[ ৩৭ ]
 

কুন্তী
(নৱজাতকক ডিঙি চেপি হত্যা কৰা পশ্চিম বংগৰ সোণালী দাসলৈ সহানুভূতিৰে....)

 ছোৱালীজনীৰ পিঠিত ঢকা কেইটামান দি মুৰিৰ বাটিটো তাইৰ আগত থেকেচা মাৰি থৈ শেৱালি ওলাই আহিল। আকাশলৈ মূৰ দাঙি চোৱাৰো তাইৰ সময় নাই। কত দিন হ’ল প্ৰাণভৰি জোনাক উপভোগ কৰিবলৈ নোপোৱা ....! তাই আকাশৰ ফালে চালে। ডাৱৰ। বৰষুণ দিব হ’বলা। যদি আজি বৰষুণ হয়, কাইলৈ শুকান খৰি একোছাও পোৱা নাযাব। খৰি! খৰিৰে কি ৰান্ধিব? বুধিন যোৱা দুদিন হ’ল। ৰিক্সা লৈ দূৰৰ ঠাই এখনলৈ ভাৰা মাৰিবলৈ গৈছিল। ওভতা নাই। কি আনিব? চাউল, দাইল, আলু, চেনি? ছোৱালীজনী ভিতৰত চুপ-চাপ হৈ আছে দেখোন? শেৱালিৰ মনটো বেয়া লাগি গ'ল। খং-মমতা-বিৰক্তি মিহলি কিবা এটাই তাইৰ চকু দুটা চলচলীয়া কৰিলে। ৩ বছৰীয়া ছোৱালী দেহি! কিনো জানে? ভালদৰে খাবলৈ নাপালে, অইন ল'ৰা-ছোৱালীৰ দৰে খেলিবলৈ খেলনা নাপালে কি কৰে? অইন মানে তাইৰ লগ বুলিবলৈ ইয়াত তেনে কোনো নাই। বুধিন ঘৰত নথকা সময়ত তাই ওচৰৰ ডাক্তৰৰ ঘৰত ইটো-সিটো কৰি দিবলৈ যায়। বিনিময়ত পুৰণা কানি-কাপোৰ, খোৱাবস্তু অলপ পালে আনে। মজুৰি হিচাপত নগদ টকা তাই প্ৰায় নানেই। কাম কৰি দিয়াৰ বাবদ পুৰণা পেটিকোট, শাড়ী, ছাৰ্ট আদি গোটায়। কাপোৰ-কানিৰ খৰচটো তাই তেনেকৈয়ে উলিয়ায়। ডাক্তৰৰ ঘৰত কাম কৰিবলৈ যাওঁতে ছোৱালীজনীকো লগতে লৈ যায়। ডাক্তৰৰ লৰা-ছোৱালীহালৰ বিভিন্ন দামী দামী খেলাৰ সামগ্ৰী তাই চুব নোৱাৰিলেও আঁতৰৰ পৰাই হেঁপাহ পলুৱাই চায়। কিন্তু শিশুসুলভ মনে কেতিয়াবা তেনেকুৱা খেলনা বিচাৰি হাহাকাৰ কৰে। চুবলৈ, খেলিবলৈ মন যায়। কিন্তু তাইৰ মাক বাপেকে কৰে কি? ক'ৰ পৰা গোটাব খেলৰ দামী দামী যতন?

