কথা-গীতা/দ্বাদশ অধ্যায়
[ ১০৯ ]
দ্বাদশ অধ্যায়।
নিৰ্গুণ উপাসক সগুণ উপাসক মধ্যত কুন শ্ৰেষ্ঠ এই নিৰ্ণয় কৰিবে লাগি দ্বাদশ অধ্যায় আৰম্ভ কৰিলা। পূৰ্ব্ব অধ্যায়ৰ অন্তত নৱম দশম অধ্যায়তো ভক্তিনিষ্ঠৰ শ্ৰেষ্ঠ কহিলা। সপ্তম চতুৰ্থত জ্ঞাননিষ্ঠৰ শ্ৰেষ্ঠ কৰি কহিছা৷ এতেকে দুয়ো শ্ৰেষ্ঠ হৈলে, বিশেষ জানিবে ইছায়ে অৰ্জ্জুনে পোছন্ত, হে ভগৱন্ত! এমনে সৰ্ব্ব কৰ্ম্ম অৰ্পণা কৰি তুমাত নিষ্ঠ হুয়া যি ভক্তসবে তুমাক উপাসা কৰে, যি সবে অক্ষৰ ব্ৰহ্মক চিন্তে, দুইৰ মধ্যত কোনসব অতিশয় শ্ৰেষ্ঠ আক মোত কহা।
ভক্তসব শ্ৰেষ্ঠ বুলি ভগৱন্তে কহন্ত। মঞি পৰমেশ্বৰত মন আবেশ কৰি, মোৰ অৰ্থে কৰ্ম্ম আচৰি, পৰম শ্ৰদ্ধায় যুক্ত হুয়া, যি মোক আৰাধনা কৰে সি সব মোৰ মতে শ্ৰেষ্ঠ। যি সবে ইন্দ্ৰিয় নিয়মি সবাতে সমদৃষ্টি হুয়া বাক্য মনৰ অগোচৰ সৰ্ব্বব্যাপক অব্যক্ত অচল নিত্য ব্ৰহ্মক ধ্যান কৰে, তাৰাও মোকে পাৱে। তেবে ভক্তসব কেমনে শ্ৰেষ্ঠ হৈল তাত শুনা। অক্ষৰ উপাসকসবৰ অধিক ক্লেশ আছে। যাতে ব্ৰহ্মগতিক দেহাভিমানিসবে মহাদুষ্খে সে পাৱে। দেহত অহঙ্কাৰ থাকিতে, ব্ৰহ্মনিষ্ঠা পৰম দুৰ্ঘট। মোৰ ভক্তসব পুনু মোৰ প্ৰসাদে অনায়াসে মোক্ষ লভে, আক শুনা।
মঞি পৰমেশ্বৰত সকল কৰ্ম্ম সমৰ্পি মোৰ হুয়া মোত মন দিয়া একান্ত ভক্তিযোগে উপাস কৰে৷ এমনে মেতে নিৰন্তৰে [ ১১০ ] আবেশিত চিত্তসবক মঞি অল্পকালতে মৃত্যুযুক্ত সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰোঁ। এতেকে তুমি মোতে মন স্থিৰ কৰা, বুদ্ধিকো মোতে প্ৰবেশ কৰা। এমন কৰিতে মোৰ প্ৰসাদে লব্ধজ্ঞান হুয়া দেহৰ অন্তত মোৰ স্বৰূপ পাইবা। তাত কিছো সংশয় নকৰিবা। যদি মোত সদাই মন স্থিৰ কৰিবে নপাৰা, তেবে বিক্ষিপ্ত চিত্তক পুনু আকৰ্ষি মোৰ স্মৰণ লক্ষণ অভ্যাস কৰি মোক পাইবে যত্ন কৰা। যদি অভ্যাসতো সমৰ্থ নহা, তবে মোৰ প্ৰীতিৰ সাধন কৰ্ম্মসব একাদশী উপবাস ব্ৰত পূজা পৰিচৰ্য্যা নাম কীৰ্ত্তন আদি পৰিনিষ্ঠ হঞা। এমনে মোৰ অৰ্থে কৰ্ম্ম কৰিলে অনায়াসে মোক্ষ পাইবা। অত্যন্ত ভগবদ্ধৰ্ম্মনিষ্ঠাত অশক্তক প্ৰতি পক্ষান্তৰে কহন্ত। যদি এমনে মোৰ ভক্তি কৰিবে