ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক/নিজক মৰিবলৈ নিদিয়াটোৱেই মোৰ বীৰত্ব

[ ৯০ ]

চৈধ্য

নিজক মৰিবলৈ
নিদিয়াটোৱেই মোৰ বীৰত্ব

 কেতিয়াও কল্পনা কৰা নাছিলোঁ— ক্ষুধা-তৃষ্ণা উপেক্ষা কৰি সাগৰৰ বুকুত দহটা দিন পাৰ কৰিব পাৰিলে এনেদৰে মানুহে যে বীৰলৈ ৰূপান্তৰিত হ'ব পাৰে। কোনো বিকল্প মোৰ হাতত নাছিল। যদি বোটত সমস্ত ৰচদ-পাতি থাকিলহেঁতেন, যদি থাকিলহেঁতেন পুষ্টিদায়ক বিস্কুট, কম্পাছ, মাছ ধৰা সঁজুলি— মই সুস্থ-সতেজ হৈয়ে থাকিব পাৰিলোহেঁতেন। কিন্তু তেতিয়া বীৰৰ দৰে এই সন্মান নাপালোহেঁতেন। কিয়নো দহ দিনৰ অনাহাৰ-অনিদ্ৰাৰ পাছতো নিজক জীয়াই ৰাখিব পৰাটোৱেই হ'ল মোৰ বীৰত্ব।

 কিন্তু আচলতে বীৰৰ দৰে মই একো অসাধ্য সাধন কৰা নাই। মানুহৰ সহজাত প্ৰবৃত্তিৰ দৰে মই মোক জীয়াই ৰাখিবলৈ চেষ্টা চলাই গৈছিলোঁ। আজি মোৰ জীৱন ৰক্ষা পৰাটোৱেই স্বৰ্গীয় উপহাৰ। পালোঁ বীৰোচিত সন্মান।

 বহুতে মোক সুধিছে— নিজক বীৰ হিচাপে কেনে লাগিছে? মই নাজানো কি শব্দৰে ইয়াৰ উত্তৰ দিয়া যায়। মই অতীতত যি আছিলোঁ, আজিও সেয়াই আছোঁ। মোৰ মাজত একোৱেই পৰিৱৰ্তন হোৱা নাই। ৰ’দৰ তাপে সৃষ্টি কৰা দেহৰ জ্বলন উপশম হৈছে। আঁঠুৰ ঘা টুকুৰা শুকাইছে, এতিয়া তাত বগা দাগ। মই পুনৰ লুই এলজাণ্ড্ৰোত ভেলাছকোত পৰিণত হৈছোঁ। ইয়াতকৈ মোক আৰু একো নালাগে।

 বাস্তৱিকতে পৃথিৱীখনহে সলনি হৈছে। সলনি হৈছে বাকী মানুহবোৰ। বন্ধুসকলৰ সৈতে মোৰ সম্পৰ্ক আৰু গভীৰ হৈছে। শত্ৰুসকল হয়তো আৰু বেছি শত্ৰুত পৰিণত হৈছে— যদিও শত্ৰু বুলিবলৈ মোৰ কোনো নাই। বাটে-পথে মানুহে মোক পৰম কৌতূহলেৰে চায়— যেন মই কোনো অদ্ভুত জন্তু। সেইবাবেই মই তেনেই সাধাৰণ সাজ-পোছাক পিন্ধো, সাধাৰণভাৱেই চলা-ফিৰা কৰোঁ— যাতে মোক সোনকালে পাহৰি যাব পাৰে। মানুহে যাতে পাহৰি যায় যে মই আহাৰ-পানী নোহোৱাকৈয়ে সাগৰৰ বুকুত দহটা দিন কটাই দিছোঁ।

