰ জনী বাই।
পিজলী কপাহ কতনো পাই॥
কপাহ আছে সোণাপুৰ হাটে।
শহুৰে দেখি আহে পানী অনা ঘাটে॥
পিজলী কপাহৰ বাতৰিক পাই।
আকাজিয়ে যাবলৈ তত্ নেপাই॥
তেনে বাই কৰকৰা ভাতক নেখাওঁ।
পিজলী কপাহ বিচাৰি হাটলৈ যাওঁ॥

[  ]

ভাত খোৱা বাই মোক নেদেখিবা সৰু।
দেও দি যাব নোৱাৰে ভুতুৰা গৰু॥
জাপ মাৰি কাটিলো আগলী পাত।
তাতে বাঢ়ি দিয়ে এদোণ চাউলৰ ভাত॥
ভাত খাওঁতে হয় দেৰপৰ বেলা।
গা মূৰ সজাওঁতে হব আবেলি বেলা॥
আকাজিয়ে লৰিলে কৰকৰা খাই।
বৰ জনীক খাবলৈ বাটক নেচাই॥
কৰকৰা ভাতৰ ছপৰা খহিল।
তাইৰ জানো লৰাতো মৰিল॥
সোণাপুৰ হাটলৈ নিচিনো বাট।
সুধি পুছি পালেগৈ সোণাপুৰ হাট॥
আকাজিয়ে শুধিলে হেৰা পোহাৰী বাই।
পিজলী কপাহ কতনো পাই॥
পিজলী কপাহৰ নেজানো দৰ।
পোহাৰীয়ে মাৰিলে দুগালে দুটা চৰ॥
কি জানো আকাজিৰ কপালে পাই।
ৰুপ টকাৰ কপাহ চপোৱা পাই॥
আকাজিয়ে দুগালে দুটা চৰ খাই।
ছপোয়া আনিলে পিজলী কপাহ তাই॥
কপাহ আনি ধুঁয়া চাঙ্গত তুলি থলে।
গাল বিষাইছে বুলি ছমাহলৈ শুলে।
ছমাহৰ মূৰত মেলি তৰি চাই।
বাৰে বুৰি শলিয়া কপাহত পাই॥

[  ]

মেলি তৰি চাই দুৱাৰ চুকত থলে।
দুৱাৰ চুকত পাই হাহে পারিলে কণি॥
বৰ জনাকে লৈ গল জেং জাবৰ বুলি।
এনুয়া কাজি মোৰ সংসাৰত নাই॥
ছপোয়া কপাহক কৰে ঠাই ঠাই৷
তাৰে কিছুমান আছিলে বাকী॥
তাকে কাটিবলৈ ধৰিছে আজি।
এঘেউ কাটিলে ৰেতেউ তেউ॥
তাৰ মাজত থাকিলে কল থূৰিৰ কেওঁ৷
এঘেউ কাঁটিলে ৰেতেউ আৰু তেউ॥
তাৰ মাজত থাকিল তামোলৰ কেও।
এঘেউ কাটিলে ৰেতেউ আৰু তেউ॥
তাৰে বান্ধিলে ঘৰৰ বুন্দা মেও।
এঘেউ কাটিলে তপত ভাত খাই॥
তাৰে বান্ধিলে চেউৰী গাই৷
এঘেউ কাটিলে কৰকৰা খাই॥
তাৰে বান্ধিলে খিৰতী গাই।
এঘেউ কাটিলে সবাতকৈ সৰু॥
তাৰে বান্ধিলে ভুতুৰা গৰু।
এঘেউ কাটিলে মাজ নিশা ৰাতি॥
তাৰে বান্ধিলে দঁতাল হাতী৷
এঘেউ কাটিলে নাই খৰ ধৰ॥
তাৰে বান্ধিলে শীলত মণি গড়।
এঘেউ কাটিলে সবাতকৈ খৰ॥

[  ]