 বুধিনৰ লগত বিয়া হোৱাৰ আগতে তাই মেট্ৰিক পৰীক্ষা দি তৃতীয় বিভাগত পাছো কৰিছিল। বুধিন আছিল আণ্ডাৰ গ্ৰেজুৱেট। মাক-বাপেকৰ অমতত পলাই আহি সিহঁতে সংসাৰ আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত কাম বিচাৰি হাবাথুৰি খাই সি ৰিক্সাকে চলোৱা ঠিক কৰি এতিয়া পাক্কা ৰিক্সাৱালা হ’ল। যৌৱনত দেখা ফুফুৰীয়া সপোন মুখথেকেচা খাই পৰিল। জীৱন সংগ্ৰামত দুয়োটা এনেদৰে সোমাই পৰিল যে প্ৰেম-পিৰীতিৰ কোনো সুৰুঙাই সিহঁতৰ মাজত নাথাকিল। মাজে মাজে কেৱল জৈৱিক আকৰ্ষণ। তাৰ পৰিণতিতেই বিয়াৰ ডেৰ বছৰ পাছত [ ৩৮ ] ছোৱালীজনীৰ জন্ম। পেট বাঢ়িল। বস্তুৰো দাম বাঢ়িল। উপাৰ্জন একেই থাকিল। জীৱন সংগ্ৰামত উপায়হীন শেৱালিয়েও অংশ ল’লে।

 এটোপ-দুটোপ বৰষুণৰ কণিকা পৰিবলৈ ধৰিছে। শেৱালি সোমাই আহিল ছোৱালীজনীয়ে মুৰিৰ বাটিটোৰ ওচৰতে মুখখন থৈ পৰি আছে। তাই ওচৰলৈ গৈ চালে। টোপনি অহা নাই। হয়তো তাইৰো অকণমানি মনটোত কিবা চিন্তা সোমাইছে।
 —‘খোৱা নাই কিয়? তাই ছোৱালীজনীৰ মূৰত হাত থৈ সুধিলে।
 —‘এতিয়া নাখাওঁ। তাইৰ অভিমান ভৰা উত্তৰ।
 —‘কিয় নাখাৱ? খাবলৈকে চিঞৰি মৰিছিলি, খা’। শোৱালিৰ মৰম উপজিল। — ‘চেনি অকণ দিম নেকি?
 চেনিৰ নাম লোৱাত ছোৱালীজনী উঠি বহিল। মুখত হাঁহি বিৰিঙিল। শেৱালি উঠি টেমাকেইটাৰ ওচৰলৈ গ'ল। বটল এটাত অকণমান চেনি আছে। তাৰে দানা দুটামান দিলে। চেনি পাই ছোৱালীজনী মুৰি খোৱাত লাগিল। এই সৰু সৰু ল'ৰা-ছোৱালীবোৰে চেনি যে ইমান বিচাৰে, নিমখ নিবিচাৰে কিয়— শেৱালিয়ে মনে মনে ভাবিবলৈ ধৰিলে। ছোৱালীজনীয়ে মুৰিকেইটা খাবলৈ ধৰা দেখি শেৱালিৰ মনটো অলপ ফৰকাল হ’ল। তাই চৌকাটোৰ ওচৰত পীৰা এখন টানি বহিল। উস্..., পেটটোত খোঁচা মাৰি ধৰিছে। বোধহয় ভিতৰটোৱে হাত-ভৰি নচুৱাইছে। কি বা হয়! ল’ৰা হ'লেই হয়! বুধিনেও মনে-প্ৰাণে ল’ৰাকেই বিচাৰে। সহায় এটা হয় পাছলৈ। প্ৰথমটো সন্তান ছোৱালী হওঁতেও তাৰ অলপ আপত্তি আছিল। স্কুলীয়া শিক্ষা পোৱা শেৱালিয়ে ল'ৰা-ছোৱালীৰ মাজত ভেদাভেদ নাৰাখিবলৈ কৈ কৈছিল— ‘আজিৰ যুগত ল'ৰা-ছোৱালীৰ মাজত একো প্ৰভেদ নাই, সব সমান। ’
 —স‘ব সমান! মুখ ভেঙুচাই বুধিনে কৈছিল। কিহত সমান দেখিছ? কোনখিনিত সমান দেখিছ? বুজিছ, পৃথিৱীখন আমাৰ কাৰণে আগতে য’তে আছিল ত’তেই আছে। অকণো পৰিৱৰ্তন হোৱা নাই। ল'ৰা-ছোৱালী সমান যদি ক'ৰবাত হোৱা দেখিছ, তেন্তে সেয়া ধনী মানুহৰ ঘৰত। তোৰ-মোৰ দৰে দুখীয়াৰ ঘৰত ল’ৰা-ছোৱালী সমান বুলি ওফোন্দালে নুশুৱায়। ’

