পৃষ্ঠা:গাওঁবুঢ়া.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় পট,—ভোগমনৰ চোতাল।

 ৰংদৈ।— (ভিতৰলৈ চাই আপোনা-আপুনি, ৰৌৰৱাই) ভাল যেনিবা কণা- বিধতাই এনে জীয়াতু চাবলৈকে মোক চৰ্জিলে! মই নো কি কৰিম, ক'লৈ যাম; অকল এজনী মানুহে কেইফালে চাম! মই নো নমৰি কেলৈ জীয়াই আছোঁ ক'ব নোৱাৰোঁ। (ভোগমনৰ প্ৰৱেশ)

 ভোগ।— (নিলগতে নিটাল মাৰি শুনি থাকি আপোনা-আপুনি) হুঁঃ — আজি হে আজি! মেঘৰ গাজনি যেনহে শুনিছোঁ, আজি ভালকৈয়ে বৰষিব! বাটত লগ পোৱা জাকেই গাৰ কাপোৰ-কানি তিয়াই জুৰুলা কৰি পঠিয়াইছে; এইজাকে এতিয়া কি কৰে গোঁসায়ে হে জানে। (চাঁতকৰে মনত কৰি) অ, মই কি কৰিছোঁ! সময় যে নাই আৰু। লোকে কচুখোৱা ওলালগৈয়ে চাগৈ। (ফুটাই) হেৰ, শুনিছ নে, কিনো কৰিছ? চাপি আহচোন। দিনটো আৰু তোৰ মুখখন জাপ যাব নেপায় নে? থ এতিয়া তোৰ বলকনিখন, ভাল হ'ল নে নাই, ক।

 ৰংদৈ।— (খঙ্গেৰে চাপি) থৈছোঁ ৰান্ধি; খোৱাঁহি মাথোন! কেইজনীমান বেটী থৈ গৈছিলি, কৰি-মেলি ৰান্ধি বাঢ়ি থবলৈ? আমাৰ বিষয়া সিফালে চৰ্কাৰী কামলৈ ওলাই গ'ল, ইফালে পথাৰ-চোৱাই পথাৰ চাইছে, বন-কৰোঁতাই বন কৰিছে, ৰন্ধাই ৰান্ধি থৈছে; এতিয়া আহি মুঠেই ভাতৰ পাতত বহিবগৈ হে লাগে।

 ভোগ।— (খঙ্গেৰে) হেৰ, তোৰ সেইখন চুপতি এতিয়া থৈ দে বুলি নকৈছোঁ? দুপৰীয়া ভোকত খং তোলাই লোৱাৰ পোটক পাবি দেই এতিয়া! ভাত হ'ল যদি গা ধুই আহোঁমানে বাঢ়গৈ, যা। মই ৰব নোৱাৰোঁ, বৰচেহাব আহিছে, ৰচত গোটাবলৈ যাব লাগে।