চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/নিষ্প্রদীপ নকৰিবলৈ গোহাৰি

[ ৬১ ]

নিষ্প্ৰদীপ নকৰিবলৈ গোহাঁৰি

 সম্পাদক,
 দৈনিক অসম, গুৱাহাটী

 ‘আছু' আৰু গ.স. পৰিষদে পুনৰ ‘নিষ্প্ৰদীপ’ পালনৰ আহ্বান দিছে অহা ১১ নৱেম্বৰ তাৰিখে। “বিদেশী নাগৰিকৰ প্ৰশ্নটো সমাধান কৰাত কেন্দ্ৰই পলম কৰাৰ প্ৰতিবাদ”ত এই “কাৰ্যসূচী” লোৱা হৈছে সিদিনা অসমত উপস্থিত হ'বলগীয়া প্ৰধানমন্ত্ৰীক দেখুৱাবৰ কাৰণে। আমি এই ধৰণৰ নিষ্প্ৰদীপ কাৰ্যসূচীৰ সদায় বিৰোধিতা কৰি আহিছোঁ, কিয়নো এইটো একেবাৰেই নিস্ফল, নিৰ্বোধ আৰু কাপুৰুষোচিত এটা কাৰ্য। প্ৰধানমন্ত্ৰীক কিবা ক'ব লগা থাকিলে সমুখাসমুখিকৈ ক'বৰ সাহস থাকিব লাগে, লাইট নুমুৱাই আন্ধাৰত বহি থাকিব নালাগে। আৰু ইন্দিৰা গান্ধী য’লৈ য’লৈ যাব তাত নিষ্প্ৰদীপ কৰাৰ সাধ্য আছু বা গ.স. পৰিষদৰ নাই, আৰু অসমৰ মানুহ ঘৰ-দুৱাৰ আন্ধাৰ কৰি জুপুকা মাৰি সোমাই থকাটো কিবাকৈ দেখিলেও ইন্দিৰা গান্ধীৰ বা কেন্দ্ৰীয় চৰকাৰৰ ‘এইটো কি নপুংসকৰ কাৰ্য’ বুলি তাচ্ছিল্য কৰাৰ বাহিৰে আন একো প্ৰতিক্ৰিয়া নহয়। এইটো আমি বাৰে বাৰে দেখি আহিছোঁ। ইন্দিৰা গান্ধী শ্বিলঙত থাকিলেও আমি গুৱাহাটীত ঘৰ-দুৱাৰ আন্ধাৰ কৰি বহি থাকোঁ, আনোৱাৰা টাইমূৰে দিছপুৰত [ ৬২ ] মন্ত্ৰিত্বৰ শপত ল’লেও আমি ঘৰে ঘৰে লাইট নুমুৱাই জুপুকা মাৰি থাকোঁ, কিন্তু ইন্দিৰা গান্ধী বা আনোৱাৰা টাইমূৰক অন্ধকাৰত পেলোৱাৰ শক্তি আমাৰ নাই। নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা’ৰ এই কাৰ্যসূচীৰ পৰা আমাৰ কি লাভ হৈছে ছা.স. বা গ.স. পৰিষদে কওক। ‘এইটো আমাৰ প্ৰতিবাদ’ বুলি ক'লে আমি নামানোঁ — এই প্ৰতিবাদ কোনে গ্ৰাহ্য কৰে? নিজৰ ক্ষতি আৰু জুলুমৰ বাহিৰে ইয়াৰ পৰা কি লাভ হয়। আমি বাৰে বাৰে কৈ আহিছোঁ যে ঘৰত কেঁচুৱা থাকিব পাৰে, বেমাৰী থাকিব পাৰে, অথবা মানুহ থাকিব পাৰে। জৰুৰী কাম থাকিব পাৰে— ঘৰ-দুৱাৰ ঘিটমিটীয়া আন্ধাৰ কৰি বহি থাকিলে কি পৰিস্থিতি হয় ‘আন্দোলন'ৰ নেতাসকলে নাজানেনে? তাৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰ প্ৰভাৱিত হ’ব? আমাৰ মনোবল উন্নীত হ'ব? নহয়, তাৰ ওলোটাবোৰ হ’ব। কাৰবাৰ ঘৰত কিবা জৰুৰী প্ৰয়োজনত অকণমান পোহৰ ওলালেই উদণ্ড আছু সমৰ্থকসকলে শিল দলিয়ায়, অভদ্ৰামি কৰে, চিঞৰে— যেন তাৰ ফলত বিদেশী নাগৰিক বহিষ্কৃত হৈ যাব!