তাৰে বান্ধিলে শুয়াতো ঘৰ।
মাকত কৈ জীয়েক কাজি॥
ঢেঁকী থোৰা লৈ বাটে পাঁজি।
কাটি বাছি থলে ধূয়া চাঙ্গত তুলি॥
হালোয়াই লৈ গল মৈ জৰি বুলি।
আহক আজি হালোয়া মই নিদিও ভাত॥
ভাল বুড়ী মাকৰ সূতাত দিলে হাত।
লৰা হঁতৰ বাপে কৈ কিবন কৰা॥
শিলটো লৈ আহ্‌ চাঁচ খন ধৰা।
সূতাৰ আখি মাৰোতে ককাল আধি লাগে॥
আখি মাৰোতে মোৰ চাঁচ খন ভাগে৷
ওচৰ চুবুৰিয়াই নোলোরিলে খৰি॥
ছমাহলৈ পুৰি গল সূতাৰ মূৰি।
আবেলি বেলিকা তৰিলে তাঁত॥
পয়েকৰ চিঙিলে উজতত দাঁত।
মাকে জীয়েকে বগিয়াকৈ বয় তাঁত॥
ছয়াহৰ মূৰত কাপোৰৰ ওলাই আঁত।
এমূৰ মাৰিলে কৰকৰা খাই॥
তাৰ মাজে হালোৱা গৰু গুচি যায়।
এমূৰ মাৰি ফুৰিলেগৈ গাওঁ॥
তাৰ মাজে সৰকে সাত বেওয়া নাওঁ।
এমূৰ মাৰিলে মাজ নিশা ৰাতি॥
তাৰ মাজে সৰকিলে জুৰীয়া হাতী৷
এমূৰ মাৰিলে সবাতকৈ সৰু॥

[  ]

তাৰ মাজে সৰকিলে জাকৰুয়া গরু।
ছমাহৰ মূরত কাটিলে কাপোৰ॥
গাঁৱৰ বুঢ়ী মেঠিয়ে কাটিলে জাবৰ।
সেই খন কাপোৰ লৈ হাট লৈ গল॥
হাটৰ মানুহে দেখি মৰি গল।
নৈৰ পৰা আহিছিলে ডোম॥
কাপোৰ খন দেখি মূৰত দিলে তোম।
পৰ্ব্বতৰ পৰা আহিছিলে নগা॥
কাপোৰ খন চাই পিঠিত মাৰিলে ধকা৷
হাটৰ মানুহে বিকুঠি কৰিলে ভোবা॥
দৰ দাম কৰোতে হল দেৰ পৰ বেলা।
নেবেচো কাপোৰ উভতাই নিম॥
জোঁয়াই আহিলে বিহুত দিম।
নেবেচি কাপোৰ ওভতাই আনিলে॥
জোঁয়ায়েক আহোতে উলিয়াই দিলে।
জোয়াঁয়েকে লৈ ফুল যেন পাই॥
লোকে মাৰে বিকুঠি কাপোৰক চাই।
জোয়াঁয়েকে বুলিলে কাপোৰ খন ভাল॥
চাতি মাৰি লওঁতে পিঠিৰ গল ছাল৷
সেইহে ছালত থলে ছালে সৰ সৰাই॥
বেৰত থলে বেৰে মেৰ মেৰাই।
জোয়াঁয়েকে নিনিলে কাপোৰ লাজত॥
ডোমে লৈ গল ৰৌমাছৰ ভাৰত।
বাৰ হাত জালৰ তেৰ হাত ফটা॥

[ ১০ ]

ভাল মাৰিলি বোপাইৰ বাপৰ বেটা।
পুথি খলিহা পাহে পাহে ৰয়॥
বৌ বৰালি সৰকিয়ে যায়।
ভদ্ৰসেনে ৰচিলে আকাজিৰ জুনা॥
সমস্ত সমাজে মন দি শুনা।

পছলাৰ জুনা৷

⸺:(০):⸻

সৰু জনীয়ে বুলিলে বৰ জনীক যায়।
আলহী আহিছে কিহৰে বা খায়॥
নকৰিবা চিন ভণী নকৰিবা চিতা।
বাৰীৰ পচলাৰে পাতি থৈছো মিতা॥
ক’ত বা থাকিলে মোৰ খঁৰা কলি।
পচলা আনিবলৈ হল দেৰ পৰ বেলি॥
হাতত খৰা কলি লৈ ৰাধনী হল থিয়।
সৰু সৰু পচলাৰ উৰি গল জীৱ॥
বৰ বৰ পচলাই আলচিলে কাজ।
ৰাধনী নমৰে মানে নেমেলো গাজ॥
কাটিলেক পচলা আনিলেক টানি।
তাতিত খোছ খায় ৰাধনী হল কাণী॥
কাটি আনি পচলা মজিয়াত থলে।
পচলাৰ পানী গৈ ঘৰ বুৰি গলে॥
আইয়ো উটিলে  বাইয়ো উটিলে
  উটিলে চাঙৰ মৈ।

