[ ৬৪ ]

থামক!

 বহু প্ৰশংসিত সাম্প্ৰতিক একুকি ইৰাণীয়ান কথাছবি প্ৰদৰ্শন কৰিব ‘ছিনে-বাফ্ ছ'চাইটি’য়ে পাৰ্বতীপ্ৰসাদ ভৱনত আজি সন্ধিয়া ছয় বজাৰ পৰা—তাৰ সম্পাদকে অনুগ্ৰহ কৰি মোলৈ এখন আমন্ত্ৰণী পঠিয়াই দিছে, লগতে এখন পৰিয়াল প্ৰৱেশ-পত্ৰ। গতিকে সন্ধিয়াটো পাৰ কৰাৰ উপায় এটা ওলাল। অন্যথা, মোৰ দিন আৰম্ভ হৈছে নিয়মিতভাৱেই, এতিয়া মই ল'ৰা-ছোৱালী দুটিক সিহঁতৰ স্কুল-বাছৰ ষ্টপ্‌টোলৈ লৈ যাব ওলাইছোঁ।টেলিফোন বাজিল। বিমান, পুৰণি এজন স্কুলীয়া সহপাঠী। মোৰ স্বাস্থ্যৰ খবৰ লৈছে, কৈছে যে বহুদিন লগালগি হোৱা নাই, মই আজি এপাক তাৰ তাত সোমালে কেনে হয়? কলেজৰ পৰা অৱসৰৰ পিছত বিমানে এখন বাতৰি কাকতৰ দেওবৰীয়া আলোচনীখনৰ ভাৰ লৈছে, আজি তাৰ ছুটী। মোকো অৱসৰৰ পিছত এটা তথাকথিত ‘ক’চিং ইন্‌ষ্টিটিউট’ অৰ্থাৎ শিক্ষণ প্ৰতিষ্ঠানে অনুৰোধ কৰিছে তেওঁলোকক অলপ সহায় কৰি দিবলৈ, আজি মোৰ মাত্ৰ এটা ক্লাছ আছে দুপৰীয়া এক বজাত, গতিকে সময় ওলাব। ক’লোঁ, ‘বেয়া নহ’ব, চাওঁ বাৰু কি কৰিব পাৰোঁ।' যাব ওলাওঁতে শ্ৰীমতীয়ে সোঁৱৰাই দিলে তেওঁৰ ঔষধ আৰু চেণ্ট এবিধৰ কথা— কেইখনমান বিশেষ দোকানতহে পোৱা যায়— আৰু ক'লে যে মিড্‌টাউন নাৰ্ছিং হোমলৈ গৈ যেন সৰলা পেহীক যেনে-তেনে এবাৰ দেখা কৰোঁ (সৰলা পেহী বাথৰুমত পৰি গৈছিল, সোঁ[ ৬৫ ] ভৰিৰ হাড় ভাঙিছে)। ক'লোঁ, ‘হ’ব দিয়া, চেষ্টা কৰি চাম’। তাৰ পিছত স্কুল-বাছষ্টপ্—বাছখন ঠিক সময়মতে আহিছে (আনদিনৰ দৰেই), ল’ৰা-ছোৱালী দুটিক বাছত তুলি দি সিহঁতৰ আসনত বহি লোৱা চালোঁ, বাছ এৰি দিলে, তাৰ পিছত মোৰ গাড়ীত সোমালোঁ। তেনেতে চকুত পৰিল ৰাস্তাৰ সিপাৰৰ ‘স্ন’ হোৱাইট লণ্ড্ৰি'ৰ ছাইনব'ৰ্ডখন— অ’, হয়তো, মোৰ লণ্ড্ৰিখিনি আনিব লগা হৈ আছে— গতিকে দেও দি দি ৰাস্তা