পৃষ্ঠা:একুৰি এটা গল্প.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কুন্তী
(নৱজাতকক ডিঙি চেপি হত্যা কৰা পশ্চিম বংগৰ সোণালী দাসলৈ সহানুভূতিৰে....)

 ছোৱালীজনীৰ পিঠিত ঢকা কেইটামান দি মুৰিৰ বাটিটো তাইৰ আগত থেকেচা মাৰি থৈ শেৱালি ওলাই আহিল। আকাশলৈ মূৰ দাঙি চোৱাৰো তাইৰ সময় নাই। কত দিন হ’ল প্ৰাণভৰি জোনাক উপভোগ কৰিবলৈ নোপোৱা ....! তাই আকাশৰ ফালে চালে। ডাৱৰ। বৰষুণ দিব হ’বলা। যদি আজি বৰষুণ হয়, কাইলৈ শুকান খৰি একোছাও পোৱা নাযাব। খৰি! খৰিৰে কি ৰান্ধিব? বুধিন যোৱা দুদিন হ’ল। ৰিক্সা লৈ দূৰৰ ঠাই এখনলৈ ভাৰা মাৰিবলৈ গৈছিল। ওভতা নাই। কি আনিব? চাউল, দাইল, আলু, চেনি? ছোৱালীজনী ভিতৰত চুপ-চাপ হৈ আছে দেখোন? শেৱালিৰ মনটো বেয়া লাগি গ'ল। খং-মমতা-বিৰক্তি মিহলি কিবা এটাই তাইৰ চকু দুটা চলচলীয়া কৰিলে। ৩ বছৰীয়া ছোৱালী দেহি! কিনো জানে? ভালদৰে খাবলৈ নাপালে, অইন ল'ৰা-ছোৱালীৰ দৰে খেলিবলৈ খেলনা নাপালে কি কৰে? অইন মানে তাইৰ লগ বুলিবলৈ ইয়াত তেনে কোনো নাই। বুধিন ঘৰত নথকা সময়ত তাই ওচৰৰ ডাক্তৰৰ ঘৰত ইটো-সিটো কৰি দিবলৈ যায়। বিনিময়ত পুৰণা কানি-কাপোৰ, খোৱাবস্তু অলপ পালে আনে। মজুৰি হিচাপত নগদ টকা তাই প্ৰায় নানেই। কাম কৰি দিয়াৰ বাবদ পুৰণা পেটিকোট, শাড়ী, ছাৰ্ট আদি গোটায়। কাপোৰ-কানিৰ খৰচটো তাই তেনেকৈয়ে উলিয়ায়। ডাক্তৰৰ ঘৰত কাম কৰিবলৈ যাওঁতে ছোৱালীজনীকো লগতে লৈ যায়। ডাক্তৰৰ লৰা-ছোৱালীহালৰ বিভিন্ন দামী দামী খেলাৰ সামগ্ৰী তাই চুব নোৱাৰিলেও আঁতৰৰ পৰাই হেঁপাহ পলুৱাই চায়। কিন্তু শিশুসুলভ মনে কেতিয়াবা তেনেকুৱা খেলনা বিচাৰি হাহাকাৰ কৰে। চুবলৈ, খেলিবলৈ মন যায়। কিন্তু তাইৰ মাক বাপেকে কৰে কি? ক'ৰ পৰা গোটাব খেলৰ দামী দামী যতন?

 বুধিনৰ লগত বিয়া হোৱাৰ আগতে তাই মেট্ৰিক পৰীক্ষা দি তৃতীয় বিভাগত পাছো কৰিছিল। বুধিন আছিল আণ্ডাৰ গ্ৰেজুৱেট। মাক-বাপেকৰ অমতত পলাই আহি সিহঁতে সংসাৰ আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত কাম বিচাৰি হাবাথুৰি খাই সি ৰিক্সাকে চলোৱা ঠিক কৰি এতিয়া পাক্কা ৰিক্সাৱালা হ’ল। যৌৱনত দেখা ফুফুৰীয়া সপোন মুখথেকেচা খাই পৰিল। জীৱন সংগ্ৰামত দুয়োটা এনেদৰে সোমাই পৰিল যে প্ৰেম-পিৰীতিৰ কোনো সুৰুঙাই সিহঁতৰ মাজত নাথাকিল। মাজে মাজে কেৱল জৈৱিক আকৰ্ষণ। তাৰ পৰিণতিতেই বিয়াৰ ডেৰ বছৰ পাছত