[ ১১ ]

সাত খন গয়াঁই   খেদি আহিলে
  হাতত লানি গঢ় লৈ॥
ডাঙৰ ডাঙৰ কেইজন ছালে বেৰে ৰল।
সৰু সৰু কেইজন উপঙিয়ে গল॥
লাহনি খন আন পানী সিছি পেলাওঁ।
কটাৰী কুতুৰা আন কুটি পেলাওঁ॥
কুটিলেক পচলা নুগুচালে চেছু।
মাজত থাকিলে জেলুকীয়া কেচু॥
কুটিলেক পচলা এক চাৰি দোণ।
লৰ মাৰি আনিলে কুৰি কৰা লোণ॥
শাহুয়েকক শুধিলে চাৰে চিয়াঁৰে।
দিমে কি নিদিম শাহু আই একেবাৰে॥
দিয়া দিয়া বোৱাৰী ৰছি পছি য’ক।
আলহী আহিছে দেখা শুনা কৰি খক॥
হালোয়া পথৰুৱা বহে শাৰী শাৰী।
গৰৈ মাছে পচলাই কৰে ম'ৰা চালি॥
সিজালেক পচলা নিসিজিলে পাগে।
পচলা খাওঁতে শোৱা লৰা জাগে॥
যি জনীয়ে ৰান্ধিলে সিজনীয়ে খ’ক৷
পাগ মাৰিৰে হেছি দিয়া পেটলৈ য’ক॥
ৰাধনীয়ে নেখাই থলে দুৱাৰ চুকত।
গোৰচেৰেক মাৰি দিয়া ৰাধনীৰ বুকত॥
ধোয়া কাউৰিয়ে নি পেলালে ছালত।
চৰ চেৰেক মাৰি দিয়া ৰান্ধনীৰ গালত॥

[ ১২ ]

চৰ খাই গোৰ খাই উফন্দিলে গাল।
মুঠি চেৰেক জালুক আনি খুৱাই দিয়া জাল॥
ভদ্ৰসেনে ৰচিলে পচলাৰ জুনা।
সমস্ত সমাজে কাণ থিয়কৈ শুনা॥

নাঙলৰ জুনা।

হাবিত আছিল কেঁকুৰা কাঠ।
বাঢ়ৈয়ে আনি লগালে চাঁচ॥
চাঁচি কাটি কৰিলে নাঙল।
হালোৱাই নি বুৰিলে হাল॥
নাঙলে বুলিলে পিঠিত কুঁজ।
মইহে ধৰিছো পৃথিবীৰে যুঁজ॥
ফালে যে বুলিলে বাহৰে চেঁচু।
মই উলিয়াওঁ পাতালৰ কেঁচু॥
বেঙ্গাই বুলিলে বাহৰে আখি।
মইহে থৈছো ফাল খন ৰাখি॥
ডিলাই বুলিলে সবাতকৈ পোন।
মই যে নহলে হালোৱা কোন॥
যুৱলীয়ে বুলিলে সবাতকৈ হুয়া।
কান্ধত উঠি ফুৰো গধূলী পুৱা॥
শলমাৰিয়ে বুলিলে চাৰি ভাই ককাই।
চাৰিও থাকো চাৰি ফালে চাই॥
যুত জৰিয়ে বুলিলে মৰাপাটৰ লেৰু।
মই যে ৰাখো বৰ বৰ গৰু॥

[ ১৩ ]

