ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/ছশ মানুহে মোক কঢ়িয়াই নিলে ছান জুৱানলৈ

[ ৮৪ ]

বাৰ

ছশ মানুহে মোক
কঢ়িয়াই নিলে ছান জুৱানলৈ

 সেই মুহূৰ্তত মই মুঠেও যি আশা কৰা নাছিলোঁ স্পষ্টকৈ তেওঁ সেয়াই উত্তৰ দিলে— ‘কলম্বিয়া।’

 প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়েই মানুহজন উভতি আহিল। মই অপেক্ষা কৰাৰ আগতেই কিছু সময় পাছতে মানুহজন উভতি আহিল। খৰাহি বোজাই গাধটো আৰু এলুমিনিয়ামৰ পাত্ৰটো লোৱা সেই ক’লী ছোৱালীজনীও ( পাছত জানিবলৈ পাইছিলোঁ, তাই হেনো মানুহজনৰ বান্ধৱী ) তেওঁৰ লগত আছে। কুকুৰটোৱে মোক এতিয়াও এৰি দিয়া নাই। শুঙা আৰু চেলেকা বন্ধ কৰি সি মোৰ কাষতে শুই পৰিছিল। আধা টোপনিৰ মাজত থাকি সি তাৰ গৰাকীলৈ সম্ভৱতঃ অপেক্ষা কৰিছিল। গাধটো দেখাৰ পাছত সি এতিয়া নেজ জোকাৰি জঁপিয়াবলৈ ধৰিলে।

 ‘তুমি খোজকাঢ়িব পাৰিবানে?’- মানুহজনে প্ৰশ্ন কৰিলে।

 ‘চাওঁচোন বাৰু।’— থিয় হ’বলৈ চেষ্টা কৰিলোঁ মই, কিন্তু ভাৰসাম্য ৰাখিব নোৱাৰি বাগৰি পৰিলোঁ।

 মাটিত পৰাৰ আগতেই তেওঁ মোক ধৰি পেলালে।

 ‘ওহোঁ, তুমি নোৱাৰিবা।’ তেওঁ ক'লে।

 ছোৱালীজনীৰ সৈতে ধৰাধৰিকৈ মানুহজনে কোনোপ্ৰকাৰে মোক গাধটোৰ পিঠিত তুলি দিলে। মই দুয়ো হাতেৰে ভালদৰে ধৰাৰ পাছত গাধটোক টানি লৈ যাবলৈ ধৰিলে। চাৰিওফালে জঁপিয়াই জঁপিয়াই কুকুৰটোও আগবাঢ়িল আগে আগে।

 ৰাস্তাৰ কাষত শাৰী শাৰী নাৰিকলৰ গছ। সমুদ্ৰত মই তৃষ্ণা সহ্য কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া এনেদৰে শাৰী শাৰী নাৰিকল গছৰ মাজেৰে গাধৰ পিঠিত উঠি গৈ থাকোঁতে ভাব হ'ল আৰু এক মুহূৰ্তও মই নোৱাৰিম। মই নাৰিকলৰ পানী খাব বিচাৰিলোঁ।

[ ৮৫ ]  ‘মোৰ ওচৰত ছুৰী নাই।’— মানুহজনে উত্তৰ দিলে।

 তেওঁ সঁচা কথা কোৱা নাছিল। তেওঁৰ বেল্টত এখন ছুৰী ওলমি থকা মই দেখিবলৈ পাইছিলোঁ। মোৰ দেহত যদি শক্তি থাকিলহেঁতেন, তেন্তে ছুৰীখন মই কাঢ়ি ল'লোহেঁতেন আৰু নাৰিকল এটা কাটি ভিতৰৰ সকলোখিনি খাই পেলালোহেঁতেন।

 পাছত বুজিছিলোঁ কিয় তেওঁ মোক নাৰিকলৰ পানী দিব খোজা নাছিল। মোক লগ পোৱাৰ পাছত প্ৰথমে তেওঁ যেতিয়া আঁতৰি গৈছিল, তেতিয়া তেওঁ দুই কিলোমিটাৰ নিলগৰ এখন গাঁৱলৈ গৈছিল। সেই গাঁৱৰ মানুহে তেওঁক পৰামৰ্শ দিছিল— যাতে ডাক্তৰৰ পৰামৰ্শ অবিহনে মোক একো খাবলৈ দিয়া নহয়। আৰু এতিয়া বিড়ম্বনা এয়ে যে ইয়াত একেবাৰে সমীপৰ ঠাই ছান জুৱান দে উৰাবাতহে থাকে ডাক্তৰ, য’লৈ যাবলৈ সময় লাগিব আৰু দুটা দিন।

 আধাঘণ্টামানৰো কম সময়ৰ ভিতৰত আমি এটা ঘৰত উপস্থিত হ'লোঁ। ৰাস্তাৰ দাঁতিত অৱস্থিত এটা পুৰণিকলীয়া ঘৰ।

 কাঠেৰে তৈয়াৰী, চালখন টিনৰ। ঘৰৰ আৱাসী হিচাপে আছে তিনিজন পুৰুষ আৰু দুগৰাকী মহিলা। সকলোৱে ধৰি-মেলি মোক গাধৰ পৰা নমালে। তাৰ পাছত দাঙি লৈ গ'ল শোৱনি কোঠালৈ। তাতে বিছনা এখনত শুৱাই দিলে। মহিলা এগৰাকীয়ে ৰান্ধনি ঘৰৰ পৰা ডালচেনিৰ গোন্ধেৰে ভৰা অলপ গৰমপানী লৈ আনিলে। তেওঁ বিছনাৰ কাষত বহি লৈ চামুচেৰে মুখত বাকি দিলে সেই পানী। পৰম তৃপ্তিৰে কেইচামুচমান খালোঁ মই। এনে লাগিল যেন শক্তি উভতি আহিছে মোৰ। দূৰ হৈছে তৃষ্ণা ৷ এতিয়া মাথোঁ মই তেওঁলোকক ক'ব খোজোঁ— কি হৈছিল মোৰ।

 দুৰ্ঘটনাৰ খবৰটো কোনেও শুনা নাছিল। মই আদ্যোপান্ত বিৱৰি ক’বলৈ ধৰিলোঁ ঘটনাটো— যাতে সিহঁতে বুজি পায় মই কি কষ্টৰে নিজৰ জীৱন ৰক্ষা কৰিব পাৰিছোঁ। মই প্ৰথমে ভাবিছিলোঁ— পৃথিৱীৰ যি স্থানতে উপস্থিত নহওঁ কিয়, সকলোৱে ইতিমধ্যে জানি গৈছে দুৰ্ঘটনাৰ সেই চাঞ্চল্যকৰ খবৰ। মহিলাগৰাকীয়ে মোক এটা শিশুৰ দৰে চামুচেৰে ডালচেনিৰ পানী খুৱাই থকাৰ সময়ত মোৰ ভুল ভাগিল। বুজি পালোঁ যে মই ভুল ধাৰণাৰ বশৱৰ্তী হৈ আছিলোঁ।

 মই তেওঁলোকক বাৰে বাৰে কোৱাৰ চেষ্টা কৰিলোঁ, প্ৰকৃততে কি ঘটিছিল। পুৰুষ-মহিলাসকলে কেৱল মোৰ বিছনাৰ কাষত থিয় হৈ নিৰুত্তাপ দৃষ্টিৰে চাই ৰৈছে। এনে লাগিছে যেন মোক কেন্দ্ৰ কৰি কিবা এটা অনুষ্ঠান চলিছে। দহ দিন সাগৰত হাঙৰৰ মুখৰ পৰা বাচি আহি, সমুদ্ৰৰ সকলোধৰণৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰি আজি যদি মই আনন্দত আত্মহাৰা হৈ নপৰিলোহেঁতেন, তেন্তে এই মানুহবোৰ ভিন্নগ্ৰহী প্ৰাণী বুলি বিশ্বাস কৰিলোহেঁতেন।

[ ৮৬ ]  কোনে বিশ্বাস কৰিব মোৰ গল্প

 মোক চামুচেৰে পানী খুৱাই থকা দয়াশীলা মহিলাগৰাকীয়ে বাৰে বাৰে মোক বাধা দি কৈছে—

 ‘চুপ কৰা। তোমাৰ কাহিনী আমি পাছত শুনিম।’

 কিবা এটা খাবলৈ মই অস্থিৰ হৈ পৰিলোঁ। পাকঘৰৰ পৰা দুপৰীয়াৰ কিবা সুস্বাদু খাদ্যৰ গোন্ধ ভাঁহি আহিছে। কিন্তু মোৰ সকলো অনুৰোধেই অগ্ৰাহ্য হ’ল।

 সিহঁতে ক’লে— ডাক্তৰ অহা নাই। ডাক্তৰ আহিলেহে হ'ব।

 দহ মিনিটৰ মূৰে মূৰে মোক চেনিৰ পানী খুৱাই থাকিল। কম বয়স্কা ছোৱালী এজনীয়ে মোৰ ঘা টুকুৰা গৰম পানীৰে পৰিষ্কাৰ কৰি দিলে। দিনটো ধীৰে ধীৰে এনেদৰেই শেষ হ’ল। মই বহুখিনি সুস্থতা অনুভৱ কৰিছোঁ। অনুভৱ কৰিছোঁ সতেজতা। মই নিশ্চিত, বিপদৰ কোনো ভয় নাই। বন্ধুভাবাপন্ন মানুহৰ পৰিচৰ্যাতে মই আছোঁ। তেওঁলোকে যদি চেনিৰ পানীৰ সলনি কিবা গোটা বস্তু খাবলৈ দিলেহেঁতেন, হজম কৰিব নোৱাৰি মোৰ শৰীৰৰ অৱস্থা তেতিয়া অধিক জটিল হ’লহেঁতেন।

 মোক উদ্ধাৰ কৰা মানুহজনৰ নাম দামাছোঁ ইমিতেলা। ন মাৰ্চৰ পুৱা দহ বজাত মই পাৰ আহি লাগিছিলোঁ। ওচৰতে মুলাটোছে ষ্টেচন। মোক শুশ্ৰূষা কৰা মানুহঘৰৰ কোনোবাই পাছত পুলিচ লৈ আনিলে। পুলিচৰ মানুহেও নাজানে জাহাজ দুৰ্ঘটনাৰ খবৰটো। আচলতে মুলাটোছৰ ফোনেও একো গম নাপায়। ইয়ালৈ বাতৰিকাকত এখনো নাহে। ইয়াৰ এখন দোকানত ইলেক্ট্ৰিক মটৰেৰে চলোৱা এটা ৰেফ্ৰিজাৰেটৰ আছে আৰু আছে এটা ৰেডিঅ'। কিন্তু ইয়াৰে কোনেও বাতৰি নুশুনে। পাছত দামাছ ইমিতেলাই পুলিচ ইন্সপেক্টৰক সাগৰৰ পাৰত উদ্ধাৰৰ সময়ত মই যিবোৰ কৈছিলোঁ, সেইবোৰ বৰ্ণনা কৰিছিল। তেতিয়া তেওঁলোঁকে ডেষ্ট্ৰয়াৰ কালডাছৰ দুৰ্ঘটনাৰ বিষয়ে কিবা খবৰ পায় নেকি জানিবলৈ ওৰে দিন মটৰচাইকেল চলাই কাৰটাজেনাৰ বাতৰি বিচাৰি ফুৰিছিল। কিন্তু ক’তো দুৰ্ঘটনাৰ খবৰ নাই। মাথোঁ যিদিনা সন্ধিয়া ঘটনাটো ঘটিছিল, তাৰে সামান্য বৰ্ণনাহে শুনিবলৈ পাইছিল তেওঁলোকে।

 পুলিচ ইন্সপেক্টৰৰ অধীনস্থ পুলিচসকলৰ উপৰি মুলাটোছৰ প্ৰায় ষাঠিজন মানুহ আহি গোট খালে মোক সাহায্য কৰিবলৈ। দুপৰীয়া তেওঁলোক সকলো ঘৰত আহি উপস্থিত হ’ল। তেওঁলোকৰ হাই-উৰুমিয়ে ভাঙি দিলে বাৰ দিনৰ মূৰৰ মোৰ গভীৰ নিদ্ৰা। ৰাতিটো অন্ত পৰাৰ আগতেই ঘৰটো উৎসুক মানুহেৰে ঠাহ খাই পৰিল ৷ পাছৰ দিনসমূহতো সকলো ঠাইতে এই ভিৰ অব্যাহত থাকিল। তেওঁলোকে হাতে হাতে লেম্প আৰু জোঁৰ লৈ আহি ওলাইছিল মোক চাবলৈ। পুলিচ ইন্সপেক্টৰে তেওঁৰ [ ৮৭ ] সহকৰ্মীসকলৰ সৈতে ধৰাধৰি কৰি মোক বিছনাৰ পৰা দাঙি আনোতে এনে লাগিল যেন ৰ'দে পোৰা মোৰ গাৰ ছাল তেওঁলোকে এৰুৱাই নিছে। কি অসহ্যকৰ কাণ্ড।

 উৎকট গৰমে সকলো দহিছে। যিসকলে মোৰ জীৱন বচাবলৈ তৎপৰ, তেওঁলোকে মোক দমবন্ধ কৰি মাৰিব খুজিছে। ৰাস্তাত ভৰি দিয়াৰ সময়ত লেম্প আৰু জোঁৰৰ অজস্ৰ পোহৰৰ জিলিকনি আহি মোৰ মুখত পৰিল। ছাট্‌ মাৰি ধৰিছে মোৰ চকু। জনতাৰ কলৰৱ আৰু পুলিচৰ ৰূঢ় নিৰ্দেশে কাণ তাল মাৰি ধৰিছে। নাজানো কেতিয়া গৈ গন্তব্য স্থান পাম। ডেষ্ট্ৰয়াৰৰ দুৰ্ঘটনাৰ দিনটোৰ পাছৰে পৰা পেটত খুদ-কণ এটাও পৰা নাই। অনাহাৰে মোৰ শক্তি শেষ কৰি পেলাইছে, কিন্তু তাৰ পাছতো স্তব্ধ হোৱা নাই মোৰ গতি – অজান-অচিন পথেৰে কেৱল গৈয়ে আছোঁ। আজি এই শেষ ৰাতিও ক'লৈনো গৈ আছোঁ বুজিব পৰা নাই। এইসকল সুহৃদ জনতাই মোক কিনো কৰিব খুজিছে বুজি পোৱা নাই মই।

 ফকীৰৰ সাধু

 মই আহি উপস্থিত হোৱা পাৰৰ পৰা মুলাটোছৰ ৰাস্তা বৰ দীঘল আৰু দুৰ্গম। এখন কোমল বিছনাত দুয়ো কাষে দুডাল খুঁটি বান্ধি সাঙীৰ দৰে সাজি ল’লে। তাতে তুলি দিলে মোক। তাৰ পাছত কান্ধত তুলি সেই সাঙী আগবাঢ়িছে একা-বেঁকা সৰু পথ এটাৰে। বাহিৰৰ মুকলি বতাহো লেম্পৰ জুইৰ পোহৰে উত্তপ্ত কৰি তুলিছে— যেন বন্ধ কোঠা এটাৰ দৰেই গৰম। আঠজন মানুহে পাল পাতি মোক কঢ়িয়াই আনিছে। মাজতে খাবলৈ মোক সামান্য পানী আৰু বিস্কুট দুখনমানো দিছে। মই জানিবলৈ বিচাৰিলোঁ তেওঁলোকে মোক ক'লৈ কঢ়িয়াই নিছে, কিয়েই বা কৰিব খুজিছে? কিন্তু কোনেও সদুত্তৰ দিব খোজা নাই। মানুহৰ সমদলটোক ইন্সপেক্টৰে নেতৃত্ব দিছে। কাকো মোৰ কাষলৈ আহিবলৈ দিয়া নাই। বাৰে বাৰে মোৰ কাণত পৰিছে মানুহৰ চিৎকাৰ, মানুহৰ গুঞ্জন। পুলিচৰ নিৰ্দেশ। মুলাটোছৰ মূল পথ পোৱাৰ পাছত পুলিচে ভিৰ নিয়ন্ত্ৰণ কৰিব নোৱৰা হ’ল। পুৱা তেতিয়া আঠ বাজিছে।

 মুলাটোছ এখন সৰু গাঁও— মাছুৱৈৰ বাসভূমি। কোনো টেলিগ্ৰাফ অফিচ নাই ইয়াত। ছান জুৱান ডে উৰাবাই হ’ল একেবাৰে সমীপৰ চহৰ। মল্টেৰিয়াৰ পৰা সপ্তাহত দুবাৰ এখন সৰু বিমান নামে ইয়াত৷ ক্ষুদ্ৰকায় গাঁওখন পোৱাৰ পাছত সুন্দৰ ঠাই এখনলৈ ভ্ৰমণৰ বাবে অহা যেন লাগিছিল। ভাবিছিলোঁ ভালদৰে খাবলৈ পাম।

 মুলাটোছ আহি পোৱাৰ পাছত মানুহ এঘৰলৈ লৈ অনা হ’ল মোক। মোৰ মনত পৰিল, দুবছৰ আগতে বোগোটাত পঞ্চাছ ছেণ্টাভোছ বিনিময়ত এজন ফকীৰক দৰ্শনৰ সুযোগ পাইছিলোঁ। কেইবা ঘণ্টা শাৰী পাতি থিয় হোৱাৰ পাছত সাক্ষাৎ ঘটিছিল সেই [ ৮৮ ] ফকীৰৰে। দেখিছিলোঁ এটা কাঁচৰ বাকচৰ ভিতৰত। অন্তহীন হেঁচা-ঠেলা, দম বন্ধ পৰিৱেশৰ মাজত ঘণ্টাৰ পাছত ঘণ্টা থিয় হৈ অৱশেষত ফকীৰক দৰ্শনৰ সুযোগ পাইছিলোঁ যদিও অসহ্য লাগিছিল। ভাব হৈছিল এতিয়াই ওলাই যাওঁ বাহিৰৰ মুক্ত পৰিৱেশৰ মাজলৈ। প্ৰাণভৰি গ্ৰহণ কৰোঁ সজীৱ খোলা বতাহ।

 ফকীৰৰ সৈতে মোৰ পাৰ্থক্য এটাই। তেওঁ আছিল এটা কাঁচৰ বাকচৰ ভিতৰত নটা দিনে খাদ্য মুখত নিদিয়াকৈ। আৰু মোৰ আজি অনাহাৰৰ দহ দিন। এটা দিন মুলাটোছৰ ঘৰৰ বিছনাত, বাকী আটাইবোৰ দিন সমুদ্ৰৰ বুকুত। এতিয়া মোৰ সমুখত অজস্ৰ অচিন মুখ। সেই মুখত অজস্ৰ অভিব্যক্তি। ক’লা মুখ, বগা মুখ— এখনৰ পাছত এখন মুখে ভুমুকি মাৰিছে, যেন শেষ নাই।

 গৰমো অসহ্যকৰ। এয়া কি যে এক বিচিত্ৰ অভিজ্ঞতা। যি শেষত এটা ডাঙৰ কৌতুকলৈ পৰ্যৱসিত হ’বলৈ ধৰিছে। এনে লাগিছে, হয়তো সাগৰত ডুব যোৱা জাহাজৰ নাৱিকক দেখুৱাবলৈ শ্ব’ পাতি টিকট বিক্ৰী কৰিছে কোনোবাই।

 মুলাটোছলৈ কঢ়িয়াই অনা বিছনাখনতে মোক ছান জুৱান ডে উৰাবালৈ কঢ়িয়াই লৈ যোৱা হ'ল। লগত উৎসুক জনতাৰ এটা দল, কমেও ছশটি শিশু আৰু মহিলাও আছে, আছে ঘৰচীয়া জীৱ-জন্তুও। কোনোবাই গাধৰ পিঠিত উঠিছে, সৰহসংখ্যকেই খোজ কাঢ়িছে। এই যাত্ৰাৰ বাবে দিনটো লাগিল। মানুহৰ ভিৰৰ মাজত, একা-বেঁকা পথেৰে আহি থাকোঁতে ভাব হ’ল, দেহলৈ লাহে লাহে শক্তি উভতি আহিছে। শুনিলোঁ জনশূন্য হৈ পৰিছে মুলাটোছ। পুৱাৰ পৰাই ৰেডিঅ'গ্ৰামটো উচ্চ স্বৰত বজাই দিয়া হৈছে— যেন মোক কেন্দ্ৰ কৰি উৎসৱৰ আয়োজন চলিছে। মই এতিয়াও বিছনাত। গোটেই গাঁৱৰ মানুহ হিলদ'ল ভাঙি ওলাই আহিছে মোক চাবলৈ। তেওঁলোকে গাঁৱতে মোক বিদায় দিব খোজা নাই। একেবাৰে ছান জুৱান ডে উৰাবালৈ আগবঢ়াই থ’ব। ওৰেটো পথত মোৰ খাদ্য বুলিবলৈ কেইখনমান সামান্য ছ'ডা বিস্কুট আৰু কেইচামুচমান পানী। কিন্তু এই সামান্য খাদ্যই মোৰ ভোক-পিয়াহ আৰু বঢ়াই তুলিছে।

 ছান জুৱান আহি পাওঁ মানে ৰাস্তা-ঘাট সকলোতে মানুহৰ ভিৰ। এখন সুন্দৰ ছবিৰ দৰে এই চহৰৰ সকলো মানুহে মোক দৰ্শন কৰিবলৈ উৎসাহী হৈ পৰিছে। অৱশ্যে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সকলোৱে হেঁচি-ঠেলি সমুখলৈ আগুৱাই আহিবলৈ হেতা-ওপৰা লগাইছে। মানুহৰ উন্মাদনাক নিয়ন্ত্ৰণ কৰিবলৈ পুলিচেও চেষ্টা চলাইছে সমানে।

 অন্ত পৰিল মোৰ যাত্ৰা। ডাক্তৰ হামবাৰ্টো গোমেজ হ’ল প্ৰথমজন চিকিৎসক—যিয়ে মোৰ স্বাস্থ্য তন্ন তন্নকৈ পৰীক্ষা কৰিলে। তেৱেঁই মোক সেই সুখবৰটো দিলে। স্বাস্থ্য পৰীক্ষাৰ অন্তত মোৰ দেহ আৰু মনৰ শক্তি সন্দৰ্ভত নিশ্চিত হোৱাৰ পাছতহে [ ৮৯ ] তেওঁ খবৰটো দিলে।

 ‘কাৰটাজেনালৈ তোমাক নিবৰ বাবে বিমান এখন সাজু হৈ আছে।’ মোৰ গালত মৰমেৰে হাত বুলাই ক'লে তেওঁ। ‘তোমাৰ পৰিয়ালৰ মানুহে তাতে তোমাৰ বাবে অপেক্ষা কৰিছে।’

 কথাষাৰ কৈ তেওঁ হাঁহিলে।