পৃষ্ঠা:এখনি উমাল চাদৰ.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৃথিৱীৰ লেতেৰা ধূলি-মাকটিৰ পৰা
এই পৃথিৱীখন যে ইমান জটিল
লাহে লাহে শিকিবি সময়ৰ পৰা॥

অ’ বহাগৰ কোমল পাত...


নীলা ভালপোৱা

সেই গধূলি নমা দেশত মই ভালপোৱাবোৰ বিচাৰি যাম
নিৰ্জন কোলাহলবিহীন শান্ত ঠাইখনিত
মই ভালপোৱা বিচাৰি পাম
নীল বুকু আকাশৰ নীলা ভালপোৱাবোৰ বুকুত সিঁচি
আকাশৰ স’তে হাঁহিম
মাটিৰ স'তে সখী পাতি মই তাতেই শুই পৰিম॥

এখনি উমাল চাদৰ/১৩