আউটে বুলিলে মাজতে যোৰা৷
মই যে নহলে হালোৱা খোৰা॥
এছাৰিয়ে বুলিলে বাঁহৰে লেৰু৷
মই নহলে নলবে নচৰে গৰু॥
কাতিয়ে বুলিলে সবাতকৈ চোকা।
মই নহলে মাটি নহয় বোকা॥
গৰুয়ে বুলিলে দীঘল নেজা।
মোৰ উপৰত সকলো ৰজা॥
গরুয়ে বুলিলে সবাতকৈ ডাঙৰ৷
মই নেটানিলে নুগুচে জাবৰ॥
গৰুয়ে বুলিলে দীঘল নেজা।
মই নহলে সকলো মিছা।
কথিলে মথিলে পুৱালে ৰাতি৷
হালোৱা ককাইয়ে মাৰিলে গাটি॥
কোৰে যে বুলিলে মই ঘৰৰ বুঢ়ী।
মই পেলাওঁ কাষৰ কুৰি॥
মৈয়ে বুলিলে বাহৰে এফাল।
মই যে কৰো মাটি শীতল॥
দলিমৰাই বুলিলে কাঠৰে দণ্ডিৎ।
মই নহলে মাটি নহয় শীত॥
জবকাই বুলিলে সবাতকৈ মানী।
মই যে পেলাওঁ জাবৰ টানি॥
বিন্ধাই বুলিলে হেলোকা দতা।
মই যে নহলে ধান হয় বটা॥

(২)

[ ১৪ ]

খন্তিয়ে বুলিলে মই ঘৰৰ ঘৈণী।
মই যে নহলে নমৰে বনৰ জনী॥
ভদ্ৰসেনে ৰচিলে নাঙ্গলৰ জুনা।
সমস্ত সমাজে কাণ পাতি শুনা॥


ৰাধাৰ জুনা।

নেজানিলো নুশুনিলো ৰাখিলো গৰু।
বাটত ধৰি বিয়া দিলে আছয় মাহৰ সৰু॥
ধন লোভী বাপ মাৱ ঘৃত লোভী ভাই।
ধন দেখি বিবাহ দিলে লৰা জোৱাই॥
ইয়ে শোধে সিয়ে শোধে লৰা জোৱাই কৰা।
আচল ডাঙ্গি চোৱা যদি আছয় মাহৰ লৰা॥
আচলত পটা গুটি নথৈ কৰিম কি৷
আইয়ে দিছে লৰা জোৱাই নলৈ কৰিম কি॥
আইৰ আগে বাৰ্ত্তা কবা দিয়ক গাৰু তুলি।
তুলি নেপাই নিদ্ৰা নেয়াই খেৰে কাটে বুলি॥
দেউতাৰ আগে বাৰ্ত্তা কবা দিয়ক চামৰ পীৰা।
বহি ভাত খাব লাগে তেওঁৰ জোৱাই লৰা॥
ককাইৰ আগে বাৰ্ত্তা কবা এবাৰ আহিব যাব।
তেওঁৰ বৈনাই সৰু লৰা চিনি জানি লব॥
বৌৰ আগে বাৰ্ত্তা কবা দিয়ক ধেনু গাই।
দধি দুগ্ধ খাব লাগে তেওঁৰ নন্দ জোঁৱাই॥
হাটে যাওঁ বাট যাওঁ স্বামী কোলা লৈ।
কড়ি কড়া লাৰু কিনি স্বামীক খোৱাও গৈ॥

[ ১৫ ]

সমান সখিক পাই ৰাধাই পালে লাজ।
আচল ডাঙ্গি দলিমাৰে বকৰাণীৰ মাজ॥
বকৰানীত পৰি কৃষ্ণায় আজি ভাল কাল।
আজিৰ পৰা ৰক্ষা পালো ৰাধাৰ জঞ্জাল॥
এটী মোচৰ গৈলা প্ৰভু দুটী মোচৰ গৈলা।
নিদাৰুণী ৰাধাক প্ৰভু উভতি নেচাইলা॥
হাতো নগল তল ভৰিও নগল তল।
জানিলো জানিলো প্ৰভু তোমাৰ সম্বল॥
হেন জানি নিৰন্তৰে এৰি আন কাম।
পাতক ছাৰোক ডাকি বোলা ৰাম ৰাম॥


বাৰ মহীয়া গীত।

বহাগত বিলহীয়া বুধে গোধেনু ধুৱাই।
পিতৃ মাতৃ সেৱা কৰি তেবে গুৰু পাই॥
জেঠত জীবিকাৰ অৰ্থে কঠিয়া পাৰই।
ধলা গৰু কাৰ্য্যে নাহে কৃষ্ণক চৰণে ধিৱাই॥
আহাৰত আন্ধাৰ মেঘে কৰে বৃষ্টি।
কৃষি কৰিবাক লাগি কৰিলা দৃষ্টি॥
শাওণত সমে নদী গোপী কৰে খেলা।
বস্ত্ৰক চুৰ কৰি কদম্বে চৰিলা॥
ভাদত ভগৱন্ত উপজলা নাৰায়ণ৷
ইষ্ট গুৰু নেতাৰিলে নাম কি কাৰণ॥