পাৰ হ'লোঁ, লণ্ড্ৰিৰ বেগটো হাতত লৈ আকৌ পট্‌কৈ ইপাৰলৈ আহিলোঁ, গাড়ীত উঠিলোঁ, এনেতে শুনিলোঁ কোনোবাই মোৰ নাম ধৰি চিঞৰিছে— ঘূৰি চালোঁ, স্ন’ হোৱাইটৰ ফলকখনৰ তলত উমাকান্ত, এজন পুৰণি সহকৰ্মী, হাত দাঙি মোক ৰ’বলৈ সংকেত দিছে। উমাকান্ত খৰধৰকৈ ৰাস্তা পাৰ হৈ মোৰ ওচৰলৈ আহিল— ভাল খবৰ আছে, তেওঁৰ ছোৱালীজনীৰ বাবে অৱশেষত এটি উপযুক্ত পাত্ৰ পোৱা গৈছে ( গৰ্‌গৰ্‌কৈ কেইটামান খুটি-নাটি আওৰাই দিলে )। ক’লে যে ঘৈণীয়েকক লগত লৈ দুই-চাৰি দিনতে আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাবলৈ আহিব………তাৰ পিছত বিমানৰ ঘৰ, সমুখত গাড়ীখন পাৰ্ক কৰি থৈ ভিতৰ সোমালোঁ, ঘড়ী চালোঁ... বিমানৰ পাছত নাৰ্ছিং হোম, ফাৰ্মাচী, ইত্যাদি ইত্যাদি... দুপৰীয়াৰ আহাৰৰ বাবে ঘৰলৈ... সন্ধিয়া শ্ৰীমতীৰ লগত সান্ধ্য-চফৰ— ছিনে-বাফ্ সমিতিৰ ব্যগ্ৰ, উৎসাহী সদস্যসকল— ইৰাণীয়ান কথাছবি, সঁচাকৈয়ে অপূৰ্ব— চাওঁতে চাওঁতে নটা বাজিবৰ হ’ল, শ্ৰীমতীয়ে ক'লে যে তেওঁৰ ভোক লাগিছে, সেই যে খ্ৰীষ্টানপাৰাৰ নিৰামিষ দোকানখন, উড্‌ফিল্ড, প্লেইছ, তাত এটা ডোছা বা এটা কাট্‌লেট খাই ল’লে কেনে হয়— মই ক’লোঁ, ‘অ’, মোকো ভোকে পাইছে, বোধহয় ভাল চিনেমা চালে ভাল ভোক আহে’—গতিকে উড্‌ফিল্ডৰ সমুখত গাড়ীখন পাৰ্ক কৰি থৈ ভিতৰ সোমালোঁ, অনুজ্জ্বলভাৱে আলোকিত বাতানুকূল অভ্যন্তৰ— ডোছাটোও বেছ ভাল— তাৰ পিছত ঘৰমুৱা, ওখ ওখ লাইটবোৰৰ তলত পৰিষ্কাৰ, মুকলি ৰাস্তা ঝক্‌ঝক্ কৰিছে, উত্তৰ পিনৰ পৰা পাতল বতাহ বলিছে, গতিকে গাড়ীৰ এ.চিটো বন্ধ কৰি দি খিৰিকীৰ কাঁচবোৰ নমাই দিলোঁ, জুবিন গাৰ্গৰ [ ৬৬ ] শেহতীয়া ৰেকৰ্ডখন চলাই দিলোঁ….…...….মসৃণ। প্ৰীতিদায়ক ঘৰযাত্ৰা.…..আঃ, সঁচাই, আমি বাস কৰিছোঁ মনোজ্ঞ সময়ত, এখন সুসভ্য সমাজত...

