ওভতনি যাত্ৰা আৰু অন্যান্য/সুহুৰি
[ ৯৭ ]
সুহুৰি
ক’লৈ যাব আপুনি?
পুৰী।
ভালেই হ'ল। ময়ো পুৰীলৈ যাম। ৰিজাৰ্ভেছন লিষ্টৰ ৫৯ নম্বৰ ছিটৰ উপাধিটো দেখিহে, —মানে আমাৰ ৰাজ্যৰ বুলিহে মাত লগাইছোঁ। বেয়া নাপাব।
বেয়া পোৱা নাই। আপোনাৰ ঘৰো গুৱাহাটীত নেকি?
নহয়, তেজপুৰত। আপোনাৰ তাৰমানে গুৱাহাটীত?
অঁ।
ভাল লাগিল। পুৰীৰ সাগৰে আপোনাক বলিয়া কৰি দিব। মইযে কিমানবাৰ আহিছোঁ— কমচে কম পাঁচ-ছবাৰ,—সাতবাৰো হ'ব পাৰে,—মুঠৰ ওপৰত হিচাপ মনত নাই। কিন্তু আমোদজনক কথাটো কি জানে, হাতত কেইদিনমান সময় লৈ আহিব লাগে; নহ'লে একদম মজা নাই। বাই দা ৱে’—আপুনি কেইদিন থাকিব?
দুদিন।
বেছ ভাল, বেছ ভাল। ময়ো এইবাৰ তিনিদিনহে থাকিম। এটা কথা কি জানে, মই কোলাবা বীচ্চলৈ গৈছোঁ, দীঘালৈ গৈছোঁ, কিন্তু পুৰীৰ সাগৰে যেন মোক বাৰে বাৰে—
মই সাগৰ চাবলৈ অহা নাই।
কি ক’লে? পুৰীলৈ আপুনি সাগৰ চাবলৈ অহা নাই?
ওহোঁ, মই জগন্নাথ মন্দিৰলৈহে যাম।
অ’ তাকে কওক। তথাপি,—মানে মন্দিৰ দৰ্শন কৰোঁতে আপোনাৰ কেইমিনিট লাগিব? তাৰ পাছত নিশ্চয় আপুনি সাগৰলৈ—?
নাই, মই সাগৰ নাচাওঁ। মোৰ ভাল নালাগে।
ভাল নালাগে? মই বৰ আচৰিত হৈছোঁ।
কিনো আচৰিত হ'বলগীয়া আছে? পৃথিৱীৰ সকলো মানুহৰে নিজৰ ভাল লগা- নলগা, পছন্দ-অপছন্দ থাকিব পাৰে।
নিশ্চয় পাৰে। কিন্তু ফুল, পখিলা, সংগীত; এই ধৰক প্ৰাকৃতিক উপহাৰবিলাক - সেইবিলাক কাৰো বেয়া লাগিব নোৱাৰে।
[ ৯৮ ] আপুনি সকলো ধৰণৰ সংগীত ভাল পায়?
অৱশ্যে নাপাওঁ। কিন্তু কিছুমান সংগীত খুব ভাল পাওঁ। আপোনাৰো তেনেকৈ কোনোবা এখন সাগৰ-
মই সেইবোৰ ভাল নাপাওঁ।
তেনেহ'লে পুৰীত দুদিন কি কৰিব?
হোটেলত জিৰণি ল’ম। ৰেলযাত্ৰাৰ ভাগৰ পলুৱাম। হেই ক্যা মাংতা? দেখিছেনে মোৰ জোতাযোৰত কেনেকৈ,— ইধৰচে কিঁউ আতা হেই?
হেৰি, হেৰি, খং নকৰিব, ইয়াত এনেকৈ গালি পাৰিলে এওঁলোকে আপোনাৰ বাৰ বজাই দিব।
কিডাল কৰিবহে? মোক চিনি পোৱা নাই সিহঁতে!
চাওক, য'ত যি নিয়ম, আপোনাৰ গুৱাহাটীত কথাটো বেলেগ। তাত হয়তো আপোনাৰ—নেহি নেহি ভাইচাব্ আপলোগ যাইয়ে, ইন্কি অউৰচে মে মাফী মাংতা হুঁ — অঁ, কি কৈছিল, তাত - মানে গুৱাহাটীত আপোনাৰ বহুত দীঘল হাত,—অৱশ্যে মই নাজানো আপুনি কি কৰে,—আপোনাৰ ডিপাৰ্টমেণ্ট?
ফ্লাড কণ্ট্ৰ’ল।
মোৰ মোমাইদেউ এজনো— থাকক, তেওঁক আপুনি চিনি নাপাব,—মানে তলতীয়া কৰ্মচাৰী আছিলতো, তাকো ডিব্ৰুগড়ত।
ময়ো সাতবছৰ ডিব্ৰুগড়ত আছিলো।
ডিব্ৰুগড়ত আছিল? ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰখন দেখিলে যে বুকু কঁপি যায়! একদম যেন সাগৰ! নাই, সাগৰ নহয়, এনেয়ে ক’লো। আপুনিতো সাগৰ ভাল নাপায়! তথাপি কওঁ, আপুনি অন্ততঃ এবাৰ সাগৰ দেখাহেঁতেন ভিতৰৰ পৰা কিবা এটা বেলেগ ফিলিংচ-
মই সাগৰ দেখিছো।
দেখিছে? ক’ত?
মুম্বাইত। অফিছিয়েল কামত যাওঁতে মেৰাইন ড্ৰাইভত, —তাকো গাড়ীৰ ভিতৰৰ পৰা,—মোৰ সেইবোৰ ভাল নালাগে।
অৱশ্যে মেৰাইন ড্ৰাইভত সাগৰ চোৱা ঘটনাটো অলপ কৃত্ৰিম ধৰণৰ কথা। মুম্বাইত আপুনি জুহুলৈ নগ'ল?
নগ'লো। সময়ো নাছিল, ইচ্ছাও নাছিল।
আপুনি কি খুব ব্যস্ত? মানে মই সুধিব খুজিছোঁ, গুৱাহাটীত আপুনি সময় কেনেকৈ পাৰ কৰে?
[ ৯৯ ] পাৰ কৰিবলৈ মোৰ তেনেকৈ সময়েই নাই।
অফিছৰ কামত ব্যস্ত হৈ থাকে?
ঠিক তেনেকুৱা নহয়। পুৱা দহ বজাৰ পৰা,—এইটো কিবা এট ষ্টেছন পালো, পানী অকণমান ভৰাই ল'ব লাগিছিল, এস থাক, মিনাৰেল ৱাটাৰ কিনি ল’ম—অঁ, দহ বজাৰ পৰা পাঁচ বজালৈ অফিছ, তা পাছত বজাৰ কৰোঁ, বজাৰ কৰোঁতে ছয় বাজি যায়, ঘৰত সোমাই – হেই—
একো নহয়, অলপ কাষ চাপি বহক, এইটো ষ্টেছনত মানুহবোৰ এনেকৈ উঠেই। অ’ কি কৈছিল? ঘৰত সোমাই—?
ল’ৰা দুটাক পঢ়ুৱাওঁ। সৰুটোৱে মেট্ৰিক, –– মানে স্কুল লিভিং পৰীক্ষা দিব। তাক লৈ অলপ বহোঁ।
টিউছন দিয়া নাই?
দিছোঁ। অংক, বিজ্ঞান পঢ়িবলৈ সি নুনমাটিলৈ যায়। আহোঁতে বামুণীমৈদামত কোনোবা বৰদলৈ ছাৰৰ তাত ইংৰাজী শিকে। সপ্তাহত তিনিদিন। সোম, বুধ, শুকুৰ।
আৰু সমাজ অধ্যয়ন?