[ ১৬ ]

আহিণত সিঙ্গে সিঙ্গাই কাটে হাঁহ ছাগ।
তথাপি মনুষ্যে নেপাই কৃষ্ণক লাগ॥
কাতিত কতোলোকে মৎস্যক নেখায়।
আকাশত বাতি লগাই ধৰ্ম্ম আছৰয়॥
আঘোণত ন নবীন দায় শালী ধান।
তাক খাই ভকতে লয় হৰি নাম॥
পুহত পাত পতম্বৰ হৰে বৃক্ষৰ পাত।
আয়ু চুলি তুতি যাই লোকৰ গাত॥
মাঘত মাধদেৱ নাতাৰিলে কেও।
ইষ্ট গুৰু পূজা কৰি মানি আছো দেও॥
ফাগুনত কন্যাদান কৰাই-ভোজন।
কুশ-বনে বিয়া দিলে অৰুণ চৰণ॥
চ’তত শ্ৰীকৃষ্ণায় কান্দে বিহুয়া চৰাই।
শিপিনীৰ সুখ নাই গৃহিণী বোলাই॥


পৰুৱাৰ জুনা৷

ভাতে ৰান্ধি দিয়া  খাওঁ মই পৰুৱা
 পানী আনি দিয়া খাওঁ৷
চাউল কঠি চেৰেক  ৰান্ধি দিয়া পৰুৱা
 সদীয়া দেশলৈ যাওঁ॥

[ ১৭ ]

পৰুৱাই ৰান্ধিলে  পৰুৱাই বাঢ়িলে
 পৰুৱাই নেখালে ভাত।
ৰাতিৰ ভিতৰত  কাটে সৰু সূতা
 পুৱালৈ লগালে তাত॥
সদীয়া দেশৰে কপাহ কিনি আনি
 দিলেহি পৰুৱাৰ হাতত।
এসেৰ কপাহক  ছমাহ ছন্দিয়াই
 ছমাহত লগালে তাত॥
ছমাহে কাটিলে  ছমাহে বাছিলে
 ছমাহঁত উলিয়াই সূতা৷
যি যিনি কাটিলে  ৰেতেউ তেউ কৰি
 যেনে বৰ ঘৰৰ খুটা॥
এসেৰা কাটিলে  ৰেতেউ তেউ কৰি
 থাকিলে শালত লাগি।
এসেৰা কাটিলে ৰেতেউ তেউ কৰি
 কাটে মাজ নিশা ৰাতি॥


এসেৰা কাটিলে মাজ নিশা ৰাতি।
তাৰে বান্ধিলে দঁতাল হাতী॥
এসেৰা কাটিলে সবাতকৈ সৰু।
তাৰে বান্ধিলে  ডমৰা গৰু॥
এসেৰা কাটি থলে বেৰত তুলি।
হালোৱাই লৈগল মৈজৰি বুলি॥

[ ১৮ ]

কুকুৰা যুঁজাবৰ কাঠি মোৰ বুঢ়ী আই
 কুকুৰা যুঁজাবৰ কাঠি৷
গাওঁৰ বাই ভণী মাতি আন বুঢ়ী আই
 হাচটি কৰোগৈ বাতি॥
দীঘলি বাটতে ৰাচ বাতি কৰে
 ৰাচৰ নেখেলিলে কনি৷
ফলিয়া বেতৰে মোচোৰা মাৰিলে
 মোচোৰা নেপালে মণি॥
চিলাই পুঠি মাছ  নিলে বাই বুঢ়ী আই
 চিলাই পুঠি মাছ নিলে।
গোট বাঁহকে লয় চাছি কাটি
 হাচটি পুটলত দিলে॥
কি খৰি লুৰিবৰ চহে বাই বুঢ়ী আই
 কি খৰি লুৰিবৰ চহ৷
গোট ভলুকা বাঁহ লয় থোৰ চিঙ্গি
 হাচটিত লগালে বহ॥

