কৰত গোপাল ভোজন ব্যৱহাৰা
।। ৰাগঃ বসন্ত ।। তালঃ পৰি।।
ধ্ৰুং।। কৰত গোপাল ভোজন ব্যৱহাৰা
গোপ-বালক সব চৌভিতি বৈঠল পঙ্কজ-পত্ৰ আকাৰা।।
পদ।। তাসু মাজে নন্দ সুত বিৰাজিত
পঙ্কজ কেশৰ সমানা।
কুসুম পাষাণ পত্ৰ ফল পল্লৱ
কুৰু বহু পত্ৰ-বিধানা।।
তাসু উৱৰে থাপি অন্ন ব্যঞ্জন
বহু ৰস চাৰু সুগন্ধি।
দধি দুধ লৱণু চোৰ চাতুৰি ৰসে
ভোজন কৰত আনন্দি।।
বাম কাষে শিঙ্গা বেত বেৰটি মহ
মোহন বাঁশী বিৰাজে।
বামপাণি-তলে থাপি অন্ন ব্যঞ্জন
ভোজন কৰত যদুৰাজে।
সুহৃদ সৱক হৰি বহু ৰসে আনন্দে
ৰঞ্জত হাস পৰিহাসে।
কতিহো কৰতালি বাৱত গাৱত
কতোহোঁ নাচত লয় লাসে।।
সকল যজ্ঞ যাগ ভোজন কৰত যোহি
তাসু কৰত ফলদানা।
সোহি মহেশ্বৰ বোজন কৰত বনে
ওহি নিগম পৰমাণা।।
গগণে দেৱতা গণে ৰঙ্গে দেখত শিৰে
বৰিষে কুসুম অপাৰা।
মাধৱ মুৰুখমতি জনমে জনমে গতি
হৰি পদ পঙ্কজ হামাৰা।।