কল্পিত মাধৱ নয়ন জুৰায়
।। ৰাগঃ বেলোৱাৰ ।। তালঃ ৰূপক।।
ধ্ৰুং।। কম্পিত মাধৱ নয়ন জুৰায়।
কটি চাপি উডুখল বন্ধন কায়।।
পদ।। আৰকত কৰতল মাজিত লোৰে।
মন্দ ৰোদন কৰু নৱনীত চোৰে।।
নৱনীত কণা শ্যাম অংগ বিৰাজে।
তাৰকগণ যৈচে গগণকু মাজে।।
যাহে চৰণ ৰেণু যোগী নপায়।
ভকতি বলে তাকু বন্ধন কায়।।
কহয় মাধৱদাসে শুন মেৰি মাই।
ওহি জগত গুৰু সুত কাহা পায়।।