[ ৯১ ] কোনো বিশেষ ব্যক্তিত পৰিণত হোৱাটোও মানুহৰ জীৱনৰ ডাঙৰ বিড়ম্বনা। দিন হওক, ৰাতি হওক বা যি পৰিস্থিতিয়েই নহওক কিয়, মানুহে বিচাৰে, মই যেন কেৱল নিজৰ কথাকে কৈ যাওঁ। কাৰটাজেনাৰ হাস্পতাললৈ আহি এই কথাটো মৰ্মে মৰ্মে অনুভৱ কৰিলোঁ। সেইবাবেই হাস্পতালৰ তৰফৰ পৰা মোক এজন ৰখীয়া দিয়া হৈছিল— যাতে কোনেও আমনি কৰিব নোৱাৰে। তিনি দিনৰ ভিতৰতে সম্পূৰ্ণ সুস্থ হৈ উঠিলোঁ। কিন্তু হাস্পতালৰ পৰা বিদায় মাগিব নোৱাৰিলোঁ। ৰখীয়াই ক'লে— গোটেই দেশৰ অজস্ৰ সাংবাদিক আহি মোৰ বাবে অপেক্ষা কৰিছে। মোৰ ফটো আৰু সাক্ষাৎকাৰ লাগে তেওঁলোকক। এওঁলোকৰ মাজৰে এজন প্ৰায় কুৰি চেণ্টিমিটাৰ দীঘল গোঁফৰ সাংবাদিকে মোৰ পঞ্চাছৰো অধিক ফটো তুলিলে। কিন্তু মোক প্ৰশ্ন কৰাৰ কোনো অনুমতি তেওঁলোকক দিয়া নহ'ল।

 ইয়াৰ মাজতে এজন দুঃসাহসী সাংবাদিকে চিকিৎসকৰ ছদ্মৱেশ ধাৰণ কৰি ৰখীয়াসকলক আভুৱা-ভাঁৰি হাস্পতালৰ মোৰ কক্ষত আহি প্ৰৱেশ কৰিছিল। তেওঁ একপ্ৰকাৰ অসম্ভৱ সাধনেই কৰিছিল। কিন্তু তেওঁৰ সেই চেষ্টা দীৰ্ঘস্থায়ী নাছিল।

 এটা বাতৰিৰ গল্প

 নৌ-হাস্পতালৰ মোৰ কক্ষত প্ৰৱেশৰ অনুমতি পাইছিল কেৱল ৰক্ষী, চিকিৎসক, নাৰ্ছ আৰু মোৰ দেউতাই। এদিন আগেয়ে কেতিয়াও নেদেখা চিকিৎসক এজন আহিল। ডেকা চিকিৎসক। চকুত চছ্‌মা, পিন্ধনত দীঘল এটা চোলা আৰু ডিঙিত ওলমি আছে এডাল ফোনেণ্ডোস্কোপ। কিন্তু একো নোকোৱাকৈয়ে তেওঁ গুচি গ'ল।

 ৰক্ষীবোৰৰ মুৰব্বী বিষয়াগৰাকীয়ে হঠাৎ এই নতুন চিকিৎসকজন দেখি বিভ্ৰান্ত হ’ল। তেওঁৰ পৰিচয় জানিব খুজিলে। ডেকা চিকিৎসকজনে জেপ খুঁচৰিবলৈ ধৰিলে। তাৰ পাছত ইতস্তত কণ্ঠৰে তেওঁ ক'লে যে কাগজ-পত্ৰ লগত আনিবলৈ পাহৰি গৈছে। তেতিয়া বিষয়াই স্পষ্টকৈ তেওঁক জনাই দিলে যে হাস্পতালৰ সঞ্চালকৰ বিশেষ অনুমতি অবিহনে মোৰ সৈতে কথা পাতিব পাতিব নোৱাৰিব। তেওঁলোক সঞ্চালকৰ সন্ধানত ওলাই গ'ল, কিন্তু কুৰি মিনিটমান পাছতে আটায়ে উভতি আহিল।

 ৰক্ষী এজনে আহি মোক ক'লে যে এই নতুন চিকিৎসকজনক মোৰ স্বাস্থ্য পৰীক্ষাৰ বাবে অনুমতি দিয়া হৈছে। তেওঁ বোগোটাৰ এজন মনোৰোগবিদ, যদিও ৰক্ষীসকলে তেওঁক এজন ছদ্মৱেশী সাংবাদিক বুলি সন্দেহ কৰিছিল।

 ‘আপুনি কিয় ভাবি লৈছে যে তেওঁ ছদ্মৱেশী সাংবাদিক?’ — ৰক্ষীজনক মই প্ৰশ্ন কৰিলোঁ।

 ‘কাৰণ তেওঁ বৰ ভয় খাইছে আৰু এটা কথা, মানসিক চিকিৎসকসকলে কেতিয়াও [ ৯২ ] ফোনেণ্ডোস্কোপ ব্যৱহাৰ নকৰে।’

