চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/আমি স্বাধীন অসমৰ প্ৰয়াসী

[ ২৬ ]

আমি স্বাধীন অসমৰ প্ৰয়াসী

 সম্পাদক
 আজিৰ অসম, গুৱাহাটী

 আপোনাৰ ৩০ জুলাই তাৰিখৰ কাকতত শ্ৰীসমিৰণ বৰুৱাই লেখা ‘স্বাধীন অসমৰ চিন্তা বাস্তৱসন্মত হৈছেনে?’ শীৰ্ষক প্ৰবন্ধ সন্দৰ্ভত এষাৰ লিখিবলগীয়া হ’ল। শিতানৰ প্ৰশ্নটোৰ উত্তৰত আমি ক’ব লাগিব যে নাই, স্বাধীন অসমৰ চিন্তা এতিয়াই বাস্তৱসন্মত হোৱা নাই, কিয়নো শ্ৰীবৰুৱাৰ দৰে পঢ়া-শুনা কৰা মানুহেই যদি কয় (উক্ত প্ৰবন্ধ) যে “নিৰাপত্তাক নিশ্চিত কৰিবৰ বাবে অসমে চুবুৰীয়া কোনোবা এখন শক্তিশালী দেশৰ ছত্ৰছায়াত আশ্ৰয় ল’ব লাগিবই”, তেন্তে বুজিব লাগিব যে স্বাধীন মনোবৃত্তি আমাৰ এতিয়াও অহা নাই, তালৈ দেৰি আছে (নেপাল কাৰ ছত্ৰছায়াত আছে? পৃথিৱীৰ আৰু বহুতো অসমতকৈয়ো সৰু স্বাধীন দেশ?)। কাৰোবাৰ ছত্ৰছায়াত থাকিলেহে বৰ্তি থাকিব পাৰি এই ধাৰণা বহুদিন ধৰি ভাৰতীয় শাসক তথা শোষক শ্ৰেণীয়ে আমাৰ মূৰত সুমুৱাই দি আছে, আমিও তাতেই ভোল গৈ আছোঁ; তেনেকুৱাবোৰ ধাৰণা মনৰ পৰা গুচাব নোৱাৰিলে স্বাধীন অসমৰ কথা কোৱাটো সঁচাকৈয়ে অবাস্তৱ। কিন্তু ‘লাহে লাহে’ৰ দেশতো আমাৰ হেৰাই যোৱা ‘স্বাধীন’ মনোবৃত্তি উভতি আহিব, [ ২৭ ] তাৰ লক্ষণ এই আলোচনাবোৰ।