 হয় অৱশ্যে। মনে মনে শলাগিলে শেৱালিয়ে। শিক্ষা-দীক্ষা দিয়াটোও এটা সমস্যা। আজিৰ দিনত চৰকাৰে যিমান ঢাক-ঢোল নবজাওক কিয়, দুখীয়াৰ দুখ মোচন কৰিবলৈ কোনো আইন নাই। স্কুলতো পঢ়াবলৈ যিহে খৰচ! চৰকাৰীয়েই [ ৩৯ ] হওক বা বেচৰকাৰীয়েই হওক, সকলোতে একে। তাৰ পাছত ছোৱালী ডাঙৰ হৈ অহাৰ লগে লগে লাগিল আবুৰ। ক’ৰ পৰা গোটাব ইমান খৰচ— -যদি এইবাৰো ছোৱালীয়েই হয়? বিয়া দিব পাৰিব? মাক-বাপেকৰ অমতত পলাই আহি বুধিনৰ লগত থকাৰ পাছত বুধিনৰ মাক-বাপেক আহিছিল ছোৱালী চাবলৈ। দুদিনমান থাকি শহুৰেকে কৈছিল—“আহিলি ভাল কৰিলি, বিনা খৰচে সংসাৰ আৰম্ভ হ'ল। এতিয়া মাৰৰ ঘৰলৈ গৈ কিবা জা-যোগাৰ লৈ আহগৈ। বোৱাৰী হলেই নহ'ব নহয়। ঘৰখন পাতি চলাই নিবলৈয়োতো জা-যোগাৰ কিছু লাগে। লগে লগে বুধিনে প্ৰতিবাদ কৰি উঠিছিল। হয়তো দাৰিদ্ৰই পীড়ন কৰি কঠুৱা কৰা বুধিনৰ মনৰ কৰবাত আদৰ্শবাদী শিক্ষিত ডেকাটো লুকাই আছে। সি মাক বাপেকৰ আগত হাতযোৰ কৰি সানুনয়ে তেওঁলোকক ঘৰলৈ ঘূৰি যাবলৈ কৈ কৈছিল— ধনৰ লালসাৰ শনিটো অন্ততঃ তাৰ মনত সুমুৱাই তাৰ বৈবাহিক জীৱনটো যেন নৰক নকৰে।
  শ্ৰদ্ধা সহকাৰে শেৱালিয়ে বুধিনক মনত ৰাখিছে। ক’ত ওলাব বুধিনৰ দৰে সাগৰসদৃশ মনৰ অধিকাৰী মানুহ। কিন্তু বুধিনে ছোৱালীজনী জন্মৰ পাছত কোৱা কথাটোও তাই পাহৰা নাই নহয় অ'। আজিৰ যুগত ল'ৰা পালিবলৈ ভাল। ছোৱালী খৰচৰ বাহ। ডাঙৰ হৈ বা হয় কি? ভালে থাকিলেতো ভালেই। অবাটে গলে? আৰু ভালে থাকিলেও জানো কম বিপদ— ল'ৰা গোটাই সংসাৰ পাতি দিয়াৰ খৰচ! গতিকে মোক ল’ৰা লাগে। বুজিছ? লাগেতো লাগেই, ল’ৰা ...।
  পেটটোৰ পৰা হাতখন আঁতৰাই শেৱালিয়ে গম ল'লে। নাই, বিষ অনুভূত হোৱা নাই। তাই ভাতকেইটামান সিজোৱাৰ দিহা কৰিলে। টিংটোত চাউল এপোৱামান আছে। আলুগুটি দুটামানৰে সৈতে তাকেই বহাই দিওঁ বুলি তাই থমকি ৰ'ল। যদি বুধিন নাহে? আহে যদিও খালী হাত যদি হয়! পুৱালৈ ছোৱালীজনীক দিবলৈ একো নাথাকিব। তাই এমুঠিমান চাউল আৰু এটা আলুগুটি পলিথিনৰ মোনা এখন ওলোমাই থৈ বাকীখিনি চপেনটোত বহাই দিলে। ভাতলৈ বুলি আগবঢ়াই দিয়া জুইকুৰালৈ চাই তাই সোনকালে বুধিন উভতি অহাটো কামনা কৰিলে।