নাহৰৰ জুনা৷

আই আই বুলি নাহৰে মাতিলে
 মাকৰ মুখলৈ চাই৷
কিয়নো মাতিছা নাহৰ চেনিমুৱা
 চৰুত পঁয়তা ভাত নাই॥

[ ১৯ ]

ভাতে বান্ধি দিয়া খাওঁ বুঢ়ী আই
 পানী আনি দিয়া খাওঁ।
অনেক বেহুৱাই যায় বেহাবলৈ
 ময়ো বেহাবলৈ যাওঁ॥
কিনো বেহুৱাৰ আলৈয়ে বিলৈয়ে
 কিনো বেহুৱাৰ দুখ।
ৰাতি খাই মাৰে নগা দাম দুমে
 দিনত খাই মাৰে জোক॥
নাহৰ চেনিমুৱা  ওলাই বেহাবলৈ
 ছকুৰি কুকুৰাৰ ভাৰ৷
দিখৌ নৈৰ পানী কৰে তল বল
 ঘাটৈয়ে নকৰে পাৰ॥

 হাই দি তুলিবৰ লাই।
দেশৰ বেহুৱাই যায় বেহাবলৈ
 নাহৰ চেনিমুৱা নাই॥

 কি মাছ মাৰিবৰ হল।
লোণ ভাৰ পেলাই মাটি ভাৰ আনিলে
 ঠাই মচিবলৈ হল॥


[ ২০ ]

ধপাতৰ জুনা।

চিলিম শ্ৰীহৰি দবা নাৰি কলি
 আমি তিনি চাৰি ভাই।
একে দাল নলীতে  সবে ধোৱা খালে
 তাৰো জাতি কুল নাই॥
চিলিম শ্ৰীহৰি  দবা নাৰি কলি
 তামৰে বন্ধোৱা গা।
এনো ধোৱা খোৱা  বন্ধাই লৈ আহোঁগৈ
 আতোলা সোণৰে লা॥
চিলিমে কান্দিলে চিঁউ চিঁউ কৰি
 গৰবে মাতিলে ঔ৷
নলনিৰ পৰা নলীছাই মাতিলে
 ধপাত লগালা নে নৌ॥
বুঢ়া কইটালি বহি কিয়ে কৰা
 পচাইছো ধপাতৰ পুলি৷
লৰাও নেজানে বুঢ়াও নেজানে
 সবে খাই ধপাতৰ গুৰি॥
চোতাৰ আগৰে কেচা ধপাত খিলি
 মোহাৰি কৰি যাওঁ গুৰি।
বাটৰ সমনীয়াক মাতো আটাহ পাৰি।
 এচুহি খোৱাহি বুলি॥

[ ২১ ]

ধঁপাত খাই খাই ধূমুৰি ধৰিলে
 তললৈ কৰিলে মূৰ৷
জখলা পাতিয়ে উঠা বুঢ়ী আই
 দিয়াহি ধোৱা চাঙ্গৰ গুড়॥
ভাঙো এ খালো ধুতুৰা এ খালো
 তেও নপতিয়াই চিত।
গাধুই উঠি শ্ৰীৰাম গোসাঁয়ে
 গাইছে ধপাতৰ গীত॥

⸻ ০ ⸻


বৰ্ণ জুনা।

ক বোলে কলিযুগে ৰাম নামে সাৰ।
 ’’ ক্ষন্তেকে কৰিব নিস্তাৰ॥
 ’’  গৰ্ভতে নাথাকিবা শুই
 ’’  ঘাটি দিয়া পাপে লাগে জুই॥
 ’’  ৰিং মাৰি চাৰি বেদে কয়।
 ’’ চণ্ডালেও হৰি নাম লয়॥
 ’’  ছত্ৰ ধৰি নিব অন্তিমত।
 ’’  জৰ ৰোগে সবে হব হত॥
 ’’  ঝৰে ৰক্ষা কৰিবহি নামে।
 ’’  ৰিঙাব নেলাগে ঐ কামে॥

[ ২২ ]

