চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা/নিঃশব্দ অভিযান
[ ৫৭ ]
নিঃশব্দ অভিযান
আমি যি আশংকা কৰিছিলো, সেয়ে ঘটিছে, ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদে ১০ নৱেম্বৰ তাৰিখে জজ ফিল্ডত গণ সমাৱেশ পাতিব পৰা নাই। আমি আৰম্ভণিৰে পৰা এনে গণ সমাৱেশৰ বিৰোধী আছিলো, কিয়নো ইয়াৰ কোনো প্ৰয়োজন নাছিল— আন্দোলনৰ লক্ষ্যৰ প্ৰতি ৰাইজৰ সমৰ্থন সদায় আছে, তাক বাৰে বাৰে নতুনকৈ প্ৰমাণ কৰাৰ দৰ্কাৰ নাই, আৰু সমাৱেশ পাতি “ব্যাখ্যা” দিবলৈ কোনো নতুন কথাও নাই, থাকিলেও বাতৰি কাকতৰ বিবৃতিয়েই যথেষ্ট (জজ ফিল্ডৰ মানুহৰ বাহিৰে অসমৰ বাকী মানুহে কথাখিনি কাগজতেই পঢ়িব লাগিব)। চৰকাৰী নিষেধ আৰু চি আৰ পি অগ্ৰাহ্য কৰি সমাৱেশ পাতিমেই বুলি হুংকাৰ দিলেই সমাৱেশ যে হ’ব নোৱাৰে সেইটো প্ৰথমৰে পৰা স্পষ্ট আছিল, কিয়নো দুবছৰৰ আগৰ মনোবল মানুহৰ আজি নাই। “জজ ফিল্ডত গণ সমাৱেশ পাতিবলৈ দৃঢ় সংকল্প” আদি দাম্ভিক উক্তিৰ শেষত অইন অইন ঠাইত খণ্ড সমাৱেশ পাতি এইটো প্ৰমাণ কৰা নহ’ল যে জজ ফিল্ডত সমাৱেশ কাৰ্যকৰী কৰা হ’ল। এই পৰাজয়ক “চৰকাৰী অপচেষ্টা ব্যৰ্থ কৰি জনতাৰ জয়লাভ” আদি বাজে কথাৰে ঢাকিবৰ চেষ্টা কৰাটো আমাৰ বোধেৰে অসাধু মনোবৃত্তিৰ পৰিচায়ক।
আৰু এতিয়া আহিছে নতুনকৈ বন্ধৰ আহ্বান। আমি স্থানান্তৰত [ ৫৮ ] বিশদ আলোচনাৰে এই মত দাঙি ধৰিছোঁ যে সত্যাগ্ৰহ, বন্ধ, বক্তৃতা, সমাৱেশ আদিৰে বিদেশী বহিষ্কাৰ কৰিব নোৱাৰি, আৰু তথাকথিত “আলোচনা”বোৰ ভুৱাৰ বাহিৰে আন একো নহয়, কিয়নো অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰাৰ কোনো আগ্ৰহ কেন্দ্ৰীয় চৰকাৰৰ থাকিব নোৱাৰে (কিয় নোৱাৰে সেই কথাও বহুতে ফঁহিয়াই দেখুৱাইছে, আমি ইয়াত সেই প্ৰসংগ টানি বাহুল্যৰ সৃষ্টি নকৰোঁ)। সমাৱেশ, বক্তৃতা, বন্ধ আদিৰ প্ৰয়োজন আন্দোলনৰ আৰম্ভণিতে হয়তো আছিল, যাৰ দ্বাৰা ছাত্ৰসকলে (ৰাইজৰ অকুণ্ঠ সহযোগিতাত) বিদেশী ভোটদাতা-কণ্টকিত নিৰ্বাচন বন্ধ কৰিছে আৰু সমস্যাটোক এটা “জাতীয় (সৰ্বভাৰতীয়) সমস্যা” বুলি স্বীকৃত কৰাইছে— তেল অৱৰোধ আদি কিছুমান অপূৰ্ব কাৰ্যপন্থাৰে সমস্যাটোৰ প্ৰতি আন্তৰ্জাতিক মনোযোগ আকৰ্ষণ কৰাইছে। কিন্তু তাতেই আন্দোলন সম্পূৰ্ণ নহয়, সেইবোৰ আন্দোলনৰ ঢাপ মাত্ৰ। একেকেইটা