পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৰু সৰু ফুলবোৰ

সৰু সৰু ফুলবোৰ
কি যে সিহঁতৰ খিলখিলনি
বতাহৰ সৈতে নাচে-বাগে
অকণমানি সহজ-সৰল পৃথিৱীখন সিহঁতৰ
মইও বহি যাওঁ এখন্তেক সিহঁতৰ সৈতে।
কত যে ফুচফুচিয়া মেল
কাণে-কাণে গুণগুণায়
সিহঁতৰ ভাষা কি যে প্ৰাণ
আঁকোৱালি ধৰে মোক
শুনায় ধুনীয়া পৃথিৱীৰ গান॥

এখন উমাল চাদৰ/৫