ওভতনি যাত্ৰা আৰু অন্যান্য/শুভাকাংক্ষী
[ ১৯ ]
শুভাকাংক্ষী
দহ বজাতেই চানমাৰি ক’লনি গৈ পাবগৈ লাগিছিল। ইতিমধ্যেই মোৰ ঘড়ীত চাৰে দহ বাজিছে। আধা ঘণ্টা পলম হ’লেও কথাটো বিশেষ দোষণীয় বুলি গণ্য নহ'লহেঁতেন ৷ অফিছাৰজন মোৰ দেউতাৰ একালৰ সহপাঠী কাৰণে, নাইবা মোৰ পূৰ্বৰ ৰেকৰ্ডটো বেয়া নহয় কাৰণে, নাইবা দেশখনৰ ছিষ্টেমটোৱেই তেনেকুৱা কাৰণে তেওঁ হয়তো মোক ক্ষমাৰ চকুৰে চালেহেঁতেন।
কিন্তু এতিয়া মই খৃষ্টানবস্তি আৰু ভঙাগড়ৰ মাজৰ কোনোবা এডোখৰত জীৰ্ণ বাছ এখনৰ ভিতৰত যেনেকৈ আৰু য’ত অৱস্থান কৰিছোঁ, তাৰ পৰা বাছখনৰ গতি-গোত্ৰলৈ চাই এঘাৰ বজাৰ ভিতৰত অফিছ পোৱাটো কোনোপধ্যেই সম্ভৱ নহ’ব । অকল সেয়াইনে? মইতো এটা বাছ-ষ্টপৰ আগতেই নামিব লাগিব ! নামিয়েই মই ফ্লাইঅ’ভাৰৰ তলেৰে ৰেলৱে ক্ৰছিং পাৰ হৈ দুটামান বাইলেন এৰি অলকানন্দ কাকতি ছাৰৰ ঘৰৰ কলিং বেলটো বজাম। ৰাতিপুৱা শৌচ আৰু প্ৰস্ৰাৱৰ নমুনা পৰীক্ষা কৰিবলৈ দিয়া মানুহে যেনেকৈ পাছবেলা ৰিপৰ্টটো আনিবলৈ লেব’ৰেটৰিলৈ যায় তেনেকৈ মই কাকতি ছাৰৰ ড্ৰইংৰুমত বহি অপেক্ষা কৰি ৰ’ম। তাৰ পাছত তেওঁ ওলাই আহি মোক এটা অলিখিত ৰিপ'ৰ্ট দিবহি । মনটো সেইমতে জুকিয়াই লৈ অফিছ অভিমুখে খোজ ল’ম ৷ পাৰিলে দৌৰিম । ফোপাই-জোপাই গৈ মই যেতিয়া মোৰ চকীখনত বহিম তেতিয়া হয়তো মোৰ কাষলৈ পিয়নটো আহি ক’বহি —“ছাৰে আপোনাক তেখেতৰ ৰুমলৈ মাতিছে।” (তেখেতে যে হঠাৎ গৰ্জন কৰি উঠিব সেইটোও নহয় ৷ কিন্তু মই ঠিক বুজি পাম কোনটো স্কেলত তেখেতে মোক স্বৰলিপি শিকাব। হয়তো অত্যন্ত অমায়িকভাৱে তেখেতে মোক ক’ব,—অভী, তুমি স্কুটাৰ এখনকে চোন কিনিব পাৰা!”