 যিয়ে নহওক, হাস্পতালৰ সঞ্চালকগৰাকীয়ে তেওঁৰ সৈতে কথা-বতৰা পতাৰ পাছত সন্দেহ কৰিবলৈ একো বিচাৰি নাপালে। জটিল চিকিৎসাশাস্ত্ৰৰ ভাষাৰে ঔষধ আৰু মনস্তত্ত্বক লৈ সাৰগৰ্ভ ভাষণ দিয়াৰ পাছত চিকিৎসকজনক বিনাদ্বিধাই অনুমতি দিয়া হ'ল।

 নাজানো, ৰক্ষীজনে মোক হয়তো সতৰ্ক কৰি দিব খুজিছিল। যেতিয়া ডেকা চিকিৎসকজন আহি মোৰ কোঠাটোত প্ৰৱেশ কৰিলে, দেখি তেওঁক সঁচাকৈয়ে চিকিৎসক যেন লগা নাছিল। কিন্তু তেওঁক সেইবুলি মোৰ সাংবাদিক বুলিও বিশ্বাস হোৱা নাছিল। যদিও মই তেতিয়ালৈ কেতিয়াও সাংবাদিকৰ সৈতে মুখামুখি হোৱা নাছিলোঁ। মোৰ এনে লাগিছিল— চিকিৎসকৰ বেশত আচলতে তেওঁ চাগে’ এজন পুৰোহিতহে। তেওঁ কেনেদৰে আৰম্ভ কৰিব উৱাদিহ পোৱা নাছিল। প্ৰকৃততে তেওঁ চেষ্টা কৰিছিল, কিদৰে ৰখীয়াজনক আঁতৰাই পঠোৱা যায়।

 ‘মোক এখন কাগজ আনি দিবনে?’ তেওঁ ৰখীয়াজনক অনুৰোধৰ সুৰত ক'লে।

 চিকিৎসকজনে হয়তো আশা কৰিছিল যে কাগজ আনিবলৈ ৰখীয়াজন অফিচলৈ গুচি যাব। কিন্তু ৰক্ষীসকলক নিৰ্দেশ দিয়া আছিল, মোক যাতে কেতিয়াও অকলশৰীয়াকৈ এৰি থৈ নাযায় ৷ ৰখীয়াজনে কাগজ বিচাৰি নগৈ কৰিড’ৰলৈ ওলাই গ'ল। তাৰ পৰা সি চিৎকাৰ কৰি কোনোবা এজনক নিৰ্দেশ দিলে— 'লিখিবলৈ কাগজ এখন আনাচোন সোনকালে।’

 কিছু সময়ৰ ভিতৰত কাগজ আহি পালে। প্ৰায় পাঁচ মিনিট ধৰি মই বহি আছোঁ চিকিৎসকজনৰ সমুখত। মোক এটা প্ৰশ্নও কৰা নাই। কাগজ আহি নোপোৱাপৰ্যন্ত স্বাস্থ্য পৰীক্ষাৰ কাম তেওঁ আৰম্ভ কৰিব খোজা নাই। তেওঁ কাগজখন মোৰ পিনে আগুৱাই দি এটা ছবি আঁকিবলৈ ক'লে। মই আঁকিলোঁ। তাতে মোক চহী এটাও কৰিবলৈ অনুৰোধ কৰিলে। চহীও কৰিলোঁ মই। তাৰ পাছত তেওঁ এটা ফাৰ্ম হাউছ আঁকিবলৈ ক’লে। সাধ্য অনুসাৰে তাকো আঁকিলোঁ। কাষতে এজোপা কলগছো আঁকিলোঁ। তেওঁ এইখন ছবিতো চহী কৰিবলৈ ক'লে— তেতিয়াহে মই নিশ্চিত হ'লোঁ যে তেওঁ এজন ছদ্মৱেশী সাংবাদিকহে। কিন্তু তেওঁ বাৰে বাৰে নিজকে চিকিৎসক বুলি দাবী কৰি গ'ল।

 অঁকা হোৱাৰ পাছত তেওঁ মোৰ ছবিসমূহ মন দি পৰীক্ষা কৰিলে। বিৰবিৰকৈ কি জানো ক’লে তেওঁ! তাৰ পাছত সাগৰত কি ঘটিছিল জানিবলৈ বিচাৰিলে।