 ‘স্বাধীন অসম’ এটা সম্ভৱ বা কাম্য কথা হয় নে নহয়, তাৰ যে আজিকালি অন্ততঃ মুকলি আলোচনা হ’ব পাৰিছে, সেই লক্ষণটোৰ কথাকে ক'ব খুজিছোঁ। আজি কিছুদিন আগলৈকেও এনেকুৱা এটা প্ৰশ্ন উত্থাপন কৰাটোৱেই আছিল অসম্ভৱ, সেইটো আছিল ৰাজদ্ৰোহ, ‘ডিচিশ্যন’। আমি— এই পত্ৰলেখকে— স্বাধীন অসমৰ কথাটো সদা কাম্য আৰু বাস্তৱসন্মত বুলি ক’বৰ চেষ্টা কৰি আহিছোঁ (য'ত সুবিধা পাইছোঁ,, অধিক ক্ষেত্ৰতে কোনো সুবিধা পোৱা নাই), আমি অসমখন সাৰ্বভৌম আৰু স্বাধীন হোৱাটো বিচাৰোঁ, আৰু প্ৰতিপন্ন কৰিবৰ চেষ্টা কৰি আহিছো যে স্বাধীন অসম এটি আকাশকুসুম বা ‘ইউট’পিয়া’ নহয়; ই একেবাৰে ন্যায়োচিত আৰু সম্ভৱ কথা। এই কথা ‘আলফা’ আবিৰ্ভাৱ হোৱাৰ বহু আগৰে পৰা আমি কৈ আহিছোঁ (অৱশ্যে আমাতকৈও বহু আগেয়ে প্ৰয়াত জ্ঞাননাথ বৰা আদিয়ে অসম যে ভাৰতবৰ্ষৰ ভিতৰত থকাৰ কোনো যুক্তি নাই সেইবোৰ কথা ফঁহিয়াই দেখুৱাই থৈ গৈছে)। প্ৰয়াত বাল গংগাধৰ তিলকে ক'বৰ দৰে, “স্বাধীনতা মোৰ জন্মস্বত্ব”। এনেকি— “গান্ধীবাদী”সকলে মন কৰক! মোহন দাস গান্ধীয়েও কৈ গৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ লগত অসমৰ কোনো সম্পৰ্ক নাই, অসমে নিজৰ সংবিধান মতে চলা উচিত। যোৱা অসম আন্দোলনৰ কালতো আমি— মূল লক্ষ্য (বিদেশী বহিষ্কাৰ) সমৰ্থন কৰিও— সেই আন্দোলনে ভণ্ডামিৰ পথ লোৱাত তাৰ বিৰোধিতা কৰিবলৈ বাধ্য হৈছিলোঁ অকল নিৰ্বোধ হঠকাৰিতাবোৰৰ বাবেই নহয়, লগতে তথাকথিত আন্দোলনত “ভাৰতীয় সংবিধানৰ পবিত্ৰতা ৰক্ষা”ৰ পুনঃ পুনঃ ভাটৌ ঘোষণাটোৰ বিৰোধিতা কৰি, কিয়নো আমাৰ মতে ভাৰতীয় সংবিধানৰ প্ৰাথমিক কথাখিনিয়েই দেখুৱায় যে এইখন এখন কিনা-গোলামৰ সংবিধান, য'ত কোৱা হৈছে যে ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ কোনোদিনে কাৰো কোনো অধিকাৰ নাথাকিব, অৰ্থাৎ “এবাৰ যদি আমাৰ কবলত পৰিলা, তেনেহ'লে [ ২৮ ] তুমি চৰকাৰলৈ মোৰ দাস, আৰু কেতিয়াও ওলাব নোৱাৰিবা, তেহেলৈ মই যিয়েই নকৰো লাগে।” কিন্তু কোনো কাকত-আলোচনীয়ে কথাবোৰ আমাক স্পষ্টভাৱে ক’বলৈ দিয়া নাই (বহুতো ক্ষেত্ৰত মূল বক্তব্য কাটিছে, বা কথাখিনি ঘূৰাই-পকাই ক’বলগীয়া হৈছে)। আমি এইটোও কৈছোঁ যে আমাৰ ‘স্বাধীন অসম'ৰ ধাৰণা ভুল হ’ব পাৰে, কিন্তু আমাৰ মনৰ ভাব ব্যক্ত কৰিবলৈ অধিকাৰ দিয়া হওক, এই লৈ মুকলি বিতৰ্ক হওক, যদি আমাৰ কথাবোৰ ভুল বুলি প্ৰতিপন্ন হয়, তথাস্তু। কিন্তু বৃথা— ‘স্বাধীন’ শব্দটো মুখত অনাটোৱেই আছিল যেন মহাপাপ, ‘বিচ্ছিন্নতাবাদ’ৰ আলোচনাত উদ্যত হোৱাটোও আছিল ৰাজদ্ৰোহ! স্বস্তিৰ বা, সেই শ্বাসৰুদ্ধকাৰী পৰিৱেশ আজি পৰিৱৰ্তিত, আলোচনা-বিলোচনা সম্ভৱ হৈছে।