নোৱাৰোঁ; মোৰ ইচ্ছা থাকিলেও এই মুহূৰ্তত মই স্কুটাৰ এখন কিনিব নোৱাৰোঁ। আৰু মাত্ৰ কেইটামান দিনৰ পাছতে মই পৈতৃক ঘৰটো এৰি ভাৰাঘৰ এটাত থাকিবলৈ যাম ৷ বিচনী এখনৰ পৰা আলমাৰিটোলৈকে অসংখ্য বস্তু কিনিম ৷ গেছ ছিলিণ্ডাৰ আৰু বাৰ্নাৰটোৰ যোগাৰ নোহোৱা পৰ্যন্ত এটা কেৰাছিনৰ ষ্ট’ভ কিনিম। চামুচ, চেকনি, হেতা, বাল্টি; কল্যাণীক ন্যুনতম সুবিধাকণ দিবলৈ আপাততঃ এটা তিনিলিটাৰ জোখৰ প্ৰেছাৰ কুকাৰ।[ ২০ ]
টেলিভিছন ছেট এটা? নাই, এতিয়াই নিকিনো। কিনিলেও বৰ বেছি ব্লেক এণ্ড হোৱাইট, প’ৰ্টেবল কিবা এটা। কল্যাণীয়ে বুজি পাব।
অফিছত এইবোৰ কথা। মই ঘূণাক্ষৰেও নুলিয়াওঁ। কি দৰকাৰ? মোৰ সমস্যা মই কঢ়িয়াম।
কিন্তু তাৰ জানো উপায় আছে? স্কুটাৰ বা টেলিভিছনটোকেই জানো আপুনি শান্তিৰে, নিজৰ পছন্দ অনুসৰি ল’ব পাৰিব?
টিভি ল’ব? কি ল’ব, বি. পি. এল? অলপ পইচা খৰচ কৰি ভিডিঅ’কনৰ বাজুকা মডেলটো নলয় কিয়?”
“ হেৰি শুনক, বৰ্মনে টিভিৰ কিটো জানে? আপুনি থমছন লওক।”
“চাওক, থমছন বেয়া নহয় ঠিকেই, কিন্তু কি দৰকাৰ, তাতকৈ আপুনি—”
“মজুমদাৰৰ লেটেষ্ট মডেলৰ ছামছুংটো দেখিছে? আচল বস্তুটো কি জানে? পিকচাৰ টিউব!”
প্ৰত্যেকেই যেন নিজৰ বিশ্বাসত অবিচলিত, অটল। নিজৰ মতটো সাব্যস্ত কৰিবলৈ তেওঁলোকে এনেকৈ উঠিপৰি লাগে যে আপুনি একো এটা সিদ্ধাত্তত উপনীত হ’ব নোৱৰা অৱস্থাত ৰ’বগৈ। ৰাতিপুৱাৰ টুথপেষ্টটোৰ পৰা আপোনাৰ সন্তানসম্ভৱা পত্নীৰ গাইন’ক’লজিষ্টৰ নামটোলৈকে সৰু-ডাঙৰ বিভিন্ন পৰামৰ্শ আপুনি শুভাকাংক্ষী নামৰ এই শ্ৰেণীটোৰ পৰাই পাই থাকিব। আৰু সেই পৰামৰ্শৰ আতিশয্যত আপুনি মূৰ দুপিয়াই থকা এটা নীৰৱ মেছিনত পৰিণত হ’বগৈ।
সেইকাৰণে দাঁতৰ প্ৰচণ্ড বিষতে৷ আজিকালি মই মনে-মনে থাকোঁ। মোৰ ভিতৰত বে এখন যুদ্ধ চলিছে তাৰ উমান নিদিয়াকৈ আলোচনীৰ পাত লুটিয়াও, কপালত যন্ত্ৰণাৰ আঁচ এডাল পৰিবলৈ নিদিওঁ। মই জানো যে উপদেশ একোটা দিবলৈ মোৰ চৌপাশে শুভাকাংক্ষীহঁতে পিয়াপি দি ফুৰিছে। কিমান যে বিচিত্ৰ উপদেশ! একোজন ডাক্তৰ সম্পৰ্কে , একোপালি ঔষধ সম্পৰ্কে কত যে বিচিত্ৰ অভিমত!
“আপুনি কোনটো এণ্টিবায়’টিক ব্যৱহাৰ কৰিছে? এম’ক্সিছিলিন নে থ্ৰক্স?”
“মোৰ কথা শুনা অভী। উপাধ্যায়ক এবাৰ দেখুৱাই লোৱা৷”
“কাক দেখুৱাইছে? শৰ্মাক? থাৰ্ড ক্লাছ ডাক্তৰ।এই গুৱাহাটীখনত আপুনি আৰু ডাক্তৰ বিচাৰি নাপালে!”
