এ নাথ তাৰিয়ো তাৰিয়ো তাৰিয়ো যদুমণি
।।ৰাগঃ তুৰ।। ভাটিয়ালীঃ তাল যতি।।
ধ্ৰূং|| এ নাথ তাৰিয়ো তাৰিয়ো তাৰিয়ো যদুমণি|
মজিলো এ ভৱসিন্ধু তোক্ষ্মাক নাজানি||
পদ।। এ ভৱসাগৰ মাঝে পড়ি হামু ভাসি|
কম ক্ৰোধ কুন্তিৰ মগৰে গিলে ভাসি||
শোক মোহ ভয়ে মহাপাকে তল কৰে|
তৃষ্ণাতৰঙ্গে পায়া সৱ শ্ৰুতি হৰে||
চিন্তা নামে বাড়ৱ অগনি শোষৈ প্ৰাণ|
নাহিকে তৰণি তুৱা পদ বিনে আন||
জনিয়া তোক্ষ্মাৰ পাৱে পশিলো শৰণ|
কহয় মাধৱ অতি অৰুণ চৰণ||