 শ্ৰীবৰুৱাৰ বহুতো মন্তব্য আমি মানি ল’ব নোৱাৰিলো, যেনে— “কোনখন দেশৰ সংস্কৃতিৰ লগত অসমৰ সংস্কৃতিৰ সম্পৰ্ক বেছি? নিঃসন্দেহে ভাৰতবৰ্ষৰ।” আমি সংস্কৃতি বুৰঞ্জীবিদ নহওঁ, কিন্তু ভাৰতীয় কু-সংস্কাৰবোৰৰ বাহিৰে আন কোনো কোনো ভাৰতীয় (অৰ্থাৎ একেবাৰে স্বকীয় ভাৰতীয়) ‘সংস্কৃতি’ৰ লগত আমি অসমীয়া কৃষ্টি, সংস্কৃতি, আচাৰ-ৰীতি মনোবৃত্তিৰ মিল নেদেখোঁ― (চীন, শ্যাম আদিবোৰৰ লগতহে বেছি মিল থকা যেন লাগে) — কিন্তু আমি কোৱাৰ দৰে, এই বিষয়ত আমি প্ৰায় অজ্ঞ, গতিকে জনাজনে তাৰ বিচাৰ কৰক। তেনেদৰে তেখেতে কোৱা এইবোৰ কথাও আমি সম্পূৰ্ণ মানিব নোৱাৰোঁ : “(জনজাতীয় গোষ্ঠীসমূহে) ভাৰতৰ লগতে থাকিবলৈ বিচাৰে, কেৱল অসমৰ লগত থকাতহে তেওঁলোকৰ আপত্তি.... তেওঁলোকৰ মতে তেওঁলোকৰ অনুন্নত অৱস্থাৰ বাবে অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৱেই দায়ী.....” ইত্যাদি। অসমৰ জনজাতীয় গোষ্ঠীসকলক অনা-অসমীয়া ভাৰতীয়সকলে খুব “প্যাৰ” কৰে? অসমীয়া মধ্যবিত্তহে তেওঁলোকৰ শত্ৰু? এইবোৰ ধাৰণাও আমাৰ [ ২৯ ] বোধেৰে বাহিৰৰ প্ৰচাৰ মাধ্যমবোৰৰ বহুদিনীয়া আৰু নিৰৱচ্ছিন্ন মিথ্যাচাৰৰ ফল ‘উদয়াচল’ৰ মানচিত্ৰ প্ৰথম প্ৰস্তুত হয় কলিকতাৰ এটা গলিত, ‘মেঘালয়’ৰ প্ৰস্তাৱৰ পিছপিনে আছিল কলিকতা বিশ্ববিদ্যালয়ৰ ভূগোলৰ অধ্যাপক। অসমীয়া মধ্যবিত্তই (বা ধনী শ্ৰেণীয়েও) বড়োসকলৰ কি অন্যায় কৰিছে? কোকৰাঝাৰ অঞ্চলৰ ভাল ভাল মাটিবোৰ, সংৰক্ষিত ভূমি, ব্যৱসায়-বাণিজ্য কাৰ দখলত? অসমীয়া ‘বুদ্ধিজীৱী’ শ্ৰেণীৰ বিড়ম্বনা হ’ল এয়ে যে তেওঁলোকে অনা-অসমীয়া কাগজ-পত্ৰ আৰু তথাকথিত ‘সৰ্বভাৰতীয়’ কাকত-আলোচনী-প্ৰায় সমস্তই কিবা কাৰণত অসমীয়া বিদ্বেষী— যি পঢ়ে, তাকেই সঁচা বুলি মানি লয়। বড়োসকলৰ অনুন্নত অৱস্থাৰ বাবে অসমীয়া মানুহ (আমি নিজে অৱশ্যে ‘অসমীয়া’ আৰু ‘বড়ো’ৰ কোনো তফাৎ নকৰোঁ, যেনেকৈ ইংলিছ, আইৰিণ, স্কটিছ বা ৱেলছভাষী সকলোৱেই ব্ৰিটিছ) কিদৰে দায়ী? (আৰু অসমীয়া মানুহৰ নিজৰ অৱস্থা খুব কিবা ‘উন্নত’ নেকি?) কলিকতা-দিল্লীৰ কাগজে কৈছে বুলিয়েই সেইবোৰ কথা আমি নিৰ্বোধ অসমীয়াবোৰে হজম কৰি যাব লাগে নেকি? কোনো অসমীয়া বিষয়াই যদি চাকৰি বা ঠিকা আদিৰ ক্ষেত্ৰত কোনো বড়ো বা কাৰ্বিৰ অন্যায় কৰিছে, সেইটো নিজৰ স্বাৰ্থত কৰিছে, কোনো বড়ো-বিদ্বেষী মনোবৃত্তিৰে বা ‘অসমীয়া’ ভাবেৰে কৰা নাই— জাতীয় চৰিত্ৰহীন অসমীয়া মানুহে যদি ‘অসমীয়া’ ভাবেৰে আৰু অসমীয়াৰ স্বাৰ্থতেই কামবোৰ কৰিলেহেঁতেন (ব্ৰিটিছে বা বঙালীয়ে যিদৰে কৰে), অসমৰ আজি এইটো অৱস্থা নহয়েই-— অসমীয়া মানুহে অসমীয়া মানুহৰ অনিষ্ট কৰাতেই ইমান ব্যস্ত যে আন গোষ্ঠীসমূহৰ অন্যায় কৰিবলৈ যাবলৈ তেওঁলোকৰ অৱকাশেই নাই, সাধ্যতো নায়েই। আৰু এটা কথা লক্ষ্যণীয় যে ইংৰাজ থকালৈকে এইবোৰ “অসমীয়া বিভীষিকা” দেখা যোৱা নাছিল, ইংৰাজ যোৱাৰ পাছত অসমবিৰোধী ‘ভাৰতীয়’ৰ কৰ্তৃত্ব অহাৰ পাছতহে এইবোৰ প্ৰবৃত্তি উক্ দি উঠিছে। তাৰ কাৰণ বাৰু কি?