  ঢপ ঢপ, খটলং খটলং .... আহিল। ৰিক্সাখন টানি টানি বেচেৰাটো ওলালহি। শোৱালিতকৈ আগতে ছোৱালীজনী জাঁপ মাৰি উঠিল। দে’তা আহিছে অ’, দে’তা আহিছে....। তাই দৌৰি দুৱাৰমুখলৈ আহিল। শেৱালিয়ে দৰ্জা খুলিলে। [ ৪০ ] কিন্তু মানুহটো সোমাই অহাৰ আগতে এটা দুৰ্গন্ধ তাইৰ নাকত লাগিল। মদ খাইছে? হাজাৰ বিপদ-বিঘিনিয়েও টলাব নোৱৰা তাইৰ মানুহটোৱ মদ খাইছে! ভিতৰলৈ সোমাই অহা বুধিনলৈ চাই চাই তাই প্ৰশ্ন কৰিলে—“সেইসোপা কি খাই আহিছা? ছিঃ ছিঃ ....। “ঠাচ্ ....। শেৱালি অবাক হ’ল। কোনোদিনে গাত হাত নোতোলা বুধিনে তাইক চৰ মাৰিছে। মানুহটোৰ কি হ'ল? গবজি উঠিল বুধিন— ‘চুপ থাক। ছিঃ চেলাবলৈ আহিছ। হাড়ভগা কষ্ট কৰিছো। পৈয়েৰহঁতে টকা নিদিব। কাৰ মূৰটোৰে এই শনিটোৰ (ছোৱালীজনীলৈ টোৱাই) পেট পুহিম? এই বুজিছ? এইবাৰ ল’ৰা আনিবি। ল'ৰা। ছোৱালীবোৰ গলগ্ৰহ ...। ' দোৰোল খোৱা জিভাৰে কিবাকিবি বলকি বুধিন পাছফাললৈ গ'ল হাত-মুখ ধুবলৈ।
  টকা থকা মানুহবোৰে কিয় বাৰু বুজি নাপায় দেহৰ তেজ পানী কৰি ৰিক্সা টানি তেওঁলোকক অনা-নিয়াৰ পৰিৱৰ্তে উচিত পৰিমাণৰ টকা দিয়াটো তেওঁলোকৰ কৰ্তব্য। তাকে কৰিবলৈ সদায় এই ধনী মানুহবোৰে টান পায়। এই ৰিক্সা, ব’ল অমুকলৈ...। নাযাওঁ নথওঁ কৰিলেই বিপদ। ডেকা ল'ৰা হলেতো কথাই নাই, ডাবি-ধমকি আনকি ঢকা পৰ্যন্ত দিবলৈও কুণ্ঠিত নহয়। কিন্তু ভাৰা দিয়াৰ সময়ত সদায় কেৰ-জেৰ। প্ৰায়বোৰ ভদ্ৰ মানুহেই ঘৰৰ সন্মুখত ৰিক্সাৰ পৰা নামি ৰিক্সাৱালাৰ লগত আঠ অনা-এটকাৰ বাবে চিঞৰ-বাখৰ কৰিব। কিনো যায় অতহঁতৰ আঠ অনা-এটকাৰ বাবে? বেছিকৈয়ে বাৰু দিলি, সাগৰতলি শুকাই যাব নেকি? শেৱালিৰ ভাৱত যতি পৰিল। বুধিন সোমাই আহিছে।
  —‘অই, ঠৰঙা লাগি কোন পৈয়েৰৰ কথা ভাবিছ? চাহ দে। তাই ভিজা চকু দুটা সাউৎকৈ মোহাৰি চাহ বাকিলগৈ। কওঁ-নকওকৈ তাই বুধিনক পেটটোৰ কথা ক'লে— ‘কিবাকিবি লাগি আছে দেখোন! মাজে মাজে বিষটোও উঠে।
  —‘মই কি কৰিম? কাইলৈ পুৱাই ৰাজুৰ মাকক মাতি আনিম। লগত ৰাখিবি। চাবি কিন্তু, ছোৱালীৰ মুখ দেখুৱালে মোৰ মুখ দেখা নাপাবি হলে। বুধিনৰ মনোভাৱে শেৱালিক শংকিত কৰিলে।
  পুৱাই বুধিন ৰিক্সা লৈ ওলাই গ'ল। অলপ পাছতে ৰাজুৰ মাক আহিল। ৰাজু বুধিনৰ লগৰ ৰিক্সাৱালা। সিহঁতেই টানে-আপদে শেৱালিহঁতৰ সহায়।
  শেৱালিৰ বিষটো ঘনাই আৰু বেছিকৈ হ'বলৈ ধৰিছে। মাজে মাজে তাই কেঁকাই উঠে। ৰাজুৰ মাকে গাত হাত দি চালে। কি কৰিব? বৰ দেৰি কৰিলে হয়তো বিপদ হ’ব। তাই বুধিনৰ ছোৱালীজনীক বাহিৰতে খেলিবলৈ পঠিয়াই দি [ ৪১ ] পানী গৰম কৰি সাজু হ'ল। চাংখনতে পৰি শেৱালিয়ে কেঁকাই থকাৰ পৰা এটা চেপা গেঙনি বাহিৰ কৰিলে। লগে লগে কেঁচুৱাৰ কান্দোন। ৰাজুৰ মাক ব্যস্ত হৈ পৰিল। অস্থিৰ শেৱালিয়ে ৰাজুৰ মাকক সুধিলে—‘ল’ৰানে বাই?
