পৃষ্ঠা:গাওঁবুঢ়া.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গাওঁবুঢ়া।

১। অঙ্ক।
⸺•⸺
প্ৰথম পট,—গাঁৱলীয়া ৰাজবাট।
⸻⸻⸻

(বাপুৰাম, কচুখোৱা আৰু এটা চিপাহীয়ে কুলী ধৰে)

 ১ম কুলী।— (বাপুলৈ চাই) দেউতা ঈশ্বৰ! অলপ কিৰ্‌পা নকৰিলে আৰু বন্দী নিগমে মৰিলোঁ! মোৰ নো কোন আছে, অকলশৰীয়া মানুহ, দেউতাই দেখিছেই। কালিয়ে সিজনীয়ে ডাঙৰী গোটাচেৰেক দাই থৈ আহিছিল, আজি নচপালে, পথাৰৰ মুঠি পথাৰতে ৰব! আৰু, কানীয়া মানুহ, গাত নো কি বল-শক্তি আছে, দেখিছেই।

 বাপু।— (খঙ্গেৰে) কটা, তই মৰ্ বা তৰ্, মই কি কৰিম? চৰ্কাৰী কাম; কুলী নিদিলে মোক হবলা হাকিমে শুদাই এৰিব? গুচ্, টপটপাই নাথাকিবি মোৰ ওচৰত।

 ১ম কুলী।— (কচুখোৱালৈ চাই) গাওঁবুঢ়া ককাই! তুমিও নো মুখলৈ নোচোৱাঁ নে?

 কচু।— এৰা, নেচাম নো কেলৈ? তই মোলৈ কোঁচ্‌ভৰাই নি চাৱ নহয়? আমাক তামোল এটা, পাণ এবিৰা পাৰি দিয়াও তহঁতৰ মানত লাজৰ কথা? এতিয়া মুখলৈ নেচাম নো কিয়?

৪৯