“পেইনকিলাৰ কি খায়? কম্বিফ্লেম? মোৰ কথা শুনক, মই লিখি দিওঁ, — বুটা প্ৰক্সিভন; আধাডোখৰ খাই ৰাতি শুই দিয়ক, ফিনিশ্ব।”
“পেইনকিলাৰসোপা কিয় খায় হেৰি? কিডনিত এফেক্ট কৰে। ঘৰত লং আছে? নহৰুতো থাকিব! শুনক—।”[ ২১ ]
“এইবিলাক চব মিছা, বুজিছে! আপুনি ৰুট কেনেল ট্ৰিটমেণ্ট কৰাই লওক। নহ’লে কিন্তু বৰ কষ্ট পাব!”
মই বিৰক্ত হৈ গৈছোঁ। কি কৰোঁ? দাঁতৰ বিষটো যেনিবা লুকুবাই ৰাখিব পাৰোঁ, কিন্তু পানীলগা হ’লে যে নাকটোৰে সোঁতসোঁতাই থাকোঁ! খুকুৰ-খুকুৰকৈ যে কাহটো মাৰোঁ! তেতিয়া?
এই পৃথিৱীখনত শুভাকাংক্ষীৰ অভাৱ নাই। তেওঁলোকৰ পৰা আপোনাৰ যে কেতিয়াও উপকাৰ নহ’ব, তেনেকুৱাও নহয়। কিন্তু বেছিভাগ সময়তেই তেওঁলোক অবাঞ্চিত আৰু বিৰক্তিকৰ।
মোৰ সহকৰ্মী তালুকদাৰে এদিন উপযাচি মোক ক’লেহি যে মোৰ দেউতাৰ লগত তেৱেঁই কথা পাতিব। কিমানবাৰ যে ক’লো, দেউতাক সেইবোৰ কৈ লাভ নাই, তেওঁৰ মত সলনি কৰিব নোৱাৰি! তালুকদাৰে কোনোপধ্যেই মানি নলয়। পৃথিৱীত হেনো এনে কোনো সমস্যা নাই যিটোৰ আলোচনাৰ মাজেৰে সমাধান নহয়! ভাল কথা। যাওক, আলোচনা কৰকগৈ।
এদিন বন্দৱস্ত অনুসৰি মই ঘৰত নথকাত তালুকদাৰ আহি আমাৰ ঘৰ ওলালহি। কিমান সময় ধৰি আৰু কেনে ধৰণৰ আলোচনা চলিল, সেইবোৰ সিদিনাই জনাৰ মোৰ উপায় নাথাকিল। পিছদিনা অফিছত সংক্ষেপে তেওঁ দুটা শব্দই ক’লে, “নোৱাৰিলো বুজিছে।”
নোৱাৰি। কিছুমান মানুহে পুহি ৰখা ধাৰণা একোটাক সতকাই সলনি কৰি দিব নোৱাৰি। অন্ততঃ মোৰ দেউতাৰ কথা মই জানো৷ মোৰ দৰেই তেওঁ এজন অভিমানী, স্থিৰ আৰু আবেগক প্ৰশ্ৰয় নিদিয়া মানুহ। তদুপৰি তেওঁৰ আছে নিজৰ সিদ্ধান্তৰ ওপৰত প্ৰচণ্ড আত্মবিশ্বাস।