 ’’ টলবল নকৰিবা মন।
 ’’ ঠিৰ ৰূপে কৰিবা ভ্ৰমণ॥
 ’’ ডৰ নকৰিবা একো নৰে।
 ’’ ঢলিয়াব চক্ৰ ধৰি কৰে॥
 ’’ গলমলা নামে লোৱা লেখ।
 ’’ তাৰি নিব বৈকুণ্ঠ প্ৰবেশ॥
 ’’ থিৰ ৰূপে লোৱা হৰি নাম।
 ’’ দয়াময় কৃষ্ণ হৰি নাম॥
 ’’ ধৰ্ম্মমতে লোৱা হৰি নাম।
 ’’ নৰতনু ঈশ্বৰক পাম॥
 ’’ পৰম সাদৰি হৰি নাম।
 ’’ ফল পাবা সিদ্ধি হব কাম॥
 ’’ বৈকুণ্ঠলৈ নামে হব ৰথ।
 ’’ ভয় নাই নামেসে সাৰ॥
 ’’ মনুষ্যৰ পাপ হব মুক্তি।
 ’’ যতে ততে নামে কৰে ৰতি॥
 ’’ ৰাম নাম নেৰিবা সদাই।
 ’’ লবা ঘণে ঘণে নামৰ সহাই॥
 ’’ অৱশ্যে হৈবে নিস্তাৰ।
 ’’ শৰীৰত পাপে হব সাৰ॥
 ’’ ছয় চক্ৰ নামেসে বসতি।
 ’’ সদা সদা লভিব মুকুতি॥
 ’’ হৰি হৰি বোলা সবে নৰে।
ক্ষ ’’ ক্ষন্তেকতে তাৰিব ঈশ্বৰে॥

[ ২৩ ]

হৰি মই কেনে ভৈলো সেৱাৰ বঞ্চিৎ।
কি কাৰণে বিধতাই স্ৰজিলে ভূমিত॥
গৰ্ভবাস নৰকত আছিলো দুখত।
তষু নাম কৃষ্ণ কথা নাহিলে মুখত॥
ফুৰো মই বসন্ত কালত কৰি কেলি।
মই পাপী অধমক নেপেলাবা ঠেলি॥
কহয় মাধৱ মোৰ ভৈলো সেৱা চূৰ।
তিন কোটী অপৰাধ ক্ষমা কৰা মোৰ॥

তৰাৰ কথন।

দেখা কেনে আকাশত থুপি থুপি তৰা।
আকাশ চাই খেলা কৰে সৰু সৰু লরা॥
কুকুৰ বাহি তৰা গলে জাক পাতি থাকে।
অৰুঞ্জুৰি নামে তৰা এক জুৰি থাকে॥
ভোটা তৰা নামে এক আছে আকাশত।
সিটো ওলাবৰ পৰা অকাল সংসাৰত॥
পপীয়া তৰা নামে এক নেজলগা হয়।
কোনো কোনো লোকে তাক নেজালতৰা কয়॥
একবাৰ ওলাই সিটো একবাৰ সোমায়।
নেজ চিগি দখৰ দখৰ যায় গম গমায়॥
তামোলী তৰা নামে এক থাকে স্বৰগত।

[ ২৪ ]

অতি সুকুমল প্ৰাণ চন্দ্ৰ গুৰুৰ মত॥
মই নাজানিলো ইসবে কিনো খাই জীয়ে।
সৰ্ব্বদাই চন্দ্ৰ গুৰুক তামোল কাটি দিয়ে॥
কোনমতে তান সবে আকাশত ৰয়।
পৰিম বুলি ইসবে নকৰয় ভয়॥
নিশ্চয় জানিলো ইসব দেৱ গণ হয়।
মৰণ আকাল তান আছে কিহৰ ভয়॥
দেৱগন হোয়া থাকে আমাসাত আৰেঁ।
আহাৰ নকৰি সি সব থাকিবাক পাৰে॥


স্বৰগদেৱৰ কথন।

স্বৰগদেৱে কোনো দিনে ধেলেকনি মাৰে।
বছৰ মাজে দুবাৰ তিপ কণি পাৰে॥
স্বৰগদেৱে বৰ টোপ মাৰে নিৰন্তৰে।
উৎপাত কৰে আমাৰ পৃথিবী ভিতৰে॥
দেখা চোঁন স্বৰ্গদেৱে বৰষুণ আনি৷
খৰ খৰিয়া বাম মাটিত কৰে পানী॥
ইটো কথা কোন কালে পাহৰিম তাৰ।
তেওঁয়ে দিছে আমাক পেতৰ আহাৰ॥


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )