ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/আজব দেশত নতুন জীৱন
[ ৭৮ ]
বাৰ
আজব দেশত নতুন জীৱন
পোন্ধৰ মিনিট ধৰি সৰ্বশক্তিৰে সাঁতোৰাৰ পাছত মাটি দেখিবলৈ পালোঁ। এতিয়াও কমেও এক কিলোমিটাৰ দূৰ। মই নিশ্চিত হ'লোঁ— এয়া আৰু ভ্ৰম নহয়, বাস্তৱ। নাৰিকল গছবোৰৰ চূড়াত সূৰ্যটোৱে সোণ ছটিয়াইছে। পাৰত আৰু কোনো পোহৰ নাই। সমুদ্ৰৰ পৰা কোনো চহৰ, আনকি দেখা যোৱা নাই এটা ঘৰো। কিন্তু নিশ্চয় সেয়া পাৰৰ মাটিয়েই। বিছ মিনিটমান সাঁতোৰাৰ পাছত বিধ্বস্ত হৈ পৰিলোঁ মই। কিন্তু দৃঢ় বিশ্বাস, মই পাৰিমেই। আৱেগক মোৰ নিয়ন্ত্ৰণ শিথিল কৰিবলৈ দিব নোৱাৰোঁ। মোৰ আধা জীৱন পাৰ হৈছে পানীত। কিন্তু ৯ মাৰ্চৰ এই পুৱাৰ আগলৈকে এজন দক্ষ সন্তৰণ হোৱাটো কিমান জৰুৰী, সেয়া মুঠেও অনুভৱ কৰিব পৰা নাছিলোঁ। যিমানে আগুৱাইছোঁ, সিমানে স্পষ্টকৈ দেখিবলৈ পাইছোঁ নাৰিকলৰ গছবোৰ। সূৰ্য আকাশলৈ উঠি আহিছে। এনে লাগিল যেন মই এতিয়া মাটি চুবলৈ পামেই আৰু। চেষ্টা কৰিলোঁ, কিন্তু বেছ দ। সাঁতুৰিবই লাগিব। অন্য কোনো বিকল্প নাই। তাৰ পাছত কিমানপৰ সাঁতুৰিলোঁ মনত নাই। পাৰ পাওঁ মানে মূৰৰ ওপৰত তপত সূৰ্য। কিন্তু শৰীৰৰ পেশীত এতিয়া আৰু কোনো বিষ নাই, ছালতো পোৰণি নাই। প্ৰথম কেইমিনিটমানৰ ঠাণ্ডা পানীয়ে মোক ভয় খুৱাই দিছিল, কিজানিবা খজুৱতি তোলে। কিন্তু লাহে লাহে সজীৱ অনুভৱ কৰিলোঁ।
পাৰৰ কাষত পানীৰ উষ্ণতা সামান্য বাঢ়ি আহিল। হ’লেও মই ভীষণ ক্লান্ত। এনে লাগিছে যেন টোপনিৰ মাজতহে আছোঁ। ভোক আৰু পিয়াহক দমাই ৰাখি কেৱল মনৰ শক্তিৰে সাঁতুৰিছোঁহে সাঁতুৰিছোঁ।
চকুৰ সমুখত স্পষ্টকৈ ভাঁহি উঠিছে সূৰ্যৰ মৃদু আলোকত উজলি উঠা ঘন গছ-গছনি। পুনৰ মাটি স্পৰ্শ কৰিবলৈ চেষ্টা চলালোঁ। ঠিক ভৰিৰ তলতে মাটি। সমুদ্ৰৰ বুকুত দহটা দিন উটি-ভাঁহি ফুৰাৰ পাছত মাটিৰ এই স্পৰ্শ— আঃ সেয়া যে কি সুখৰ অনুভূতি!
হঠাৎ বুজিলোঁ— এতিয়াও মোৰ দুৰ্দশাৰ অন্ত পৰা নাই। শৰীৰৰ সকলো শক্তি [ ৭৯ ] নিঃশেষ হৈছে। থিয় হ'ব পৰা নাই। পানীৰ তলত চোৰৰ দৰে সোঁত। মোক টানি পেলাই দিলে পানীত। পাৰ পাবলৈ এতিয়া কিছু বাকী। মোৰ দাঁতৰ চেপাত ভাৰ্জিন অৱ কাৰমেনৰ লকেট। গাৰ কাপোৰ আৰু ৰবৰ শ্বোলৰ জোতা ভীষণ গধুৰ হৈ পৰিছে। কিন্তু এই অসম্ভৱ কঠিন পৰিস্থিতিৰ পাছতো অবিচল মই। নিশ্চয় মই কাৰোবাক এতিয়া দেখিবলৈ পাম। পেণ্টটো নোখোলাকৈয়ে মই পানীৰ সেই গোপন সোঁতৰ বিৰুদ্ধে যুঁজ দি গ'লোঁ। ভাব হৈছে যেন মই জ্ঞান হেৰুৱাবলৈ ধৰিছোঁ।
এতিয়া মোৰ কঁকাললৈকেহে পানী। আপ্ৰাণ চেষ্টাৰে আগুৱাই গ'লোঁ। পানী উৰুৰ সমান হ’ল কি নহ’ল, মই যেন এতিয়া বাগৰি পৰিম হামখুৰি খাই। আঁঠুকাঢ়ি হাতেৰে বালি খামুচি আগুৱাবলৈ ধৰিলোঁ ধীৰে ধীৰে। কিন্তু নাই, মোৰ দেহত আৰু অকণো শক্তি নাই। ঢৌৱে বাৰে বাৰে বগৰাই দিছে মোক। বালিৰ দানাবোৰত ঘঁহনি খাইছে আঁঠু দুটা। বুজিছোঁ, তেজো ওলাইছে, কিন্তু বিষ নাই। আঙুলিৰ মূৰবোৰৰ ছাল এৰাই গৈছে। তথাপি মই বালি খামুচি ধৰি আগুৱাবলৈ এৰা নাই। হঠাৎ মোৰ ভয় হ’ল। এনে লাগিল যেন মাটি আৰু সোণালী নাৰিকল গছবোৰ মোৰ চকুৰ সমুখৰ পৰা আঁতৰি যাবলৈ ধৰিছে।
সম্ভৱতঃ বিগত দিনৰ ভয়ংকৰ অভিজ্ঞতাবোৰৰ বাবেই মোৰ এই বিভ্ৰান্তি। গোপন সোঁতে মোক উটুৱাই নিব পাৰে, এই ভয়ে মোক সতৰ্ক কৰি তুলিলে। যোগালে সাহস আৰু শক্তি। হাতৰ বিধ্বস্ত আঙুলিবোৰলৈ আৰু কোনো দয়া-মায়া নকৰাকৈ পুনৰ বালি খামুচি আগুৱাত লাগিলোঁ। দহ দিনৰ ভোক-পিয়াহ আৰু দেহৰ যন্ত্ৰণাক নেওচা দিয়াটো মোৰ বাবে সম্ভৱ নাছিল। মই উষ্ম, কঠিন মাটিৰ সেই পাৰত পৰি গ'লোঁ। কোনো দুশ্চিন্তা মনলৈ ননাকৈ, কাকো ধন্যবাদ নজনোৱাকৈ, উল্লসিত নোহোৱাকৈ, কেৱল ইচ্ছাশক্তি আৰু জীৱন তৃষ্ণাৰ বাবেই মই এটুকুৰা নিৰ্জন-নিঃশব্দ অচিন পাৰ বিচাৰি পালোঁ।
মানুহৰ ভৰিৰ চিহ্ন
পাৰত এক অনন্ত নিস্তব্ধতাই মোক ঢাকি ধৰিলে। তাৰ পাছত লাহে লাহে কাণত পৰিল অদূৰৰ ঢৌৰ শব্দ— যি মাজে মাজে কৰুণভাৱে জঁপিয়াই পৰিছে পাৰত। নাৰিকল গছৰ পাতৰ মৃদু মৰ্মৰ ধ্বনিয়ে বুজাই দিলে যে মই পাৰ আহি পাইছোঁ। নিজক ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ মই, যদিও মই নাজানো পৃথিৱীৰ কোন চুকত আহি উপস্থিত হৈছোঁ।
বালিত বাগৰি শুই শুয়ে চতুৰ্দিশে দৃষ্টি দিলোঁ। কি যে ৰুক্ষ প্ৰকৃতি। যদি ইয়াত মানুহৰ উপস্থিতিৰ কিবা আভাস পাওঁ, তেন্তে সেয়া হ’ব ঈশ্বৰৰ আশীৰ্বাদ। আত্মতৃপ্তিৰে [ ৮০ ] বালিত থুতৰি গুঁজি মাথোঁ অপেক্ষা কৰিবলৈ ধৰিলোঁ। এনেদৰেই পাৰ হৈ গ'ল কমেও দহটা মিনিট। ধীৰে ধীৰে মোৰ দেহলৈ শক্তি উভতি আহিছে। ছয় বাজিছে এতিয়া। সূৰ্যটোও উজ্জ্বল হৈ আহিছে। দূৰত পৰি আছে কেইবাটাও শুকান নাৰিকল। বগুৱাবাই মই আগুৱাই গ'লোঁ। গছৰ গুৰিৰ শিপাত গা এৰি দি বহি পৰিলোঁ। দুই আঁঠুৰ মাজত লৈ ভাঙিবলৈ চেষ্টা কৰিলোঁ নাৰিকল এটা। ওহোঁ, ভঙা নাযায়। ভিতৰত পানীৰ খলখল শব্দ। এই অদ্ভুত চেপা শব্দই মোৰ তৃষ্ণা বঢ়াই তুলিলে। পেটত অকথ্য যন্ত্ৰণা, আঁঠুৰ ঘাৰ পৰা তেজ নিগৰিছে আৰু ছাল এৰাই যোৱা আঙুলিৰ মূৰবোৰ বিষত পোৰণি উঠিছে। সমুদ্ৰৰ বুকুত দহ দিনৰ অনাহাৰে মোক হিংস্ৰ-উন্মত্ত কৰি তুলিছে।
নাৰিকলৰ মূৰত ত্ৰিভুজ আকৃতিৰ তিনিটা চকু আছে। ছুৰী এখন থকা হ'লে সেই চকু ফুটা কৰি সহজেই পানীখিনি খাব পাৰিলোহেঁতেন। কিন্তু মোৰ হাতত আছে মাথোঁ এপাট চাবি। নাৰিকলৰ কঠিন বাকলি সেই চাবিপাটেৰেই এৰুৱাবলৈ চেষ্টা কৰিলোঁ। কিন্তু মোৰ কপাল ফুটা। শেষত আশা এৰি দি খঙত দলিয়াই দিলোঁ নাৰিকলটো। মাটিত পৰাৰ লগে লগে পুনৰ কাণত পৰিল পানীৰ খলখলনি।
চকুত পৰিল সমুখত মানুহ চলাচলৰ এটা পথ। এতিয়া মোৰ শেষ আশা এই পথটো। মোৰ ভৰিৰ কাষত সিঁচৰতি হৈ থকা নাৰিকলৰ ভঙা চোকোৰাবোৰে বুজাই দিছে যে নাৰিকল পাৰিবলৈ ইয়ালৈ মানুহ আহে। হয়তো নিতৌ আহে। গছত উঠি নাৰিকল পাৰি খায়। নিশ্চয় ওচৰতে কোনো জনবসতি আছে। ঠিক তেতিয়াই মই কুকুৰৰ ভুক্ভুকনি শুনিবলৈ পালোঁ। মোৰ অনুভূতি এতিয়াও তীক্ষ্ণ। মই স্পষ্টকৈ শুনিবলৈ পাইছোঁ পথটোৰে কোনোবা এজনে ধাতৱ শব্দ তুলি আগুৱাই আহিছে।
এজনী ক’লী ছোৱালী। অসম্ভৱ খীণ, স্বল্পবয়স্কা, দেহত শুভ্ৰ পোছাক। হাতত এলুমিনিয়ামৰ এটা পাত্ৰ, ঢাকনীখনৰ খুন্দাত সৃষ্টি হৈছে সেই ধাতৱ শব্দ।
এয়া কোন দেশত আহি উপস্থিত হৈছোঁ মই!