[ ৩০ ]  শ্ৰীবৰুৱাই নিজেই চিন্তা কৰি চাওক, ভাৰতবৰ্ষৰ লগত থাকি আমাৰ লাভ হৈছে নে লোকচান হৈছে, উপকাৰ হৈছে নে অপকাৰ হৈছে, কল্যাণ হৈছে নে হানি হৈছে। লাভ হৈছে, এনেকুৱা কোনো এটাও উদাহৰণ আছেনে? হানি হোৱা নাই, এনেকুৱা কোনো বিষয় আছেনে? সুৰক্ষাৰ পিনৰ পৰাও, তেখেতে সঁচাকৈয়ে বিশ্বাস কৰে নে যে ভাৰতীয় সৈন্যবাহিনীয়ে অসমক বাহিৰা আক্ৰমণৰ পৰা ৰক্ষা কৰিব? আমি কিন্তু পাহৰা নাই চীনা আক্ৰমণৰ সময়ত কেনেকৈ ভাৰতীয় বীৰ “জোৱানসকলে” দৌৰ দিছিল আৰু নেহৰুৱে আমাক বিদায় যাচিছিল— অসম, নগালেণ্ড, মিজোৰাম, মণিপুৰ আদিৰ বাবে ভাৰতীয় সৈন্যবাহিনী এটা “ধৰ্ষণবাহিনী”, সেইখিনিয়েই সিহঁতৰ বীৰত্ব, দূৰৈত চীনা সৈন্য এটা দেখিলেই কিন্তু পাৎলুং তিয়াই দৌৰ দিব, আমাৰ সন্দেহ নাই।