 —‘ক’ৰ ল’ৰা? সাক্ষাৎ অপেশ্বৰী। বৰ ধুনীয়া ছোৱালী। অ'। '

 শেৱালিৰ মুখখন ক’লা পৰি গ'ল। মাক বাপেকৰ মুখ দুখন তাইৰ চকুৰ আগত ভাহি আহিল। যাৰ অফুৰন্ত মৰমকো নেওচা দি বুধিনৰ কাষলৈ ওলাই আহিছিল, আজি সেই বুধিনৰে দ্বিতীয়টো সন্তান প্ৰসৱ কৰি তাই অজান বিপদৰ আশংকাত ছটফটাই উঠিল। হেৰাই যাব নেকি বুধিনৰ তাইৰ প্ৰতি থকা আকৰ্ষণ? ৰাজুৰ মাকে ছোৱালীজনীক ধুৱাই পখলাই কাপোৰ এখনেৰে মেৰিয়াই শেৱালিৰ কোলাত দি গাখীৰ খুৱাবলৈ কৈ বাহিৰলৈ গ'ল। কেঁচুৱাটোৱে বৰকৈ কান্দিছে। ৰাজুৰ মাকে চিঞৰি ক'লে—“হেৰ খুৱাই দে। প্ৰথম গাখীৰকণ যিমান সোনকালে খুৱাব পাৰ সিমান ভাল। গাখীৰ মুখত পৰিলেই চিঞৰ বন্ধ হ'ব।

 কিন্তু শেৱালিৰ কোঁচত কেঁচুৱাটোৱে কান্দিয়েই থাকিল। অপলক নেত্ৰে শেৱালিয়ে কেৱল কেঁচুৱাজনীৰ মুখখন চাই থাকিল। শেৱালিৰ চকুত ধোঁৱা-কোৱাকৈ মাক-বাপেক-বুধিন আৰু ছোৱালী দুজনীৰ মুখকেইখন অহা-যোৱা কৰিবলৈ ধৰিলে। হঠাৎ কেঁচুৱাটোৰ কান্দোন বন্ধ হ’ল। ৰাজুৰ মাকেও বাহিৰৰ পৰা কাম সামৰি ভিতৰ সোমাই আহিল— ‘গাখীৰকণ দিওঁতে অত পলম কৰিব লাগেনে? দেখিলি এতিয়া, গাখীৰকণ মুখত পৰোতেই কেনেকৈ...। ' মাকৰ মুখৰ কথা আধাতে থাকিল। তেওঁ দেখিবলৈ পালে কোলাৰ পৰিৱৰ্তে প্ৰসূতি শোৱা চাংখনতে কেঁচুৱাটো পেলাই লৈ গাৰু এটাৰে কেঁচুৱাটোৰ মুখখন হেঁচি ধৰি খং-দুখ-মমতা-বিৰক্তিৰে শেৱালিয়ে ওপৰলৈ মুখ কৰি ৰৈ আছে। ৰাজুৰ মাকৰ এনে লাগিল যেন কেঁচুৱাৰ আত্মাটোৰ পথ বিচাৰি শেৱালিও শূন্যতে মিলি গৈছে।