 তেতিয়াই বাধা প্ৰদান কৰিলে ৰক্ষীজনে। সোঁৱৰাই দিলে যে এনেধৰণৰ প্ৰশ্ন কৰাৰ কোনো অনুমতি নাই। বাধা পাই এইবাৰ তেওঁ মোৰ শৰীৰ পৰীক্ষা কৰাত [ ৯৩ ] লাগিল, ঠিক সকলো চিকিৎসকে কৰাৰ দৰেই। তেওঁৰ হাত দুখন বৰফৰ দৰে শীতল। ৰখীয়াবোৰে যদি তেওঁৰ স্পৰ্শ পালেহেঁতেন, সেই মুহূৰ্ততে তেওঁক নিশ্চয় কোঠাৰ পৰা উলিয়াই দিলেহেঁতেন। কিন্তু মই একো নামাতিলোঁ। কিয়নো তেওঁ যে এজন সাংবাদিক আৰু এনেদৰে মৰসাহ কৰি খবৰ গোটাবলৈ আহি যে কিছু বিব্ৰতবোধ কৰিছে, তাকে দেখি তেওঁলৈ মোৰ সহানুভূতি জাগিল। পোন্ধৰ মিনিটৰ ভিতৰতে মই অঁকা ছবিবোৰ সামৰি কোঠাটোৰ পৰা তেওঁ পোন বাটে ওলাই গুচি গ'ল।

 পিছদিনা আকাশ ভাগি পৰিল। এল টিমপো কাকতৰ প্ৰথম পৃষ্ঠাত ছবিবোৰ ছপা হৈ ওলাল। শিৰোনাম এটা দিয়া হৈছে— ‘ইয়াতেই মই পানীত পৰি গৈছিলোঁ।’ কাঁড়চিহ্নৰে জাহাজৰ ব্ৰীজ এখনৰ পিনে ইংগিত কৰা হৈছিল। কিন্তু এয়া শুদ্ধ নহয়, কিয়নো মই আছিলোঁ ষ্টাৰ্নৰ পিনে, ব্ৰীজৰ পিনে নহয়। তথাপি যিয়েই নহওক, সেই ছবিবোৰ কিন্তু ময়ে অঁকা।

 পাছত কোনোবাই মোক ভুলৰ সেই সংশোধন বিচাৰিবলৈ পৰামৰ্শ দিছিল। হয়তো সেই দাবী মই তুলিব পাৰিলোহেঁতেন। কিন্তু এয়া ঠিক নহ’ব যেন লাগিল। সাংবাদিকগৰাকীৰ প্ৰতি মোৰ অৱশ্যেই শ্ৰদ্ধাৰ ভাব জাগিছিল। সামৰিক বাহিনীৰ এখন হাস্পতালত সকলোকে আভুৱা-ভাঁৰি চিকিৎসকৰ ছদ্মৱেশত এনেদৰে প্ৰৱেশ কৰাটো মুঠেও মামুলি কথা নাছিল। তেওঁ যদি এবাৰ মোক সাংবাদিক বুলি পৰিচয় দিলেহেঁতেন, মই অৱশ্যেই কৌশলেৰে ৰখীয়াজনক আঁতৰাই পঠালোহেঁতেন। কিয়নো মোৰ কাহিনী আনক ক’বৰ বাবে যাৱতীয় অনুমতিও মই সিদিনাই লাভ কৰিছিলোঁ।

 গল্পৰ মূল্য

 ছদ্মৱেশী সাংবাদিকজনৰ দুঃসাহসিক প্ৰচেষ্টা দেখি স্পষ্ট ধাৰণা হ’ল যে মোৰ কাহিনী সন্দৰ্ভত বাতৰি কাকতসমূহ উৎসুক হৈ পৰিছে। উৎসুক প্ৰত্যেকেই। বন্ধুসকলেও মোক বাৰে বাৰে এই একেটা কাহিনীকে ক’বলৈ অনুৰোধ জনাইছে। সুস্থ হৈ বোগোটালৈ ওভতাৰ পাছত বুজিলোঁ, মোৰ জীৱন সলনি হৈ গৈছে। বিমানবন্দৰত বিৰাট আয়োজনেৰে মোক অভিনন্দন জনোৱা হ’ল। বীৰ আখ্যা দি দেশৰ ৰাষ্ট্ৰপতিয়েও মোক অভিনন্দন জনালে। সিদিনা অৱশ্যে মই বুজিলোঁ, নৌ বাহিনীত মোৰ চাকৰিটো সুৰক্ষিত হৈ আছে। যদিও মই পাছত পদোন্নতি পাই যোগ দিলোঁ কেডেটৰ মৰ্যাদাৰে।

