চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/বন্দুকতকৈ বাণিজ্য ডাঙৰ অস্ত্ৰ

[ ৩৩ ]


বন্দুকতকৈ বাণিজ্য ডাঙৰ অস্ত্ৰ

 সম্পাদক
 আজিৰ অসম, গুৱাহাটী

 গুৱাহাটী তেল শোধনাগাৰৰ মহাপ্ৰবন্ধক শ্ৰীহৰেকৃষ্ণলাল দাস, তেওঁৰ পুত্ৰ আৰু গাড়ীচালকক আলফাই অপহৰণ কৰি নি পণবন্দী কৰি ৰখা প্ৰসংগত ২৫ জুলাই ১৯৯০ তাৰিখৰ আপোনাৰ কাকতৰ ‘অপহৰণৰ পিছত’ শীৰ্ষক সম্পাদকীয়ত আপুনি লিখিছে যে “আলফাৰ ৰবীনহুডধৰ্মীয় কাৰ্যকলাপ জনপ্ৰিয় হ’লেও ইয়াৰ বিচ্ছিন্নতাবাদী শ্ল'গান বা আদৰ্শ অসমৰ জনসাধাৰণৰ মাজত মুঠেই জনপ্ৰিয় নহয়। অসমে দেশৰ আন ৰাজ্যবোৰৰ সৈতে সমমৰ্যাদা, সমান অৰ্থনৈতিক সা-সুবিধা আদি বিচাৰে আৰু সংবিধানৰ ভিতৰতে থাকি ফেডাৰেল ব্যৱস্থাৰে ৰাজ্যসমূহৰ পুনৰ্গঠন নতুবা ৰাজ্যসমূহক অধিক ক্ষমতা প্ৰদান আদি ব্যৱস্থা প্ৰৱৰ্তন কৰাটো বিচাৰে। কিন্তু ৰাজ্যখনৰ জনসাধাৰণ ভাৰতৰ পৰা পৃথক হোৱাৰ দাবী অথবা আদৰ্শৰ হয় বিৰোধী নহ'লেবা সমৰ্থন কৰে।” এই উক্তি আমি মানি ল'ব নোৱাৰিলোঁ। অসমৰ জনসাধাৰণ ভাৰতৰ পৰা পৃথক হোৱাৰ বিৰোধী এই ঘোষণা আপুনি বাৰু কিহৰ ভিত্তিত কৰিলে? আমি যিমান মানুহৰ লগত কথা হৈছোঁ, দেখিছোঁ যে সকলোৱে অসম স্বাধীন আৰু [ ৩৪ ] সাৰ্বভৌম হোৱাৰ পক্ষপাতী, কিন্তু ‘ৰাজদ্ৰোহ’ৰ অপৰাধত পৰাৰ ভয়ত প্ৰকাশ্যে সেই কথা প্ৰচাৰ কৰিব নোৱাৰে। আমি নিজে সদায় দাবী কৰি আহিছোঁ যে দুখন বিদেশী ৰাষ্ট্ৰ বৃটেইন আৰু ব্ৰহ্মদেশৰ মাজত হোৱা ইয়াণ্ডাবু চুক্তিৰ ফলত তৃতীয় ৰাজ্য অসম বৃটেইনৰ তললৈ যাব নোৱাৰে, আৰু ইংৰাজ যোৱাৰ লগে লগে যেনেকৈ ব্ৰহ্মদেশ, সিংহল (শ্ৰীলংকা) আদি স্বাধীন হ’ল তেনেদৰে অসমো স্বাধীন হোৱা উচিত আছিল। আৰু এতিয়াও অসম ভাৰতবৰ্ষৰ বহতীয়া উপনিৱেশ হৈ থকাৰ কোনো যুক্তি নাই। আমি য’তে এইবোৰ কথা লিখিবৰ সুযোগ পাইছোঁ (সম্পাদকৰ লগত বাক্-বিতণ্ডা কৰি), ক’বৰ চেষ্টা কৰিছোঁ, আৰু আমাৰ দৃঢ় বিশ্বাস যে স্বাধীন জাতিৰ স্বাধীন মন অধিকাংশ অসমীয়াৰে আছে। ঔপনিৱেশিক চৰকাৰ আৰু গোলামীৰ পৃষ্ঠপোষকসকলে আমাক ‘বিচ্ছিন্নতাবাদী’ বুলি কওক (তাত আমাৰ গাৰ নোম নলৰে, কিয়নো কথাটো সঁচা), আমি কিন্তু নিজক ক’ম ‘মুক্তিকামী’। আমাৰ বুজাত ভুল হ’ব পাৰে (?), কিন্তু “মই স্বাধীন হ’ব খোজোঁ” কথাটো কোৱাৰো মোৰ অধিকাৰ নাই, মই “স্বাধীন ভাৰত”ৰ নাগৰিক? গতিকে আমাৰ গোহাঁৰি এই যে এই বিষয়ে এটা জনসমীক্ষা হওক, কিন্তু তাৰ আগেয়ে “ভাৰতীয় অসম” আৰু “স্বাধীন অসম” বিচৰা উভয় পক্ষকে নিজ নিজ বক্তব্য দাঙি ধৰিবলৈ সুযোগ দিয়া হওক।

