পৃষ্ঠা:একুৰি এটা গল্প.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০ • একুৰি এটা গল্প
 

কিন্তু মানুহটো সোমাই অহাৰ আগতে এটা দুৰ্গন্ধ তাইৰ নাকত লাগিল। মদ খাইছে? হাজাৰ বিপদ-বিঘিনিয়েও টলাব নোৱৰা তাইৰ মানুহটোৱ মদ খাইছে! ভিতৰলৈ সোমাই অহা বুধিনলৈ চাই চাই তাই প্ৰশ্ন কৰিলে—“সেইসোপা কি খাই আহিছা? ছিঃ ছিঃ ....। “ঠাচ্ ....। শেৱালি অবাক হ’ল। কোনোদিনে গাত হাত নোতোলা বুধিনে তাইক চৰ মাৰিছে। মানুহটোৰ কি হ'ল? গবজি উঠিল বুধিন— ‘চুপ থাক। ছিঃ চেলাবলৈ আহিছ। হাড়ভগা কষ্ট কৰিছো। পৈয়েৰহঁতে টকা নিদিব। কাৰ মূৰটোৰে এই শনিটোৰ (ছোৱালীজনীলৈ টোৱাই) পেট পুহিম? এই বুজিছ? এইবাৰ ল’ৰা আনিবি। ল'ৰা। ছোৱালীবোৰ গলগ্ৰহ ...। ' দোৰোল খোৱা জিভাৰে কিবাকিবি বলকি বুধিন পাছফাললৈ গ'ল হাত-মুখ ধুবলৈ।
  টকা থকা মানুহবোৰে কিয় বাৰু বুজি নাপায় দেহৰ তেজ পানী কৰি ৰিক্সা টানি তেওঁলোকক অনা-নিয়াৰ পৰিৱৰ্তে উচিত পৰিমাণৰ টকা দিয়াটো তেওঁলোকৰ কৰ্তব্য। তাকে কৰিবলৈ সদায় এই ধনী মানুহবোৰে টান পায়। এই ৰিক্সা, ব’ল অমুকলৈ...। নাযাওঁ নথওঁ কৰিলেই বিপদ। ডেকা ল'ৰা হলেতো কথাই নাই, ডাবি-ধমকি আনকি ঢকা পৰ্যন্ত দিবলৈও কুণ্ঠিত নহয়। কিন্তু ভাৰা দিয়াৰ সময়ত সদায় কেৰ-জেৰ। প্ৰায়বোৰ ভদ্ৰ মানুহেই ঘৰৰ সন্মুখত ৰিক্সাৰ পৰা নামি ৰিক্সাৱালাৰ লগত আঠ অনা-এটকাৰ বাবে চিঞৰ-বাখৰ কৰিব। কিনো যায় অতহঁতৰ আঠ অনা-এটকাৰ বাবে? বেছিকৈয়ে বাৰু দিলি, সাগৰতলি শুকাই যাব নেকি? শেৱালিৰ ভাৱত যতি পৰিল। বুধিন সোমাই আহিছে।
  —‘অই, ঠৰঙা লাগি কোন পৈয়েৰৰ কথা ভাবিছ? চাহ দে। তাই ভিজা চকু দুটা সাউৎকৈ মোহাৰি চাহ বাকিলগৈ। কওঁ-নকওকৈ তাই বুধিনক পেটটোৰ কথা ক'লে— ‘কিবাকিবি লাগি আছে দেখোন! মাজে মাজে বিষটোও উঠে।
  —‘মই কি কৰিম? কাইলৈ পুৱাই ৰাজুৰ মাকক মাতি আনিম। লগত ৰাখিবি। চাবি কিন্তু, ছোৱালীৰ মুখ দেখুৱালে মোৰ মুখ দেখা নাপাবি হলে। বুধিনৰ মনোভাৱে শেৱালিক শংকিত কৰিলে।
  পুৱাই বুধিন ৰিক্সা লৈ ওলাই গ'ল। অলপ পাছতে ৰাজুৰ মাক আহিল। ৰাজু বুধিনৰ লগৰ ৰিক্সাৱালা। সিহঁতেই টানে-আপদে শেৱালিহঁতৰ সহায়।
  শেৱালিৰ বিষটো ঘনাই আৰু বেছিকৈ হ'বলৈ ধৰিছে। মাজে মাজে তাই কেঁকাই উঠে। ৰাজুৰ মাকে গাত হাত দি চালে। কি কৰিব? বৰ দেৰি কৰিলে হয়তো বিপদ হ’ব। তাই বুধিনৰ ছোৱালীজনীক বাহিৰতে খেলিবলৈ পঠিয়াই দি