[ এখনি উমাল চাদৰ ]
 

এখন উমাল চাদৰ




হিমাশ্রী ভাগৱতী

[ প্ৰকাশন ]
 
প্রথম প্রকাশ : মে' ২০১৯

।। প্রকাশক।।
দীপশিখা ভাগৱতী
ভেটাপাৰা, গোহাঁইবাৰী, মৈদামগাঁও,
বেলতলা, গুৱাহাটী-২৮


© লেখিকা


৷৷ বেটুপাত ৷৷
মৌচুমী দাস

ছপাশাল
নাগেশ্বৰী প্ৰিণ্টাৰ্ছ
ভেটাপাৰা চাৰিআলি, বেলতলা, গুৱাহাটী-৭৮১০২৮

ভ্রাম্যভাষ : ৯৮৫৯১-২৫৩০০, ৮৬৩৮০–৩৪৭৫৯

[ উছৰ্গা ]
 

উচৰ্গা

এই কবিতা পুথিখনি মোৰ লেখাৰ প্ৰেৰণাদাতা
কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা
এগৰাকী বিশিষ্ট লেখক ককা প্ৰয়াত
ড° হেমন্ত কুমাৰ শৰ্মালৈ
উচৰ্গা কৰিলোঁ।

—বাবলী

[ পাতনি ]
 

পাতনি


 কবিতা লিখা বিশেষ ৰাপ নাথাকিলেও মাজে সময়ে স্বতঃস্ফূর্তভাৱে কিছুমান শব্দই মনত দোলা দিছিলহি। সেই শব্দবোৰকেই মনত জুকিয়াই লৈ কবিতাৰ ৰূপত প্ৰকাশ কৰিবলৈ যত্ন কৰিলোঁ। এটোপ দুটোপকৈ ডাৱৰৰ পানী পৰি সাগৰ সৃষ্টি হোৱাৰ দৰে এই সামান্য শব্দকেইটাই কবিতাৰ পূৰ্ণ আকাৰ হয়তো দিব নোৱাৰে। কিন্তু এই কবিতা পুথিখন সেই প্রয়াসৰেই এক পৰিণতি।

 কৃতজ্ঞতা প্রকাশ মোৰ মা-দেউতালৈ, যাৰ আগ্ৰহ আৰু উৎসাহত এই কবিতাসমূহ পুথি আকাৰে লিপিবদ্ধ হ’ল। বিশেষ ধন্যবাদ ঈশানজ্যোতি বৰা আৰু ড° আল্পনা সৰকাৰ ডেকালৈ যিয়ে কবিতা কেইটাত হাত ফুৰাই দিয়াত সহায় কৰিলে। ঈশানজ্যোতি বৰা পেছা এগৰাকী ইলেক্টিকেল আৰু ইলেক্টনিক ইঞ্জিনীয়াৰ আৰু সুলেখক। ড° আল্পনা সৰকাৰ ডেকা ধূপধৰাৰ বিকালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰু সুলেখিকা। মৌচুমী দাসলৈ অশেষ ধন্যবাদ, কবিতা পুথিখনৰ বেটুপাতটো অংকন কৰাত সহায় কৰাৰ বাবে। [ সূচীপত্ৰ ]

সূচীপত্র


প্রতিযোগিতা /১
হুমুনিয়াহ /৩
ভালপোৱাৰ সুগন্ধি বতাহ /৪
সৰু সৰু ফুলবোৰ / ৫
দুপৰৰ এছাটি বতাহ /৬
হেৰোৱা মানৱীয়তা / ৭
তেজৰঙী চিলা /৮
ভালপোৱাৰ বৰষুণ /৯
অপবাদ /৯
একসন্ধ্যা /১০
বন্দীত্ব /১১
অ’ বহাগৰ কোমল পাত / ১২
নীলা ভালপোৱা /১৩
বনৰীয়া ফুল /১৪
অন্তহীন /১৫
বাটৰুৱা /১৬
অপতৃণ /১৭
প্রেম – এক নিমিলা অংক /১৮
অ’ নাৱৰীয়া /১৯

[ সূচীপত্ৰ ]

ৰৌদ্ৰোজ্জ্বল দিন / ২০
এখন উমাল চাদৰ / ২১
শিৰোনামবিহীন কবিতা / ২২
নৈশৰ চহৰখন / ২৩
শেষ কবিতা /২৪
দুখনিদ্রা /২৫
ভগ্নসুৰ /২৮
অভিমানী সপোন / ২৯
মই প্ৰেমত পৰিব বিচৰা নাই /৩০
মুখাৰ মুখ /৩১