সমাজ অধ্যয়ন—ঘৰত। ঘৰলৈ মিছ এগৰাকী আহে। মঙল, বৃহস্পতি, শনি।
আপুনি কি পঢ়ুৱায়?
মই এনেয়ে গোটেইখিনিতে এবাৰ,— এই ধৰক টেষ্ট পেপাৰ, মডেল কুৱেশ্চন, —আৰু ছাৰবিলাকৰনো কি ভাৰসা, সিদিনা টিউছনতে পীতাম্বৰ শৰ্মাই হেনো টেক্সট বুকৰ প্ৰথম পয়েট্ৰিটো নপঢ়িলেও হ’ব বুলি কৈছে। চাওকচোন কি কাণ্ড!
কিন্তু ইংৰাজীতো কোনোবা বৰদলৈয়ে পঢ়ুৱায়?
বৰদলৈয়ে ফাৰ্ষ্ট পেপাৰ পঢ়ুৱায়।
বাহ, বৰ কেয়াৰ লয় ল’ৰাৰ! পইচাওতো বহুত লাগে?
পইচানো কাক নালাগে? আপোনাকোতো বহুত পইচা লাগে ঘূৰি ফুৰিবলৈ!
চাহ একাপ খাবলৈ মন গৈছিল। আপোনাৰ?
খাব পাৰি।
তাৰমানে মন যোৱা নাই?
সেইটোনো কি কথা! খালেই হ'ল।
নহয়, সিমান ছিম্পল কথা নহয়। মন যোৱা কথাটো অলপ বেলেগ ধৰণৰ কথা। যেনে ধৰক, বৰষুণৰ বতৰত পৰিয়ালৰ গোটেইবোৰ একেলগে, পাৰিলে একেখন বিছনাতে উঠি ভজা-বাদাম, নাইবা ভালকৈ পিঁয়াজ, জলকীয়া সৰু সৰুকৈ কাটি মূৰিৰ [ ১০০ ] লগত সানি— ইচ, কি কথাবোৰ যে ক’ব ধৰিছোঁ!
মোৰ সেইবোৰত আগ্ৰহ নাই। ভোক লাগিলে খাওঁ।
ভোক লাগিলে ময়ো খাওঁ। কিন্তু আপোনাৰ যে লোভ নাই, সেই কথাটোহে – যি কি নহওক, এয়া চাহ-কফিৰ ডিব্বাটো লৈ হকাৰ এটা আহিছে,—দো কাপ চায়, হাঁ। কিত্না? ছে ৰূপয়া—ছটকা বুলি কৈছে, মই দিছোঁ ৰ’ব। আচ্ছা, মন যোৱা কথাটোলৈ ঘূৰি আহোঁ, সকলোৰে কিবা নহয় কিবা এটা কৰিবলৈ মন যায়, মন যাব লাগে, আপোনাৰো নিশ্চয় মন যায়।
মোৰ একো কৰিবলৈ মন নাযায়।
মিছা কথা। আপোনাৰ অন্ততঃ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ মন যায়।
ওহোঁ। আচলতে মোৰ দেউতাৰহে জগন্নাথ মন্দিৰ চাবলৈ বৰ হেঁপাহ।
তেখেত ক’ত?
বাংকত। শুই আছে।
অ’, ভালেই কৰিলে। তেখেতক মন্দিৰ দেখুৱাবলৈ আনি আপুনি আচলতে একধৰণৰ ৰেচপেক্ট শ্ব’ কৰিলে।
নহয়, এইটো আচলতে একধৰণৰ ডিউটিহে পাৰফৰ্ম কৰিলো।
বেছ, সেইটোৱো ভাল কথা। মোৰতো সেই ভাগ্যও নহ'ল। এনেকুৱা সময়ত দেউতা নামৰ গছজোপাৰ ছাঁত এখেন্তেক জিৰণি ল’ব পৰা হ'লে কিমান যে সকাহ পালোহেঁতেন!
আপোনাৰ দেউতা নাই?
