পৃষ্ঠা:কথা-গীতা.djvu/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
কথা-গীতা

আবেশিত চিত্তসবক মঞি অল্পকালতে মৃত্যুযুক্ত সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰোঁ। এতেকে তুমি মোতে মন স্থিৰ কৰা, বুদ্ধিকো মোতে প্ৰবেশ কৰা। এমন কৰিতে মোৰ প্ৰসাদে লব্ধজ্ঞান হুয়া দেহৰ অন্তত মোৰ স্বৰূপ পাইবা। তাত কিছো সংশয় নকৰিবা। যদি মোত সদাই মন স্থিৰ কৰিবে নপাৰা, তেবে বিক্ষিপ্ত চিত্তক পুনু আকৰ্ষি মোৰ স্মৰণ লক্ষণ অভ্যাস কৰি মোক পাইবে যত্ন কৰা। যদি অভ্যাসতো সমৰ্থ নহা, তবে মোৰ প্ৰীতিৰ সাধন কৰ্ম্মসব একাদশী উপবাস ব্ৰত পূজা পৰিচৰ্য্যা নাম কীৰ্ত্তন আদি পৰিনিষ্ঠ হঞা। এমনে মোৰ অৰ্থে কৰ্ম্ম কৰিলে অনায়াসে মোক্ষ পাইবা। অত্যন্ত ভগবদ্ধৰ্ম্মনিষ্ঠাত অশক্তক প্ৰতি পক্ষান্তৰে কহন্ত। যদি এমনে মোৰ ভক্তি কৰিবে সমৰ্থ নহঞা, তেবে মোত এক শৰণ লৱা, সকল ধৰ্ম্মৰ ফল নিয়তচিত্ত হুয়া মোত সমৰ্পণ কৰা। আৰ এমন অৰ্থ, মঞি ঈশ্বৰৰ আজ্ঞায় যথাশক্তি কৰ্ম্ম কৰিম, ফল পুনু ঈশ্বৰৰ অধীন, এমনে মোত ভাব অৰ্পি ফলত আসক্তি এড়ি, প্ৰৱৰ্ত্তমান হৈলে মোৰ প্ৰসাদে কৃতাৰ্থ হৈবা। এই ফলত্যাগক স্তুতি কৰন্ত। জ্ঞানহীন অভ্যাসত কৰি ভক্তি সহিত উপদেশপূৰ্ব্বক জ্ঞান শ্ৰেষ্ঠ; তাতো কৰি ধ্যান, ধ্যানতো কৰি কৰ্ম্মফলত্যাগ উত্তম। ত্যাগত মোৰ প্ৰসাদে শীঘ্ৰে সংসাৰ শান্তি হয়। এমন ভক্তৰ শীঘ্ৰে পৰমেশ্বৰৰ প্ৰসাদ হেতু ধৰ্ম্মসব কহন্ত।

 সৰ্ব্ব প্ৰাণীৰ মধ্যত উত্তমত দ্বেষ নকৰয়, সমত মিত্ৰভাবে প্ৰৱৰ্ত্তয়, হীন দয়া কৰয়, অহঙ্কাৰ মমকাৰ নাচৰয়, সুখ দুষ্‌খত