[  ]

প্ৰতিযোগিতা

কিমান দুখীয়া আমি
নিজলে নাই অকণো আহৰি
যান্ত্ৰিক পৃথিৱীৰ এটি এটি চালিত যন্ত্ৰ আমি
বিসৰ্জন দিওঁ আমি ইয়াত জীৱনৰ শেষ আশাৰ টোপালটি

তেন্তে মানুহ হোৱাৰ মাদকতা থাকিলেইনো বা কি?
য'ত নিজকে আমি পেলাইছো পাহৰি
পুৰি পেলাইছোঁ নিজৰেই প্ৰতিভা, নিজৰেই অস্তিত্ব
গঢ়ি তুলিছোঁ প্ৰত্যেককেই একো একোটা টকা ঘটা যন্ত্ৰ

ডিগ্ৰীধাৰী সন্তানৰ মাক-দেউতাক গৰ্বিত
প্ৰতিভাক লৈ ল’ৰা-ছোৱালীৰ মাক-দেউতাকে নিদিয়ে যে গুৰুত্ব
কাৰণ বিয়াৰ ৰমৰমীয়া বজাৰখনতো ডিগ্ৰীৰেই গুণ-গান
তাত যে অকণো নাই প্ৰতিভাৰ স্থান

মাক-দেউতাকে নমাই দিয়ে সন্তানক টকা ঘটাৰ দৌৰত
লোভ দেখুৱাই তেহে সহায় হ’ব এটা বিলাসী জীৱন কটোৱাত
প্ৰতিবাইনো কিডাল খুৱাব মন পঢ়া-শুনাত
তেতিয়াহে পাৰিবি খোজত খোজ মিলাব এই দুনীয়াত

[  ]

কিন্তু বুজিব নোখোজে অকণো সন্তানৰ মনৰ কথা
সিহঁতৰ আগ্ৰহ, সিহঁতৰ প্ৰেম, সিহঁতৰ ভালপোৱা
কাৰণ টকাই যে লৈছে এতিয়া সৰ্বাধিক স্থান
গতিকে বাকীবোৰৰ পিনে নাই আৰু মন-কাণ

সঁচাকৈয়ে কিমান দুখীয়া আমি
নিজৰেই পৰিচয় পেলাইছো যে পাহৰি
ধিক্ আমাৰ পুতৌলগা এই জীৱনটি
হৈ পৰিছে শুষ্ক জলবিহীন মৰুখনি॥

[  ]

হুমুনিয়াহ

এটি দীঘল হুমুনিয়াহ
ভাবিছা নেকি হুমুনিয়াহে কথা নকয়
শব্দৰে নগঁঠা গোপন আৱেগবোৰ হুমুনিয়াহে কয়
এটি এটিকৈ
কিন্তু তাৰ বাবে লাগিব এখন বুজন হৃদয়

সহজ নহয়
কথা বোৰ সহজ নহয়
নৈশ নদীৰ ক’লাপানীত জোনৰ প্ৰতিবিম্বই
কক্‌‌বকোৱাৰ দৰে
আমিও কক্‌‌বকাও জীৱন নদীত আতুৰ হৈ...
অট্টহাস্য বাস্তৱৰ...
কথাবোৰ সহজ নহয়...
মৌন ওঁঠৰ গোপন বেথা হুমুনিয়াহে কয় এটি এটিকৈ...॥

[  ]

ভালপোৱাৰ সুগন্ধি বতাহ

ভালপোৱাৰ সুগন্ধি বতাহবোৰ
ইমান যে দুষ্ট!
নোৱাৰি যে ৰাখিব ধৰি
আঙুলিৰ ফাঁকেৰে লৰ মাৰে
দৌৰিও যে চুব নোৱাৰোঁ
তথাপিও যে এৰিব নোৱাৰোঁ
কি মায়াসনা এই বতাহ!
সকলোবোৰ পাহৰাই পেলায়
সময়বোৰো যে তাতেই ৰৈ যায়
চাৰিওদিশে যেন বসন্তকাল
তেজৰঙী কৃষ্ণচূড়াৰ ফুল
তলসৰা ফুলৰ দলিছাখনত
তাতেই যে লুকায় সুগন্ধি বতাহবোৰ
নোৱাৰি যে ধৰি ৰাখিব
নাথাকে যে ৰৈ...॥

