এটা ভাগ্য সম্পৰ্কীয় গল্প / ১৩

[ ১৩ ]

এটা ভাগ্য সম্পৰ্কীয় গল্প

 কেৱল মোৰ ক্ষেত্ৰতেই এনেকুৱা হয়। ভাগ্যই লগ নিদিয়ে। লগ নিদিয়ে বুলি ক’লেও সঠিক কথাটো কোৱা নহয়। প্ৰকৃততে ভাগ্যই মোক ভেঙুচালি কৰি গুচি যায়।

 মোক এশখন লটাৰি টিকেট বিনামূলীয়াকৈ দিয়ক; মই বাজি মাৰিব পাৰোঁ,— এশ এক নম্বৰ টিকেটখনতহে পুৰস্কাৰ এটা লাগিবগৈ। আৰু সেই ছিনেমাহলত শাৰী পাতি টিকেট কটা কথাটো! দুই বজাৰ মেটিনি শ্ব’ চাবলৈ তাহানি সেই টিকাফটা ৰ’দ মূৰত লৈ ‘কিউ’ কৰি থাকোঁ। শ্ব’ আৰম্ভ হ’বলৈ আধাঘণ্টা থাকোঁতে টিকেট দিবলৈ আৰম্ভ কৰে। তেনেকুৱাতে, ক’ৰ পৰা আহে জানো, চাৰি- পাঁচটামান উদণ্ড প্ৰকৃতিৰ মানুহ আমাৰ লাইনটোৰ সন্মুখৰ ফালে ঠেলা-হেঁচা কৰি সোমাই লয়। কেনেবাকৈ যদি এখোজ আগুৱাইছিলো, চাৰিখোজ পিছুৱাই আহিবলগীয়াত পৰোঁ। আৰু সেই আধাঘণ্টীয়া উৎকণ্ঠাৰ পাছত ‘কিউ’টোত থিয় হৈ থকা মোৰ ঠিক আগৰজন মানুহে যেতিয়া কাউণ্টাৰৰ ফুটাটোৰে হাত সুমুৱাই দিয়ে, ভাগ্যই যেন মোৰ লগত খেলখন খেলিবলৈ গাটো পোনাই লয়। তাৰ পাছত— খটপ। কি হ’ল? টিকেট শেষ!

 এইবোৰ এদিনৰ কথা নহয়।

 ক’ৰবাত কিবা এটা বিচাৰি যাওঁ। উত্তৰ আহে,— ‘এস আপুনি কালিয়েই এবাৰ কৈ নথ’লে কিয়!’ ভাগ্য! কালি কৈ নোথোৱা বাবেই আজি বস্তুটো অইন কাৰোবাক দিয়া হৈ গ’ল। কি কৰিব!

 চৌধুৰীয়ে এই কথাবোৰ বিশ্বাস নকৰে। এইটো হেনো একৰকমৰ বেমাৰ! মই হেনো কথাবোৰ বেছিকৈ ভাবোঁ!

 “তেনেহ’লে বাজি মাৰিব?”

 “কিমান টকাৰ?”

 “আপুনিয়েই কওক।”

 “দুশ টকাৰ। হ’বনে?”

 “হ’ব।”

[ ১৪ ]  পোন্ধৰ দিনৰ ভিতৰত চৌধুৰীয়ে প্ৰমাণ কৰিব যে ভাগ্যই কেৱল মোৰ বেলিকাই তেনেকুৱা নকৰে (অৰ্থাৎ অইনৰো তেনে হয়) আৰু মোৰ বেলিকা কেৱল দুৰ্ভাগ্যৰ সংযোগেই নঘটে (অৰ্থাৎ সৌভাগ্যও আহে)। আনহাতে এই পোন্ধৰ দিনত ঘটিবলগীয়া মোৰ দুৰ্ভাগ্যৰ ঘটনাপঞ্জী সাক্ষী আৰু প্ৰমাণসহ মই লিপিবদ্ধ কৰি থ’ম। মোৰ বিশ্বাস, মই জিকিম।

