চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/আকৌ অসম বন্ধ!

[ ৩৭ ]

আকৌ অসম বন্ধ!

 সম্পাদক
 অসম বাণী, গুৱাহাটী

 ২৪ ফেব্ৰুৱাৰী তাৰিখে গোৱালপাৰা জিলাৰ এঠাইত আছিলো, ২৫ তাৰিখে কেইটামান দৰ্কাৰী কাম শেষ কৰি গুৱাহাটীলৈ উভতি আহিবই লাগে, ঘৰত অসুখ আছে। হঠাতে ১১টা মান বজাত কাগজ আহি পোৱাত জনা গ'ল যে ২৫ তাৰিখে শুকুৰবাৰৰ পুৱা ৫ বজাৰ পৰা আছুৱে ৩৬ ঘণ্টাৰ ‘অসম বন্ধ’ ঘোষণা কৰিছে। কাম-বন সকলো পণ্ড হৈ গ'ল, ঘৰৰ অসুখ হেতু দেওবাৰলৈ ৰৈ থাকিবও নোৱাৰি, কোনোমতে লৰালৰিকৈ বাছ এখন ধৰি সন্ধিয়া সময়ত আদাবাৰী পালোহি। তিনিচুকীয়াত ৫ জন যুৱকক ভাৰতীয় সৈন্যবাহিনীয়ে হত্যা কৰাৰ খবৰ ওলোৱাৰ লগে লগেই আছুৱে যাৰ মস্তিষ্কত ‘বন্ধ’ আৰু ‘নিষ্প্ৰদীপ’ৰ বাহিৰে আন একো নাই— অসমৰ সমস্ত মানুহৰ ওপৰত আৰু এটা ৩৬ ঘণ্টীয়া বন্ধ জাপি দিলে, মানুহক এদিন বা আধাদিনৰ আগজাননী দিয়াৰো কোনো আৱেশ নহ'ল। অসংখ্য মানুহৰ নানান কাম-কাজ-জীৱিকাৰ সংস্থান বন্ধ হৈ গ'ল, মোৰেই পৰিচিত কেইবাঘৰৰো গৰাকীৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থা ( বিয়া/অভ্যৰ্থনা আদিৰ কথা বাদেই দিলো ) থানবান হৈ গ'ল, [ ৩৮ ] আৰু অতি গুৰুত্বপূৰ্ণ কথা (কিন্তু এইটো তথাকথিত ‘ছাত্ৰ’ সন্থাই বোধহয় অবান্তৰ বুলি ভাবে) ছাত্ৰ-ছাত্ৰীৰ দুটা শৈক্ষিক দিন নষ্ট হৈ গ'ল। যুৱক ৫ জনৰ ওপৰত হোৱা অত্যাচাৰ আৰু তেওঁলোকক গুলীয়াই হত্যা কৰি, অতি মৰ্মান্তিক ঘটনা, তাত শোকাভিভূত হৈ নপৰা বা খঙত জ্বলি নুঠা মানুহ নোলাব। কিন্তু তাৰ প্ৰতিবাদত বন্ধ কৰি ঘৰত সোমাই থাকিলে ভাৰতীয় সৈন্যবাহিনীৰ কি গাৰ নোম লৰিব? নে লাজে-দুখে ভাৰতীয় সৈন্যবাহিনীয়ে ভৱিষ্যতে আৰু কোনো অতিচাৰ নকৰিব? মৃতকসকলৰ আত্মীয়-স্বজনৰ কি মানসিক সকাহ হ’ব? প্ৰতিবাদৰ ৰাস্তা অকল ‘বন্ধ’ নেকি? আছুৰ ল'ৰাবোৰে খাটি খাব নালাগে, কাম-বন নকৰে, মাক-বাপেকৰ ওপৰত খায় বা বেপাৰীক ডকা দি ধন সৰকায়, আৰু মোনাভাৰি কৰে— অইন মানুহৰ যে গুৰুত্বপূৰ্ণ কাম-কাজ থাকিব পাৰে, অসুখ-বিসুখ থাকিব পাৰে, আদি ১৪/১৫ বছৰে আছুৰ মূৰত নোসোমাল, সেইবোৰ তুচ্ছ কথা। আছুৰ প্ৰতিক্ৰিয়া ( ৰিফ্লেক্স ) হ’ল পালভৰ কুকুৰটোৰ দৰে ঘণ্টাটো শুনিলেই ভোক লাগে আৰু জিভাৰ পানী বয়, কিবা এটা ঘটিলেই আছুৰ নেতৃত্বৰ মূৰত হমকৈ বাজি উঠে “বন্ধ! বন্ধ!”