ময়ো মোৰ জীৱনৰ সিদ্ধান্ত লওঁতে দেউতাৰ ইচ্ছা-অনিচ্ছাৰ কথা মনলৈ অনা নাই। কল্যাণীক কথা দিওঁতে এবাৰো ভাবি চোৱা নাই কি হ’ব পাৰে দেউতাৰ প্ৰতিক্ৰিয়া। পুত্ৰই নিজৰ ইচ্ছামতে প্ৰেম কৰিব, ছোৱালী লৈ পিকাডেলি ৰেস্তৌৰাত মোগলাই পৰঠা খাব, ৰ’লিক আইছক্ৰিম খাব, অপ্সৰা-অনুৰাধাত চিনেমা চাব, —আৰু এই সকলোবোৰ নিৰ্বিবাদে মানি লৈ, নিজৰ সকলো পৰিকল্পনা বাদ দি দেউতাই সাতশ মানুহক লুচি আৰু মিঠাই খুউৱাৰ বন্দৱস্ত কৰিব, সেইটোওতো আশা কৰা উচিত নহয়।
মোৰ দৃষ্টিভংগীৰে মই ভুল কৰা নাই। দেউতাৰ দৃষ্টিভংগীৰে তেৱোঁ সম্পূৰ্ণ শুদ্ধ। উপায় নাই।[ ২২ ]
এতিয়া এইখন নগৰীতে ঘৰ এটা ভাৰালৈ লৈ মই কল্যাণীৰে সৈতে সংসাৰ পাতিম আৰু দেউতাই তেওঁৰ ফিক্স ডিপ’জিটৰ কাগজ-পত্ৰত ‘নমিনি’ৰ স্থানত থকা মোৰ নামটো কাটি অইন এটা নাম বহুউৱাৰ ব্যৱস্থা কৰিব। নতুন ঘৰ এটাত সোমাবলৈ মই কাঁহী-বাটিৰ পৰা আৰম্ভ কৰি লেপ-তুলী, গাৰু-বেডক’ভাৰ আৰু পৰ্দাৰ কাপোৰলৈকে সকলোবোৰৰ ব্যৱস্থা কৰিম আৰু দেউতাই তেওঁৰ ঘৰটোৰ খালী হ’বলগীয়া কোঠালিটোৰ আচবাব ইফাল-সিফাল কৰি সেইটোক গেষ্টৰুম কৰি তুলিব।
দেউতা আৰু মই, —আমি দুয়ো সেই কঠিন সিদ্ধান্তটোৰ পিনে আগবাঢ়ি গৈছো। মনত কষ্ট পাইছোঁ, কিন্তু মুখ খুলি কাকো একো কোৱা নাই।
তথাপি শুভাকাংক্ষীৰ কাণত এইবোৰ খবৰ সোনকালেই পৰেগৈ। তাৰ পাছত তেওঁলোক আৰু থিৰেৰে থাকিব নোৱৰা অৱস্থা এটাৰ সৃষ্টি হয়। সহায় কৰিবলৈ তেওঁলোক বদ্ধপৰিকৰ হৈ উঠে। সাধাৰণ পানীলগা হওঁতেই তেওঁলোকে ইমানবোৰ দৰবৰ নাম কয়,এইটোতো পিতা-পুত্ৰৰ বিচ্ছেদৰ মৰ্মান্তিক ঘটনা!
শিলপুখুৰীৰ বাছষ্টেণ্ডত মাধুৰী বাইদেৱে এদিন মোক লগ পাই সুধিলে, —“কথাবোৰ সঁচানে?”
“বাইদেউ,সঁচা।”
“কিয় এনেকুৱা হ’ল? ছাৰতো জনা বুজা শিক্ষিত মানুহ!”
“দেউতাই মানি নলয়।”
“হ’বই নোৱাৰে। তুমিহে দেউতাৰাক বুজাব পৰা নাই যেন পাইছোঁ৷”
মই মনে মনে থাকিলো। অলপ সময় ৰৈ মাধুৰী বাইদেৱে আকৌ ক’লে, — “তুমি চিন্তা নকৰিবা। ময়েই ছাৰক ক’ম। কাইলৈ কি বাৰ?”
“নালাগে দিয়ক বাইদেউ। মিছাতে আপুনি—।”
“এস, মোক তুমি কি বুলি ভাবিছা? ছাৰক মই কনভিনছ কৰাব পাৰিম নহয়!”