 ইয়াৰ পাছত যিবোৰ ঘটিল, সেয়া আগতে কল্পনাও কৰিব পৰা নাছিলোঁ। বিজ্ঞাপন আৰু বিভিন্ন প্ৰচাৰ সংস্থাবোৰৰ পৰা নানান লোভনীয় প্ৰস্তাৱ আহিবলৈ ধৰিলে। মোৰ ঘড়ীটোৰ প্ৰতি মই সঁচাই চিৰকৃতজ্ঞ। সমুদ্ৰত কটোৱা দিনবোৰত নিৰ্ভুল সময় দেখুৱাইছে। কিন্তু ভবা নাছিলোঁ, ইয়ে এতিয়া ঘড়ী কোম্পানীটোৰ বাবে কিবা আগ্ৰহৰ বস্তু হ’ব [ ৯৪ ] পাৰে। তেওঁলোকে মোক পাঁচশ পেছোঁ আৰু এটা নতুন দামী ঘড়ী উপহাৰ দিলে। এটি বিশেষ ব্ৰেণ্ডৰ ছুইংগাম খাইছিলোঁ বাবে বিজ্ঞাপন দি পালোঁ এহেজাৰ পেছোঁ। মই এইবাবেও ভাগ্যৱান যে মই পিন্ধা জোতাযোৰৰ বিজ্ঞাপন এটা দিয়া বাবে কোম্পানীয়ে মোক দিলে ছয় হেজাৰ পেছোঁ। মোৰ কাহিনীটো ৰেডিঅ'ত ক'লোঁ বাবে লাভ কৰিলোঁ আন পাঁচ হেজাৰ পেছোঁ। কাহানিও কল্পনা কৰিব নোৱৰা কথা— দহ দিনৰ ক্ষুধা আৰু তৃষ্ণা সহিব পৰা কথাটো যে ইমান লাভজনক হৈ উঠিব পাৰে। কিন্তু বাস্তৱিকতে সেয়াই ঘটিছে। এইপৰ্যন্ত মই লাভ কৰিছোঁ দহ হেজাৰ পেছোঁ৷ পিছে এটা কথা ঠিক— দহ লক্ষ পালেও মই আৰু এনে অভিযানলৈ দুনাই নাযাওঁ।

 কিন্তু অচিৰেই শেষ হৈ গ'ল মোৰ বীৰৰ জীৱন যাত্ৰা। তেনেই স্বাভাৱিক জীৱনৰ গৰাকী মই। পুৱা দহ বজাত বিছনা এৰোঁ। কাফেলৈ গৈ বন্ধু-বান্ধৱৰ সৈতে আড্ডা দিওঁ বা কোনোবা বিজ্ঞাপন সংস্থাৰ সৈতে কথা পাতোঁ— যি হয়তো মোৰ অভিজ্ঞতাক লৈ কিবা কাম কৰিছে। নিয়মিত চিনেমা চাওঁ মই।

 মোলৈ নিতৌ চিঠি আহে বিভিন্ন ঠাইৰ পৰা। পত্ৰলেখকৰ বেছিভাগকে মই চিনি- জানি নাপাওঁ। এদিন পেৰেইৰাৰ পৰা এখন চিঠি আহিল। চিঠিৰ তলত এটা নাম— জে ভি চি। লগত লাইফ বোট আৰু গঙাচিলনীক কেন্দ্ৰ কৰি ৰচা এটা দীঘল কবিতা। মেৰী এড্ৰেছে মোলৈ নিয়মিত চিঠি পঠিয়াইছে। তাই এখন ফটোও পঠিয়াইছে— য'ত আছে মোৰ বিদেহ আত্মাৰ শান্তিৰ বাবে আয়োজন কৰা প্ৰাৰ্থনা সভাৰ দৃশ্য। এই ফটোখনো শেষত প্ৰকাশিত হ’ল বাতৰি কাকতৰ পৃষ্ঠাত।

 মোৰ গল্প দোহাৰিছোঁ বাৰম্বাৰ। ৰেডিঅ'ত কৈছোঁ, টেলিভিছনত কৈছোঁ। কৈছোঁ মোৰ সমস্ত বন্ধু-বৰ্গ, আত্মীয়-স্বজনক। কোনোবাই মোক কৈছে— এই গল্পটো হেনো অবাস্তৱ-অলীক কল্পনা।

 মই তেওঁলোকক তেতিয়া প্ৰশ্ন কৰিছোঁ— ‘যদি সেয়ে হয়, তেন্তে সমুদ্ৰৰ বুকুত দহটা দিনে কি কৰি আছিলোঁ মই?’