ঢাপতে উঠা-নমা কৰি থাকিলে সেইটো নহয়গৈ অৱশেষত এটা পশ্চাৎগামী ক্ৰিয়া, আৰু তাৰ ফল হয় হানিকৰ। এই কথাও আন্দোলনৰ নেতাসকলে ভালকৈয়ে উপলব্ধি কৰিছিল, আৰু নানাজন চিন্তাশীল ব্যক্তিয়ে বিস্তৃত আলোচনা কৰি দেখুৱাইছিল যে অৱশেষত অসমক বিদেশীমুক্ত কৰাৰ কামটো অসমীয়া মানুহেই কৰিব লাগিব (কেন্দ্ৰীয় চৰকাৰে কেতিয়াও নকৰে), আৰু “স্বাৱলম্বিতা”ই (সকলো অৰ্থত) তাৰ পথ। (অন্য পথ নোহোৱা নহয়, কিন্তু ইয়াত সেইবোৰ আলোচনা কৰিব খোজা নাই) আন্দোলনৰ পৰা উদ্ভূত নানাবিধ পৰামৰ্শৰ ভিতৰত এই “স্বাৱলম্বী আন্দোলন” আছিল আমাৰ বোধেৰে প্ৰকৃত কাৰ্যক্ষম পন্থা— আৰু সঁচাকৈয়ে সেই আন্দোলনত আন্তৰিকতাৰে লাগি থকাহেঁতেন আজি তিনি বছৰে বিদেশী বহুখিনি কমি গ'লহেঁতেন আৰু আমাৰ মনোবল বহুখিনি সবল হ’লহেঁতেন। “স্বাৱলম্বী”ৰ নামত কোনে টকা লুটিলে? স্বাৱলম্বী উদ্যোগ বন্ধ হ’ল কিয়? প্লাইউড অৱৰোধ কিয় এটা কেলেংকাৰী লৈ পৰিণত হ'ল? ইত্যাদি এশ এটা প্ৰশ্ন এই প্ৰসংগত উঠিব পাৰে, আৰু [ ৫৯ ] তাৰ উত্তৰো কম-বেছি পৰিমাণে সকলোৰে জ্ঞাত, সেইবোৰ বাদ-বিসম্বাদৰ মাজলৈ আমি এতিয়া যাব খোজা নাই— কিন্তু এইটো এতিয়াও সত্য যে আমি “স্বাৱলম্বী” হ’ব নোৱাৰিলে অকল শ্ল'গান দি কোনো লাভ নাই। আৰু ইয়াত আমি “স্বাৱলম্বী” মানে অকল এইটোকে বুজা নাই যে ব্যৱসায়, খেতি আৰু চাকৰিৰ ক্ষেত্ৰত শূন্যস্থান পূৰাবলৈ বিদেশী আহিব নালাগিব, আমাৰ বুদ্ধি-বিবেচনা আৰু দিহা-পৰামৰ্শৰ ক্ষেত্ৰতো বিদেশীৰ প্ৰয়োজন বা এক্তিয়াৰ নাথাকিব, অৰ্থাৎ আমি সামাজিক/ৰাজনৈতিকভাৱেও স্বাৱলম্বী হ’ম।
অকল ব্যৱসায়-বাণিজ্যৰ কথাকেই যদি ধৰোঁ, বন্ধ আৰু সত্যাগ্ৰহ, বিক্ষোভ, ১৪৪ ধাৰা, কাৰ্ফিউ, ধৰ-পাকড় আদিৰ ফলত কিমান খিলঞ্জীয়া ক্ষুদ্ৰায়তন উদ্যোগ আৰু বেপাৰী যে ক্ষতিগ্ৰস্ত বা একেবাৰে ধ্বংস হৈ গৈছে, তাৰ হিচাব কৰা টান। গুৱাহাটীৰ কিছুমান ৰাস্তাত কেইবাখনো সৰু সৰু স্থানীয় মানুহৰ দোকান লোকচান ভৰি ভৰি উঠি যোৱা আমি নিজে দেখিছোঁ। আৰু সেইবোৰৰ ঠাইত বাংলাদেশী বেপাৰী ভৰি পৰিছে। অৰ্থাৎ, অন্তহীন আৰু উদ্দেশ্যহীন বন্ধৰ ফলত খিলঞ্জীয়া উদ্যোগৰ ক্ষতিতো হৈছেই, ওলোটাই বিদেশীৰ প্ৰাধান্য বাঢ়ি গৈছে, বাংলাদেশীৰ সংখ্যা বাঢ়ি গৈছে (আৰু বাঢ়ি গৈ আছে)। “বন্ধ” মানে হ’ল