নাই, ঢুকাল। অদ্ভুত ধৈৰ্য আৰু মানসিক শক্তি আছিল তেওঁৰ। দুৰন্ত আত্মবিশ্বাস আছিল। মানুহটো আছিল সাগৰৰ দৰে গভীৰ আৰু ব্যাপক।
আপুনি আকৌ সাগৰৰ কথা কৈছে। কি আছে সাগৰত? পানীয়েইতো?
নহয়, কেৱল পানী নহয়। সাগৰৰ বুকুত অলেখ লহৰ আছে, অসংখ্য জোৱাৰ আছে। মানুহৰ মনটোৰ ভিতৰত থকাৰ দৰে। আপোনাৰ মনলৈ কেতিয়াও জোৱাৰ অহা নাই?
নাজানো।
সকলো মানুহৰে আহে। আপুনি হয়তো চিনাক্ত কৰিব পৰা নাই।
হ’ব পাৰে। কিন্তু ইয়াত লোকচান কি? মোৰতো কোনো লোকচান হোৱা নাই।
লোকচান হৈছে। আপুনি বেয়া পালেও ক’ম, আপুনি মুডী আৰু অসন্তোষীয়া হৈ পৰিছে। সাধাৰণতে এনেকুৱা মানুহ আত্মকেন্দ্ৰিক হয়, প্ৰায় সকলো কথাতে বিৰক্ত হয়, জীয়াই থকাৰ স্পৃহা হেৰুৱাই পেলায়। মোৰ সন্মুখত এতিয়া আপুনি আপত্তি কৰি উঠিব [ ১০১ ] পাৰে, কিন্তু অকলে কেতিয়াবা—
আপোনাৰ নিশ্চয় তেনেকুৱা সাংসাৰিক বোজা নাই, কোনো কমিটমেণ্ট নাই, সেইকাৰণে আপুনি—
বোজা আছে। মোৰো সংসাৰ চলোৱাৰ চিন্তা আছে। পত্নীৰ ফৰমাইচ আছে। সৰু ল’ৰাটোৰ পৰীক্ষাৰ চিন্তা আছে। ডাঙৰটোৱে চাকৰি নোপোৱাকৈ বহি আছে। তথাপি মই হাঁহি থাকিব পাৰোঁ। আপুনি জানেনে হাঁহিবলৈ মুঠতে সোতৰটা পেশীৰহে দৰকাৰ হয়?
বাৰু জানিব নালাগে; আচলতে ইমানপৰে আপোনাক এবাৰো মিচিকিয়াই হঁহা দেখা নাই।
মই তেনেকৈ নাহাঁহোঁ।
কেতিয়াও? মানে কোনোবাই সাংঘাতিক কিবা এটা গাজা বা গুল বা কেৰিকেচাৰ কৰিলেও— আপুনি বুজি পাইছেনে মই কি ক'ব খুজিছোঁ?
হাঁহিবলৈ মই তেনেকৈ সমল বিচাৰি নাপাওঁ।
অৱশ্যে দেশ-কাল যেনেকুৱা হৈ আহিছে, সেইফালৰপৰা চাবলৈ গ'লে কথাটো ঠিকেই, তথাপি তাৰ মাজতে মিচিকিয়াই—।
কেনেকৈ?
কোৱাৰি দুটা দুয়োফালে মেলি—এনেকৈ।
নহয়, মই সেইটো সোধা নাই। ইমানবোৰ কাম, দায়িত্ব আৰু চিন্তাৰ মাজত মই হাঁহিম কেনেকৈ?
