পাৰে, কিন্তু অকলে কেতিয়াবা—
আপোনাৰ নিশ্চয় তেনেকুৱা সাংসাৰিক বোজা নাই, কোনো কমিটমেণ্ট নাই, সেইকাৰণে আপুনি—
বোজা আছে। মোৰো সংসাৰ চলোৱাৰ চিন্তা আছে। পত্নীৰ ফৰমাইচ আছে। সৰু ল’ৰাটোৰ পৰীক্ষাৰ চিন্তা আছে। ডাঙৰটোৱে চাকৰি নোপোৱাকৈ বহি আছে। তথাপি মই হাঁহি থাকিব পাৰোঁ। আপুনি জানেনে হাঁহিবলৈ মুঠতে সোতৰটা পেশীৰহে দৰকাৰ হয়?
বাৰু জানিব নালাগে; আচলতে ইমানপৰে আপোনাক এবাৰো মিচিকিয়াই হঁহা দেখা নাই।
মই তেনেকৈ নাহাঁহোঁ।
কেতিয়াও? মানে কোনোবাই সাংঘাতিক কিবা এটা গাজা বা গুল বা কেৰিকেচাৰ কৰিলেও— আপুনি বুজি পাইছেনে মই কি ক'ব খুজিছোঁ?
হাঁহিবলৈ মই তেনেকৈ সমল বিচাৰি নাপাওঁ।
অৱশ্যে দেশ-কাল যেনেকুৱা হৈ আহিছে, সেইফালৰপৰা চাবলৈ গ'লে কথাটো ঠিকেই, তথাপি তাৰ মাজতে মিচিকিয়াই—।
কেনেকৈ?
কোৱাৰি দুটা দুয়োফালে মেলি—এনেকৈ।
নহয়, মই সেইটো সোধা নাই। ইমানবোৰ কাম, দায়িত্ব আৰু চিন্তাৰ মাজত মই হাঁহিম কেনেকৈ?
উপায় আছে। বান্ধোনবোৰ অলপ শিথিল কৰি দিয়ক। টাইডাল ডিঙিত কপকপীয়াকৈ লাগি থাকিলে কেনেকুৱা লাগে? পেণ্টৰ হুকটো টানকৈ লাগিলে পেটটো কেনেকুৱা লাগে? চাওক, ইফ ইউ ড’ণ্ট মাইণ্ড, আপোনাৰ ল'ৰাটোক অলপ তাৰ নিজৰ মতে পঢ়া- শুনা কৰিবলৈ দিয়ক। কাষৰ দোকানখনৰ পৰা দুই-এপদ বস্তু কিনিবলৈ তাকেই পঠিয়াওক। ইলেকট্ৰিছিটি বিলখনৰ টকাকেইটা দিবলৈ মাহেকত এদিন তাকেই দায়িত্ব দিয়ক। চাব, আপোনাৰ টেনছন বহুত কমি আহিব। কাছাৰীঘাটৰ ৰাস্তাটোৰে নদীৰ পাৰে পাৰে গধূলি আপুনি নিৰলে সুহুৰি বজাই যাব পাৰিব।
সুহুৰি?
অঁ, সুহুৰি। এবাৰ চেষ্টা কৰকচোন!
এস, কথাটো বৰ ঠিক নহ'ব।
একো নহয়, ইয়াত কোনেও আপোনাক চিনি নাপায়। এয়া চাওক, ওঁঠদুটা গোল
কৰি,— এনেকৈ।