*   *   *   *

 অৱশ্যেই, এই সকলোবোৰ হ’ল গল্প, মনেসজা কাহিনী। কল্পনা-বিলাস। আচল ছবিখন এনেকুৱা :

 গাড়ী উলিয়াই আনি ঘাই ৰাস্তা পালোঁ, দিনটোৰ প্ৰথম বিপৰ্যস্ত ভাবৰ অভিজ্ঞতাৰ সন্মুখীন হ'লোঁ— গাড়ী, বাইক, চাইকেল, বাছ, ট্ৰাক, ঠেলা, অটোৰ অন্তহীন সোঁতে বন্ধ কৰি পেলাইছে ৰাস্তা— মই ছট্‌ফট্‌ কৰোঁ, শাওপাত দিওঁ, গালাগালি দিওঁ — পিছপিনৰ ছীটত ল'ৰা-ছোৱালীহাল ভয়তে পেপুৱা লাগে, সিহঁতৰ স্কুল বেগ খামুচি ধৰে—অপেক্ষা, অপেক্ষা, অপেক্ষা— ক্ৰমান্বয়ে অধৈৰ্যৰ পৰা অধৈৰ্যত—অৱশেষত ক’ৰবাৰ পৰা এখন প্ৰকাণ্ড ‘ৰিকভাৰী ভেন’ নে কিবা মন্থৰ জোঁকাৰণি মাৰি মাৰি আহি ওলায়, ফলত তাৰ পিছপিনৰ যান-বাহনবোৰে বাধ্য হৈ তাৰ পৰা এটা নিৰাপদ দূৰত্ব বজাই ৰাখি বেগ কমাই দিয়ে, তেনেকৈ সৃষ্টি হোৱা ফাঁকখিনিৰ মাজলৈ মই মৰীয়া হৈ মোৰ গাড়ী চুটাই দিওঁ, বিশাল যন্ত্ৰদানৱটোৰ পিছে পিছে গৈ থাকো— অৱশেষত স্কুল-বাছৰ ষ্টপ্, কিন্তু তাত ৰ’বলৈ নাই কোনো ঠাই, ষ্টপ্‌টোৰ দুয়োপিনে গাড়ী আৰু বাইকৰ ছিদ্ৰহীন ঘন শাৰী, গতিকে কেইবাটাও বিল্ডিং পাৰ হৈ বেছ কিছুদূৰলৈ আগুৱাই যাওঁ, কোনোমতে বিশৃংখল ঠেলাকেইখনমানৰ মাজত গাড়ী ৰাখিবলৈ জাগা অলপ পাওঁ, গাড়ীৰ পৰা নামি বাছলৈ ওভতোঁ, ল’ৰা-ছোৱালীহালে ফোঁপাইছে, ভয় খাইছে যে বাছখন নাপাব (‘মিছ’ কৰিব)— কিন্তু নাই, বাছখন আহি পোৱা নাই (‘লেইট’ আছে)। যিটো প্ৰায়ে ঘটে, সৰ্বক্ষণ যিহে যান-জঁট, তেনে নঘটিবই বা কিয়— গতিকে আমি বাছলৈ বুলি ৰওঁ, লানি নিছিগা যানপ্ৰবাহৰ হৰ্ণৰ সজোৰ ভেপু আৰু ‘খ্ৰীইছ্‌ছ’ কৈ মৰা কৰ্কশ ব্ৰেকে আমাৰ কাণ কলা কৰি দিয়ে, গাড়ী আৰু দুচকীয়াৰ ‘এক্সহষ্ট’বোৰৰ বিষাক্ত ধোঁৱাই আমাৰ নাক আৰু হাওঁফাওঁ [ ৬৭ ] ভৰাই দিয়ে— অৱশেষত স্কুল বাছ— অ’, হয়, ৰাস্তাৰ সিপাৰৰ স্ন' হোৱাইট লণ্ড্ৰিখন মোৰ চকুত পৰিছে, সঁচা, মনত খেলাইছে যে মোৰ লণ্ড্ৰিখিনি বোধহয় নিব পৰা হৈছে, সেইটোও সঁচা, কিন্তু তেতিয়া ‘দেও দি’ ৰাস্তা পাৰ হোৱাৰ কোনো প্ৰশ্নই নাহে, কিয়নো শ শ যান-বাহন ঊৰ্দ্ধশ্বাস