পৃষ্ঠা:তাঁতিৰ জুনা.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)

সাত খন গয়াঁই   খেদি আহিলে
  হাতত লানি গঢ় লৈ॥
ডাঙৰ ডাঙৰ কেইজন ছালে বেৰে ৰল।
সৰু সৰু কেইজন উপঙিয়ে গল॥
লাহনি খন আন পানী সিছি পেলাওঁ।
কটাৰী কুতুৰা আন কুটি পেলাওঁ॥
কুটিলেক পচলা নুগুচালে চেছু।
মাজত থাকিলে জেলুকীয়া কেচু॥
কুটিলেক পচলা এক চাৰি দোণ।
লৰ মাৰি আনিলে কুৰি কৰা লোণ॥
শাহুয়েকক শুধিলে চাৰে চিয়াঁৰে।
দিমে কি নিদিম শাহু আই একেবাৰে॥
দিয়া দিয়া বোৱাৰী ৰছি পছি য’ক।
আলহী আহিছে দেখা শুনা কৰি খক॥
হালোয়া পথৰুৱা বহে শাৰী শাৰী।
গৰৈ মাছে পচলাই কৰে ম'ৰা চালি॥
সিজালেক পচলা নিসিজিলে পাগে।
পচলা খাওঁতে শোৱা লৰা জাগে॥
যি জনীয়ে ৰান্ধিলে সিজনীয়ে খ’ক৷
পাগ মাৰিৰে হেছি দিয়া পেটলৈ য’ক॥
ৰাধনীয়ে নেখাই থলে দুৱাৰ চুকত।
গোৰচেৰেক মাৰি দিয়া ৰাধনীৰ বুকত॥
ধোয়া কাউৰিয়ে নি পেলালে ছালত।
চৰ চেৰেক মাৰি দিয়া ৰান্ধনীৰ গালত॥