 বাজিজড়িত ঘটনাবোৰ উপভোগ কৰিবলৈ তৃতীয়পক্ষ হিচাপে অন্ততঃ এজন মানুহৰ প্ৰয়োজন। চৌধুৰী আৰু মোৰ বাজি উপভোগ কৰিবলৈ আমাৰ অফিছৰ মুৰব্বী বৰঠাকুৰ ছাৰৰ পৰা আৰম্ভ কৰি চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীলৈকে সকলো উৎকণ্ঠিত হৈ ৰ’ল। বৰঠাকুৰ ছাৰে,— ডাক্তৰে যেনেকৈ ৰোগীৰ অভিভাৱকৰ কাণৰ ওচৰলৈ মুখখন নি খুব লাহেকৈ ৰোগৰ পৰ্যায়টোৰ কথা কয়,—তেনেকৈ মোৰ ওচৰলৈ আহি ক’লে,— “ভট্টাচাৰ্য, আপুনি হাৰিব যেনেই পাইছোঁ।”

 কিন্তু মোৰ ভাগ্যৰ কথা মোতকৈ বেছি ভালকৈ আন কোনোবাই ক’ব পাৰিবনে?

 আৰু কিছুমান ভাগ্য সম্পৰ্কীয় সৰু সৰু কথা মোৰ ক’বলৈ আছে। অৱশ্যে সেইবোৰত ভাগ্যক প্ৰত্যক্ষভাৱে জগৰীয়া কৰিব পাৰিনে নোৱাৰি নাজানো। কিন্তু এটা কথা ঠিক, মোৰ বেলিকা এনেকুৱা হয়েই। টুথপেষ্টৰ ঢাকনি, ফাউণ্টে’ন পেনৰ সাঁফজ হাতৰ পৰা পৰে; পৰিয়েই পালেঙৰ তল নাইবা আলমাৰিৰ চেপত সোমায়গৈ। শেহত এনেকুৱা ঠাইত ৰয়গৈ যে মই কোনোপধ্যেই সেইটো হাতেৰে ঢুকি নাপাওঁ। স্কেল এপাট বা লাঠী এডালেৰে খেপিয়াই কামটো কৰিব পৰা হয়, কিন্তু এইবাৰ মূৰত মকৰাজাল এখন লাগি ধৰে।

 মুখৰ বগৰীগুটিটো বাহিৰলৈ উঠি গৈ পেলাই আহিবলৈ এলাহ লাগে। কিমানে খিৰিকিৰ ৰডবিলাকৰ মাজেৰে ফু একোটা মাৰি মুখৰ বতাহকণৰ জোৰত গুটিটো সৰকাই দিয়া দেখোঁ। মোৰ বেলিকা কি হয় জানেনে? বগৰীৰ গুটি খিৰিকিৰ ৰডত লাগি উফৰি আহি আলফুলকৈ পাৰি থোৱা বিছনাচাদৰ এখনৰ ওপৰত পৰে। অগত্যা উঠি যাবলগীয়াই হয়গৈ। কিন্তু গুটিটো যদি ৰডকেইডালত লগাওঁ বুলিয়েই মাৰিলোহেঁতেন, তেন্তে এবাৰ কিয় দহবাৰতো মই সফল নহ’লোহেঁতেন।

 পোন্ধৰদিনৰ প্ৰথম চাৰিটা দিনত একো নঘটিল। কিন্তু পঞ্চম দিনা ডাকযোগে অহা মোৰ টেলিফোনৰ বিলত হিচাপৰ খেলিমেলি এটা দেখা গ’ল। অইনৰ টেলিফোন বিলতো এনেকুৱা হৈছেনে? কথাটো টুকি থোৱা যাওক।

 এই টেলিফোন বিভাগৰে অ-কাৰিকৰী শাখাত এটা চাকৰি পোৱাৰ যোগ্যতা [ ১৫ ] অৰ্জন কৰিছিলো। পৰীক্ষা, মৌখিক সাক্ষাৎকাৰ সকলো শেষ হোৱাৰ পাছত ওপৰৰ পৰা নিৰ্দেশ আহিল যে সেই পদটো আচলতে কোনো এটা বিশেষ সম্প্ৰদায়ৰ বাবে সংৰক্ষিত হৈ থাকিব লাগে। মোৰ ধাৰণা, মই নহৈ আন এজন মোৰ ঠাইত হোৱাহেঁতেন তেনেকুৱা এটা আপদীয়া নিৰ্দেশ নাহিলহেঁতেন।

 “আপোনাৰ ধাৰণাটো শুদ্ধ নহয়।”— চৌধুৰীয়ে কয়।

 “কিয়?”

