এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৭)
পৰুৱাই ৰান্ধিলে পৰুৱাই বাঢ়িলে
পৰুৱাই নেখালে ভাত।
ৰাতিৰ ভিতৰত কাটে সৰু সূতা
পুৱালৈ লগালে তাত॥
সদীয়া দেশৰে কপাহ কিনি আনি
দিলেহি পৰুৱাৰ হাতত।
এসেৰ কপাহক ছমাহ ছন্দিয়াই
ছমাহত লগালে তাত॥
ছমাহে কাটিলে ছমাহে বাছিলে
ছমাহঁত উলিয়াই সূতা৷
যি যিনি কাটিলে ৰেতেউ তেউ কৰি
যেনে বৰ ঘৰৰ খুটা॥
এসেৰা কাটিলে ৰেতেউ তেউ কৰি
থাকিলে শালত লাগি।
এসেৰা কাটিলে ৰেতেউ তেউ কৰি
কাটে মাজ নিশা ৰাতি॥
এসেৰা কাটিলে মাজ নিশা ৰাতি।
তাৰে বান্ধিলে দঁতাল হাতী॥
এসেৰা কাটিলে সবাতকৈ সৰু।
তাৰে বান্ধিলে ডমৰা গৰু॥
এসেৰা কাটি থলে বেৰত তুলি।
হালোৱাই লৈগল মৈজৰি বুলি॥