সঁচাকৈয়ে এদিন মাধুৰী বাইদেউ আমাৰ ঘৰলৈ আহিল। তেওঁ অহাৰ তিনিদিন পাছত নৰেন দত্ত আহিল, হায়াৰ ছেকেণ্ডাৰি স্কুলৰ হে'ডমাষ্টৰ প্ৰভাত পাটগিৰি আহিল, আমাৰ প্ৰতিবেশী হৰ্ষবৰ্ধন বটব্যাল আৰু তেখেতৰ পৰিবাৰ আহিল। এনেয়ে ফুৰিবলৈ অহাৰ চল কৰি, বাৰাণ্ডাত দেখিহে খবৰ এটা লৈ যাওঁ বুলি বিভিন্ন সময়ত অনেক শুভাকাংক্ষী আহিল।
পৰহি অধ্যাপক অলকানন্দ কাকতিয়ে চানমাৰি ফ্লাইঅ'ভাৰত মোক একপ্ৰকাৰ থাপ মাৰিয়েই ধৰিছে। দেউতাৰ বন্ধু, আমাৰ ঘৰলৈ অহা-যোৱা কৰা মানুহ, মোক এতিয়াও শাসনৰ সুৰত কথা ক'ব পৰা মোৰ একালৰ শিক্ষক-অধ্যাপক, —এনেধৰণৰ শুভাকাংক্ষীৰ [ ২৩ ] চকুত নপৰাকৈয়ে মই বিচৰণ কৰোঁ৷ তথাপি কোন তলকত কাকতিছাৰ আহি ওলালহি যে ফ্লাইঅ’ভাৰৰ মাজডোখৰত কিংকৰ্তব্যবিমূঢ় হৈ নিৰ্বোধৰ দৰে মই হাঁহি এটা মাৰিলো। সেই হাঁহিৰ প্ৰতি অকণো উৎসাহ নেদেখুৱাই তেখেতে সুধিলে, —“ হেৰৌ, কি কৰিবি বুলি ভাবিছ?”
মই মূৰ তল কৰিলো। তেওঁ মোৰ মূৰত হাত ফুৰাই সৰু ল’ৰা এটাক মৰম কৰাদি কৰি ক’লে, —“মই যে তোৰ ছাৰ আছিলো সেই কথাটো কিছুসময় পাহৰি মোক খোলাখুলিকৈ সমস্যাটো কচোন!”
“কিনো ক’ম ছাৰ আপুনিতো সকলোবোৰ শুনিছেই।”
“শুনিছোঁ তথাপি এবাৰ তোৰ মুখেৰেও শুনো।”
“ছাৰ, মই দেউতাৰ লগত হিচাপটো ঠিক মিলাব পৰা নাই।”
“কিয় নিমিলিব? তোৰ দেউতাৰক মই জানো নহয়। মানুহটো বাহিৰত টান, কিন্তু খোলাটোৰ ভিতৰত —।"
“ছাৰ, দেউতাই তথাপি মানি নল’ব। আপুনি মিছাতেই সময় নষ্ট কিয়নো কৰে!”
“তই মোক কি বুলি ভাবিছ, হুঁ? দেউতাৰে অন্ততঃ মোৰ কথা পেলাব নোৱাৰে। তই এটা কাম কৰ, কাইলৈ এবাৰ, —থাক নালাগে, কাইলৈ মই নিজেই গৈ দেউতাৰৰ লগত কথা পাতিম। তই পৰহিলৈ অফিছলৈ যাওঁতে মোৰ ঘৰত সোমাই যাবিহি।”
কোনোবা এটা সুৰুঙাৰে মোৰ মনৰ কোঠালিটোলৈ পোহৰ অকণ সোমাই অহা যেন লাগিল। মানুহটোৰ সমুখত মোৰ যেন স্কুলীয়া ল'ৰাটো হ’বলৈ মন গ’ল।
“মনত থাকিব?”
