গোপাল গোৱালী পাৰত নাচে
।।ৰাগঃ ভাটিয়ালী।। একতাল।।
ধ্ৰুং।। গোপাল গোৱালীপাৰাত নাচে।
চৰণ চলাই নূপূৰ বজাই মধুৰ মধুৰ হাসে।।
পদ।। পীত ধটি কটি কাচনি কাটিয়া
আগু পাছু লাসে ছাৱে।
বালকৰ ভাৱ দেখায়া কানাই
গোপীৰ মন ভুলাৱে।।
দধি বিকি আসি শুনিল গোৱালী
হৰি নাচিবৰ কথা।
পসাৰ পেলাই লৱৰন্তে যাই
কৃষ্ণক বেৰিল তথা।।
সব গোপী মেলি বাৱে হাত তুলি
বোলে ভাল কৰি নাচা।
হাতে তাৰ খাৰু দিব চেনি লাৰু
বাপু পুৰি তোৰ বাঞ্চা।
গোপীৰ বচনে বৰ লোভ পাই
নাচল নানান ভাৱে।
কহয় মাধৱ আন গতি নাই
ভজ গোৱিন্দৰ পাৱে।।