 এই অৰ্বাচীন বন্ধবোৰৰ ফলত যোৱা দুই দশক আমি ৰাইজ অতিষ্ঠ হৈ আহিছোঁ, যিটোৰ বিন্দুমাত্ৰ উপযোগিতা বা সুফল নাই, তথাপিয়ো সেই একেবিধ দাম নিদিয়া ঔষধকে খায়েই থাকিব লাগিব, খায়েই থাকিব লাগিব।

 আছু এটা বিশ্বাসঘাতক অনুষ্ঠান ( যিয়ে শ শ শ্বহীদৰ আত্মত্যাগ আৰু সৰ্বসাধাৰণ ৰাইজৰ অশেষ কষ্ট স্বীকাৰৰ বিনিময়ত ৰাজীৱ গান্ধীৰ এক ধমকত ‘অসম চুক্তি’ নামৰ কলংকিত কাগজ টুকুৰাৰে অসমত বাংলাদেশীৰ অবাধ ৰাজত্ব সুনিশ্চিত কৰি দিছে; চুক্তিত আগে আগে এই বিশ্বাসঘাতকতাৰ উমান পাই হাজাৰ হাজাৰ মানুহ দিল্লীৰ পৰা আহি পাবলগীয়া আছুৰ নেতাসকলক পিটিবলৈ বৰঝাৰলৈ যায়, যাৰ ফলত তেওঁলোক বৰঝাৰত নানামি পুনৰ দিল্লীলৈ উভতি যায় )। তাৰ পৰা [ ৩৯ ] জন্ম হোৱা অগপও একেই অসৎ আৰু সুবিধাবাদী অনুষ্ঠান ( আজি অগপৰ বিবৃতি আৰু ধৰ্ণা আদিৰছবি দেখিলে মানুহে কয় “বহুদিন মন্ত্ৰী-এম এল এ” হৈ টকা-পইচা খাব পোৱা নাইতো, সেই কাৰণে কুচকাৱাজ কৰি দেখুৱাব ধৰিছে” )— মই নিজে বহুদিন হ’ল আছু বা অগপৰ কোনো বিবৃতি পঢ়ি সময় নষ্ট নকৰো— যিবোৰ ল’ৰাই এশাৰী শুদ্ধ ইংৰাজী ( এনেকি শুদ্ধ অসমীয়াও ) ক’ব বা লিখিব নোৱাৰে, সেইবোৰেই মহাবিজ্ঞৰ দৰে মুখ কৰি কিবা ‘ফেডাৰেল গাঁথনি’ আদি ডাঙৰ ডাঙৰ কথা কৈ সুদূৰ দিল্লীত ছেমিনাৰ পাতে (টকা ক’ৰ পৰা আহে?) গেছ-ক্ৰেকাৰ আৰু ৰিফাইনাৰী আদিৰ বিষয়ে বক্তৃতা দিয়ে, মূল্যবৃদ্ধি ৰোধৰ বিষয়ে আস্ফালন কৰে ( যিটো আছু নেতাই ভালদৰেই জানে ) যে আছুৰ ল’ৰাই ব্যৱসায়ীৰ পৰা বলপূৰ্বক অনা টকাৰ ক্ষতি পূৰণ হিচাপে ব্যৱসায়ীয়ে দাম বঢ়াই দিয়ে। কিন্তু তেনেবোৰ কাম বন্ধ হ’বলৈ নিদিয়ে, দেশৰ সকলো সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ব্যৱস্থা তেওঁলোকেই যেন একচেতীয়াভাৱে লৈছে, সমাধানৰ উপায় হ’ল বিবৃতি, শ্ল’গান, বন্ধ, নিষ্প্ৰদীপ। অৱশ্যে সকলো ক্ষেত্ৰতে দেখা যায় যে এইবোৰৰ পিছপিনে আছে ‘নেতা’ হোৱাৰ সুবিধা। ‘নেতা’ হৈ ভোগ-বিলাস, দুৰ্নীতি আৰু স্বেচ্ছাচাৰিতা, আৰু আছু তথা অগপ আদিত কৰা আমাৰ সৰল বিশ্বাসৰ ফল আজি আমি দেখিছো যে ভেটি অবিহনে এখোজ লৰাৰ উপায় নাই আৰু অসম বুলি এখন ঠাই বৰ্তি থকাৰ সম্ভাৱনাই আৰু নোহোৱা হৈ আহিছে। এইবোৰ হ’ল কাপুৰুষৰ অনুষ্ঠান— নিজে চহৰত সুৰক্ষিত থাকি, পঞ্চতাৰকা হোটেলত সময় কটাই গাঁও-ভূঁইৰ দুখীয়া-নিচলা ৰাইজক পুলিচ- মিলিটাৰীৰ অত্যাচাৰৰ বলি হ’বলৈ ঠেলি দিয়ে, নিজৰ দেহৰ আৰু গাদীৰ ৰক্ষণাবেক্ষণৰ বাবে সৃষ্টি কৰে তথাকথিত ‘বিপ্লৱী’ অনুষ্ঠান, যেনে— ‘আলফা’, যাৰ নেতাবোৰ গৈ বাংলাদেশত সোমাই থাকে, পাকিস্তানৰ চোৰাংচোৱা সন্থাৰ আঙুলিৰ জোকাৰত উঠা-বহা কৰে, আৰু অসমৰ গাঁও-ভূঁইৰ আবাল-বৃদ্ধ-বনিতাক অত্যাচাৰ আৰু ধৰ্ষণৰ লক্ষ্য হ’বলৈ এৰি [ ৪০ ] দিয়ে; এই তথাকথিত বিপ্লৱীসকলৰ জনসাধাৰণৰ লক্ষ্য কোনো খোপনি নাই— এই ল'ৰাবোৰে কাছিন নে ক'ৰবাত মানুহ মাৰিবলৈ শিকি আহিছে আৰু কেইটামান বন্দুক, পিষ্টল যোগাৰ কৰি য'তে যাকে পাইছে কথাই-অকথাই গুলীয়াই ফুৰিছে, সেয়েই বিপ্লৱ, সেইটো কৰিলেই অসম স্বাধীন হৈ যাব। এইবোৰৰ বীৰত্ব সমুখ সমৰ বা জনজাগৰণৰ নেতৃত্ব নহয়, এইবোৰৰ বীৰত্ব হ’ল গাঁৱৰ ছোৱালীক ধৰ্ষিতা হ’বলৈ এৰি দি পলাই আহি লক্ষীপথাৰ আদি ঠাইত নিৰ্জু লোকৰ গণ কবৰ। এই ভণ্ড, কাপুৰুষ অনুষ্ঠানবোৰে অসমৰ কোনো মংগল কৰিব নোৱাৰে ( আৰু নোখোজে ), নকৰে। যেনে— আছুৱে আজিলৈকে কোনো এটা ধনাত্মক কাম কৰা নাই ( কিন্তু কৰা যেন দেখিলেও এই প্ৰসংগতে সবিনয়ে ক’বলৈ বাধ্য হৈছোঁ যে আমি কিছুমান ক্ষেত্ৰত কৰিবৰ চেষ্টা কৰিছোঁ, যিবোৰ ক্ষেত্ৰতে ছাত্ৰসকলৰ অসৎ মনোবৃত্তি দেখি স্তম্ভিত হৈছোঁ— সেইবোৰ বিতং তথ্য কেতিয়াবা সূচাৰুভাৱে বিবৃত কৰা হ’ব )। আমাৰ বক্তব্য এয়ে যে তোমালোক যদি ছাত্ৰ সন্থা, তেন্তে ছাত্ৰ হোৱা, পঢ়া-শুনা কৰা, অনুশীলন কৰা, অইন ইচ্ছুক ল’ৰা-ছোৱালীকো পঢ়া-শুনা কৰিবলৈ দিয়া। পঢ়া-শুনা নকৰি তোমালোকে দেশৰ আৰু দহৰ কোনো ভাল কৰিব নোৱৰা ( হয়তো কিছু পাৰিলাহেঁতেন, যদি তোমালোকৰ আন্তৰিকতা বা সততা বুলি কিবা থাকিলহেঁতেন )— যেনে-অসমীয়া মানুহে বিদেশীক মাটি বিক্ৰী কৰাটো তোমালোকে ইচ্ছা ( তীব্ৰ মাৰ্কিন বোমাবৰ্ষণৰ মাজে মাজেও ভিয়েটনামৰ পঢ়াশালিবোৰ চলি আছিল ) কৰিলে বন্ধ কৰিব পাৰিলাহেঁতেন ( আলফায়োও পাৰে ) আৰু এই আহ্বান আমি বহুবাৰ দিছোঁ— আৰু ইচ্ছা থাকিলে এতিয়াও পাৰা। ভোটাৰ তালিকাখন বিদেশীমুক্ত হ’লনে নাই সেইটো তোমালোকে ইচ্ছা কৰিলে থলে থলে উপস্থিত থাকি নিশ্চিত কৰিব পাৰিলাহেঁতেন— কিন্তু তোমালোকৰ সেই আগ্ৰহ নাই ( পাঞ্জাৱৰ ছাত্ৰসকল কিন্তু চৰকাৰী দলৰ লগত প্ৰতিখন গাঁৱলৈ গৈ নিশ্চিত কৰিছে কিমান হিন্দু আছে )। আছুৱে ছাত্ৰ-ছাত্ৰীৰ, অসমৰ, অসমীয়াৰ কি মংগল [ ৪১ ] কৰিছে, কেতিয়া কি কল্যাণ কৰিছে? বৰং, আছুৰ হঠকাৰীতাৰ ফলত আজি বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী অসমৰ ঘোৰ বিৰোধী হৈ উঠিছে। শৈক্ষিক আৰু সামাজিক জীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ গৈছে।