[  ]

সৰু সৰু ফুলবোৰ

সৰু সৰু ফুলবোৰ
কি যে সিহঁতৰ খিলখিলনি
বতাহৰ সৈতে নাচে-বাগে
অকণমানি সহজ-সৰল পৃথিৱীখন সিহঁতৰ
মইও বহি যাওঁ এখন্তেক সিহঁতৰ সৈতে।
কত যে ফুচফুচিয়া মেল
কাণে-কাণে গুণগুণায়
সিহঁতৰ ভাষা কি যে প্ৰাণ
আঁকোৱালি ধৰে মোক
শুনায় ধুনীয়া পৃথিৱীৰ গান॥

[  ]

দুপৰৰ এছাটি বতাহ

সোণবৰণীয়া বালিৰ তপত স্পৰ্শ
আকাশত ৰ’দৰ জলমল
নদীৰ ঢৌৰ দুষ্ট খলকনি
বতাহেযে ভাকুটকুটাই চুলিটাৰি
লিৰিকি-বিদাৰি থৈ যায়
চুলিটাৰিক যে একোকে নালাগে
উন্মত্ত হৈ নাচিবলৈ পাই আজি
বতাহৰ প্ৰেমত বলীয়া
ৰ’দজাকক কুটুৰে
বতাহজাক আকৌ এবাৰ পঠাই দিয়ানা॥

[  ]

হেৰোৱা মানৱীয়তা

মূক এক দৃষ্টি শব্দহীন কোলাহল
ক্ৰমাৎ পাথৰ হৈ পৰা এটি প্রাণ
নাই, মৃত্যু হোৱা নাই
কিন্তু, মৃত্যু যে ইয়াতকৈও ভাল॥
প্রাণহীন ৰক্তাক্ত সপোনবোৰ গৰকি গৰকি
বুজিব পাৰিছে কিমান ভয়ঙ্কৰ হ’ব পাৰে
বাস্তৱৰ নিষ্ঠুৰ আঁচোৰ
বিশাল হাতোৰাৰে চেপি চেপি বধিছে
এয়া যেন এক চিঞৰ নিঃশব্দতাৰ॥
নাই, ভালপোৱাযে নাই
নাই কোনো নিঃস্বার্থ প্রেম
সকলোবোৰ মাথোঁ ভাওনাহে হ’ল
মুখাবোৰৰ সৈতে প্ৰেম হ'ল॥
হাঁহিবোৰো যেন এক ভয়ঙ্কৰ অট্টহাস্য
ক’লা লেতেৰা ধোঁৱাৰ মাজত বিচাৰি পায়
এক কদর্য আনন্দ
লুভীয়া হাত দুখনেৰে টানি আঁজুৰি গো-গ্রাসে গিলিছে
তাৰ মাজতে মানুহৰ মানৱীয়তা অসহায় হৈ হেৰাই গৈছে
আৰু এয়াই আজিৰ যুগৰ বাস্তৱ হৈ পৰিছে॥

[  ]

তেজৰঙী চিলা

তেজৰঙী চিলাখন
কি যে হেঁপাহ চোৱা !
এজনী মুক্ত চৰাইৰ দৰে ডেউকা মেলি
আঁকোৱালি লৈছে আকাশখনিক
হালিছে জালিছে
নাচি উৰি ফুৰিছে
ঘন ফৰকাল নীল আকাশখনিত
সৰগৰ দুহিতা যেন লাগিছে।
কি যে প্ৰাণৱন্ত, চঞ্চলচপলা
নামানে কোনো সীমা
গোটেই আকাশখনেই যেন
তাইৰ সপোনৰ বাগিছা॥
লৱৰি-ঢাপৰি উমলি ফুৰিছে
কিমান যে মতলীয়া ৷
সখীয়েকবোৰে বিচাৰি ফুৰিছে
কিন্তু তাইযে নিদিয়ে ধৰা
খিল্‌খিলাই যেন দৌৰি ফুৰিছে
সখীয়েক সকলৰ পৰা
নেযাবা দূৰলে’ আঁতৰি
অ’ মোৰ তেজৰঙী চিলা... ॥

[  ]

