গোপীনাথ জগজীৱ স্বামী ৰাম
।।ৰাগঃ বসন্ত।। তালঃ পৰি।।
ধ্ৰুং।। গোপীনাথ জগজীৱ স্বামী ৰাম, সেবহু তোই।
হৰি কৰহু কৰুণা নাথ মোই।।
পদ।। কলিযুগে নৰতনু ভাৰতে পায়া পুনু
তুৱা গুণ নাম নাহি লিঞোঁ।
পৰম অমিয়া ৰস তেজি তুৱা নাম-যশ
বিষয়-গৰল হামু পিয়োঁ।।
দুৰ্জ্জয় মনৰ সঙ্গে পাপচয় কৈলো ৰঙ্গে
নাকৰিলো তোমাৰ ভকতি।
লোভ মোহ কাম ক্ৰোধ মদ মান ৰিপু সঙ্গে
মজিলো সংসাৰে মূঢ়মতি।।
পতিতপাৱন প্ৰভু তুৱা পদ-পঙ্কজে
তাহে শৰণ লেহোঁ জানি।
তুৱা জন সঙ্গে নাম ৰহু মুহে অবিৰাম
কহত মাধৱ পৰমাণি।।