গতিত বাম্পাৰত বাম্পাৰ লগাই ধাবমান হোৱা দৃশ্যই মনলৈ আনি দিয়ে ভয়বিহ্বল শিহৰণ— আজিকালি ৰাস্তা পাৰ হোৱাটো যেন বৈতৰণী পাৰ হোৱাৰ দৰে কথা, অথবা গ্ৰীক পুৰাণৰ অন্ধকাৰ পাতাল নদী ষ্টিক্স (Styx)— মই সিদ্ধান্ত কৰি পেলালোঁ যে মোৰ লন্ড্ৰিখিনিতকৈ মোৰ প্ৰাণটো বেছি মূল্যবান। গতিকে তৎক্ষণাত সেই চিন্তা বাদ দিলোঁ— আৰু হয়, সিপাৰৰ ফুটপাথত উমাকান্তকো এবাৰ চকামকাকৈ দেখা পাইছিলো, কিন্তু তেওঁৰ চাৰিওপিনৰ পথচাৰীবোৰৰ মাজত তেওঁ নিমিষতে হেৰাই গ'ল, আৰু তেওঁ যদি মোৰ নাম ধৰি চিঞৰিছিলো সেইটো এই গণ্ডগোল আৰু হাই-উৰুমিৰ মাজত মই শুনা পোৱাটোও সম্ভৱ নাছিল, আৰু তেওঁও নিশ্চয় ইমান মৰ সাহসী নহয় যে ‘ৰাস্তা পাৰ হৈ আহি যাব’ (যেন ভাবিলেই পাৰিব!) ....আৰু মোৰ অন্যান্য গন্তব্য স্থানবোৰতো ৰূপায়িত হ’ল একেই ধৰণৰ চিত্ৰনাট্য— বিমানৰ ঘৰৰ সমুখ ছানি ধৰিছে গাড়ী আৰু দুচকীয়া যানে, গতিকে বাধ্য হৈ এক কিলোমিটাৰমান আগুৱাই যাব লগাত পৰিলোঁ গাড়ী ৰাখিব পৰা ঠাই এটুকুৰা পাবলৈ, বুজিলোঁ যে এতিয়া ইয়াৰ পৰা খোজকাঢ়ি বিমানৰ ঘৰলৈ গৈ কথা পাতি বা চাহ খাই একো আনন্দ নাপাম, গতিকে মোৰ ম'বাইল ফোনটো বাহিৰ কৰি লৈ বিমানক ক'লো যে বিধাতাই কৰিলে আমাৰ দেখা-দেখি নিশ্চয় হ’ব, হয়তো গহীন মাজনিশা বা কোনোবা অসম বন্ধৰ মাজত, কোনে জানে... ফাৰ্মাচী আৰু নাৰ্ছিং হোমতো প্ৰায় তেনেকুৱাই অৱস্থা, কিন্তু অৱশ্যেই, সৰলা পেহীক দেখা নকৰিলেও নহ’ব, গতিকে নাৰ্ছিং হোমৰ গে'টৰ পৰা বহু আলোকবৰ্ষ দূৰত গাড়ীখন পাৰ্ক কৰি থৈ ঠাহ খোৱা গাড়ী আৰু উদ্বিগ্ন আগন্তুকসকলৰ ভিৰৰ মাজে মাজে কোঁচ-মোচ খাই খাই গৈ পেহীৰ ৱাৰ্ডটোত সোমালোঁ.... [ ৬৮ ] আৰু এনেদৰে পাৰ হ’ল আৰু এটি ভগ্নোৎসাহ দিন, মই নিজে সম্পূৰ্ণ বিপৰ্যস্ত আৰু একেবাৰে অসুখী, আৰু তাৰ পিছত আহিল সান্ধ্য-অভিযাত্ৰাৰ দুঃচিন্তা— গৃহিণীক লগত ল'লোঁ (বোলো তেওঁৰো অলপ স্ফূৰ্তি-তামাছা হওক)— নব্য ধনিকসকল তেতিয়া বাহিৰ হৈছে তেওঁলোকৰ ৰঙিয়াল নৈশ উদযাপনৰ বাবে, চিক্‌চিকীয়া গাড়ীবোৰ চুটাইছে দুৰ্দাম বেগত (ৰাস্তাৰ ষ্ট্ৰীট-লাইট থাকক বা নাথাকক), হে'ড্‌ লাইটবোৰ কেতিয়াও কমাই নিদিয়ে।