ভালপোৱাৰ বৰষুণ

ভালপোৱাৰ এজাক বৰষুণ
ক’লীয়ামেঘে চাৰিওদিশে সিঁচি দিয়া
সেই ভালপোৱাৰ বৰষুণ
বুটলি লওঁ এটি এটি টোপাল
সিঁচি দিব খোজোঁ তোমাৰ হৃদয়ত
মোৰ নামৰ ভালপোৱাৰ বৰষুণ...॥

অপবাদ

এটা জোলোঙাৰ মান এটি মন
কথাৰে ঠাই খাই নধৰে আৰু কণ
বু-বু বা-বা যেন মাতবোৰ
ফালি ওলাই আহিব খোজে সিহঁতবোৰ
কি উচ্ছৃংখল কিন্তু কি সৰল
বুজিয়ে নাপায় পৃথিৱীৰ এই নীতি-নিয়মবোৰ
তৰাৰ দেশৰ সাধু শুনিব খোজা ইহঁতবোৰক আমি
বেয়া বুলি আখ্যা দিওঁ॥

[ ১০ ]

একসন্ধ্যা

এক সন্ধ্যা
ৰিঙিয়াই মতা
গম্ভীৰ শান্ত এক পৰিৱেশ
নিজৰ সৈতে পৰিচয় কৰাই দিয়া।।

এক সন্ধ্যা
কিছুমান গভীৰ কথা
মনৰ গহ্বৰৰ পৰা খান্দি উলিওৱা
লিৰিকি বিদাৰি চুই চোৱা
সেই নামহীন এক অতীত।।

এক সন্ধ্যা
এটোপাল চকুপানী
নিজৰ কাৰণে টোকা
বুকুত উজাই অহা বেদনাবোৰ
পুনৰ বাৰ প্ৰকাশ হ’বলৈ দিয়া।।

[ ১১ ]

এক সন্ধ্যা
সূৰ্যাস্ত হ’বলৈ ধৰাৰ
সেই বিষণ্নতা
ভাষায়ে উপায়হীন
তাক প্ৰকাশ কৰিবলৈ সমৰ্থৱান নোহোৱা॥

এক সন্ধ্যা
আৰু ইয়ে এক সত্য॥

বন্দীত্ব

ঠুনুকা মন
বেজাৰৰ বুকু
ক’লা আকাশে কান্দে
আস! এই চকুপানী
থমকি নৰয়
সময়বোৰো যেন ওলমিৰয়
ঘড়ীৰ টিক্‌টিক শব্দবোৰ
তাতেই বন্দী হয়
শীতল প্ৰাণহীন ৰাতি
কেনে ভয়াৱহ৷
হয়তো মৃত্যুতকৈও বেছি॥

[ ১২ ]

অ’ বহাগৰ কোমল পাত


অ’ বহাগৰ কোমল পাত
ইমান কুমলীয়া তোৰ গা
সাঁচ নাই অকণো তোৰ দেহাত
ডাঙৰ হৈ আহিছ যৌৱনৰ বলীয়া বা-ত॥
ইমানযে নিৰ্বোধ তই
একোৱে নাজান পৃথিৱীৰ এই বাকাখেলা
মোহাৰি পেলই থৈ যাব জীৱনৰ উন্মাদ বা-মাৰলীয়ে
পৰি ৰ’বি তই হৈ নিঠৰুৱা॥

অ’ বহাগৰ কোমল পাত
প্ৰেমত পৰিলি নেকি তাৰ লগত
গোটেইজনীয়ে হালি-জালি নাচি ফুৰিছে
তৎ নাইকিয়া গাত॥
প্ৰথম প্ৰেমৰ অনুভূতি সঁচাকৈয়ে বৰমধুৰ
কিন্তু, নাযাবিযে উটি-ভাঁহি
পৃথিৱীৰ মুখাপিন্ধা খেলখনৰ লগত
তই একেবাৰে নহয় যে চিনাকি॥

অ’ বহাগৰ কোমল পাত
কি যে সুন্দৰ তোৰ ৰং
ৰূপ জেউতি চৰিছে দিনে দিনে
বাঢ়ি যে আহিছ ঠিক চন্দ্ৰ কলাৰ দৰে॥
বচাই ৰাখিবি নিজকে

[ ১৩ ]

পৃথিৱীৰ লেতেৰা ধূলি-মাকটিৰ পৰা
এই পৃথিৱীখন যে ইমান জটিল
লাহে লাহে শিকিবি সময়ৰ পৰা॥

অ’ বহাগৰ কোমল পাত...