এই ক’লী ছোৱালীজনী নিশ্চয় জামাইকাৰ। মই ভাবিছিলোঁ ছান আনড্ৰেছ আৰু প্ৰভিডেনছিয়াদ্বীপসমূহৰ কথা। হয়তো হ’ব পাৰে এনটিলছৰ কিবাদ্বীপ। যিয়েই নহওক এই ছোৱালীজনীয়েই মোৰ প্ৰথম সুযোগ, সম্ভৱতঃ শেষো। তাই জানো স্পেইনৰ ভাষা বুজি পাব? তাইৰ মুখলৈ মই একেথৰে চাই ৰ'লোঁ, কিন্তু তেতিয়াও তাই মোক দেখা নাছিল।
চামৰাৰ চেণ্ডেল তাইৰ ভৰিত। ধূলি উৰুৱাই খোজকাঢ়ি আহি আছিল তাই। মই আৰু সুযোগ হেৰুৱাব নিবিচাৰোঁ। মনত বুদ্ধি এটা খেলালে— যদি স্পেনিছ ভাষাৰে কিবা কওঁ, তাই নুবুজি অৱজ্ঞাৰে মোক এৰি থৈ যাব।
‘হেল্ল’!, হেল্ল'!— মই উদ্বিগ্নতাৰে ইংৰাজীতে চিঞৰিলোঁ। তাই উভতি চালে। [ ৮১ ]এল প্ৰছপেক্টাডৰ কাৰ্যালয়ত সম্পাদকৰ সৈতে সাংবাদিক মাৰ্কে’জ
ডাঙৰ চকু দুটাৰে ভয়াৰ্ত দৃষ্টিৰে মোলৈ কিছুপৰ চাই থাকিল।
‘হেল্প মী!’— মই ক'লোঁ। তাই নিশ্চয় বুজি পাইছে মোৰ কথা।
তাইৰ এক মুহূৰ্তৰ দ্বিধাগ্ৰস্ততা। মোলৈ চালে আৰু তাৰ পাছতে উধাতু খাই লৰ দিলে। যেন প্ৰাণৰ মায়াতহে পলাই গ'ল তাই।
এটা মানুহ, এটা গাধ আৰু এটা কুকুৰ
এনে লাগিল যেন শেষত এতিয়া উদ্বিগ্নতাতহে মোৰ মৃত্যু হ’ব। ভাব হ'ল, সঁচাকৈয়ে যেন মোৰ মৃত্যু হৈছে। শগুনবোৰে ছিঙি খাইছে মোৰ গাৰ মঙহ। পুনৰ কুকুৰৰ ভুভুকনি শুনিলোঁ। মাতটো যিমানে কাষ চাপি আহিছে, সিমানে বাঢ়ি গৈছে মোৰ বুকুৰ ধপ্ধপনি। হাতৰ তলুৱাত ভৰ থৈ মই উঠিবলৈ চেষ্টা কৰিলোঁ। লাহে [ ৮২ ] লাহে মূৰটো তুলিলোঁ। এটা মিনিট গ'ল, দুটা মিনিট গ'ল। কুকুৰৰ মাত কাষ চাপি আহিছে। তাৰ পাছত হঠাৎ সকলো নীৰৱ। কেৱল সাগৰৰ ঢৌ আছাৰ খাই পৰাৰ শব্দ। নাৰিকলৰ ফাঁকে ফাঁকে বৈ অহা বতাহৰ সোঁসোঁৱনি।
মোৰ জীৱনৰ সবাতোকৈ দীঘল মিনিটটো শেষ হ’ল— আগুৱাই আহিল এটা কুকুৰ। পিছে পিছে এটা গাধ, দুয়োকাষে ওলমি আছে দুটা খৰাহি। একেবাৰে শেষত খোজকাঢ়ি আহিছে শ্বেতকায় এজন মানুহ। মূৰত খেৰৰ টুপী, আঁঠুলৈ ভাঁজ কৰি লোৱা পেণ্ট, পিঠিত ওলমিছে এটা বন্দুক।
ৰাস্তাৰ কেঁকুৰিটো ঘূৰিয়েই সি মোক দেখিলে। হতবাক হৈ থমকি ৰ’ল। কুকুৰটোৱে নেগুৰ তুলি মোৰ একেবাৰে কাষ চাপি আহিল আৰু শুঙিবলৈ ধৰিলে। মানুহজন তেতিয়াও চুপ-চাপ। বন্দুকটো কান্ধৰ পৰা নমাই কুণ্ডাটো মাটিত থৈ কেৱল নিৰীক্ষণ কৰি গৈছে।