 আচলতে, বিদেশী নাগৰিক বহিষ্কাৰ কৰাৰ শক্তি আছু বা গ.স. পৰিষদৰ নাই, কেন্দ্ৰীয় চৰকাৰৰো সেই কাম কৰাৰ বিন্দুমাত্ৰও ইচ্ছা নাই— যিটো কথা আমি বাৰম্বাৰ কৈছোঁ, আৰু আমাৰ যিবোৰ কথা সদায় সত্য প্ৰমাণিত হৈ আহিছে। যিটো কথা আছুৱেও কৈছে, গতিকে “প্ৰতিবাদ” কৰাৰ অৰ্থ কি? ‘আছু’ এতিয়া এটা ফেচিষ্ট মনোবৃত্তিৰ সংগঠন, বহুধা বিভক্ত, আৰু আমি স্থানান্তৰত পৰামৰ্শ আগবঢ়াইছোঁ যে বৰ্তমানৰ আছু আৰু গ.স. পৰিষদ ভাঙি নিদিলে অসমৰ চৰম সৰ্বনাশ আৰু বন্ধানীকৰণ অনিবাৰ্য। এই দুটা অনুষ্ঠানৰ আত্মম্ভৰিতা আৰু নিৰ্বোধ কাৰ্যসূচীৰ ফলত অসমত কোনোদিনে নোহোৱা-নোপোজা সাম্প্ৰদায়িক সংঘৰ্ষ ঘটি অসমত তেজৰ নৈ বৈ গ'ল। আৰু ব্যাপক অবিশ্বাস আৰু বিদ্বেষেৰে বিভিন্ন থলুৱা জনগোষ্ঠীৰ মাজত বৈৰীভাব সিঁচি দিয়া হ'ল— এই অকল্যাণৰ বাবে কোন দায়ী, ৰাইজে বিবেচনা কৰি চাওক। অকল চৰকাৰক দোষ দি [ ৬৩ ] থাকিলে কোনোদিনে তাৰ প্ৰতিকাৰ নঘটে। আৰু আমাৰ মনোবল? আমাৰ বিশেষকৈ ছাত্ৰৰ নৈতিক আৰু দৈহিক সাহস এতিয়া কোন বিন্দুত?সকলোৱে এই অৰ্থহীন ‘বন্ধ' আৰু ‘নিষ্প্ৰদীপ' বেয়া পায়, কিন্তু আমি কোনেও প্ৰতিবাদ কৰিবৰ সাহস নাৰাখো, কিজানি আমাক উঠি অহা ফেচিষ্ট ল’ৰাবোৰে (যাৰ মতে অসমৰ বিষয়ে অকল আছুৱেহে চিন্তা কৰিব পাৰিব বা কথা ক'ব পাৰিব, অন্য কোনেও তাৰ কোনোৰকম সমালোচনা বা বিৰোধিতা কৰিব নোৱাৰিব) ধৰি পিটে বা অপমান কৰে। এটা ‘বন্ধ’ পাতি দোকান-হাট সকলো বন্ধ কৰি দিয়াৰ মানে এইটো নহয় যে ৰাইজে সেই বন্ধ সমৰ্থন কৰিছে— আমি অধিকাংশই বেয়া পালেও ভয়তে বা অপ্ৰীতিকৰ পৰিস্থিতি এৰাবৰ বাবেই তাৰ বিৰোধিতা নকৰো— ‘বন্ধ’ৰ দিনত বাংলাদেশী আৰু বাংলাদেশী সমৰ্থকৰ দোকান-পোহাৰো বন্ধ থাকে, তাৰ মানে কি তেওঁলোকে আছুৰ ‘বন্ধ’ সমৰ্থন কৰিছে?

 আমি বাৰে বাৰে কৈছোঁ যে আমি এনেকুৱা কাৰ্যসূচীৰহে সমৰ্থক, যাৰ পৰা কাম হয়। আমি কচৰৎ বা চাৰ্কাছৰ কাৰ্যসূচীত বিশ্বাস নকৰোঁ। বিনা বাক্য ব্যয়ে আছু বা গ.স পৰিষদে খেয়ালখুচি মতে ঘোষণা কৰি যোৱা ‘কাৰ্যসূচী’বোৰ মানি নলৈ পুনৰ বিবেচনা কৰাৰ সময় আহিছে। এইবোৰৰ ফলত কপটতা আৰু সুবিধাবাদ ভয়াল গতিত বাঢ়ি গৈছে— বিশেষকৈ ছাত্ৰৰ মাজত। গতিকে আমি ৰাইজক অনুৰোধ জনাওঁ যে তেওঁলোকে যেন ১১ তাৰিখে (বা তাৰ পাছতো) কোনো নিষ্প্ৰদীপ কাৰ্যসূচীত সহাঁৰি নিদিয়ে। ৰাইজে বৰং প্ৰশ্ন তোলকঃ কিয় আমি নিষ্প্ৰদীপ কৰি জুলুমত ভুগিম? তাৰ পৰা আমাৰ কি লাভ হ’ব?আজিলৈকে কি লাভ হৈছে? ইতি—
 ৯.১১.৮৩