(‘ডিম্‌’ নকৰে), ৰাস্তা ঠাঁহ খাই পৰিছে বহলে বহলে তিনিখনকৈ গাড়ীৰে, চাৰিখনকৈ গাড়ীৰে, তাৰ ফলত এটা দৈত্যাকাৰ যান-জঁটৰ সৃষ্টি হৈ সব গাড়ী ৰৈ গৈছে— মেজাজ চৰি গৈছে, তীক্ষ্ণ হৰ্ণে বাৰংবাৰ ক্ৰুদ্ধ ভেপু দিছে, শাওপাত আৰু গালি-গালাজ, আৰু এই বিশৃংখলাৰ মাজতে গাড়ীবোৰৰ ফাঁকে ফাঁকে হুচ্‌কৈ মটৰ চাইকেলেৰে একা-বেঁকা দুঃসাহসিক ঝম্প দি ওলাইছে-সোমাইছে যমক পৰোৱা নকৰা দুটামান ডেকা ল’ৰা। পিন্ধনত দামী জীন্‌ছ, চালিকাশক্তি হয়তো সুৰা (বা হয়তো তেওঁলোকৰ পুৰুষ-হৰ্মন্ টেষ্ট’ষ্টেৰন্— Testosterone য়েই যথেষ্ট) এই উদ্দাম মটৰ-বাইক নৃত্যৰ আগত যেন ‘বে’ন্‌ হুৰ্’ কথাছবিৰ বিখ্যাত ৰথ দৌৰো নিষ্প্ৰভ!— অৱশেষত যেতিয়া বিভিন্ন যান-জঁট অতিক্ৰম কৰি দীঘলীপাৰ ৰোডৰ ভাঁজটো ঘূৰিলোঁ (য’ত চিনে-বাফৰ সদস্যসকলে সন্ধিয়াৰ অনুষ্ঠানটো পাতিছে), তেতিয়া প্ৰায় ৬টা ৪৫, অৰ্থাৎ ইৰাণীয়ান ফিল্মখনৰ আধা পাৰ হৈ গৈছে, গতিকে আৰু কিছু গালি-শপনি পাৰি গাড়ী ঘূৰালোঁ— আৰু হয়, আমাৰ দুয়োৰে তেতিয়া ভোক লাগিছে (ফিল্মখনৰ পৰা নহয়, সেইখনতো চোৱাই নহ’ল, বৰং পৰাজয়ৰ বিফলতাখিনিৰ পৰা), গতিকে ওলালোঁ উড্‌ফিল্ড ৰেষ্টুৰেণ্টখনলৈ, তাতে বন্যভাৱে কিবা এটাত কামোৰ দি দি খংখিনি মাৰ নিয়াম— অৱশ্যে তাতো আহি পৰিল গাড়ী ৰখাৰ অৱশ্যম্ভাৱী সমস্যা— ওচৰৰে‘মেগামাৰ্ট’খনত দুটামান খালী ঠাই আছে, কিন্তু আমি তাত গাড়ী পাৰ্ক কৰিব নোৱাৰোঁ— কিন্তু দূৰ চালা গুলী মাৰ্, নিয়মবোৰতো বনোৱা হয় অমান্য কৰিবৰ বাবে, নহয় জানো— [ ৬৯ ] গতিকে ‘মেগামাৰ্ট’তে বে-আইনীভাৱে গাড়ী সুমুৱাই দি আমি খাবলৈ বহোঁ। আমাৰ সামাজিক জীৱন এফলীয়াকৈ আঁতৰাই থওঁ, আমাৰ সাংস্কৃতিক জীৱন পাহৰণিৰ আৱৰ্জনালৈ দলিয়াই দিওঁ, আমি খাওঁ আৰু জীৱন নিৰ্বাহ কৰোঁ.….…...তাৰ পিছত ঘৰমুৱা যাত্ৰা....আ, সঁচাই, আমি বাস কৰোঁ প্ৰীতিদায়ক পৰিৱেশত, এখন সুসভ্য সমাজত, নহয় জানো?...