কিয় নাজানো, মোৰ ধাৰণা হ’ল যে নিশ্চয় মই কেৰিবিয়ানৰে ক'ৰবাত আছোঁ। কিন্তু কলম্বিয়াত নহয় ৷ মোৰ মতে কথা বুজি পাব নে নাই নাজানো, তথাপি সিদ্ধান্ত ল'লোঁ যে স্পেনিছ ভাষাতে কথা ক'ম।
‘ছেন’ৰ, মোক সহায় কৰা।’
কোনো উত্তৰ নিদিলে তেওঁ। তেতিয়াও তেওঁৰ চকুত বিস্ময়। অপলক নেত্ৰে কেৱল চাই ৰৈছে। বন্দুকটো মাটিত গুঁজি থোৱা আছে। মোক গুলী কৰি মাৰি পেলাওক। এয়া মোৰ প্ৰাপ্য। মনতে ভাবিলোঁ মই। কুকুৰটোৱে মোৰ মুখখন অবিৰাম চেলেকিছে। খেদি পঠিওৱাৰো মোৰ ক্ষমতা নাই।
‘মোক সহায় কৰা।’— ব্যাকুল কণ্ঠে মই আকৌ ক'লোঁ। মানুহজনে নিশ্চয় মোৰ কথা বুজিব পৰা নাই।
‘তোমাৰ কি হৈছে?’ বন্ধুত্বসুলভ কণ্ঠৰে প্ৰশ্ন কৰিলে মানুহজনে।
তেওঁ যেতিয়া মোক এই কথা সুধিলে, ইয়াৰ উত্তৰ দিয়াটো মোৰ বাবে আছিল কঠিনৰো কঠিন কাম। ভোক, পিয়াহ, হতাশাই মোক যিমান কষ্ট দিছে, তাতোকৈও অধিক কষ্টকৰ এই কথা কোৱাটো যে মোৰ কি হৈছে!
ডিঙি শুকাই গৈছে, তথাপি নিশ্বাস বন্ধ কৰি মই ক'লোঁ— ‘মই লুইজ এলজাণ্ড্ৰো ভেলাছকো। জাতীয় নৌ বাহিনীৰ ডেষ্ট্ৰয়াৰ কালডাছৰ এজন নাৱিক। ২৮ ফেব্ৰুৱাৰীৰ দিনা মই সমুদ্ৰত ডুব গৈছিলোঁ।’
মোৰ বিশ্বাস সমগ্ৰ পৃথিৱীয়ে মোৰ এই দুৰ্ঘটনাৰ কাহিনী জানি গৈছে। মোৰ নাম কোৱাৰ লগে লগে তেওঁ মোক চিনি পাব আৰু মোক সহায় কৰিবলৈ পাই কৃতাৰ্থ হ’ব। কিন্তু তেওঁ অলপো প্ৰতিক্ৰিয়া নেদেখুৱালে। য'ত আছিল তাতেই থিয় হৈ ৰ'ল। [ ৮৩ ] কুকুৰটোৱে মোৰ আঁঠুৰ ঘা টুকুৰা চেলেকিছে। তেওঁ আনকি তেতিয়াও নিৰ্বিকাৰ।
‘তুমি মুৰ্গীৰ নাৱিক নেকি?’— তেওঁ সুধিলে। সাগৰ তীৰৰ কাষেৰে গাহৰি আৰু মুৰ্গী কঢ়িয়াই নিয়া বেপাৰী জাহাজবোৰৰ কথাই হয়তো ভাবি সুধিছিল মানুহজনে।
‘নহয়, মই নৌ বাহিনীৰ নাৱিক।’
এইবাৰ লৰচৰ কৰিলে তেওঁ। ৰাইফলটো পুনৰ পিঠিত তুলি ল'লে, টুপীটো পিন্ধি ল'লে আৰু শান্তভাৱে ক'লে—
‘বন্দৰলৈ মই অলপ তাঁৰ আনিবলৈ যাওঁ, সোনকালে উভতি আহিম।’
মই ভাবিলোঁ, অজুহাত দেখুৱাই মানুহটোৱে নিশ্চয় পলাবলৈ বিচাৰিছে।
‘তুমি সঁচাকৈয়ে উভতি আহিবানে?’— কাতৰ কণ্ঠৰে মই অনুৰোধৰ ভংগীত সুধিলোঁ।
‘আহিম।’— মানুহজনে উত্তৰ দিলে।
মোৰ পিনে চাই দয়াশীল মানুহৰ দৰে হাঁহিলে। তাৰ পাছত গাধটোৰ পিছে পিছে খোজ দিলে। কুকুৰটোৱে তেতিয়াও মোৰ ওচৰত, সি গোন্ধ শুঙিছে।
মানুহটো কিছুদূৰ যোৱাৰ পাছত হঠাৎ মই তাক চিঞৰি সুধিলোঁ— ‘এইখন কি দেশ?’