স্থানীয় উদ্যোগৰ মৃত্যু আৰু গাঁৱে-ভূঞে অত্যাচাৰ, ধৰপাকড়, ধৰ্ষণ, গুণী, কুমলীয়া ল’ৰা হত্যা। অন্তত অকল স্থানীয় উদ্যোগৰ খাতিৰতেই— অন্যবোৰ কথা, যেনে— ল’ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষতি আদি গুৰুত্বপূৰ্ণ কথা আমি ইয়াত বাদেই দিছোঁ— আমি “বন্ধ”ৰ বিৰোধিতা কৰোঁ, “বাণিজ্যে বসতি লক্ষ্মী’য়েই অকল নহয়, আমাৰ বোধেৰে “বাণিজ্যে বসতি শক্তিঃ”ও। বিক্ষোভ, নিস্ফল সত্যাগ্ৰহ, দেহ-মন নিশকতীয়া কৰা অনশন আদিৰ ফলত ইমানদিন যি ঘটিছে সেয়া আন্দোলনৰ লক্ষ্যৰ ঠিক বিপৰীত— বাংলাদেশী এটাও কমা নাই, বাঢ়ি গৈছে।
সেয়ে ‘আছু’ আৰু গ.স.প.লৈ আমাৰ অনুৰোধ, তেওঁলোকে [ ৬০ ] এইবোৰ নিস্ফল কাৰ্যপন্থা আৰু দমন-দুৰ্গতিৰ মাজলৈ ৰাইজক ঠেলি নিদি তেওঁলোকেই হাতত লোৱা গঠনমূলক কাৰ্যাৱলীৰে আন্দোলন চলাই নিয়ক। যেনেকৈ (আশু প্ৰয়োজনীয়ৰ ভিতৰত) (ক) অসমীয়াবিৰোধী বাংলাদেশী দোকান-পোহাৰ বৰ্জন (নিতান্ত এৰাব-নোৱৰা অৱস্থাত বাদে) (খ) বাংলাদেশী বনুৱাক (ঘৰৰ কামত, খেতিৰ মাটিত, দিন হাজিৰা আদিও বৰ্জন (গ) বিদেশীক মাটি বিক্ৰী কৰা/বন্ধ/বিদেশীৰ হাতলৈ যোৱা মাটি যথাসম্ভৱ পুনৰুদ্ধাৰ (ঘ) অসমবিৰোধী কাকত আলোচনী বৰ্জন, ইত্যাদি। (এইবোৰ লীজ দিয়া আমি প্ৰস্তাৱ কৰা নতুন কথা নহয়, আন্দোলনৰ সময়ৰ সৰ্বজন স্বীকৃত পৰামৰ্শ)। অন্ততঃ এইখিনি কৰিব পাৰিলেই ছয় মাহৰ ভিতৰত আমি দেখিম যে বুজন পৰিমাণৰ বিদেশী কমি গৈছে— আৰু ৰাইজে এইবোৰ কৰিব, যদি ছাত্ৰ সন্থা আৰু গ.স. পৰিষদে ৰাইজে আহ্বান দিয়ে, কিয়নো তেওঁলোকৰ ওপৰত ৰাইজৰ আস্থা এতিয়াও অটুট আছে।
নতুন কৌশল। আমাৰ পিনৰ পৰা আমি ক’ব খোজো যে আমি অকল এনেকুৱা কাৰ্যপন্থাতহে বিশ্বাসী যাৰে কাম হয় আৰু যাৰ দ্বাৰা আমাৰ মনোবল উন্নীত হয়, আৰু সেয়ে আমি সত্যাগ্ৰহ, বন্ধ, অনশন আদিৰ বিৰোধিতা কৰোঁ। সেয়ে আমি প্ৰস্তাৱিত ১৯ নৱেম্বৰৰ বন্ধতো সহযোগিতা নকৰোঁ আৰু ৰাইজৰ ওচৰত অনুৰোধ জনাওঁ, তেওঁলোকেও যেন এই বন্ধত সহযোগ নকৰে, বৰং তেওঁলোকে ছাত্ৰ সন্থাক আৰু গ.স.পক প্ৰকৃত ফলপ্ৰসূ কাৰ্যপন্থী ল’বলৈহে যেন বাধ্য কৰে। বাংলাদেশীৰ অভিযান এটা নিঃশব্দ অভিযান, আমাৰ নিস্ফল চিঞৰ-বাখৰৰ মাজত বাংলাদেশীয়ে অসমত নিজৰ সংখ্যা বঢ়াই গৈ আছে, আৰু তাৰ প্ৰতি-অভিযানো হ’ব লাগিব নিঃশব্দ।