*   *   *   *

 কেনেকৈ আহিল এই দুখ লগা কিন্তু ভয়াৱহ পৰিস্থিতি, য'ত আমি য’লৈ যাব খোজোঁ তালৈ যাব নোৱাৰোঁ, য'তৰ'ব খোজোঁ তাত ৰ'ব নোৱাৰোঁ?যিটো কৰিব খোজোঁ সেইটো কৰিব নোৱাৰোঁ? কেনেকৈ আহিল এই দৃশ্য, য'ত চহৰখন দেখা যায় যেন গাড়ী আৰু বাইকৰ এটা নিৰৱচ্ছিন্ন দ’ম, য'ৰ নাগৰিক হ’ল এই ব্যূহৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি ওলাই আহিবৰ চেষ্টাত ব্যতিব্যস্ত? সকলোৱে জানে যে নাগৰিকৰ এই দুৰ্দশাৰ কাৰণ হ’ল সৰ্বত্ৰ দুৰ্নীতিৰ পয়োভৰ, যাৰ ফলত আইনৰ ৰাজত্ব স্খলিত। আৰু দুৰ্নীতিৰ মূল হ’ল লোভ, খঁক। একেবাৰে নীতিবিবৰ্জিত আৰু অৰ্থলিপ্সু ৰাজনীতিকৰ কুচক্ৰ তথা অন্যান্যৰ লগত সেইবোৰ দলৰ অতীব অৰ্থপিপাসু গোটটো হ’ল মটৰ গাড়ীৰ নিৰ্মাতাসকল। তেওঁলোকৰ খঁক হ’ল অতোষণীয় আৰু অন্তহীন, তেওঁলোকক লাগে মাথোঁ টকা আৰু টকা, তাৰ বাহিৰে আন কোনো কথালৈ ভ্ৰূক্ষেপ নাই। আৰু তেওঁলোকে আৱিষ্কাৰ কৰিছে মহানন্দে যে ভাৰতবৰ্ষৰ সকলো অঞ্চলৰ ভিতৰত অসমতেই লুট কাৰ্য চলাই যোৱাটো আটাইতকৈ সহজ— মানুহবোৰ সহজে ঠগিব পাৰি, চৰকাৰক অতি সহজে ঘোচ খুৱাব পাৰি, ৰাজনৈতিক দলবোৰ উদাসীন, বাতৰি কাকতবোৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি নিস্পৃহ আৰু নীতিৰ কোনো বালাই যাৰ নাই, মাথোঁ বিজ্ঞাপন পাবলৈ ব্যগ্ৰ। চহৰত যান-বাহনৰ অসহনীয় বোজা জাপি দিয়াৰ ফলত যে নাগৰিক জীৱনৰ মান অতল গৰ্ভলৈ নামি গৈছে, সেই কথা যেন কাৰো গাতেই নালাগে, মটৰ গাড়ীৰ বহুজাতিক নিগমবোৰৰ কথাতো ক’বই নালাগে। তেওঁলোকৰ তীখা আছে আৰু কাৰখানা আছে, [ ৭০ ] তেওঁলোকৰ একমাত্ৰ লক্ষ্য হ’ল এই যে তেওঁলোকৰ আৱৰ্জনাবোৰ অসমত জাপি দিব লাগে, আমাৰ চহৰবোৰে যে এই বোজা আৰু ব'ব নোৱাৰে সেই কথাত কাৰ মাথাব্যথা। মটৰ গাড়ীৰ নিগমবোৰে কুমলীয়া মনৰ প্ৰভাৱপ্ৰবণ ডেকা ল'ৰাহঁতক আৰু ‘নতুন ধনী 'সকলক (যিসকলে টকা উপাৰ্জন কৰা নাই কিন্তু টকা কৰিছে) বুৰাই দিছে পৃষ্ঠাজোৰা বহুৰঙী আগ্ৰাসী বিজ্ঞাপনেৰে আৰু টিভি প্ৰচাৰেৰে নিজৰ ঢোল কোবাই, যে তেওঁলোকৰ গাড়ীবোৰ হ’ল ‘সম্ভ্ৰান্ত কুল’ৰ আৰু আধুনিকতাৰ ধাৰাদৰ্শী, এইবোৰে আৰোহীক দিয়ে মহানায়ক-সুলভ ‘পৌৰুষতা’ আৰু ‘শক্তিসবল মুষ্ট্যাঘাত (power punch)’, এনেবোৰ অগৰং বগৰং মাথা মুণ্ড, লগতে বিভিন্ন লোভনীয় আকৰ্ষণ : ৰেহাই, উপহাৰ, প্ৰলোভন আৰু কত কি (যদিও সেইবোৰত প্ৰচ্ছন্ন থাকে স্বল্পবিবৃত চৰ্ত), আৰু অৱশ্যেই, তেওঁলোকৰ অভিপ্ৰেত ‘চিকাৰ'সকলে এইবোৰ গিলি খায় গোটে গোটে। প্ৰায়ে কাগজত ছবি দেখা যায়, মটৰ গাড়ী উদ্যোগৰ কোনো মুখ্য কাৰ্যবাহী বিষয়াই তেওঁলোকৰ কিবা নতুন জক্‌মকীয়া গাড়ী উদ্বোধন কৰিছে, কাষতে গাড়ীৰ দুৱাৰত হাত দি থিয় হৈ আছে এজনী স্বল্পবসনা ছোৱালী, মুখ্য বিষয়াজনৰ লোলুপ মুখখনৰ পৰা যেন লেলাৱতি নিগৰি পৰিছে, ধাৰণা হয় যেন চুই চালে দেখিম ফটোখন তিতি গৈছে।