উপায় আছে। বান্ধোনবোৰ অলপ শিথিল কৰি দিয়ক। টাইডাল ডিঙিত কপকপীয়াকৈ লাগি থাকিলে কেনেকুৱা লাগে? পেণ্টৰ হুকটো টানকৈ লাগিলে পেটটো কেনেকুৱা লাগে? চাওক, ইফ ইউ ড’ণ্ট মাইণ্ড, আপোনাৰ ল'ৰাটোক অলপ তাৰ নিজৰ মতে পঢ়া- শুনা কৰিবলৈ দিয়ক। কাষৰ দোকানখনৰ পৰা দুই-এপদ বস্তু কিনিবলৈ তাকেই পঠিয়াওক। ইলেকট্ৰিছিটি বিলখনৰ টকাকেইটা দিবলৈ মাহেকত এদিন তাকেই দায়িত্ব দিয়ক। চাব, আপোনাৰ টেনছন বহুত কমি আহিব। কাছাৰীঘাটৰ ৰাস্তাটোৰে নদীৰ পাৰে পাৰে গধূলি আপুনি নিৰলে সুহুৰি বজাই যাব পাৰিব।
সুহুৰি?
অঁ, সুহুৰি। এবাৰ চেষ্টা কৰকচোন!
এস, কথাটো বৰ ঠিক নহ'ব।
একো নহয়, ইয়াত কোনেও আপোনাক চিনি নাপায়। এয়া চাওক, ওঁঠদুটা গোল
কৰি,— এনেকৈ।[ ১০২ ] নহয়, মুখৰ ফুটাটোৰে বতাহকণ জোৰেৰে উলিয়াই দিয়ক।
কোনো কথা নাই, প্ৰথমবাৰতে নোৱাৰি। অভ্যাস লাগে।
ৰ’ব, মই আৰু এবাৰ চেষ্টা কৰো, বাই দা ৱে'— সেই খেলনা লৈ অহা ভেণ্ডৰটোক মাতকচোন।
মাতিছো বাৰু। কি কিনিব?
সুতুলি।
সুতুলি?
অঁ, প্লাষ্টিকৰ সুতুলি,— সৰু ল'ৰা-ছোৱালীয়ে যে বজায়, — মোৰ অলপ বজাবলৈ মন গ'ল।
খুব ভাল কথা। আপোনাৰ যে মন গ'ল, সেইটোৱেই মোৰ বাবে এটা এচিভমেন্ট। এনি ৱে’— ইয়াত নাপালেও সেইটো আপুনি পুৰীৰ ষ্টেছনত নামিয়েই কিনিব পাৰিব। আপোনাৰ জগন্নাথ মন্দিৰৰ কাষৰে-পাঁজৰেও তেনেকুৱা অসংখ্য দোকান আছে।
আৰু আপোনাৰ সাগৰৰ পাৰত?
তাত আপোনাৰ সুতুলিৰ প্ৰয়োজন নহ'ব। সমুদ্ৰতীৰৰ বালিত আপুনি মাথোন শৰীৰটো এৰি দিব। বতাহৰ সোঁ-সোঁৱনিৰে ভৰি পৰিব পুৰীৰ স্বৰ্গদ্বাৰ। একো-একোটি ঢৌ আহি আপোনাৰ ভৰি চুই গুচি যাব। আপোনাৰ সৰ্বশৰীৰ এটি অজান আৱেশত পুলকিত হৈ উঠিব।ক’তো অকণো ক্ষোভ নাথাকিব। সকলোকে ক্ষমা কৰি দিবলৈ মন যাব। সকলোকে ভাল পাবলৈ শিকিব। আনকি নিজকো।
আপোনৰ কথাবোৰ মোৰ ভাল লাগি আহিছে। মই হয়তো সাগৰৰ পাৰত কিছুঘণ্টা কটাম। মোৰ ক্ষোভ নোহোৱা হৈ যাব। সকলোকে ক্ষমা কৰি দিবলৈ মন যাব। মই নিজৰ লগতে আনকো ভাল পাবলৈ শিকিম। কিন্তু এটা কথাত মই এতিয়াও নিশ্চিত হ’ব পৰা নাই।
কি?
ক্ষোভ কমিলে, খং কমিলে, মানুহক ভাল পাবলৈ শিকিলে মোৰ লাভ কি হ'ব?
আধাৰশিলা, ডিচেম্বৰ, ২০০০