 “অন্ততঃ এইখন দেশৰ চাকৰিৰ ক্ষেত্ৰত কোটি কোটি মানুহৰ ভাগ্য আপোনাৰ ভাগ্যতকৈ অকণো বেলেগ নহয়।”

 “বাৰু, মই মানি লৈছোঁ। কিন্তু মই অইন উদাহৰণ দিম!”

 “দিয়ক।”

 “কলেজীয়া দিনত দীঘলীপুখুৰীৰ পাৰত, হাইকোৰ্টৰ সমুখেৰে আমি খোজকাঢ়ি যাওঁতে ওপৰেৰে.উৰি যোৱা চৰাইৰ বিষ্ঠা কেৱল মোৰ মূৰতহে পৰে। ইমানবোৰ ল’ৰা-ছোৱালী, ইমানবোৰ মানুহ একেলগে নাইবা অগা-পিছাকৈ গৈ থাকোঁ, চৰাইজাকে কামফেৰা কৰিবলৈ ঠিক মোৰ মূৰটোৱেই বাছি ল’লে?”

 “আপুনি ধেমালি কৰিছে। ছিৰিয়াছ কথালৈ আহক।”

 “আহি আছোঁ৷ কিন্তু এই সৰু সৰু কথাবোৰৰ কোনো তাৎপৰ্য নাই নেকি?”

 চৌধুৰীয়ে বিৰোধিতা কৰিলেও মোৰ এই ভাগ্য সম্পৰ্কীয় কথাবোৰ বহুতেই আগ্ৰহেৰে শুনিৰলৈ লৈছে। তালুকদাৰে কৈছে যে এনেকুৱা মানুহৰ বিষয়ে এটা শব্দত প্ৰচলিত শব্দটো হৈছে—‘কুফা’। বৰ্মনে কথাটোত প্ৰবল আপত্তি কৰিছে। কুফা শব্দটোৱে হেনো মানুহ এজনক দুৰ্মুখ বুলিও প্ৰতিপন্ন কৰে। টিভিত খেল চাই থাকোঁতে আপুনি ‘এইবাৰ তেণ্ডুলকাৰ আউট’ বুলি কৈ পোৱাৰ লগে লগেই যদি ষ্টাম্প উফৰি যায় আৰু বিষণ্ণবদনে লিটল মাষ্টাৰগৰাকী ফিল্ডৰ বাহিৰ ওলাবলগীয়া হয়, তেন্তে আপোনাক কুফা বোলা হ’ব পাৰে। আপুনি যাত্ৰা কৰা বাছখনৰ চকা ফুটা, স্প্ৰিং ভগা জাতীয় ঘটনাবোৰ যদি প্ৰায়েই ঘটি থাকে, তেনেহ’লেও আপোনাক ‘কুফা’বুলি কোৱা হ’ব পাৰে। মুঠৰ ওপৰত, আপোনাৰ কাৰণে অইনৰ হাৰাশাস্তি হোৱাৰ ক্ষেত্ৰত আপুনি কুফা।