 তিনিচুকীয়া জিলাৰ ল’ৰা ৫ জনক কেতিয়া কি সেনাবাহিনীয়ে ধৰি লৈ গৈছিল আমি নাজানোঁ। এইবোৰ ঘটনা আজিকালি দৈনন্দিন আৰু বিভ্ৰান্তিকৰ, প্ৰত্যেকটোৰ খুঁটি-নাটি ৰখা নাযায় — কিন্তু ‘আছু’ বুলি বা ‘আলফা’ বুলি যদি দুটা একেবাৰে অদৰকাৰী বস্তু নাথাকিলহেঁতেন, তেন্তে এই ৫টি তৰুণ জীৱনৰ এনেকুৱা শোকাৱহ সমাপ্তি নঘটিলহেঁতেন ( কাৰণ অসমৰ অশান্তিৰ পশ্চাদভূমি হ’ল আছু আৰু আলফাৰ সৃষ্টি ) তেনেদৰে আৰু শ শ উদীয়মান যুৱক-যুৱতীৰো জীৱন বা মৰ্যাদা নষ্ট হৈ নগ'লহেঁতেন, যিসকলৰ শিক্ষা-দীক্ষা, কৰ্মকুশলতা হ'লহেঁতেন স্বাধীন অসমৰ সম্পদ।এইবোৰ দৈনন্দিন হানিৰ বাবে আছু দায়ী, আলফা দায়ী ( চৰকাৰী সন্ত্ৰাসৰ কথাটো লগতে জড়িত, প্ৰতিক্ৰিয়াৰূপে )। অসমীয়া মানুহক অনৰ্গল ধাপ্পা দি এনেকুৱা অসহনীয় আৰু ধংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা বাবে এইসকলক অসমে কোনোদিনে ক্ষমা নকৰে।