*   *   *   *

 কিন্তু অকল অভিযোগ আৰু সমালোচনা কৰি থাকিলেইতো নহ'ব। এতিয়া যিবোৰ ব্যৱস্থা লোৱা হৈছে সেইবোৰ হ’ল জোৰা-টাপলি মাৰি কোনোমতে চলাই দিয়াৰ চেষ্টা— যেনে, য’তে-ত’তে ‘ন’ এন্ট্ৰি’ বা ‘ন’ পাৰ্কিং’ ফলক লগাই দিয়া হৈছে, যাৰ ফলত একো সকাহ পোৱা যোৱা নাই। ফ্লাইঅ'ভাৰবোৰৰ পৰাও যান-বাহনৰ সংখ্যা লাঘৱ হোৱা নাই; ইন্ধনৰ দাম বঢ়াই দিলেও ৰাস্তাত গাড়ীৰ সংখ্যা নকমে, লিটাৰত এশ টকা হ'লেও মানুহে পেট্ৰ'ল কিনিবই।

 আমাৰ পৰামৰ্শ এইঃ

 ১. ঘৰে ঘৰে দুচকীয়া আৰু মটৰ গাড়ীৰ সংখ্যাৰ এটা সমীক্ষা [ ৭১ ] লোৱা হওক, আৰু এটি বুজনধৰণৰ মাপকাঠি প্ৰয়োগ কৰি নিৰ্ধাৰণ কৰা হওক এটা পৰিয়ালক কেইখন যান লাগে। বয়সস্থ স্বামী-স্ত্ৰীক হয়তো এখন গাড়ী লাগিব, কিন্তু স্কুলীয়া ল'ৰা-ছোৱালীয়ে বাছত অহা-যোৱা কৰিব পাৰিব, বা চাইকেল চলাব। এজন ডাক্তৰক এখন গাড়ী লাগিব, কিন্তু তেওঁ স্ত্ৰীৰ হয়তো গাড়ী নহ'লেও চলিব। কৰ্মস্থান যদি ঘৰৰ পৰা দূৰত তেনেহ'লে ঘৰৰ আবাসীয়ে এখন স্কুটাৰ ল’ব পাৰে, কিন্তু ঘৰৰ কলেজীয়া ল'ৰা-ছোৱালীয়ে কলেজলৈ মটৰ বাইক চলাই যাব নালাগে। ইত্যাদি। এইবোৰ পৰিসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হওক (দৰকাৰ হ’লে আইন প্ৰণয়ন কৰি) এটা বাধ্যতামূলক নীতি, যাৰ দ্বাৰা প্ৰতিটো ঘৰত দুচকীয়া আৰু-মটৰ গাড়ীৰ সংখ্যা সীমিত কৰা যাব।