 সংবিধান অৰ্থাৎ ‘ভাৰতীয়’ সংবিধানৰ ভিতৰতে থাকি “আন ৰাজ্যবোৰৰ সৈতে সমমৰ্যাদা, সমান অৰ্থনৈতিক সা-সুবিধা আদি” যে উপনিৱেশ অসমে কেতিয়াও নাপায়, আজি ৪৩ বছৰৰ “স্বাধীনতা”ৰ পাছতো সেই বিষয়ে কাৰোবাৰ সন্দেহ আছে নে? যদি আছে তেন্তে এইকাৰণেই আছে যে আমি অসমীয়া মানুহ সহজেই আনৰ কথাত ভোল যাওঁ, বিদেশী বেপাৰীয়ে যিহকে কিনিবলৈ কয় ধাৰ কৰি হ’লেও তাকে কিনো, বাহিৰা মানুহে যি খাব কয়, পিন্ধিব কয়, চাব কয়- তাকেই কৰোঁ, আৰু নিজৰ অবাধ লুণ্ঠনকাৰ্য অব্যাহত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু [ ৩৫ ] তাৰ দালালবোৰে অহৰহ আমাক বুজাই আছে যে অসম স্বাধীন হোৱাটো অসম্ভৱ, ভাৰতবৰ্ষৰ বাহিৰত থকাটো এটা আকাশকুসুম। কিন্তু অসমীয়া কোনোদিনে ভাৰতীয় নাছিল আৰু অসমীয়া কোনোদিনে ভাৰতীয় হ’বও নোৱাৰে। (বস্তুতঃ, ভাৰতীয় বুলি কোনো ঐক্যবদ্ধ জাতি নাই, এইটো ইংৰাজে প্ৰশাসনিক সুবিধাৰ বাবে কৰি লোৱা কৃত্ৰিম গোট, যিটো আজিৰ কেন্দ্ৰীয় চৰকাৰে শাসন আৰু শোষণ চলাই ৰাখিবৰ সুবিধাৰ বাবে চালু ৰাখিবৰ চেষ্টা কৰি থাকে)।

