কেমনে পাইবো হৰি চৰণ তোৰে
।।ৰাগঃ ভাটিয়ালী।। তালঃ যতি।।
ধ্ৰুং।। কেমনে পাইবো হৰি চৰণ তোৰে।
এ দুখ সাগৰে উদ্ধাৰ মোৰে।।
পদ।। এ ভৱ আটোপ অৰণ্য মাজে।
কালব্যাধে মৃগ মাৰিতে সাজে।।
হামু পশু মায়াজলত বন্দী।
নাহি নাহি দেখো পলাইতে সন্ধি।।
কাম ক্ৰোধ কুত্তা কামুৰি খায়।
বিষয় বিষ লাগি এ জীৱ যায়।।
ৰূপ ৰস আদি এ পঞ্চবাণে।
হৃদয় মাজে হামু ফুটলো টানে।।
পাপ পুণ্য ভৈল এ বৰ ডোৰে।
গলাৰ মাজে ছান্দি বান্ধিল মোৰে।।
কালব্যাধে ধৰি লৈ যায় টানি।
ৰাখু ৰাখু মোকে শাৰঙ্গপাণি।।
কালৰ কাল তুমি চাহেব হৰি।
নাহি নাহি আৰ তোমাৰ সৰি।।
জোনিয়া শৰণ লৈলো তোমাৰ পায়।
দীন মাধৱ দাসে এ ৰস গায়।।