 ২. ছিংগাপুৰ, হংকং আদি ঠাইত হেনো (সঠিক নাজানো) যোৰ নম্বৰ-প্লেটৱালা গাড়ীবোৰ চলে এদিন বাদে এদিন, যেনে সোমাবাৰে, বুধবাৰে আৰু শুকুৰবাৰে, আৰু বেযোৰ নম্বৰ প্লেটৱালা গাড়ী চলে মঙলবাৰে, বৃহস্পতিবাৰে আৰু শনিবাৰে। আমাৰ ইয়াতো হয়তো তেনেকুৱা কিবা এটা কৰি চাব পাৰি। দেওবাৰে কি কি কৰা যায় সেইটো ৰাজহুৱা মতামতেৰে ঠিক কৰা হওক।

 ৩. অন্ততঃ দুবছৰৰ বাবে মটৰ গাড়ী আৰু (চাইকেল বাদ দি) আন দুচকীয়া যানৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা (Moratorium) বা স্থগিতাজ্ঞা বলৱৎ কৰা হওক। গাড়ী আৰু দুচকীয়াৰ সকলো বিজ্ঞাপন বন্ধ কৰা হওক। বহুজাতিক নিগমবোৰে আপত্তি তুলিব যে তেওঁলোকৰ কেঁচামাল আৰু কল-কাৰখানা এনেয়ে পৰি থাকিব, তেওঁলোকৰ বিৰাট লোকচান হ’ব। সেইটো তেওঁলোকৰ সমস্যা, কিন্তু আচলতে তিমান লোকচান নহয়— তেওঁলোকৰ উৎপাদন-সুবিধাৰে তেওঁলোকে চাইকেল, ট্ৰেক্টৰ, এম্বুলেন্স, ষ্টাফ্-বাছ আদি বনাব পাৰিব। কিন্তু মটৰ গাড়ী আৰু দুচকীয়াৰ ক্ষেত্ৰত এটা দুবছৰীয়া নিষেধাজ্ঞা বলৱৎ কৰাৰ কামটো একেবাৰে জৰুৰী। তাৰ বাহিৰে ৰাস্তাত গাড়ী কমোৱাৰ বিকল্প নাই।

[ ৭২ ]  ৪. পেট্ৰ'ল আৰু ডিজেলৰ ৰেশ্যনিং হওক।

 ৫. পথচাৰী, গাড়ী-মালিক, বিশেষজ্ঞ, জনসাধাৰণৰ পৰামৰ্শ আহ্বান কৰা হওক।

*   *   *   *

 এই দীঘলীয়া আলোচনাখিনিৰ কিবা ‘নীতিকথা’ আছে নেকি? যদি আছে, তেনেহ'লে হয়তো এনেকুৱা :

 ‘আকাশী গংগা বিচৰা নাই’, বিচাৰিছোঁ মাথোঁ সামান্য এইখিনি : যাব খোজা ঠাইলৈ যেন যাব পাৰোঁ, ৰ'ব খোজা ঠাইত যেন ৰ’ব পাৰোঁ; মাজে-সময়ে বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক যেন লগ পাব পাৰোঁ; জৰুৰী কামত (যেনে পৰীক্ষা বা হাস্পতাললৈ) অহা-যোৱা কৰিব লাগিলে যেন আহুকাল নাপাওঁ; মন গ'লে ভাল চিনেমা এখন যেন চাব পাৰোঁ....

‘অন্বেষা’ৰ ষষ্ঠ শিশু আৰু গ্ৰন্থৰ বসন্ত উৎসৱ (২০০৮)ৰ স্মৰণিকাত প্ৰকাশিত মূল
ইংৰাজী নিবন্ধ ‘Halt'-ৰ লেখককৃত অনুবাদ।