 যিহওক, ঘাই প্ৰসংগলৈ উভতি আহি আমি ক'ব খোজো যে আপোনাৰ লগত আমিও একমত যে পণবন্ধী কেইজনক হত্যা কৰিলে আলফা “অসমৰ জনসাধাৰণৰ অপ্ৰিয় হ’ব আৰু যিকোনো ধৰণৰ সহানুভূতিও ই হেৰুৱাব লগা হ'ব।” আৰু যদি তাৰ ফলত অসমত ৰাষ্ট্ৰপতিৰ তথাকথিত “শাসন” প্ৰৱৰ্তিত হয় তেন্তে “জনসাধাৰণ আলফাৰ বিৰুদ্ধে যোৱাৰ সম্ভাৱনাই বেছি।” অসমত বদমাচ মন্ত্ৰী, ভেটিখোৱা বিষয়া, চোৰাং কাৰবাৰী, অসমদ্ৰোহী বিধায়ক, ঔষধ আৰু খাদ্য ভেজালকাৰী আদি ব্যক্তিৰ অভাৱ নাই— নিৰপৰাধী ব্যক্তিৰ ঠাইত সেইবোৰৰ কোনোবা এজনক অপহৰণ কৰি শাস্তি দিলে আলফাই বিপুল জনসমৰ্থন পাব— তেওঁলোকে সেইটো নকৰে কিয়? (শোধনাগাৰ কৰ্মীৰ পৰা আমি শুনামতে শ্ৰীদাস এজন নিৰ্ভেজাল আৰু সৎ ব্যক্তি, তেওঁ অসমদ্ৰোহীও নহয়, তেওঁ এজন বিষয়া মাত্ৰ, আৰুছাত্ৰ সন্থাই দাবী কৰা কামবোৰৰ ভিতৰত তেওঁৰ সাধ্যত থকাখিনি তেওঁ কৰিছে)।

 আলফাৰ দৰে যদিও আমিও স্বাধীন অসমৰ প্ৰয়াসী, আমাৰ বোধেৰে ভাৰতীয় সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ বা গেৰিলা যুদ্ধেৰে দেশ স্বাধীন কৰাৰ সময় বা মানসিকতা আমাৰ এতিয়াও অহা নাই, আলফাৰ কোনো ব্যাপক তৃণমূল সংগঠন বা সমৰ্থক নাই, আৰু স্বাধীনতাৰ অদম্য ইচ্ছা বা তাৰ সম্ভাৱনা জনসাধাৰণৰ মনত এতিয়ালৈকে সঞ্চাৰিত হোৱা নাই। আমাৰ বোধেৰে, অসমৰ স্বাধীনতাৰ অন্যতম দুই ঘাই খুটি [ ৩৬ ] হ'ল আমাৰ অৰ্থনীতিৰ ওপৰত আমাৰ নিজৰ নিয়ন্ত্ৰণ আৰু আমাৰ মাটি (যদিও অৱশ্যে দুয়োটা পৰস্পৰ বিচ্ছিন্ন কথা নহয়)— এই দুটা বস্তু আমাৰ হাতত থাকিলে আমি স্বাধীনতাৰ পথত বহুদূৰ অগ্ৰণী। আমি সদায় এই কথাকেই কৈ আহিছোঁ যে বন্দুকতকৈ বাণিজ্য ডাঙৰ অস্ত্ৰ, ‘বাণিজ্যে বসতে লক্ষ্মী’য়েইনহয়, ‘বাণিজ্যে বসতে শক্তি'ও (ইষ্ট ইণ্ডিয়া কোম্পানী, জাপান)। অসমৰ বিভিন্নখন চৰকাৰে বাহিৰা প্ৰতিষ্ঠান আৰু ব্যৱসায়ীক মাটি দিয়েই আছে, বহিৰাগতক মাটি দিয়েই আছে (ভোট আৰু ভেটিৰ বাবে), কথাই-অকথাই চাৰিটা পইচাৰ লোভত আমাৰ মানুহে বহিৰাগতক মাটি বিক্ৰী কৰি কৰি নিজৰ ঠাইতে ভিক্ষাৰী হৈ আহিছে, আৰু ভিক্ষাৰীৰ বাবে ভাত এগৰাহেই ডাঙৰ কথা, ‘স্বাধীনতা’ আকৌ কি বস্তু? আমাৰ বোধেৰে, বহিৰাগতক মাটি বণ্টন দিয়া/বিক্ৰী কৰা বন্ধ কৰা কামটো আলফাৰ শক্তিৰ ভিতৰত, আমাৰ অনুৰোধ, তেওঁলোকে সেইটো কৰক, স্বাধীনচিতীয়া হ’বলৈ অসমীয়া মানুহৰ বেছিদিন নালাগিব। ইতি—

 আলফাৰ সময়-সীমা আছিল ২৮.৭.’৯০, এই চিঠিখন বাতৰি কাকতৰ কাৰ্যালয়ত দিয়া হৈছিল ২৬.৭.৯০ তাৰিখে, প্ৰকাশ নাপালে। —লেখক