 কিন্তু মই বৰ্মনৰ বিচাৰত কুফা নহয়, দুৰ্কপলীয়াহে।

 সঁচা কথা ক’বলৈ গ’লে দুই-চাৰিটা সমূহীয়া দুৰ্ভাগ্যৰ ঘটনাতো মই জড়িত নথকা নহয়। উদাহৰণস্বৰূপে আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কথা ক’ব পৰা যায়। আমাৰ আগৰবাৰলৈকে প্ৰশ্নকাকতৰ অলিখিত নিয়মটো আছিল [ ১৬ ] এনেকুৱা যে ঠিক আগৰটো বছৰৰ প্ৰশ্নকাকতবোৰ বাদ দি দুবছৰ বা তাতোকৈ আগৰ, পুৰণি প্ৰশ্নকাকতবোৰ চালেই আশী শতাংশ প্ৰশ্ন ‘কমন’ পৰে। মোৰ দৰে সাধাৰণ মস্তিষ্কৰ আৰু কিছু ফাঁকিবাজ পৰীক্ষাৰ্থীৰ বাবে সেই নিয়মটো কিমান প্ৰয়োজনীয় আছিল তাক নক’লেও হ’ব। কিন্তু আমাৰ বাৰত হ’লগৈ তাৰ ওলোটাটো। তথাপি যেনিবা সেইবাৰ কথামপি পাৰ হ’লো। সেই নম্বৰেৰে মই বিচৰা ধৰণে যিখন কলেজৰ স্নাতক মহলাত নাম লগাবলৈ সুযোগ পাব লাগে সেইখন কলেজৰ কাৰ্যালয় সহকাৰী এজনে ক’লে যে ফিফটি এইট পাছেণ্টেজেৰে এইবাৰ নহ’ব।

 “নহ’ব? কিয় নহ’ব? যোৱাবাৰতো ফিফটি থ্ৰীলৈকে নামিছিল।”

 “নামিছিল। কিন্তু এইবাৰ নানামে।”

 “কিয়?”

 “ইঞ্জিনিয়াৰিং কলেজত ষ্ট্ৰাইক। গতিকে তাত আসন পোৱা এইবাৰৰ ছাত্ৰ- ছাত্ৰীয়ে ষ্ট্ৰাইক শেষ নোহোৱা পৰ্যন্ত ইয়াতেই পঢ়িব বুলি নামভৰ্তিৰ দৰখাস্ত দি থৈছে।”

 এইবোৰ চৈধ্য বছৰৰ আগৰ কথা৷ আজি মোৰ জীৱনৰ গতিয়েই সলনি হৈ গৈছে। সৰুতে হাৰমনিয়মৰ ৰিডবোৰত আঙুলি থৈ সপোন দেখিছিলো, —ডাঙৰ হৈ মই সজাম আটোমটোকাৰি এটা ঘৰ, সেই ঘৰৰ এটা আছুতীয়া কোঠালিত থাকিব এটা পিয়ানো, সেই পিয়ানোত মোৰ দহোটা আঙুলিৰে, —থাকক, এইবোৰ কৈ কি লাভ? আজি মোৰ দহোটা আঙুলি এটা পুৰণি, আউটডেটেড টাইপৰাইটাৰত ব্যস্ত হৈ থাকে। ভাগ্য !

 সপ্তমদিন৷ খবৰ আহিল যে বহুতৰেই টেলিফোন বিলত হিচাপৰ গণ্ডগোল হৈছে। জ’নেল অফিছলৈ দৰখাস্ত এখন দিলেই ঠিক কৰি দিব।

 অষ্টম দিনা বৰ্মনে এটা আমোদজনক কথা ক’লে তেখেতৰ পত্বীয়েও হেনো নিজকে দুৰ্কপলীয়া বুলি ভাবে। যিদিনাই তেওঁলোকৰ ঘৰলৈ আলহী অহাৰ কোবটো বেছি হয়, কাম বেছি হয়, বাচন সৰহকৈ ওলায়, সিদিনাই পাৰ্টটাইম বনকৰা মানুহজনী নাহে যিদিনাই ধুবলৈ বুলি পৰ্দাৰ কাপোৰ, আঁঠুৱা, বিছনাচাদৰ আদি চাবোনপানীত তিয়াই থয়, সিদিনাই মিউনিছিপেলিটিৰ টেপত পানী নোহোৱা হয়। পাটৰ কাপোৰসাজ পিন্ধি ওলালে —বৰষুণ। বৰষুণ বুলি প্লাষ্টিকৰ ছেণ্ডেল পিন্ধি ওলাই গ’লে আধাঘণ্টাৰ পাছত ভীষণ ৰ'দ।