সমৰ্থ নহঞা, তেবে মোত এক শৰণ লৱা, সকল ধৰ্ম্মৰ ফল নিয়তচিত্ত হুয়া মোত সমৰ্পণ কৰা। আৰ এমন অৰ্থ, মঞি ঈশ্বৰৰ আজ্ঞায় যথাশক্তি কৰ্ম্ম কৰিম, ফল পুনু ঈশ্বৰৰ অধীন, এমনে মোত ভাব অৰ্পি ফলত আসক্তি এড়ি, প্ৰৱৰ্ত্তমান হৈলে মোৰ প্ৰসাদে কৃতাৰ্থ হৈবা। এই ফলত্যাগক স্তুতি কৰন্ত। জ্ঞানহীন অভ্যাসত কৰি ভক্তি সহিত উপদেশপূৰ্ব্বক জ্ঞান শ্ৰেষ্ঠ; তাতো কৰি ধ্যান, ধ্যানতো কৰি কৰ্ম্মফলত্যাগ উত্তম। ত্যাগত মোৰ প্ৰসাদে শীঘ্ৰে সংসাৰ শান্তি হয়। এমন ভক্তৰ শীঘ্ৰে পৰমেশ্বৰৰ প্ৰসাদ হেতু ধৰ্ম্মসব কহন্ত।
সৰ্ব্ব প্ৰাণীৰ মধ্যত উত্তমত দ্বেষ নকৰয়, সমত মিত্ৰভাবে প্ৰৱৰ্ত্তয়, হীন দয়া কৰয়, অহঙ্কাৰ মমকাৰ নাচৰয়, সুখ দুষ্খত [ ১১১ ] সম হয়, সবাকে সহয়, সততে সন্তুষ্ট থাকয়, অপ্ৰমত্ত সংযত স্বভাৱ হয়, মোত দৃঢ় নিশ্চয় কৰয়, মোত মন বুদ্ধি অৰ্পয়, এমন যি ভক্ত হয়, সি মোৰ প্ৰিয়, যাত হন্তে লোক ভয় নপাৱে, লোকত হন্তেও যি ভয় নকৰে, হৰ্ষ অমৰ্ষ ভয় ক্ষোভে যি মুক্ত হৈল, সেই মোৰ প্ৰিয়। যি কাতো অপেক্ষা নকৰে, বাহ্য অভ্যন্তৰ শৌচ যুক্ত হয়, আলস্য নকৰে, কাৰো পক্ষ নহে, মনোদুষ্খ নকৰে, ভোগক লাগি উদ্যম নকৰে, প্ৰিয়ক পাই হৰ্ষ নকৰে, অপ্ৰিয়কো দ্বেষ নকৰে, ইষ্ট নাশতো শোক নকৰে, অপ্ৰাপ্তকো নবাঞ্ছে, পাপপুণ্য দুয়কো নাচৰে, শত্ৰু মিত্ৰতো একে ভাবে প্ৰৱৰ্ত্তে, মান অপমানতো হৰ্ষ বিষাদ নকৰে, শীত উষ্ণ সুখ দুষ্খতো সম হয়, কুন ঠাইতে আসক্তি নকৰে, স্তুতি নিন্দাতো তুল্য হয়, বৃথা বাক্য নোবোলে, যথালাভে তুষ্ট হয়, নিয়ত নিবাস নকৰে, নিৰন্তৰে মোত স্থিৰচিত্তে ৰহে, এমন ভক্তিমন্ত মোৰ মহাপ্ৰিয়।
উক্ত অৰ্থক উপসংহৰি কহন্ত। এই মোক্ষ সাধন ধৰ্ম্মসবক যি শ্ৰদ্ধায়ে মোৰ অধীন হুয়া অনুষ্ঠান কৰে, সি ভক্তসব মোৰ অত্যন্ত প্ৰিয়। ব্ৰহ্ম উপাখা পন্থ মহাদুষ্খ বহু বিঘ্ন। এতেকে যি বুধ হয়, ভক্তিমন্তৰ পন্থ পৰম সুখকৰ কৃষ্ণপাদপদ্মক ভজোক।
ইতি শ্ৰীভগৱদ্গীতাকথায়াং দ্বাদশোহধ্যায়ঃ ॥ ১২ ॥
যচ্ছেবনৌৎসুক্যমনাহিতৎপদম্
লেভে যথাবৎ কিমুতানুতৎ প্ৰিয়ঃ।
অতোনৰাণাং ভগবৎপদাম্বুজম্
আৰাধ্যমালোক্যভজে তমীশ্বৰম॥