 এইবোৰ কথা আমি আগেয়েও ক’বৰ প্ৰয়াস কৰি আহিছোঁ, কিন্তু। ‘আজিৰ অসম’ৰ দৰে কাকতেও আমাৰ চিঠি পত্ৰ প্ৰকাশ কৰা নাই, হয়তো সেইবোৰত স্বাধীন অসম তথা বিচ্ছিন্নতাবাদৰ সমৰ্থনত দুই-এষাৰ কথা থকাৰ বাবেই। কিছুদিন আগেয়ে আলফাৰ দ্বাৰা গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰবন্ধকজনৰ অপহৰণ তথা হত্যাৰ ভাবুকিৰ সন্দৰ্ভত আপোনাৰ সম্পাদকীয়ৰ “কিন্তু ৰাজ্যখনৰ জনসাধাৰণ ভাৰতৰ পৰা পৃথক হোৱাৰ দাবী অথবা আদৰ্শৰ হয় বিৰোধী নহ'লেবা সমৰ্থন নকৰে” কথাখিনি মানি ল'ব নোৱাৰি আমি লিখিছিলোঁ যে “আমাৰ গোহাঁৰি এই বিষয়ে এটা জনসমীক্ষা হওক, কিন্তু তাৰ আগেয়ে ‘ভাৰতীয় অসম’ আৰু ‘স্বাধীন অসম’ বিচৰা উভয়পক্ষকে নিজ নিজ বক্তব্য দাঙি ধৰিবলৈ সুযোগ দিয়া হওক”। এইটোও দোহৰা হৈছিল যে “বস্তুতঃ, ভাৰতীয় বুলি কোনো ঐক্যবদ্ধ জাতি নাই, এইটো ইংৰাজে প্ৰশাসনিক সুবিধাৰ বাবে কৰি লোৱা কৃত্ৰিম গোট, যিটো আজি কেন্দ্ৰীয় চৰকাৰে শাসন আৰু শোষণ চলাই ৰাখিবৰ সুবিধাৰ বাবে চালু ৰাখিবৰ চেষ্টা কৰি থাকে।” অৱশ্যে আজিৰ ভাৰতত নিৰ্বাচন বা [ ৩১ ] গণভোট (ৰেফাৰেণ্ডাম) কিমানদূৰ প্ৰকৃত জনমতৰ প্ৰতিফলন সেইটো সন্দেহজনক, কিন্তু যি হওক, এইটো এটা প্ৰস্তাৱ। আৰু এইটোও আমি জানোঁ যে এই মুহূৰ্তত এটা ৰেফাৰেণ্ডাম হ'লে খুব সম্ভৱতঃ অসম ভাৰতবৰ্ষৰ লগতে থাকিব লাগে বুলিয়েই অধিক মতদান হ’ব, কিন্তু সেইটোৱে আমাৰ বিশ্বাস নলৰায়, যে ভাৰতীয় গণৰাজ্য বুলি কোনো বস্তু শেহলৈ নাথাকে (চাৰিওপিনৰ ঘটনাৱলীৰ পিনে এবাৰ চকু ফুৰালেই যিটো কথা স্পষ্ট হৈ পৰে)। আমাৰ বিশ্বাস নলৰে, কিয়নো আমি উক্ত চিঠিতে ক’বৰ প্ৰয়াস কৰিছিলো যে “..... যদিও আমিও স্বাধীন অসমৰ প্ৰয়াসী, আমাৰ বোধেৰে ভাৰতীয় সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ বা গেৰিলা যুঁজেৰে দেশ স্বাধীন কৰাৰ সময় বা মানসিকতা আমাৰ এতিয়াও অহা নাই.... আৰু স্বাধীনতাৰ অদম্য ইচ্ছা বা তাৰ সম্ভাৱনা জনসাধাৰণৰ মনত এতিয়ালৈকে সঞ্চাৰিত হোৱা নাই। আমাৰ বোধেৰে, অসমৰ স্বাধীনতাৰ অন্যতম দুই ঘাই খুঁটি হ’ল আমাৰ অৰ্থনীতিৰ ওপৰত আমাৰ নিজৰ নিয়ন্ত্ৰণ আৰু আমাৰ মাটি.... আমি সদায় এই কথাকেই কৈ আহিছোঁ যে বন্ধুতকৈ বাণিজ্য ডাঙৰ অস্ত্ৰ, ‘বাণিজ্যে বসতে লক্ষ্মী’য়েই নহয়, ‘বাণিজ্যে বসতে শক্তি’ও [ ইষ্ট ইণ্ডিয়া কোম্পানী, জাপান,....]..... আমাৰ বোধেৰে, বহিৰাগতক মাটি বণ্টন দিয়া/বিক্ৰী কৰা বন্ধ কৰা কামটো আছুৰ। আলফাৰ শক্তিৰ ভিতৰত...... তেওঁলোকে সেইটো কৰক, স্বাধীনচিতীয়া হ'বলৈ অসমীয়া মানুহৰ বেছিদিন নালাগিব।” ঘাই হাতিয়াৰ হ’ল অধ্যয়ন, অনুশীলন আৰু ব্যৱসায়-বাণিজ্য। সময় আহিব ধৰিছে, ন্যস্তস্বাৰ্থৰ অপপ্ৰচাৰৰ ধুঁৱলি-কুঁৱলী ফালি নিশ্চয় অসমীয়া মানুহৰো চকুত স্পষ্ট হৈ পৰিব যে (১) কোনো কাৰো অধীন হ'ব নালাগে (২) অধ্যয়ন আৰু অৰ্থনীতিৰেই স্বাধীন হ’ব পাৰি।

 শেহত, এটা কৌতূহলজনক কথা পঢ়ুৱৈয়ে আৰু শ্ৰীবৰুৱাই নিজেও মন কৰিছেনে নাই নাজানো, তেখেতে যদিও অসম ভাৰতৰ পৰা বিচ্ছিন্ন নোহোৱাৰ সপক্ষে যুক্তি দাঙি ধৰিবৰ চেষ্টা কৰিছে, কথাবোৰত কিন্তু এটা কিবা ‘কিন্তু কিন্তু’ দ্বিধাভাব ৰৈ গৈছে; সেয়ে তেখেতে “স্বাধীন [ ৩২ ] অসমৰ চিন্তা বাস্তৱসন্মত নহয়” বুলি নকৈ “বাস্তৱসন্মত হৈছেনে?” বুলি প্ৰশ্নহে কৰিছে। ইয়াৰ সদুত্তৰো আশা কৰিছোঁ অসমৰ জনসাধাৰণে নিজেই ঠিৰাং কৰি উলিয়াব।

 ‘আজিৰ অসম’লৈ পঠোৱা এই চিঠিখন প্ৰকাশ নোপোৱাত চিঠিখন তেওঁ পিছত কিছু সংযোজনসহ ‘সূত্ৰধাৰ’লৈ প্ৰেৰণ কৰিছিল।