 এইবোৰ কি? দুৰ্কপাল।

[ ১৭ ]  চৌধুৰীক ক’বলৈ মোৰ আৰু এষাৰ কথা মনত পৰিছে। কলেজীয়া দিনৰ কথা। মনীষাক তেতিয়াও কথাটো কোৱা হোৱা নাই। মোৰ কাম-কাজ, ভাব- ভংগী দেখি তাই যদি কিবা বুজিছিল, তেন্তে সেয়া আছিল তেনেই অস্বত্তিকৰ এটা অৱস্থা। অন্ততঃ মই আশ্বত্ত হ’ব পৰাকৈ আমাৰ মাজত একো কথা হোৱা নাছিল। সুযোগেই বা ক’ত? ফাৰ্ষ্ট ইয়েৰৰ অৰ্থনীতিৰ ক্লাছ কৰি তাই কৰিড'ৰটোৱেদি যেতিয়া ‘সৈন্য-সামন্ত’ লৈ ওলাই আহে, মই তেতিয়া থাৰ্ড ইয়েৰৰ পদাৰ্থবিজ্ঞানৰ ক্লাছত সোমাওঁ। মুখামুখি হ’লে ভদ্ৰতাসূচক সম্ভাষণ। অফ পিৰিয়ডত কেতিয়াবা দহ-পোন্ধৰ মিনিট লগ পাওঁ; কিন্তু মোৰ বুকুৰ ভিতৰত সেইটো যন্ত্ৰ নহয় যে চুইছ টিপি দিম আৰু নিমিষতে তাৰ পৰা ওলাই আহিব— মনীষা তোমাক—।

 প্ৰথম যিদিনা সুযোগ আহিল, সিদিনা, —প্ৰকৃততে তাৰ আগদিনাৰ পৰাই মোৰ কথা কোৱা যন্ত্ৰটো বিকল হৈ আছিল। আইছক্ৰিম খাই মাত বহি গৈছে। জোৰকৈ কিবা ক’ব খুজিলে চিঁ-চিঁয়াই একোটা অদ্ভুত শব্দ ওলায়। তেনেকৈ আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰেনে?

 এতিয়া সমস্যাটো হৈছে, এই কথাবোৰ ভাবি থাকিবলৈ মোৰ হাতত অফুৰন্ত সময় আছে। সময়ৰ আধিক্য আৰু সময়ৰ নাটনি দুয়োটাই বিপজ্জনক। এই কেইদিন মই বহুত কিবা-কিবিয়েই ভাবি উলিয়াব পাৰিছোঁ, কিন্তু প্ৰমাণ গোটাই চৌধুৰীৰ সৈতে মৰা বাজিখন জিকিবলৈহে একো কৰিব পৰা নাই৷

 এইকেইটা দিন অফিছত কাম-কাজ তেনেই কম। কেতিয়াবা হাজিৰা বহীখনত চহীটো কৰাৰ বাহিৰে অইন কোনো কামেই নাথাকে। বৈশ্যহঁতে অফিছত সোমায়েই তাচ এজাপ উলিয়াই লয়; পিছফালৰ সৰু বাৰাণ্ডাখনত আবেলি চাৰিবজালৈকে চলি থাকে ৰামি, হাজাৰী, টুৱেণ্টি নাইন।

 ৰামানুজ ফুকনে বাতৰি কাকতৰ অষ্টম পৃষ্ঠা উলিয়াই শব্দ-শৃংখল কৰিবলৈ বহে। নীলা পদুম— বন্ধনীৰ ভিতৰত চাৰি —অৰ্থাৎ চাৰিটা বৰ্ণৰ এটা সমাৰ্থক শব্দ লাগে। টিফিন কেৰিয়াৰৰ ঢাকনিখন খুলিবলৈ চেষ্টা কৰি কৰি মৈত্ৰেয়ীয়ে চিঞৰি উঠে, —নীলপদ্ম। নীলপদ্ম? নহ’ব। তৃতীয় বৰ্ণটো ‘ব’ হ’ব লাগে। ইন্দীবৰ?