নীলা ভালপোৱা

সেই গধূলি নমা দেশত মই ভালপোৱাবোৰ বিচাৰি যাম
নিৰ্জন কোলাহলবিহীন শান্ত ঠাইখনিত
মই ভালপোৱা বিচাৰি পাম
নীল বুকু আকাশৰ নীলা ভালপোৱাবোৰ বুকুত সিঁচি
আকাশৰ স’তে হাঁহিম
মাটিৰ স'তে সখী পাতি মই তাতেই শুই পৰিম॥

[ ১৪ ]

বনৰীয়া ফুল

এজুপি বনৰীয়া ফুল
বৰ অনাদৰত ডাঙৰ হোৱা
তথাপিও পৃথিৱীখন তাৰ বৰ মৰমৰ
কি সুন্দৰ উজ্জ্বল মনোমোহা ৰং তাৰ
নোৱাৰে যে কোনেও পেলাব চেৰ
তথাপিও নকৰে তাক কোনেও আদৰ
কাৰণ সি এজুপি বনৰীয়া ফুল।
অব্যক্ত দুখ তাৰ মনতে সামৰি
পাহি মেলি ৰয় সি
নাই কোনো নাই তাক আলফুলে স্পৰ্শ কৰিব
তথাপিও মনত ক্ষীণ আশা পুহি
এই ধুনীয়া পৃথিৱীখনৰ কোনো এটি পখীয়ে
সুমধুৰ সংগীত গাব তাৰ কাষত বহি
বনৰীয়া ফুলৰ সৈতে বনৰীয়া পখীয়ে সখী বান্ধি
একেলগে গাব গান এই ধুনীয়া পৃথিৱীৰ॥

[ ১৫ ]

অন্তহীন

সৌ সন্ধ্যাৰ নৈখনৰ সিপাৰৰ
পাতল হাবিডৰাৰ মাজত
এটা আলসুৱা কাহিনী লুকাই আছিল
আৱেগে বুজাব নোৱাৰা
অনুভূতিৰে ভৰা
সি বৰ সৰল আছিল
আত্মাৰ তাত নিজৰ ঘৰ আছিল
খেৰৰ পঁজাটোৰ সৈতে
আটোম-টোকাৰিকৈ ৰখা
তাত এখন সৰু ফুলনি আছিল
আৰু তাত মনৰ মানুহবোৰ আছিল
কি যে সুন্দৰ দিন আছিল।
সেয়া যে এতিয়া অতীত হ’ল
আন্ধাৰে দিন আৱৰাৰ দৰে
সেয়া অতীতৰ বুকুত জাহ গ’ল
মনৰ বুকুত মাথোঁ স্মৃতি হৈ ৰ'ল।
হুমুনিয়াহ কাঢ়োঁ আজি
শব্দহীন যে মই
এই বিষাদ অন্তহীন॥

[ ১৬ ]

বাটৰুৱা
এখুদ মৰম
হেঁপাহৰ উমেৰে বান্ধি
কালৈ থওঁ মই?
নিৰ্জন জীৱনৰ
এটি গহীন দুপৰীয়াত
ক’লৈ কোজ লওঁ মই?
স্মৃতিৰ বৃহৎ পেৰাটো
খুলি থৈ আজি
খোজ দিছোঁ অসীমৰ বুকুত অকলশৰে
নাই, লৈ যাব বিচৰা নাই
মই আজি কাকোকে
শূন্য বুকু
উদং সঁহাৰি
কাৰোৰে নাই
মই মাথোঁ আগুৱাই যাব বিচাৰোঁ
যাওঁ আগুৱাই
কাৰণ, নিৰ্জন জীৱনৰ এই গহীন দুপৰীয়াত
অকলশৰীয়া বাটৰুৱা মই॥

[ ১৭ ]