“থাকিব ছাৰ।”
পৰহিৰ কথামতে ছাৰৰ ঘৰত সোমাবলৈ সময়টো মিলাই পোন্ধৰ মিনিট আগেয়েই ছিটিবাছত উঠিছিলো। কিন্তু মহানগৰীৰৰ দুৰূহ যান-জঁট, বাছৰ জীৰ্ণ অৱস্থা আৰু বাছ কণ্ডাক্টৰৰ উদ্ধতালিয়ে মোক ইতিমধ্যেই চল্লিছ মিনিট পলম কৰাই দিলে। বাছৰ ভিৰটোৰ মাজৰ পৰা মই চাৰিজন মানুহক হেঁচুকি, দুজনৰ ভৰিৰ পতাত গচকি কোনোমতে ওলাব পাৰিলো। তাৰ পাছত দৌৰিছো কাকতিছাৰৰ ঘৰলৈ। নোদোকা কুকুৰ এটাৰ প্ৰত্যাহ্বান নেওচি কলিংবেলটো বজাইছোঁ। বনকৰ| ল’ৰা এটাই দুৱাৰখন খুলি দিছে, মোক বহিবলৈ কৈ সি ভিতৰলৈ গৈছে। মই এঘাৰ মিনিট বহিছোঁ। তাৰপাছত ধীৰখোজেৰে কাকতিছাৰ ওলাই আহিছে আৰু মোৰ সকলো ঔৎসুক্য নিমিষতে শেষ কৰি তেওঁ কৈছে, —“ বুজিছ অভী, তোৰ দেউতাৰ অলপ বেলেগ ধৰণৰ মানুহ অ’। তই মোক ভুল নুবুজিবি। মই কালি প্ৰায় দুঘণ্টা —।”[ ২৪ ] কোনো কথা নাই। মইতো জানিছিলোৱেই। নীৰৱে ছাৰৰ ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়া যিমান সোনকালে পাৰি অফিছ পাবগৈ লাগে। ঘড়ীত এঘাৰ বাজি দহমিনিট গৈছে। মই একপ্ৰকাৰ দৌৰিছোঁ।
আৰু যেতিয়া মোৰ বাবে নিৰ্দিষ্ট কৰি থোৱা অফিছৰ টেবুলখনৰ ওচৰ পাইছোঁ, চকীখনৰ ধূলি জোকাৰি বহিবলৈ লৈছোঁ, বৰ্মন-মজুমদাৰহঁতে কিবা এটা ক’বলৈ মুখ মেলিছে, ঠিক তেতিয়াই পিয়নটোৱে আহি ক'লেহি,— “ছাৰে আপোনাক তেখেতৰ ৰুমলৈ মাতিছে।”
লাজ আৰু ভয়ত মই অলপ সংকুচিত হৈছোঁ। আজিৰ কাৰণে ছুটীৰ দৰখাস্ত এখন লিখি গুচি যাবলৈ মন গৈছে। কিন্তু তেনেকুৱা নাটকীয়তাৰো আৰু হয়তো উপায় নাই।
অফিছাৰে টেবুলৰ ওপৰত থকা কাচৰ পেপাৰৱে’টটো তেওঁৰ মধ্যমা আৰু বুঢ়া আঙুলিটোৰে লৰাই-লৰাই সুধিলে,— “অভী, কিবা সমস্যাত পৰিছা?”
“নাই ছাৰ।”
“মিছা মাতিছা। মই মন কৰিছোঁ তুমি এইকেইদিন অলপ অন্যমনস্কও হৈছা।”
“ছাৰ, মই নিয়াৰিকৈ কাম কৰিবলৈ যত্ন কৰিম ছাৰ।”
“ভাল কথা। পিছে তুমি কি সিদ্ধান্ত লৈছা?”
“তাৰমানে ছাৰ?”
“তুমি নক’লেও মই তোমাৰ কথাবোৰ জানো। শুনা, তোমাৰ দেউতাৰা মোৰ ক্লাছফ্ৰেণ্ড আছিল। কেৱল সেয়াই নহয়, এতিয়াও আমাৰ ঘনিষ্ঠতা আছে। কোনো কথাই তেওঁ পেলাব নোৱাৰে। মই ক’ম, মই ক’ম তেওঁক। তুমি এটা কাম কৰা, কাইলৈ এবাৰ তুমি— থাকক নালাগে, কাইলৈ মই নিজেই গৈ দেউতাৰাৰ লগত কথা পাতিমগৈ।”
প্ৰান্তিক, ১ মাৰ্চ, ২০০১