 আজিও ৰামানুজ ফুকনে শব্দ-শৃংখল মিলাবলৈ লৈছে। কেঁচুমূৰীয়া ৰোগ,— দুটা বৰ্ণৰ সমাৰ্থক শব্দ এটা পথালিকৈ বহুৱাব লাগে। “এই ৰোগটোৰ বিষয়ে দেখোন কেতিয়াও শুনা নাই।”— কোনোবা এজনে ক’লে। বৰুৱাই বুজাই [ ১৮ ] দিলে,—শৌচৰ লগত তেজ ওলোৱা বেমাৰটো যে, সেইটোৱেই কেঁচুমূৰীয়া৷ তাৰ মানে “পাইলছ”। সেইটোতো ইংৰাজী শব্দ। অসমীয়াত? দুটা বৰ্ণত?

 প্ৰায় সকলোৰে অলক্ষিতে চৌধুৰী আগবাঢ়ি আহি মোৰ টেবুলৰ সমুখৰ খালী চকীখনত বহিল। তাৰ পাছত খুব লাহেকৈ সুধিলে,— “আপোনাৰ পাইলছ বা মেলিনা আছেনে?”

 “নাই”—মই প্ৰায় চিঞৰি উঠিলো।

 “আপোনাৰ পৰিয়ালত বা ওচৰ সম্পৰ্কীয় কাৰোবাৰ কোনো দুৰাৰোগ্য বা কষ্ট পাই থাকিবলগীয়া বেমাৰ আছেনে?”

 মই দুটা মুহূৰ্ত চিন্তা কৰিলো।

 “নাই, বোধকৰোঁ নাই।”

 “তেনেহ’লে আপুনি দুৰ্ভগীয়া নহয়, ভাগ্যবানহে।”

 “কিন্তু মোৰ সামান্য দাঁতৰ বিষ আছে। পেইনকিলাৰ খাই থাকোঁ।”

 “সৰুৱাই পেলাব। সমস্যা শেষ। কিন্তু মোৰ সাত বছৰীয়া ল’ৰাটোৰ কি হৈছে জানেনে?”

 মই জনা-নজনাৰ একো ভাব প্ৰকাশ কৰিব নোৱাৰিলো। কেৱল তেওঁৰ প্ৰত্যয়দীপ্ত চকুদুটালৈ চাই থাকিলো।

 “পাৰকিনছন। হাতদুখন কঁপি থাকে, মূৰটো সি পোনকৈ ৰাখিব নোৱাৰে। জীয়াই থকালৈকে সি হয়তো তেনেকৈ থাকিব লাগিব, মই জীয়াই থকালৈকে সেইবোৰ সহ্য কৰি থাকিব লাগিব।”

 মই চৌধুৰীৰ হাত এখন ক’ব নোৱৰাকৈয়ে মোৰ দুয়োখন হাতেৰে চেপি ধৰিলো। মোৰ চকু দুটা চলচলীয়া হ’ব ধৰিছে, নাকৰ পাহি দুটা যেন এক মুহূৰ্তৰ বাবে ফুলি উঠিছে, ওঠ দুটা যেন বিহ্বল হৈ কঁপি উঠিছে। মই যেন চৌধুৰীক সাবটি এইমাত্ৰ হুকহুকাই কান্দি পেলাম।

 চৌধুৰীয়ে পৰিস্থিতিটো চম্ভালিবলৈ মিচিকিয়াই হাঁহিলে বা হঁহাৰ চেষ্টা কৰিলে। তাৰ পাছত সেই একেই দৃঢ় অথচ অনুচ্চ স্বৰেৰে ক’লে, “মই জানো আপুনি বাজিত হাৰিব। ব’লক কেণ্টিনলৈ যাওঁ। একাপ চাহ হৈ যাওক।


প্ৰান্তিক, ১৬ ফেব্ৰুৱাৰী, ২০০০