অপতৃণ


কবিতাহীন জীৱন মৰাশৰ দৰে
প্ৰাণহীন
কোনো গান নাই
মাথোঁ এটি যন্ত্ৰ
মানৱ যন্ত্ৰ
হৃদয়হীন
তেওঁলোক অন্ধ
পৃথিৱীৰ সৌন্দৰ্য
তেওঁলোকে নেদেখে
পৃথিৱীৰ মাধুৰ্য
তেওঁলোকে অনুভৱ কৰিব নোৱাৰে
কাৰণ, তেওঁলোক একো একোটা মৰাশ
যিয়ে মাথোঁ উশাহ লয়
নিজীয়ে
সংজ্ঞাহীন জীৱন তেওঁলোকৰ বাবে
অস্তিত্বহীন সকলোবোৰ
মূল্যবোধ বুজে মাথোঁ যান্ত্ৰিকতাৰ
তেনেকৈয়ে শেষ হৈ যায় জীৱন তেওঁলোকৰ
গান হীন শৰীৰবোৰৰ মৃত্যু ঘটে॥

[ ১৮ ]

প্ৰেম - এক নিমিলা অংক

প্ৰেমৰ মুকুতাৰে গঢ়া
অচিন সাঁথৰবোৰ
অভেদ্য হৈয়েই ৰ’ব
কথাৰ আঁত হেৰুওৱা
জটিল প্ৰশ্নবোৰত
ভালপোৱা জাগিব
ব্যাখ্যা বিচাৰি নাযাবা
এই অসহজ অনুৰাগৰ
প্ৰশ্নবোধক হৈয়ে ৰ’ব
কাৰণ, ‘প্ৰেম বৰ জটিল’
বুজিবা সময়ত
ই যে এক বৃহৎ
নিমিলা অংক॥

[ ১৯ ]

অ’ নাৱৰীয়া


অ’ নাৱৰীয়া
বঠা বাই যোৱা
আবেলি ৰ’দৰ সোণবৰণীয়া পানীত
কি যে মায়াময় ছবি অংকন কৰা
চঞ্চল ঢৌৰ সৈতে হেৰোৱা সময়
দুয়োযেন বৰ সখি এৰা-এৰি নহয়
অ’ নাৱৰীয়া, লৈ যোৱা মোক আজি দূৰ দিগন্তলৈ।
আকাশ বেলিৰ মিলনৰ মধুৰ ক্ষণত
বিচাৰি যাম হেৰোৱা অতীতৰ ঠিকনা বিচাৰি
গভীৰ হ’ব ধৰা নদীৰ বুকুত নাও মেলি
অ’ নাৱৰীয়া, বঠা বাই যোৱা
ঘূৰাই বিচাৰো পুনৰ উটাই দিয়া অনুভূতিৰ আখলটি॥

[ ২০ ]

ৰৌদ্ৰোজ্জ্বল দিন



আশা বান্ধে হতাশাত
গভীৰ হুমুনিয়াহত ফুটি উঠে
আগলি হাঁহিৰ কোমল ৰেখা
নিষ্ঠুৰ বাস্তৱ সদায়েই সঁচা
আৰু নতুন সপোন জন্মে তাতেই
পুৰণা সপোনৰ ভষ্মস্তূপত
কাৰণ, আশা বান্ধে নিৰাশাত।
বৃদ্ধিবেলিৰ চোকহীন পোহৰত
ডুবিবলৈ ধৰাদিনৰ অহংকাৰ
নৈশই কঢ়িয়ায় কত বিফল কাহিনী
কিন্তু, হেৰা বন্ধু, হাৰি নাযাবা যে তুমি
এয়া যে হৰাৰ সময় নহয়
তুমি যে পৰাজয়ৰ অংশ নহয়
এই দিনটোৰ অৱশিষ্টত সোণোৱালী উদ্ভাসেৰে
গঢ় ল’ব অন্য এটি দিন
য’ত থাকিব হাজাৰ বিফলতাৰ মাজত এটি সফল
কাহিনীৰ চিন
বিজয়ৰ হাঁহি থাকিব তোমাৰ মুখখনিত
কাৰণ, বিফলতাৰ ছায়াত সফলতাৰ ৰৌদ্ৰোজ্জ্বল দিন॥

[ ২১ ]