 বহুতে হয়তো ক’ব, আমাৰ ডেকা ল’ৰা মাৰি-ধৰি শেষ কৰিব ধৰিছে, এওঁৰ এটা বন্ধতেই গা ঘূৰিছে। এইক্ষেত্ৰত হয়তো এটা ‘বন্ধ’ত বহুতে সহাঁৰিয়েই দিব, শোকত, ক্ষোভত শক্তিহীন লোকৰ আলৈ আথনি। বিকল্প বিচাৰি নাপায়। কিন্তু আমাৰ আপত্তিটো এয়ে যে যিটো ঔষধ নিষ্ফল ( এনেকি হানিকৰ ) বুলিও জানো সেইটো আমি বাৰে বাৰে খাব লাগিব কিয়? মানিলোহেঁতেন, যদি বন্ধৰ ফলত চৰকাৰৰ পুলিচ-মিলিটাৰীৰো চলন-ফুৰণ আৰু কাৰ্যকলাপ বন্ধ হৈ গ'লহেঁতেন, কিন্তু নিজে নিজক বন্ধ কৰি সেইবোৰক অবাধে চলি থাকিবলৈ দিয়াটো মূৰ্খামি নহয়নে? আছু, অগপ আদি হ’ল আমাৰ বাটৰ কাঁইট, এইবোৰ চলে মিছা কথা আৰু ভুৱাৰ ওপৰত, তাৰ নেতাসকলে নিজৰ নিজৰ সকলো সা- সুবিধা হাচিল কৰি লয়, সাধাৰণ মানুহ অৰ্থনৈতিক, ৰাজনৈতিক আৰু [ ৪২ ] সন্ত্ৰাসবাদী জোৰ-জুলুমত ( ‘বিপ্লৱী’ আৰু ৰাষ্ট্ৰীয়, দুয়োবিধ ) জুৰুলা হৈ পেঁপুৱা লাগি থাকে। আমাৰ বোধেৰে আছু, অগপ, আলফা আদিৰ সঁচ অসমৰ পৰা নিশ্চিহ্ন কৰি দিয়া উচিত। যোৱাবাৰ উদ্ভণ্ডালি আৰু দুৰ্নীতিৰ চৰম শিখৰত উঠা অগপ চৰকাৰক কেন্দ্ৰই বৰ্খাস্ত কৰি দিওঁতে ৰাইজে কিযে স্বস্তিৰ নিশ্বাস পেলাইছিল— সামৰিক আতিশয্যৰ শংকা থকা সত্ত্বেও সেই কথা নিশ্চয় ৰাইজৰ মনত আছে )। এইটো অনুষ্ঠান যিমানদিন থাকিব তিমানদিন আমাৰ ল'ৰা-ছোৱালী অশিক্ষিত আৰু মূৰ্খ হৈ থাকিব, ল'ৰাবোৰ সম্পূৰ্ণ স্বাৰ্থপৰ আৰু কাপুৰুষ হৈ থাকিব, জনসাধাৰণ পদে পদে প্ৰবঞ্চিত আৰু নিপীড়িত হৈ থাকিব। কাৰণ, ল'ৰা-ছোৱালীয়ে অনুকৰণ কৰিবলৈ কোনো সততা বা আদৰ্শ নেদেখিব ( আজি আছুৰ ল'ৰাবোৰে চুৰি-ডকাইতি, বলপূৰ্বক ধন আদায় আৰু মাকৰ বয়সীয়া তিৰোতা ধৰ্ষণ কৰি ফুৰিছে, নেতৃত্ব কিন্তু চুপ )— এইবোৰ অনুষ্ঠান নিশ্চিহ্ন হ'লেহে সমস্ত ছানি ধৰা বিকৃত ( ‘দুই নম্বৰী’ ) মূল্যবোধবোৰ লাহে লাহে অদৃশ্য হ'লেহে ছাত্ৰ- ছাত্ৰীয়ে গম পাব যে ভণ্ডামি আৰু বিনা পৰিশ্ৰমে টকা লুটি ফুৰাৰ বাহিৰেও পৃথিৱীত আন ধৰণে চলিব পাৰি, যে নিজৰ চেষ্টাৰেই শৈক্ষিক আৰু বৃত্তিগত অৰ্হতা অৰ্জন কৰিব পাৰি, যে ডকাইতি কৰি চলোৱা মাৰুতিখনতকৈ নিজ পৰিশ্ৰমৰ ধনেৰে কিনা চাইকেলখনত উঠি তৃপ্তি বেছি, যে নাৰী ধৰ্ষণতকৈ নাৰীৰ সহায়ক আৰু প্ৰীতিভাজন হ’ব পৰাটোৱে প্ৰকৃত পুৰুষত্ব। এইবোৰ বিবৃতি আদি আমি তাচ্ছিল্য সহকাৰে উপেক্ষা কৰাই উচিত পন্থা হ'ব।

 আলফাৰ দৰে আমিও অসম স্বাধীন হোৱাটো বিচাৰো, কিন্তু আমি বাৰে বাৰে কৈ আহিছে, যে তাৰ বাবে মানুহ মাৰি ফুৰিব নালাগে, আমাৰ মানুহৰ মাজত স্বাধীনতাকাংখ্যাৰ বীজ ৰোপণ কৰি দিব পাৰিলে আৰু আমাৰ অৰ্থনীতি আমাৰ নিজৰ হাতত ৰাখিব পাৰিলেই আমি স্বাধীন হ’ব পাৰিম— সশস্ত্ৰ বিপ্লৱৰ দিন উঠি গৈছে, আৰু চাহ বাগানৰ বিষয়াক গুলী কৰাতকৈ চাহ বাগানৰ মালিক হোৱাৰ অৰ্হতা আয়ত্ব কৰাটোৱেহে [ ৪৩ ] বুজাব যে আমি স্বাধীন হোৱাৰ যোগ্য। ব্যবসায়-বাণিজ্য, পঢ়া-শুনা আৰু ঐকান্তিক কৰ্ম অনুৰাগেই স্বাধীন হোৱাৰ পথ, ডকাইতি আৰু পুঠি-খলিহনা গুলীয়াই মাৰি ফুৰাটো নহয়। ইতি—