এখন উমাল চাদৰ


বৰষুণে ধুওৱা
শীতৰ সেমেকা এটি সন্ধ্যাত
জৰ্জৰিত এটি প্ৰাণ
চকুদুটিত ধুনীয়া পৃথিৱীৰ সপোন
মৰহি যাব খোজে
তথাপিও মৰহা নাই
জীয়াই থকাৰ সিয়েই একমাত্ৰ গান।
জাৰত ঠেৰেঙা লাগি
সপোন দেখে এখন উমাল চাদৰৰ
চাদৰখনে তাক মাতৃৰ বুকুৰ উষ্ণতা দিব
দিব আৰু অযুত তপত আলিংগন
পাহৰাই তুলিব।
সি যে মাথোঁ পদপথত পৰি ৰোৱা এটি অৰ্ধমৃত জীৱ
ৰচিব সি বহুতো কল্পনাৰ মধুৰ ক্ষণ
ডাঙৰ মানুহৰ বাবে সেয়া যে এক নগণ্য সপোন
কিন্তু তাৰ বাবে তাক মৰম দিব পৰা
একমাত্ৰ সেই উমাল চাদৰখন॥

[ ২২ ]

শিৰোনামবিহীন কবিতা


কবিতাৰ শিৰোনাম
কি দিম?
কি লিখিম?
সকলোবোৰচোন হেৰাই গ'ল
অস্ত বেলিৰ শেষ পোহৰৰ দৰে
মৰহা পাতৰ দৰে কথাবোৰ
ক'ৰবাতেই পৰি ৰ'ল।

সপোন দেখিছিলো সুখী হ’ম বুলি
ডাৱৰৰ দৰে যে সিও উৰি গ'ল
ৰৈ গ'ল মাথোঁ উকা হাত দুখনি
বাটে বাটে বেজাৰৰ টোপোলাবোৰ পাওঁ
তাৰ বিষাক্ত দংশনত কেঁকাও
মনৰ বগলীবোৰ কেনিনো উৰা মাৰে
গমকে যে নাপাওঁ॥

[ ২৩ ]

নৈশৰ চহৰখন


দুপৰ নিশাৰ কোলাহল শূন্য বাট
খোজৰ গহীন আঁচোৰ
অহংকাৰী চহৰখন শুই পৰিছে
হৈ পৰিছে শিশুৰ দৰে অবোধ
সৰলতাই বেৰি ধৰিছে চাৰিওদিশ
সকলোৱে শুই নিঃপালি দিছে
ধনীও শুইছে
দুখীয়াও শুইছে
ভিক্ষাৰীও শুইছে
ৰাস্তাৰ কুকুৰো শুইছে
তেন্তে দিনৰ দপ্‌দপনিবোৰ ক’ত?
ক’ত লুকাল?
ক’ত হেৰাল?
নে নৈশৰ শকতিয়ে তাক ধুৱাই লৈ গ’ল?
সত্যতা নাজানো
কিন্তু বিচাৰো এই নিশাৰ দৰে হাজাৰটা নৈশ
যিয়ে গ্ৰাস কৰিব পাৰে দিনৰ অহংকাৰ
বিলাব পাৰে টোপনিত মগন মানুহৰ দৰে শিশুৰ সৰলতা
নাই, তাতোকৈ বেছি একো আশা নকৰোঁ।।

[ ২৪ ]

শেষ কবিতা


কবিতাবোৰ শেষ হ’ল
সন্ধ্যাৰ নীল আকাশৰ অস্ত বেলিৰ সৈতে
কবিতাবোৰ সাঙুৰি মেঘৰ মাজত বিলীন হ’ল
বুকুখন উকা হ’ল
অনুভূতিবোৰ মৰহি গ'ল
জীয়াব খোজা কবিতাবোৰ
এটি এটিকৈ অসীমৰ বুকুত জাহ গ’ল
শূন্য অনুভৱ আজি
অনুকম্পাবিহীন
শিললৈ ৰূপান্তৰিত হৈছে হৃদয়
জী নুঠে আৰু কাহানিও এই মৃত অনুভূতি
হৈ পৰিছো এটি নিৰ্জীৱ মৃতদেহ মই॥

[ ২৫ ]
 

দুখনিদ্ৰা


শব্দবোৰ শুইছে
ক্লান্ত সিহঁতৰ আত্মা
কাহানিও আৰু কোলাহল নকৰে
চূৰ্ণ বিচূৰ্ণ হৈ পৰি ৰোৱা
অৰ্ধমৃত সময়বোৰ
কোনে পাহৰিব পাৰে একালৰ
সিহঁতৰ গোজৰণিবোৰ...
আৰু শব্দবোৰ?
প্ৰতাৰণা সিহঁতেই কৰিলে
কিন্তু এতিয়া চাৰিওপিনে মৰিশালীৰ নীৰৱতা
ৰৈ গ'ল মাথোঁ শূন্য দৃষ্টি॥

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।